Friday, May 19, 2017

স্তানিশ্লাভস্কি, মোৰ গৌৰীক দেখিছিলা নেকি?

চৌবিন, লিওনাৰ্ডো আৰু নেহা

১)

টিটৰ কে দো আগে টিটৰ
টিটৰ কে দো পিছে টিটৰ
আগে টিটৰ পিছে টিটৰ
বলো কিতনে হে টিটৰ?

-- "ওঁ ক। মুঠতে কেইটা টিটৰ?" পিৰিক পাৰাককৈ চকু টিপিয়াই ৰঞ্জনমালাই মোৰ মুখলৈ চালে। মই হিচাপ কৰি ক'লোঁ-- "দুটা আগত, দুটা পিছত, মাজত এটা -- মুঠতে পাঁচটা। নহয় নহয়, আগে পিছে আৰু এটা-- মুঠতে সাতটা"।

--"ওঁহো, তিনিটা। তই ভাবি চা" --- বুলি কৈ ৰঞ্জনমালাই হাঁহিলে।

ময়ো সাঁথৰটোৰ মাজত আন কিবা এটা বিচাৰি পালোঁ। তিনিটা টিটৰ চৰাই যোগাৰ কৰা হ'ল। ভবা মতেই কাম। টিটৰৰ সাঁথৰটোক এটা সুৰেৰে বজাই সেই সুৰেৰেই আৰম্ভণি কৰা হ'ল। টিটৰ তিনিটা হ'ল ক্ৰমে অৰুণাচলৰ চৌবিন, লক্ষ্ণৌৰ নেহা আৰু পশ্চিমবংগৰ গৌতম। টিটৰ গানটোৰ সুৰত তিনিওজন শ্লো মোচনত মঞ্চৰ পিছফালৰ পৰা আগবাঢ়ি আহিব। সেয়ে তিনি মুখ্য চৰিত্ৰৰ প্ৰৱেশ। শ্লো মোচনৰ অভ্যাস কৰাওঁতেই তিনিদিনমান সময় লাগিল। বেলেন্সৰ কাৰণে বেলেগে কিছুমান খেলা খেলিব লগীয়া হ'ল। দেহৰ ভাৰসাম্যতাৰ সঠিক জ্ঞান নাথাকিলে আৰু শৰীৰৰ প্ৰতিটো অঙ্গ প্ৰত্যংগৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলে শ্লো মোচনত খোজকঢ়া সহজ নহয়। তাৰ বাবে প্ৰয়োজন হয় নিয়মীয়া অনুশীলনৰ। কিন্তু হাতত আৰু সময় আছে মাত্ৰ এসপ্তাহ। ইয়াৰ ভিতৰতে পোন্ধৰ মিনিট সময়ৰ এখন এপিক ৰচনাৰ সপোন দেখিছোঁ। মোৰো কি দুৰ্দান্ত সাহস!

এইবাৰ কি হ'ব? তিনি বন্ধু চৌবিন, নেহা, গৌতম সন্মুখলৈ আহি কথা পাতিব -- জীৱনত কোনে কি হ'বলৈ বিচাৰে। উচ্চাকাংক্ষা কি? হঠাৎ কথাত ব্যাঘাত জন্মাব দূৰৈৰ বেলকনি এটাৰ পৰা ভাঁহি অহা এটা নিচুকনি গীতৰ সুৰে। কোলাত কেঁচুৱা লৈ মাক এজনী লাগিল -- সবিতা। বেলকনি? দুখন টুল লোৱা হ'ল-- তাৰ ওপৰত সবিতা এখন টুলৰ পৰা ভৰি ডাঙি পিছৰখন টুলত ভৰি থোৱাৰ মুহূৰ্ততে পিছফালৰ টুলখন আগলৈ আনি পাতি দিয়া হ'ব। সেইখনত ভৰি থোৱাৰ লগে লগেই পিছফালৰ টুলখন আকৌ আগলৈ লৈ আনিব লাগিব। এনেকৈয়ে দুজন অভিনেতাই টুল দুখন সজাই যাব আৰু তাৰ ওপৰেৰে সবিতাই নিচুকনি গীত গুণগুণাই আগবাঢ়িব। খুব ৰিস্কৰ কাম। কেনেবাকৈ টুলখন সাল সলনি কৰাত অলপমান দেৰি হ'লেই সবিতা লুটি খাই পৰিব। তাৰ বাবে প্ৰয়োজন ইজনৰ ওপৰত সিজনৰ একান্ত বিশ্বাস আৰু আস্থাৰ। পাৰস্পৰিক বুজাপৰাৰ। এবাৰ সবিতা হামখুৰি খাই পৰিব ধৰিছিল।

দোষটো মোৰেই। অন্ততঃ এমাহৰ কৰ্মশালাত কাম নকৰাকৈ, বডি লেংগুৱেজৰ ওপৰত দখল আনি নোলোৱাকৈ এনেকুৱা ৰিস্ক আনি লোৱা উচিত নহয়। নিজৰ ওপৰতো খং উঠিল। চিঞৰিবলৈ আৰম্ভ কৰিলোঁ -- "তহঁত অন্যমনস্ক হৈছ কিয়? নাটকখনৰ কথা মাৰ গুলী, নাটক জহন্নামে যাওক। কিন্তু তহঁতৰ অলপমান অন্যমনস্কতাৰ কাৰণেই এই ছোৱালীজনী গোটেই জীৱনৰ কাৰণে পংগু হৈ যাব পাৰে"। যদিওবা দোষ মোৰেই, তথাপি ডাইৰেক্টৰ হিচাপে গালিবৰ্ষণ কৰি গ'লোঁ -- 'ইমানকণ আণ্ডাৰষ্টেণ্ডিং নোহোৱাকৈ নাটক কৰিবলৈ আহিছ কিয়? তেনেতে দিল্লীৰ ছোৱালী মনমীতে আহি লাহেকৈ ক'লে ---"দাদা, মিছ আণ্ডাৰষ্টেণ্ডিং"
--- "মানে?"
--- "মিছ মানে ছোৱালী, আণ্ডাৰ মানে তলত, ষ্টেণ্ডিং মানে থিয় হৈ আছে। ছোৱালী এজনী তলত থিয় হৈ আছে। গৌৰী বাইদেউ"।

বেই উইণ্ডোৰে দেখিলো প্ৰচণ্ড ওজনৰ মোনা এটা কান্ধত লৈ বেঁকা কান্ধেৰে তলত গৌৰী ৰৈ আছে। বাহিৰৰ টেৰেচলৈ ওলাই গৈ তাইক ওপৰলৈ আহিবলৈ ইংগিত দিলো। অলপ সময় নীৰৱতা। মোৰ খং দেখি সকলোৱে নিতাল মাৰিছে। গৌৰী সোমাই আহিল। মোলৈ পানীৰ বটল এটা আগ বঢ়াই দিলে --- "তোৰ চাগৈ বৰ কষ্ট হৈছে। পিয়াহ লাগিছে। পানী অলপ খাই ল"। খঙে মূৰৰ চুলিৰ আগ পালেগৈ। এনে লেৰেলা সাদৰ আৰু সহ্য নহয়। মোৰ কেতিয়া পিয়াহ লাগিব সেয়া মই জানিম নে তাই জানিব। "পানী অলপ খাই ল। মই তোক দেখিয়েই বুজি পাইছোঁ"।

বাধ্য হৈয়েই পানী এঢোক গিলিলোঁ। যেন মুখৰ আগত তুলি ধৰা এপিয়লা গৰল। গৌৰীয়ে ৰুমাল এখন আগবঢ়াই দিলে, কপালখন মচিলোঁ।

--"মই ইয়াত নৰওঁ। তহঁতৰ ৰিহাৰ্চেলত অসুবিধা হ'ব পাৰে। তোক এবাৰ চাই যাবলৈকে সোমালোঁ। তোৰ মোনাটোত চিঠি এখন ভৰাই থৈছোঁ। পঢ়িবলৈ অলপ সময় উলিয়াবি। মই আহিলোঁ, পঢ়া- শুনা অলপ আধাতে এৰি থৈ আহিছোঁ"।

গৌৰী ওলাই গ'ল। চিঞৰি চিঞৰি ক'বৰ মন গৈছিল -- "যা যা, পঢ়া - শুনা কৰোতেই জীৱনটো গ'ল। কচুপাত ফালিবি। তোৰ চিঠি পঢ়িবৰ মোৰ সময় নাই, পাৰিলে চিঠিখনো লৈ যা"। কিন্তু কব নোৱাৰিলোঁ, সঁচাকৈয়ে মোৰ অণ্ঠ- কণ্ঠ শুকাই গৈছিল। এই ছল্লিছ পঞ্চাশটি ল'ৰা ছোৱালীক নাটক শিকাবলৈ লৈ ঘণ্টাৰ পিছত ঘণ্টা যুঁজি যুঁজি মই সঁচায়ে ক্লান্ত হৈ পৰিছিলোঁ।
গৌৰীয়ে তুলি ধৰা পানীটোপা আচলতে আছিল অমৃত।


এইবাৰ নেহাই চিঞৰি উঠে -- মই অভিনেত্ৰী হম। ম্যে মাধুৰী দিক্ষীত বননা চাহতী হুঁ। 
২)

এই ল'ৰা ছোৱালীবোৰে ইটোৱে সিটোৰ সৈতে চিনাকি হৈছে নতুনকৈ। ভাৰতৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী ইয়াত আছে। দুজনীমান বিদেশী ছোৱালীও আছে। ইটোৱে সিটোৰ ভাষা নাজানে। বুজি নাপায়। সিহঁতে যি নাটক কৰিবলৈ আহিছে, নাটকখনৰ কোনো নাম নাই। কোনো লিখিত স্ক্ৰিপ্ট নাই। তেনেহ'লে কিহৰ ভৰসাত নাটক কৰিব? এনেকৈ নাটক কৰা সম্ভৱনে? ওঁ সম্ভৱ। মে হুঁ না। আত্মবিশ্বাসত নে অহংকাৰত নাজনো- মই তুংগত।

এইবাৰ তিনি বন্ধুৰ কাহিনীটো আগ বঢ়োৱা যাওক। ধৰা হওক, চৌবিনে বিচাৰে গোটেই জীৱন পঢ়া শুনা কৰিবলৈ। বহুত বহুত কিতাপ পঢ়ি জ্ঞানাৰ্জন কৰিব, গৱেষণা কৰিব। সি সপোন দেখে -- মুকাভিনয়ৰ সপোন। অজস্ৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিছে আৰু চৌবিনে অধ্যাপনা কৰিছে। পাঠদানৰ অন্তত জাউৰিয়ে জাউৰিয়ে হাতচাপৰি পৰে। এইবাৰ নেহাই চিঞৰি উঠে -- মই অভিনেত্ৰী হম। ম্যে মাধুৰী দিক্ষীত বননা চাহতী হুঁ। দাপোণ এখনত মুখ চায়। দাপোণখনে কে....ৰে....ক কৰি ঘূৰি যায় আৰু নেহাক দেখা যায় এক সুসজ্জিত সম্ৰাজ্ঞীৰ অভিনেত্ৰীৰ ৰূপত। নেহাৰ ডামী এজনীৰ প্ৰয়োজন হ'ল। জাপানী ছোৱালী এজনী আছিল। আছাকো। তাইকে সজাই তোলা হ'ল সম্ৰাজ্ঞীৰ ৰূপত। সাতটামান ল'ৰাই বডী লেংগুৱেজেৰে আইনাখন গঢ়িছিল। আছাকোৱে দুহাত ওপৰলৈ তোলে আৰু সেই সাতটা ল'ৰাই তাইক ধৰি ওপৰলৈ তুলি প্ৰতিমাৰ দৰে আগবঢ়াই আনে। তাৰপিছতে আটাইবোৰ অভিনেতা অভিনেত্ৰীয়ে মিলি তিনি সিৰিয়া পাহাৰ এটা নিৰ্মাণ কৰে। সেই পাহাৰ বগাই নেহা ওপৰলৈ উঠে। ওপৰৰ পৰা প্ৰকাণ্ড ৰূপালী বল এটা আকাশৰ জোন যেন হৈ তললৈ নামি আহে। হাত মেলি নেহাই জোনটোক স্পৰ্শ কৰে। পাহাৰটো ঘূৰিবলৈ আৰম্ভ কৰে।

নেহাৰ সপোন ভগাৰ পিছত আহিল গৌতমৰ পাল। গৌতমে বুজি নাপায় সি জীৱনত কি হ'বলৈ বিচাৰে। সি নাজানে সি কিহৰ সপোন দেখে। যি হ'ব দেখা যাব বুলি সি বাট ল'লে। এনেকৈয়ে তিনি বন্ধু তিনিটা পৃথক পথেৰে আঁতৰ হৈ পৰে।

ইমানখিনিলৈকে মোটা মুটি ৰূপ এটা দিয়াৰ পিছত ল'ৰা ছোৱালীবোৰে অলপ সকাহ পালে। কিন্তু প্ৰত্যেকেই আতংকিত হৈ উঠিল -- যেতিয়া কোৱা হয় এয়া কাহিনীৰ আৰম্ভণিহে মাত্ৰ। এইবাৰহে আৰম্ভ হ'ব আচল কাহিনী। হঠাৎ যেন আটাইবোৰকে অবুজ ভাগৰ এটাই হেঁচা মাৰি ধৰিলেহি। এটা মুহূৰ্তৰ বাবে মোৰো আত্মবিশ্বাস ভাগিবৰ উপক্ৰম হ'ল। তিনিটা সপোন বুকুত লৈ আঁতৰি যোৱা তিনি বন্ধুৰ জীৱনৰ ঘাত প্ৰতিঘাতৰ মাজেৰে কেনেকৈ স্বপ্নভ্ৰষ্ট হ'ল আৰু কেনেকৈ এদিন সেই তাহানিকালতে শুনা নিচুকনি গীতৰ সুৰ শুনি তিনি বন্ধুৰ মিলন ঘটিল সেয়া দেখুৱাব লাগিব।

বুজিলোঁ, এইবাৰ আনভাৱে চেষ্টা চলাব লাগিব। সকলোৰে মনোবল বান্ধিব লাগিব। আত্মবিশ্বাসী কৰি তুলিব পাৰিব লাগিব। তেনেহ'লে আজিলৈ নাটক বাদ। অলপ সময় খেলা কিছুমান খেলা যাওক। সৰু ল'ৰা ছোৱালীৰ দৰে অলপমান লৰা ঢপৰা খেলিলো। সিহঁতবোৰে বুজি নোপোৱাকৈয়ে সেই খেলাবোৰে সিহঁতৰ ফিজিকেল ফিটনেছ বঢ়াই তুলিলে। অলপপৰ পদ্য মতা হ'ল। সাঁথৰ সোধা হ'ল। গান গোৱা হ'ল। তাৰ পিছত আকৌ অলপ ফিজিকেল এক্সাৰচাইজ কৰি সকলোকে ধ্যানত বহিবলৈ দিয়া হ'ল। মই নতুন পাঠ আৰম্ভ কৰিলো। সকলোটি ধ্যানত মগ্ন। বাহিৰত এতিয়া আন্ধাৰ। কোঠালিত জ্বলি থকা লাইটবোৰ নুমুৱাই দিলোঁ। লাহে লাহে মুখ খুলিল। আমি কোন। আমি ক'ৰপৰা ইয়ালৈ আহিছোঁ। কিয় আহিছোঁ। সকলোবোৰ কথাই নতুনকৈ ভাবি চাব পাৰি। তোমালোকে যেতিয়া চকু মেলি চাবা, কাষতে বহি থকা মানুহজনক নতুনকৈ আৱিষ্কাৰ কৰিব পাৰিবা। কাষৰজনক এবাৰ হাতেৰে চুই চাবা। এয়া মম এডাল জ্বলাই দিছোঁ। নিজৰ হাত, নিজৰ মুখ, নিজৰ শৰীৰটো এবাৰ চুই চোৱা। এই শৰীৰটো তোমাৰেইনে? নে আন কাৰোবাৰ? ইমান সুন্দৰ এই শৰীৰটোৰ গৰাকী তুমিয়েইনে? মানুহৰ শৰীৰতকৈ সুন্দৰ বস্তু পৃথিৱীত আৰু কিবা আছেনে? নাই। এই শৰীৰটোৰে আমি কৰিব নোৱাৰা কাম একো নাই। অসাধ্য সাধন কৰিব পাৰোঁ। আমি নাটকৰ মানুহ। মানুহৰ মাজলৈ আমি কিবা এটা কঢ়িয়াই লৈ যাওঁ। মানুহক ভালপাব লাগিব। মানুহৰ ওপৰত বিশ্বাস থাকিব লাগিব। তাৰ আগতে নিজকে ভালপাব লাগিব আৰু থাকিব লাগিব নিজৰ ওপৰত অক্ষুন্ন বিশ্বাস। তেতিয়াহে আমি যিহকে দেখুৱাম মানুহে তাকে চাব। মানুহে আমাক বিশ্বাসেৰে গ্ৰহণ কৰিব। নাট্য চৰ্চা জীৱন চৰ্চাৰেই নামান্তৰ স্বৰূপ। এই বন্ধ কোঠালিত যি কৰিছোঁ সেয়া কেৱল নাটকৰ খাতিৰত নহয়। বৰঞ্চ জীৱনৰ খাতিৰত। গোটেই জীৱনজুৰি বৈ থাকিব এই দুদিনৰ হাঁহি ধেমালি। দুদিনৰ পৰিশ্ৰম। আমি নিজকে যিমান ভালপাওঁ, ইজনে সিজনক সিমানেই ভালপাব লাগিব। ভাৱনা, আবেগ অনুভূতি, হেঁপাহ, ইচ্ছা -- কোনোটোৱেই উপেক্ষা কৰিলে নচলিব। দেখিবা -- এদিন বিচাৰি পাম আমি জীৱনৰ এটা মধুৰ অৰ্থ। মাথোন তাৰ বাবে প্ৰয়োজন তিনিটা বস্তুৰ -- প্ৰথম ডিচিপ্লিন, দ্বিতীয় ডিচিপ্লিন আৰু তৃতীয় ডিচিপ্লিন। কঠোৰ অনুশাসনেৰে আমি মানুহৰ মাজলৈ সোমাই যাম। মই কি কৈ আছোঁ তোমালোকে শুনিছানে? এইবাৰ চকু দুটা মেলি চোৱা -- কেৱল এডাল মমবাতি জ্বলি আছে, তাতেই আধা পোহৰ আধা আন্ধাৰৰ মাজত তোমালোকে দেখিবলৈ পাবা এখন নতুন উজ্জ্বল পৃথিৱী। এইমাত্ৰ যেন তোমালোকে পৃথিৱীত জন্মগ্ৰহণ কৰিছা। পৃথিৱীখন বৰ সুন্দৰ। তোমালোক শিশু...

নৈঃশব্দত আৰু অন্ধকাৰত সকলো নিমজ্জিত হৈ গৈছিল। হঠাৎ মোৰ পিছফালে থকা দুৱাৰখন খোল খালে। কনচেন্ট্ৰেচন ব্ৰেক। মুখ ঘূৰাই দেখো গৌৰী সোমাই আহিছে। ইমান পৰে কেন্দ্ৰীভূত হ'বলৈ চেষ্টা কৰা মনোযোগ ছিন্ন - ভিন্ন হৈ গ'ল। খং উঠিলেও মুখেৰে একো নামাতিলোঁ। পৰিস্থিতি গহীন যেন দেখি তায়ো চুচুক চামাককৈ আহি বাহিৰৰ টেৰেচখনলৈ ওলাই গ'ল। ল'ৰা ছোৱালীহঁতক অসুবিধা নিদিয়াকৈ যিমান পাৰি সন্তৰ্পণে ময়ো বাহিৰলৈ ওলালো। দুৱাৰৰ ফাঁকেৰে অহা মমৰ পোহৰত গৌৰীৰ চকু দুটা ট ট কৈ জিলিকিছিল। অলপমান ৰিলিফ পাওঁ বুলি বুকুত থুঁতৰিটো লগাই মূৰটো এবাৰ তিনিশ ষাঠি ডিগ্ৰী ঘূৰাই ল'লো। হাতৰ তলুৱা দুখন ঘঁহি গৰম কৰি চকু দুটা সেকি ল'লোঁ। গৌৰীয়ে পলক নেপেলোৱাকৈ মোলৈ চাই আছে। আন্ধাৰতো জ্বলে চকু। কিনো দেও লগা চকু। অমৰাটোৰ দৰে ডাঙৰ ডাঙৰ। মনোযোগ ভংগ কৰাৰ বিৰক্তিখিনি প্ৰকাশ কৰিব খুজিও ৰৈ গ'লোঁ। এই নিথৰ, দৃঢ়, চকু দুটাৰ ওচৰত মই প্ৰায়ে কাবু হৈ পৰোঁ। ফুচফুচাই, যিমান পাৰে লাহেকৈ তাই ক'লে --- "পৰহি গোটেই ৰাতি মই খিৰিকীখন খুলি ৰাখিছিলোঁ"।

তাতৈ মোৰ কি হেৰিটো হ'ল -- বুলি কব খুজিও ৰৈ গ'লোঁ। গৰমত চাগৈ খিৰিকীখন খুলি থৈছিলি। তাতে কি হ'ল? গৌৰীয়ে আকৌ ক'লে -- "কালিও গোটেই দিনটো পিৰলিত বহি বহিয়ে কটালোঁ"। কিয় নাজানো মই তাইৰ চকুলৈ চাব পৰা নাই। এবাৰ মূৰ তুলি চালো। তাই ক'লে --- "আজিও"।

এইবাৰ বিৰক্ত হৈ সুধি দিলোঁ -- "কিন্তু এইবোৰ কথা এই সযময়ত মোক ক'বলৈ আহিছ কিয়?" গৌৰী উচাৎ মাৰি গুচি গ'ল। কৈ গ'ল -- "অ' তই অন্ততঃ এই চিঠিখন পঢ়িবলৈ সময় উলিয়াব পাৰিবি বুলি ভাবিছিলোঁ"।

মোৰো চাৎকৈ মনত পৰিল-- এই ৰিহাৰ্চেলৰ কোঠাটোলৈকে আহি মোৰ মোনাটোত চিঠি এখন গৌৰীয়ে ভৰাই থৈ যোৱাৰো দুদিন পাৰ হ'ল। মই মেলি চাবলৈকে সময় পোৱা নাই। মই কিবা এটা ক'বলৈ পোৱাৰ আগতেই গৌৰী চিৰিয়েদি নামি গৈ তল পালেগৈ। চিঞৰি মাতিবও নোৱাৰোঁ। মোৰ ছাত্ৰ - ছাত্ৰীহঁত এতিয়াও ধ্যানত মগ্ন। অসুবিধা হ'ব পাৰে।

চিঠিখন এবাৰ পঢ়াটো জৰুৰী আছিল ঠিকেই। কিন্তু সময় ক'ত? নাটকখন কৰাই আছোঁ, তাৰ স্ক্ৰিপ্টটোৱেই ৰেডী কৰিব পৰা নাই। নাজানো, শেষ মুহূৰ্তলৈকে স্ক্ৰিপ্ট উলিয়াব পাৰিম নে নাই। মই মোনাটো খুঁচৰি চিঠিখন উলিয়ালোঁ। সেই চিৰপৰিচিত আখৰকেইটা। জুপি জুপি পঢ়িবৰ চেষ্টা কৰিলোঁ। পেনপেনীয়া আৱেগক আৰু এই মুহূৰ্তত প্ৰশ্ৰয় দিব নোৱাৰি। থাকক, ৰূমলৈ গৈ ভালদৰে পোহৰত পঢ়িব লাগিব।

ডিঙিটো শুকাই গৈছে। এই মুহূৰ্তত হাতৰ কাষতে পানী অলপমান পালে ভাল আছিল।
পানী!
সেই পাহাৰ বগাই নেহা ওপৰলৈ উঠে। ওপৰৰ পৰা প্ৰকাণ্ড ৰূপালী বল এটা আকাশৰ জোন যেন হৈ তললৈ নামি আহে।

৩)
চৌবিন, নেহা, গৌতম -- কোনেও আগতে নাটক কৰা নাই। এয়েই প্ৰথম। অৰুণাচলৰ আপাতানি জনজাতিৰ ল'ৰা চৌবিনৰ মাজত কিছুমান বিশেষ গুণ আছে। দেখিলেই মৰম লগা, বগা, ওখ ল'ৰাটোৰ হাঁহিটো বৰ মৰম লগা। শান্ত সৌম্য এটা আউটলুক আছে -- যিটোক মই তাৰ চৰিত্ৰায়ণত কামত লগালো। টেলেকা টেলেকা চকুৰে দেখিলেই হোজা যেন লগা গৌতমৰ চৰিত্ৰটো ডেভেলপ কৰা হ'ল বংগদেশৰ যাত্ৰা নাট‍্যাভিনয়ৰ ধাৰাৰে। আটাইতকৈ বেছি সমস্যাটো হ'ল নেহাক লৈ। মাধুৰী দীক্ষিত হোৱাৰ সপোন দেখা নেহাৰ চৰিত্ৰটোৰ মাজত কিছুমান মুম্বায়া অভিনেত্ৰীৰ ৰেফাৰেন্স ব্যৱহাৰ কৰিব পৰা হ'লে ভাল আছিল। কিন্তু তাৰ বাবে প্ৰয়োজনীয় এক্টিং স্কীল তাইৰ নাই। চৰিত্ৰটোৰ গুৰুত্বও অপৰিসীম। স্বাভাৱিকতে তাইৰ লগত বহুতখিনি সময় ব্যয় কৰিব লগীয়া হ'ব।

তিনি বন্ধুৰ বিচ্ছেদৰ পিছতেই দেখুওৱা হ'ব নেহাৰ জীৱন সংঘাত। চিকুৱেন্সটোৰ পৰিকল্পনা কৰা হ'ল এনেভাৱে যে এটি কবিতাৰ আলমত তাই একক অভিনয়েৰে নিজৰ সম্পৰ্কে কৈ যাব। অৰূপা বৰুৱাৰ কবিতা এটিৰ আলমত এটি ইংৰাজী সংলাপ লিখি উলিওৱা হ'ল। কবিতাটি আছিল এনেধৰণৰ ---

(দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ কোনো অধিকাৰেই বৈধ নহয়)
দাসী আছিলোঁ, কিজানি ভালেই আছিলোঁ
এদিন সিহঁতে ক'লে
উঠা, পূজা কৰা হ'ব তোমাক।মোৰ দহোখন সশস্ত্ৰ হাত হ'লনতশিৰে পৰি ৰ'ল অগণন শ্ৰদ্ধানত মানুহসিং বাহিনী হৈ সগৰ্বে পূজা ল'লোঁ
পাঁচদিন পাঁচনিশা
তাৰ পিছত এদিন সিহঁতে ক'লে
উঠা, বিসৰ্জন দিয়া হ'ব তোমাকমই নিহত হ'লোঁ
পোৱা-সেৰ ওজনত বিক্ৰী হ'ল মোৰ হাঁড়, তেজ আৰু মঙহ

দাসীৰ পৰা দেৱী হোৱাৰ পথত
মানুহ হোৱাৰ অৱকাশ নাথাকে...

এনেকুৱাই আছিল হবলা মূল কবিতাটো। সঠিক মনত নাই। নাটকীয় উত্থান আৰু অকস্মাৎ পতনৰ ঘটনা এটা সূচায়িত কৰিবলৈ এয়ে ভাল হ'ব। শ্বিলঙৰ পৰা অহা ৰেমব্ৰাণ্ট এটা সিংহ হ'ল। তাৰ ওপৰতে সংলাপ মাতি মাতি নেহা আহি বহিবহি। দুগৰাকী পৰিচাৰিকাই আহি তাইক সজ্জিত কৰিবহি। "কিন্তু মোৰ সপোনটো কি আছিল? মোৰ সপোনটো কি আছিল" বুলি আগ বাঢ়ি আহি কাগজৰ খুঁটাকেইটামানৰ মাজত নেহা সোমাই পৰিবহি। হঠাৎ কাগজৰ খুঁটাকেইটা ফালি চিৰাছিৰ হৈ কেইটামান মুখা পিন্ধা চৰিত্ৰ ওলাই পৰিব। নেহা ভয়ত পলাব। দৌৰিব আৰু দৌৰিব।

আশা কৰিছোঁ আমাৰ অনুষ্ঠানৰ দিনা প্ৰায় ডেৰ হাজাৰ দৰ্শকেৰে নাট্যঘৰ ঠাঁহ খাই পৰিবহি। নাট্যঘৰৰ বিশাল মঞ্চ। সেই বিশালতাৰ মাজত নেহাৰ সৰুফুটীয়া শৰীৰটোৱে অকলে একক অভিনয়েৰে এই হাজাৰ দৰ্শকক ধৰি ৰাখিব পাৰিবনে? তাৰ কাৰণে যি উদ্যম, প্ৰাণশক্তিৰ প্ৰয়োজন সেয়া নেহাৰ আছেনে? স্বপ্নাতুৰ মনৰ স্বপ্নভংগৰ বিপৰ্যয় নেহাই ফুটাই তুলিব পাৰিবনে?


মই আৰু নেহা মুখামুখিকৈ বহিলোঁ। হাতৰ ওপৰত হাত থোৱা হ'ল। মোৰ সোঁহাতৰ তলুৱাৰে তাইৰ বাওঁহাতৰ তলুৱাত চাপ দিয়া হ'ল। সেই একে পৰিমানৰ চাপ আনখন হাতেৰে মোলৈ পাছ কৰিবলৈ যেতিয়া কোৱা হ'ল, তেতিয়া দেখা গ'ল সেই প্ৰেচাৰ আগৰ প্ৰেচাৰৰ নিচিনা নহয়। ওহোঁ, কোনোবাৰেই তাই মোৰ হাতৰ পাল্ছটো ধৰিব নোৱাৰে। হাতৰ পাল্ছ একাকাৰ হৈ নোযোৱালৈকে মই কি বিচাৰিছোঁ তাই ধৰিব নোৱাৰে। একান্ত মনোযোগ অবিহনে সেয়া সম্ভৱ নহয়। ছোৱালীজনী চঞ্চল। যদি সেয়ে হয়, এজন পুৰুষে তাইৰ হাতখন স্পৰ্শ কৰিছে -- তাৰো কোনো উত্তেজনা নাই। চকুত চকু থ'লো। ওঁহো, চকুৰ মাজত কোনো স্বপ্ন নাই।

মানুহৰ শৰীৰেৰে নিৰ্মিত পাহাৰটো বগাবৰ পৰত বাৰে বাৰে কাপোৰেৰে জোটা পোতা খায়। ভাৰসাম্যতা ঠিক নথকাৰ ফলত পাহাৰ নিৰ্মাতা ল'ৰা ছোৱালীহঁতে কান্ধত দুখ পায়। বেঙা মেলিও কোনোবাৰেই জোনটোক স্পৰ্শ কৰিব নোৱাৰে। মাধুৰী দীক্ষিত হ'বৰ দুৰ্বাৰ হেঁপাহ চকুৱে মুখে ফুটি নুঠিলে একো নহ'ব।

অক্লান্ত পৰিশ্ৰমৰ শেষত এদিন তাই অলপো অসুবিধা নোহোৱাকৈ পাহাৰ বগালে, আকাশৰ জোনবাইটো হাতেৰে চুলে। তাইৰ চকু দুটা জিলিকি উঠিল। মই বুজিলোঁ, এয়া কেৱল এটা বাহ্যিক সাফল্য নহয়, ইমানদিনে তাই সঁচাকৈয়ে সপোন দেখিবলৈ আৰম্ভ কৰিছে। কিবা এক প্ৰাণশক্তিত সলসলীয়াকৈ গাই গ'ল সংলাপ। মোৰ ওচৰলৈ তাই ঢপলিয়াই আহিল। "মই কিবা এটা অনুভৱ কৰিছোঁ। আপুনি কোৱা কথাবোৰ সঁচা। অসম্ভৱ, অস্বাভাৱিক এটা সপোন দেখিবলৈ ময়ো এতিয়া প্ৰস্তুত। এই কৃতিত্ব মোৰ নহয়, আপোনাৰ"।

মই দুখোজ পিছুৱাই আহিলোঁ। যিমান আহ্লাদিত হ'বৰ কথা আছিল, সিমানখিনি নহ'লোঁ। মোৰ আৰু নেহাৰ, ডাইৰেক্টৰ হিৰোইনৰ এটা সস্তীয়া গুজৱ ইমানদিনে চাৰিওফালে উৰি ফুৰিব লাগিছে মানুহৰ মুখে মুখে।

হঠাৎ নিজৰ ওপৰতে মোৰ সন্দেহ হ'ল, কাৰোবাক সপোন দেখিবলৈ শিকাবৰ অধিকাৰ মোৰ আছেনে? আন কোনোবা এজনৰ সপোনক মই তিলতিলকৈ হত্যা কৰা নাইনে? গৌৰী ভীষণ কষ্টৰ মাজত আছে। বহুদিন হ'ল কোনেও গৌৰীক হঁহা দেখা নাই। গৌৰীয়ে কাৰো সৈতে কোনো কথা পতা কোনেও দেখা নাই। গৌৰীৰ কষ্টৰ সময়ত মই হাত এখন আগবঢ়াই দিবৰ সময়কণো উলিয়াব পাৰিলোনে বাৰু? নাটকৰ ৱৰ্কশ্বপত খেলা এই স্পৰ্শৰ খেলা, এই পালছ গে'ম কেৱল এটা গে'ম? মানুহক সপোন দেখিবলৈ শিকোৱাৰ সপোন কিমানদূৰ সাৰ্থক, যদিহে সি নিজৰ জীৱনৰ সৈতে যুক্ত নহয়।

ডিঙিটো শুকাই আহিল। পিয়াহ বাঢ়িবলৈ ধৰিলে।

চৌবিনে সপোন দেখে -- মুকাভিনয়ৰ সপোন। অজস্ৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিছে আৰু চৌবিনে অধ্যাপনা কৰিছে। 

৪)

নাটকখনৰ শীৰ্ষভাগ পৰিকল্পনা কৰা হ'ল কিছুমান ননচেন্স চিকুৱেন্সেৰে। ননচেন্স মানে ননচেন্স। অবান্তৰ। অযৌক্তিক, উদ্ভট, অসংলগ্ন। আমাৰ সাধাৰণ দৃষ্টিৰে অবাস্তৱ যেন লগা কিছুমান বিশ্বাসৰো নিজস্ব বাস্তৱতা থাকে।
নেহা যেনেকৈ অভিনেত্ৰী হোৱাৰ সপোনত সাৰ্থক হ'ল, কিন্তু জনপ্ৰিয়তাৰ মোহত আবদ্ধ হৈ এটা সময়ত নিঃসংগ হৈ পৰিল আৰু ঘটনাৱলীৰ চাকনৈয়াত বিপৰ্য্যস্ত হৈ পৰিল, চৌবিনো তেনেকৈয়ে ঘটনাক্ৰমে আজীৱন অধ্যয়নৰত হৈ থকাৰ সপোনৰ পৰা আঁতৰি কল্পনাতীত এটা আন ধাৰাৰ জীৱন অতিবাহিত কৰিব লগাত পৰিল।
"ফুল, তৰা, প্ৰজাপতি,/ ক'তনো আছে গজমতি,/ বিচাৰিব জানিব লাগে, বিচাৰিব নাজানোঁ মই যে এক মন্দমতি" বুলি গীত এটাৰ কৰিঅ'গ্ৰাফীৰে চৌবিনৰ শেষ জীৱনচোৱা দেখুওৱা হ'ব। গীতটিৰ পিছৰচোৱা এনেধৰণৰ ---
Remember if you can/ Whatever you have done for the man
Who never touched your hand
Only spent his all the time/ Building a house of sand.

কিন্তু গৌতমৰ কি হ'ব?
গৌতমে নাজানে সি কি হ'বলৈ বিচাৰে, সি নাজানে আচলতে সি কোন, নাজানে তাৰ কাৰণে জীৱনৰ অৰ্থ কি? ফলত সফলতা - বিফলতাৰ সংজ্ঞাও তাৰ কাৰণে নিৰৰ্থক। বাকী দুই বন্ধু যেনেকৈ বিফলতাত হতাশাগ্ৰস্ত, গৌতম তেনেকৈ হতাশাগ্ৰস্ত হোৱাৰ কাৰণ নাই। "মই তেনেহ'লে কি বা হ'ম, যদু হ'ম নে মধু হ'ম, আল্লা হম নে মৌলা হ'ম-- সকলো হ'বৰ মোৰ মন যায়, মানুহ হ'ব পাৰিমনে নাই" বুলি গান গাই গৌতম এখন গাঁৱত সোমাল। হ'লগৈ যাত্ৰাভিনয়ৰ নায়ক। আৰম্ভ কৰিলে অবান্তৰ যাত্ৰা।

"ৰামে বোলে হনুমন্ত অতি শীঘ্ৰে যোৱা
ধৃতৰাষ্ট্ৰৰ চৰুত ভাত চুৰি কৰি খোৱা"

"ৰাম আৰু হনুমন্তৰ মাজত আকৌ ধৃতৰাষ্ট্ৰ ক'ৰপৰা আহিল?"

"আহা, শুনি যোৱা বৃত্তান্ত। মই যি ক'ম তোমালোকে তাকেই শুনিবা, মই যি দেখুৱাম তোমালোকে তাকেই দেখিবা"--- তবধ মানিলে গাঁৱৰ ৰাইজে।

প্ৰস্তুত কৰা হ'ল গাঁৱৰ ৰাইজ, অভিনেতা অভিনেত্ৰী আৰু যাত্ৰাপাৰ্টীৰ অৰ্কেষ্ট্ৰা। কুন্তী আৰু সীতাৰ ছবি অঁকা দুটি দীঘল পৰম্পৰাগত পটচিত্ৰৰে মুখ ওলিয়াই দিল্লীৰ পৰা অহা মনমীত হ'ব কুন্তী আৰু কালিংপঙৰ পৰা অহা গীতা হ'ল সীতা।
শেষত কি হ'ব?
কুন্তী আৰু সীতাৰ ছবি অঁকা দুটি দীঘল পৰম্পৰাগত পটচিত্ৰৰে মুখ ওলিয়াই দিল্লীৰ পৰা অহা মনমীত হ'ব কুন্তী আৰু কালিংপঙৰ পৰা অহা গীতা হ'ল সীতা।

স্বপ্নৰ বাস্তৱতা আৰু জীৱনৰ বাস্তৱতা একাকাৰ। অধিবাস্তৱতাত আগ্ৰহী মহানজ্যোতিৰ সৈতে আলোচনা চলিল - কি কৰা উচিত, কেনেকৈ কৰা উচিত।
ভাওনৰ প্ৰৱেশৰ তালত ওলাই আহিব জাকে জাকে ভোঁদৰ। গগনেন্দ্ৰ নাথ ঠাকুৰৰ অপূৰ্ব সৃষ্টি 'ভোঁদৰ বাহাদুৰ।'  লুইকেৰলৰ 'এলিচ আন ৱাণ্ডাৰলেণ্ড বা আমাৰ নৱকান্ত বৰুৱাৰ 'শিয়ালী পালেখৈ ৰতনপুৰ'ৰ দৰে গগনেন্দ্ৰ নাথ ঠাকুৰৰ 'ভোঁদৰ বাহাদুৰেও বিচৰণ কৰে সপোনৰ বাস্তৱতাত।

সেই বাস্তৱতাৰ পৰা ধুপুচকৈ সৰি পৰিল গৌতম। তিনি বন্ধু তিনিভাগে একেটাই প্ৰশ্নৰ সন্মুখীন হ'ব, -- "কি হ'বৰ কথা আছিল আৰু কি হ'ল?" এনেতে ভাঁহি আহিব সেই তাহানিতে শুনা নিচুকনি গীতটো। আকৌ সবিতাৰ আবিৰ্ভাৱ।

মোটামুটি গোটেই পৰিকল্পনাটোৱেই শৰীৰ এটা পালে। কিন্তু এইবাৰ আহিল আচল পৰ্যায়টো -- পাৰফেকনৰ। এটা পাৰফেক্ট প্ৰদাকন নমাবলৈ হ'লে এতিয়া অহোৰাত্ৰি দেহে কেহে খাতিব লাগিব। সকলোবোৰ মিলি পৰিকল্পনাটোৱে সঁচাকৈয়ে এখন মহাকাব্যৰ ৰূপেই লৈছে। দৈনিক প্ৰেকটিছৰ লগতে পঢ়া শুনাটোও জড়িত হৈ পৰিছে। কেইবাধৰণৰ ৰিয়েলিটী বা বাস্তৱতাক একেলগে সাঙুৰিবৰ সাহস কৰিবলৈ হ'লে সেইবোৰৰ সঠিক ধাৰণাও আয়ত্ত কৰিব লাগিব। আধুনিক প্লচেনিয়াম, মুম্বায়া কৰিঅগ্ৰাফ আৰু পৰম্পৰাগত লোকনাট্যৰ মিশ্ৰণ হ'ব। গীতি-নাট্যৰ অনুশীলনো জৰুৰী হৈ পৰিল আৰু একে সময়তে মুখা নাটকৰো অনুশীলন কৰিবলগীয়া হ'ল। বাদল চৰকাৰৰ ধাৰণা অনুসৰি তৃতীয় থিয়েটাৰৰ অনুশীলনৰ পৰা আৰম্ভ কৰি আমাৰ কৰ্মশালাত ভুমুকি মাৰিলেহি বাৰ্টল্ট ব্ৰেখট বা স্তানিশ্লাভস্কিয়েও। এহাতে নাৰীবাদী কবিতা, আনহাতে শিশুসুলভ মনৰ কল্পনাৰে ভৰপূৰ ভোঁদৰ বাহাদুৰৰ অধ্যয়ন। এহাতে প্ৰয়োজন হ'ল পটচিত্ৰৰ, আনহাতে প্ৰয়োজন হ'ল চাজেষ্টিভ বডী লেংগুৱেজৰ।

অনুভৱ কৰিছোঁ, হেঁচাত পৰি কৰ্মশক্তি যেন বহুগুণে বাঢ়ি গৈছে। নিজৰ কাম কৰাৰ গতি দেখি নিজেই আচৰিত হ'ব পাল। এনেকুৱা এটা দিনতেই গৌৰী আৰু মই এবেলা কথা পাতিলোঁ। কেতিয়াও নভবা, ভাবিব নোৱাৰা জীৱনৰ আটাইতকৈ দুৰ্ভাগ্যজনক আৰু আটাইতকৈ মৰ্মান্তিক সময়ছোৱা গ্ৰহণ কৰিলোঁ ভাতৰ লগত পানী খোৱাৰ দৰে।

মূৰৰ ওপৰত প্ৰচণ্ড ৰ'দ। গৰমৰ এটা দুপৰীয়া মই আৰু গৌৰী এটা বন্ধ কোঠালীত মিলিত হ'লোঁ। যোৱা চাৰি বছৰে কিমান ৰ'দ - বৰষুণৰ দিন আৰু ৰাতি আমি একেলগে পাৰ কৰিছোঁ তাৰ ঠিক নাই। কিছুমান জন্মান্তৰৰ প্ৰতিশ্ৰুতিৰে আমাৰ দুয়োৰে সম্পৰ্কৰ সূত্ৰপাত ঘটিছিল। কেইবাদিনো ধৰি গৌৰীয়ে মোৰপৰা অলপ সময় বিচাৰিছিল একান্ত গোপনে। কিছুমান বিশেষ কথা আছে হেনো ক'ব লগীয়া।

- "এটা সময় আছিল। পুৱা সাৰ পাই বিচনাৰ কাষৰ খিৰিকীখন খুলিয়েই মোৰ মুখখন নেদেখিলে তোৰ দিনটো ভালেৰে নগৈছিল। ৰাতি শুবৰ পৰতো মোৰ স'তে অলপ কথা পাতিবলৈ নাপালে টোপনি নাহিছিল। খাবৰ পৰত মই কাষত বহি নাথাকিলে তোৰ পেটলৈ ভাত নগৈছিল। মনত নপৰেনে সেই দিনবোৰ? মোৰ মোনাত আলেকজেণ্ডাৰ ৰোলাঁৰ এখন কিতাপ আছিল। আমি গোটেই দিনটো বৰষুণত তিতিছিলোঁ। একমাত্ৰ আলেকজেণ্ডাৰ ৰোলাঁ আমাৰ সাক্ষী আছিল। কিন্তু আজি কিমানদিন হ'ল -- মই কি খাইছোঁ, ক'ত কেনেকৈ আছোঁ তাৰ কিবা খা খবৰ ৰাখিছনে?'

মোৰ কাণ দুখন গৰম হৈ আহিল। এটা অপৰাধবোধত মই ভুগি আছোঁ। কিন্তু সেয়া গৌৰীয়ে নাজানে। কিন্তু এই মুহূৰ্তত এইবোৰ কথা শুনি থাকিবৰ ধৈৰ্য্য মোৰ একেবাৰে নাই। মোৰ চঞ্চল আঙুলি কেইটাই পেঞ্চিল এডাল তুলি ললে। টেবুলত পৰি থকা উকা কাগজখিলাত আঁক- বাক কৰিবলৈ আৰম্ভ কৰিলোঁ। গৌৰীৰ এইবোৰ কথা বাৰু বুজিলোঁ, কিন্তু কি বিশেষ কথাটো বাৰু ক'বলগীয়া আছে?

---- "তই এতিয়াও মোৰ কথালৈ কাণ দিয়া নাই"।
---- "তই কৈ যাচোন। কাণ দুখন মই বন্ধ কৰি ৰখা নাই নহয়"।

অলপ সময় গৌৰী মনে মনে ৰ'ল। হয়তো কৈ লাভ নাই বুলি ভাবিলে। কিন্তু আজি যে ক'বই লাগিব, আজিয়েই নক'লে আৰু সময় নাই, এনে ভাৱেৰে তাই আকৌ আৰম্ভ কৰিলে।

----“মই আছিলো তোৰ জীয়াৰীৰ দৰে। তোৰ আঙুলীত ধৰি বহু ঠাই ঘূৰিছোঁ, বহু কিবা কিবি দেখিছোঁ। বহুত কথা শিকিছোঁ। তোৰ প্ৰেমিকা। চকুত চকু থৈ কিমান যুগ আমি পাৰ কৰিছোঁ। মেলাৰ পৰা কিনি অনা কাঠৰ গোপাল সাক্ষী। অজন্তা - ইলোৰাৰ ধ্যানমগ্ন বুদ্ধ সাক্ষী। কেতিয়াবা আছিলো তোৰ মাতৃ। কিমান যে আশ্বাসেৰে, মুখত প্ৰশান্তি লৈ তই মোৰ কোলাত সোমাই কুচিমুচি শুই পৰিছিলি। কাম কৰি কৰি ভাগৰি পৰিলে, দুশ্চিন্তাই জুমুৰি দি ধৰিলে দৌৰি আহিছিলি মোৰ ওচৰলৈ, মোৰ কোলাতে বিচাৰি পাইছিলি পৃথিৱীৰ শেষ আশ্ৰয়। তোৰ সৰল, শান্ত, শিশুৰ দৰে টোপনি যোৱা মুখখনত মই আঙুলি বোলাই দিছিলোঁ। একান্ত আপোন বুলিহে কেতিয়াবা তোক চুই চাবলৈ মন গৈছিল। যেনেকৈ দেউতাৰ কান্ধত, পিঠিত উঠি ধেমালি কৰোঁ। কিন্তু আজি অনুভৱ কৰিছোঁ -- মই তোৰ ওচৰত কেৱল এটা শৰীৰ। এটা বিপৰীত লিংগৰ শৰীৰ। এটা শৰীৰ। কন্য --প্ৰেমিকা, মাতৃতো নহয়েই বাৰু, এজন মানুহ হোৱাৰ মৰ্যদাকণো বিচাৰি নোপোৱা হৈছোঁ”।


মই দাঁত কামুৰি ধৰিলো। কথাবোৰ বৰ কঠিন। বেছি কথা কোৱা মানুহ মোৰ পছন্দ নহয়। কিছুমান কথা গল্প উপন্যাসত পঢ়িবলৈহে ভাল, নাটকৰ সংলাপ হিচাপে শুনিবলৈহে ভাল। বাস্তৱত সেইবোৰ শুনি থাকিব নোৱাৰি। সকলো কথাই মুখ খুলি ক'বই লাগিব বুলি গৌৰীৰ এটা বিশ্বাস আছে আৰু সেইখিনিতেই মোৰ বিৰক্তিৰ উৎপত্তি।

----“তই প্ৰতিভাৱান মানুহ। জ্ঞানী মানুহ। তোৰ মুখেৰে শুনা কথাৰে মই বহুতো শিকিলোঁ। তোৰ প্ৰতিভা বিকাশৰ পথ খোলা থাকক। প্ৰতিভা বিকাশৰ পথত মই এটা বাধা হৈ থিয় দিবলৈ কেতিয়াও বিচৰা নাই। তোৰ ওপৰত মানুহৰ বিৰাট প্ৰত্যাশা। তোৰো দায়িত্ব আছে মানুহৰ প্ৰতি। এই মুহূৰ্তত কৰ্মশালাৰ ছল্লিশজন ল'ৰা-ছোৱালীৰ দায়িত্ব আছে তোৰ কান্ধত। সকলোবোৰ কথা মানি লৈয়ো এই কথাটো মানি লবলৈ টান - মই বিশ্বাস কৰিব নোৱাৰোঁ মোৰ প্ৰতি যে তোৰ কোনো দায়িত্ব নাই। দিনে দিনে মই অনুভৱ কৰিবলৈ লৈছোঁ -- মই আৰু তোৰ অংগ হৈ থকা নাই”।

অংগ? অভিন্ন অংগ। অভিন্ন আত্ম কথাবোৰ শুনিবলৈ ভাল। কিন্তু গৌৰী আৰু মোৰ অংগ হৈ থকা নাই মানে? তাই মোৰ এটা অংগ নেকি? গৌৰী যে মোৰ সত্বা। সমগ্ৰ সত্বা জুৰি তাইৰ পথ। তাইৰ কথাত মোৰ হাঁহি উঠিল। এনিমেশ্যন ফিল্মৰ দৰে কিছুমান ফিগাৰ মোৰ কল্পনাৰ পৰ্দাত ভাঁহিবলৈ ধৰিলে। হাত কিছুমান বগুৱা বাই আগবাঢ়িছে। ভৰি কিছুমান দোপতদোপে আগ বাঢ়িছে। হাতবোৰে ভৰিবোৰক, ভৰিবোৰে হাতবোৰক কৈছে -- "মই আৰু তোৰ অংগ হৈ থকা নাই, মই আৰু তোৰ অংগ হৈ থকা নাই"। মোৰ হাঁহি উঠিল।

মোৰ ওঁঠৰ কোণত বিৰিঙি উঠা হাঁহিটো দেখি গৌৰীৰ হাঁহাকাৰ লাগিল।
--- “তই হাঁহিছ? মোৰ কথা শুনি তোৰ হাঁহি উঠিছে?”
চকুপানীৰ লেথাৰি নিছিগা ধাৰ বৈ আহিল গৌৰীৰ দুগালেদি।

কোনোবাই যদি আপোনাৰ সন্মুখত চকুপানী টুকে, আপুনি কি কৰে? কি কৰিব লাগে মই নেজানোঁ। গৌৰী এলিচ ইন ৱাণ্ডাৰলেণ্ডৰ কনমানি এলিচজনী হৈ পৰিল। ক্ৰমশঃ চকুপানীৰ সাগৰত তাই বুৰিবলৈ আৰম্ভ কৰিছে। মই এতিয়া কি কৰোঁ। সেই নিগনিটো হৈ যাওঁ। দীঘল কাণৰ শহাপহুটো হৈ যাওঁ।
--- “মই এতিয়া কই কৰোঁ?”

এই প্ৰশ্নটো সুধিবলৈকে গৌৰীয়ে আজি দেখা কৰিবলৈ আহিছিল। মোৰো ওলোটাই সুধিবলৈ মন গ'ল –“মই এতিয়া কি উত্তৰ দিওঁ? মোৰ আকৌ হাঁহি উঠি গ'ল। এই হাঁহিটোৱেই কাল হ'ল। গৌৰীয়ে বাৰে বাৰে অপমানিত বোধ কৰিলে। মোৰো নিজৰ ওপৰতে খং উঠিল। মোৰ হাঁহি উঠিছে কিয়? কিন্তু এনেকুৱা হয়, বিৰাট অসহায় একোটা মুহূৰ্তত একো কৰিব নোৱাৰা হ'লে হাঁহি উঠি যায়।

--- “মোৰ অসুখৰ সময়তো এবাৰ তোৰ মাত এষাৰ শুনিবলৈ নেপালোঁ। অসুখীয়া দেহাৰে বজাৰলৈ ওলাই যাওঁতে বাটত মূৰ ঘূৰাইছিল। খোজ ঢলং পলং হৈছিল। ৰাস্তাৰ কাষৰ ল'ৰাবোৰে মোক পাগলী পাগলী বুলি হাঁহিছিল। তই কাষত নাই”।

আঃ মই যেন এতিয়াই অজয় দেৱগন বা অক্ষয় কুমাৰ হৈ গৈ সেই ৰাস্তাৰ কাষৰ ল'ৰাবোৰৰ লগত মাৰপিট আৰম্ভ কৰি দিওঁ।
বহু সময় পাৰ হ'ল।
ঘড়ী চাই দেখিলো ছটা বাজিবৰ হ'ল। মোৰ ৰিহাৰ্চেলৰ সময়। ল'ৰা ছোৱালী হঁতৰ আগত সময়ানুৰ্তিতাৰ বক্তৃতা দিয়া হৈছে। গতিকে নিৰ্দিষ্ট সময়ত মই গৈ উপস্থিত হোৱাটো বাধ্যতামূলক। অন্যথা সিহঁতে মোৰ কথা নমনা হ'ব। সিহঁতৰ প্ৰতি মই একান্তই দায়িত্বশীল।

গৌৰী আৰু মই কোঠালীৰ পৰা ওলাই আহিলোঁ

আমি দুয়ো খোজকাঢ়ি ওলাই আহি নাটকৰ ৱৰ্কশ্বপৰ ওচৰ পালোহি। বিল্ডিংটোৰ ওপৰ তলাত ল'ৰা ছোৱালীবোৰ গোট খাইছেহি। চিঞৰ - বাখৰ শুনিছোঁ। কলেজ ইউনিভাৰ্ছিটীত পঢ়া হ'লেও এই সময়ত সিহঁ কেঁচুৱা হৈ পৰে। বহু কষ্টেৰে গৌৰীক বুজাবৰ চেষ্টা কৰিলোঁ, কথাবোৰ ইমান জটিল কৰি নিজকে কষ্ট দিব নাপায়। মই মোৰ দোষ মানিছোঁ। অপৰাধ কবুল। পৰস্পৰে পৰস্পৰক যি নূন্যতম সময়খিনি দিয়া উচিত, মই সেইখিনিও দিব পৰা নাই ঠিকেই। ময়ো বৰ সুখেৰে থকা নাই। মানুহৰ জীৱনলৈ একো একোটা বেয়া সময় আহে, যিখিনি মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত। আশা কৰিছোঁ অতি শীঘ্ৰেই ভাল সময় আহিব। ময়ো স্বাভাৱিক, প্ৰকৃতিস্থ হৈ তোৰ ওচৰলৈকে উভটি আহিম।'

---- “কিন্তু আজি, এই মুহূৰ্ততেই তই ক'ব লাগিব, মই এতিয়া কি কৰা উচিত”। গৌৰী আঁকোৰ-গোজ। বাৰে বাৰে একেটাই প্ৰশ্ন --- কি কোৱা উচিত বুজি নাপাওঁ। তাই ক'লে --- “চাওঁতে চাওঁতে বহু সময় পাৰ হ'ল। জীৱনটো দুৰ্বিসহ হৈ উঠিছে”।

---- “তাৰ মানে কি, মোক এৰি থৈ যোৱাৰ কথা ভাবিছ নেকি? চিৰদিনলৈ?”
মই সুধিলোঁ। গৌৰীয়ে হাঁহিলে। তাইৰ হাঁহি দেখি মই উৎফুল্লিত হ'লো। হওক --- অন্ততঃ এইবাৰ তাই বুজি পাব, মানুহে অসহায় মুহূৰ্তত একো কৰিব নোৱাৰা হ'লেও হাঁহে। মোৰ হাঁহি উঠাটো যদি অপৰাধ হয়, গৌৰীয়ে মিচিকিয়াই হঁহা, এই হাঁহিটোও অপৰাধ।

গৌৰী আঁতৰ হ'ল।

মই চিৰিৰে ওপৰলৈ উঠিলোঁ। ওপৰৰ তলাত ল'ৰা-ছোৱালীবোৰে অপেক্ষা কৰি আছে। হাত ভৰিবোৰ অৱশ হৈ আহিছে। চিৰি বগাবলৈকে যেন শক্তি নাই। চিৰিডাল যেন বহুত দীঘল হৈ গৈছে। যিমানে খোজ পেলাওঁ সিমানে দীঘল হৈ যায়‌।

মোক দেখা পায়েই সিহঁতৰ হাই উৰুমি কমক চাৰি বাঢ়িবলৈহে ধৰিলে। মোৰ পাঁচ মিনিট পলম হ'ল কিয় তাৰ কৈফিয়ৎ দিবলগীয়া হ'ল। কৈফিয়ৎ দিয়াৰ শকতি মোৰ দেহত নাছিল। মুখা পিন্ধা ল'ৰাকেইটাৰ কৰিঅগ্ৰাফী আজিৰ ভিতৰত পাৰ্ফেক্ট কৰি তুলিব লাগিব। কাম আৰম্ভ কৰিলোঁ। ছটা ল'ৰাই মুখা পিন্ধি প্ৰায় মাটিত বাগৰি বাগৰি আক্ৰমণৰ ভংগীৰে নেহাৰ ফালে আগবাঢ়ি আহিব। নেহাই প্ৰথমতে আচৰিত হৈ সিহঁতলৈ চাব, তাৰ পিছত সিহঁতৰ ওপৰেদি জঁপিয়াই জঁপিয়াই দৌৰিবলৈ আৰম্ভ কৰিব।

নেহাই দৌৰি আছে।

সাগৰৰ পাৰে পাৰে যেন উৰ্মিলা মাতোণ্ডকাৰে দৌৰি আছে, আৰু মই ৰামগোপাল বাৰ্মা পিছে পিছে দৌৰি আছোঁ। ফুঃ ফাল্টু কথা।

নেহা ভাগৰি পৰিছে। কিন্তু ভাগৰিলে নহ'ব। আৰু বহু সময় দৌৰি দৌৰি দেহৰ ঘাম বাহিৰ কৰিব লাগিব। দেহৰ দম অক্ষুন্ন ৰাখিব লাগিব। ফিজিকেল ফিটনেছ বঢ়াব লাগিব। নেহাক দৌৰিবলৈ দি গৌতম আৰু চৌবিনৰ সন্মুখত মই ডেমষ্ট্ৰেচন দিলো। কেনেকৈ হাত ভৰিবোৰ জোকাৰি জোকাৰি এটা সময়ত অসাৰ কৰি পেলাব পাৰি। সেই ওজনহীন শৰীৰেৰে যি কোনো অসম্ভৱ সাধন কৰিব পাৰি।

ডেমনষ্ট্ৰেচন দিওঁতে মোৰ হাত ভৰিবোৰ সঁচায়ে অসাৰ হৈ পৰিছিল। মোৰ শৰীৰটো যেন নিয়ন্ত্ৰণৰ বাহিৰত। মোৰ শৰীৰৰ মুভমেণ্ট দেখি সকলোৱে বাঃ বাঃ দিলে। কিন্তু মই অসহায় অনুভৱ কৰিলো। শৰীৰৰ একো একোটা অংগই যেন মোৰ বিৰুদ্ধে অসহযোগ ঘোষণা কৰিলে। বাৰে বাৰে যেন প্ৰতিধ্বনিত হ'ল --- মই আৰু তোৰ অংগ হৈ থাকিব পৰা নাই, মই আৰু তোৰ অংগ হৈ থাকিব পৰা নাই

চৌবি আৰু গৌতমক অনুশীলন কৰিবলৈ দি মই বহি পৰিলো। সিহঁতে এফালে অনুশীলন কৰি আছে, আনফালে নেহাই দৌৰি আছে। মই বহি থাকিও শান্তি নাপালো। নেহাই এটা বন্ধ কোঠালীৰ ভিতৰত দৌৰি আছে, কিন্তু এনে লাগিল যেন মই কোনো দূৰৰ মৰুভূমিত দৌৰি আছোঁ। কেৱল দৌৰি আছোঁ। অণ্ঠ কণ্ঠ শুকাই আহিছে। তথাপি দৌৰিবলৈ যেন মই বাধ্য। চাৰিওফালে ধূলি আৰু বালি।

আঃ পিয়াহ!


মহানজ্যোতিৰ সৈতে আলোচনা চলিল - ভাওনৰ প্ৰৱেশৰ তালত ওলাই আহিব জাকে জাকে ভোঁদৰ। 

৫)

নাট্যঘৰ। শান্তিনিকেতন। চেপ্তেম্বৰ ২০০৪।
আজি প্ৰডাকচন। ৰাতিলৈ আমাৰ নাটক মঞ্চস্থ হ'ব।
নাটকখনৰ নাম ৰখা হ'ল ---- তিনি বন্ধু, The Trio
যোৱা দুটা ৰাতি চকুত টোপনি নাই। কৰ্মশালাৰ ছল্লিছজন ল'ৰা ছোৱালীয়েই নহয়, শান্তিনিকেতনৰ কলাভৱনৰ তিনিশ ছাত্ৰ-ছাত্ৰীয়ে দেহা মাটি কৰি পৰিশ্ৰম কৰিছে, এটা সুন্দৰ প্ৰযোজনা ৰাইজলৈ আগ বঢ়াই দিবৰ কাৰণে। এতিয়াও বহুত কাম বাকী। যিমানেই সময় আগ বাঢ়িছে সিমানে উত্তেজনা বাঢ়িছে। মুৰ্চিদাবাদৰ গাঁৱৰ পটশিল্পীৰ সন্তান বিশ্বজিৎ পটুৱাই পট দুখন এতিয়াও আঁকি দিয়া নাই। পাঞ্জাৱী ছোৱালী, কি নাম জানো তাইৰ, এতিয়াও নেহাৰ সাজযোৰ চিলাই কৰি শেষ কৰাব পৰা নাই। জাপানী ছোৱালী আছাকোৱে মুখাকেইখন এতিয়াও ৰং কৰি শেষ কৰিব পৰা নাই। যান্ত্ৰিক বিজুতিৰ কাৰণে লাইট আৰু ছাউণ্ডৰ এটা সন্তোষজনক ষ্টেজ ৰিহাৰ্চেল দিবলৈ এতিয়াও বাকী। অৰ্কেষ্ট্ৰাটোৱে এতিয়াও মোক ভৰসা দিব পৰা নাই। তিস্তা আৰু উমাই এই মুহূৰ্ততো স্কেল মিলাব পৰা নাই।

নাটকখনৰ সংগীতাংশত কোনো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ নহ'ব। সকলো ছাউণ্ড এফেক্ট আৰু সংগীত দিয়া হ'ব মুখেৰে। সংগীতৰ আখৰা অলপমান আগবঢ়াই মুখাখিনি কেনেকুৱা হৈছে চাবলৈ গ'লোঁ। মুখা এখন পিন্ধি আছাকোৱে সুধিলে --- কেনেকুৱা হৈছে?
ক'লো ---- ভালেই হৈছে। ধুনীয়া হৈছে
---- “কিমান ধুনীয়া হৈছে? তোমাৰ গৌৰীৰ নিচিনানে?”
---- “গৌৰী ধুনীয়া বুলিনো তোক কোনে ক'লে?”
---- “ইহ, মই দেখা নাই হ'বলা। বিৰাট ধুনীয়া”।
---- “ওহোঁ, তোৰ নিচিনা ধুনীয়া নহয়”।

সৰু সৰু চকুৰ, ফুলা ফুলা গালৰ জাপানী ছোৱালীজনীৰ মুখৰ অভিব‍্যক্তি চাই একো বুজিব নোৱাৰিলোঁ --- তাই মোৰ কথাষাৰ শুনি ভাল পালে নে বেয়া পালে।

হুৰমূৰকৈ পটুৱা, মানে বিশ্বজিৎ পটুৱা সোমাই আহিল। ক'লে, আজি দুপৰীয়াৰ ৰেলত গৌৰী কলিকতালৈ যাবলৈ ওলাইছে। তাৰমানে তাই নাটকখন চাবলৈ থাকিব নোৱাৰিব। যাওক। ভালেই হৈছে। এটা ইম’চনেল ব্লেকমেইলিঙৰ পৰা ৰেহাই পোৱা যাব।

খং উঠিছে নে অভিমান হৈছে নাজানো। যোৱা বছৰৰ ডিচেম্বৰ মাহৰ নাটকখনতো অসুখ হোৱাৰ অজুহাতত তাই মূল নাটকখনত থাকিব পৰা নাছিল। তাৰ আগৰো অভিজ্ঞতা বৰ সুখৰ নহয়। শ্বেইক্সপীয়েৰৰ এটি নাৰী চৰিত্ৰক লৈ নাটক এখন কৰোঁতে ৰোছনিৰ সৈতে মোৰ গুজৱ প্ৰচাৰ হৈছিল। নাটক আৰম্ভ হোৱাৰ চৰম উত্তেজনাৰ মুহূৰ্তত শুভ্ৰ বগা সাজেৰে মেক-আপ লৈ ৰোছনি ঢপলিয়াই আহিছিল মোৰ আশিস বিচাৰি। সুধিছিল, এই সাজযোৰেৰে মোক কেনেকুৱা দেখাইছে? তেনেকুৱা সময়ত কাষত গৌৰীৰ উপস্থিতি বৰ সুবিধাজনক নাছিল। নাটকৰ শেষত আত্মহত্যা কৰা শুভ্ৰ পোছাকী অভিনেত্ৰীৰ দেহৰ ওপৰত মিলাইজৰ এখন পেইণ্টিঙৰ শ্লাইড প্ৰজেক্ট কৰা হৈছিল। মমবাতিৰ কঁপি থকা পোহৰ আৰু কেৰালাৰ বাঁহীবাদক কুঞ্জিকুট্টনৰ বাঁহীৰ সুৰে অনন‍্য সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। আলেঙে আলেঙে দেখিছিলো, চচমাৰ ফাঁকেৰে মনীতে চকুপানী মচিছে। নাটকৰ সৈতে, মানুহৰ সৈতে বাৰ্তা বিনিময় কৰিছোঁ, তেনেতে গৌৰীয়ে টানি নি কেৰিয়াৰত লৈ অনা ভাত এসোপামান খাবলৈ বহুৱালে। বহুত হ'ল, আহ, দুদিন হ'ল তই ভাত খোৱা নাই। জোৰ কৰি ভাতখিনি গিলিলোঁ। মোৰ নাটকখনতকৈ মই ভাত খোৱাতহে গৌৰীৰ গুৰুত্ব বেছি‌।
ভালেই হৈছে। আজি গৌৰী নাথাকে। মই মুক্ত।

বিশ্বজিৎ পটুৱাই ক'লে, তই এবাৰ ভাবি চা। আজি দুপৰীয়াৰ ৰেলত তাই যাবগৈ। হ'বও পাৰে এয়েই শেষ সুযোগ। নেহেৰুৱাবি। আকৌ খং উঠিল। পটুৱাক তাৰ ভাগৰ কামখিনি বুজাই দি মই নাটঘৰৰ পৰা ওলাই আহিলোঁমোৰ আৰু গৌৰীৰ সম্পৰ্কটো এতিয়া কোন পৰ্যায়ত আছে মই নিজেই নাজানো। গৌৰীয়েও নাজানে। কিন্তু আমাৰ আশে পাশে থকা মানুহবিলাকেহে দেখিছোঁ বেছি ভালকৈ জানে।

চাইকেলখন লৈ ৰূমৰ ফালে আগবাঢ়িলো। কাম বহুত আছে। গাটো এবাৰ ভালকৈ ধুই কিবা এটা খাই লোৱাটো ভাল হ'ব। গোটেই দিনটোত আৰু খাবলৈ সময় উলিয়াব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই।

কিন্তু চাইকেলখনে মই নিজে কব নোৱাৰাকৈয়ে মোৰ কোঠালিৰ ফালে নগৈ ৰেল ষ্টেচনৰ ফালেহে গতি কৰিলে। দুদিনৰ টোপনি ক্ষতি। মূৰৰ ওপৰত তীখৰ ৰ'দ। গাটো কেনেবা কেনেবা লাগিল। একো কাম নকৰিলেও এই মুহূৰ্তত বিশ্ৰামৰ বৰ প্ৰয়োজন। কিন্তু যান-জঁতৰ ফাঁকে ফাঁকে মোৰ চাইকেলখন ষ্টেচনৰ ফালে আগবাঢ়িল।

ষ্টেচনৰ মুখতে ৰৈ আছিল গৌৰী। মোনাটো বৰ গধুৰ। মই গৈ মোনাটো তুলি ধৰিলো। উটি চাই মোক দেখি তাইআবাক হ'ব বুলি ভাবিছিলোঁ। কিন্তু তাই লাহেকৈ হাঁহিলে। কেনেবাকৈ হ'লেও মই আহি এনেকৈ ওলামহি বুলি তাই জানিছিলে হ'বলা। ক'লে, "ক্ষমা কৰিবি, আজি থাকিব নোৱাৰিলোঁ। আজি যে কলিকতালৈ যোৱাটো খুবেই জৰুৰী"।

কিন্তু মই জানো, নালাগে ব'ল, উভটি ব'ল বুলি মাত্ৰ এবাৰো যদি মই কওঁ, গৌৰী ষ্টেনৰ পৰা আকৌ উভটি নিশ্চয় আহিলেহেঁতেন। কিন্তু কিহৰ অভিমানত নাজানোঁ, ক'ব নোৱাৰোঁ। ক'লো, "সাৱধানে যাবি"।

ৰেল ষ্টেনলৈ যোৱাৰ নামত ডেৰ ঘণ্টা সময় অপচয় হোৱাৰ কাৰণে কামৰ হেঁচা আৰু বাঢ়িল। দিনটো আৰু একো খোৱা নহ'ল।

সময়বোৰ কেনি পাৰ হৈ গ'ল কব নোৱাৰিলোঁ। এহাজাৰৰো অধিক মানুহেৰে নাটঘৰ ঠাঁহ খাই পৰিল। উত্তেজনাৰ চৰম মুহূৰ্তত অনুষ্ঠান আৰম্ভ হ'ল। নাটকখনৰ আগতে কেইবাটাও অন্য অনুষ্ঠান আছিল। নাটকৰ আগৰ গানৰ অনুষ্ঠানটো বৰ ভাল নহ'ল। ফলত এটা দুটাকৈ মানুহ ভাগিবলৈ ধৰিছে। দেখিলোঁ কথা বিষম। 'জগঝম্প'ৰ নাটক চাবলৈ আহি মানুহ যদি নাটক নোচোৱাকৈয়ে উভটি যাবলৈ হয়, বৰ অপমানৰ কথা হ'ব। গানৰ শেষত মাইক্ৰোফোন ইফাল সিফাল কৰোঁতে দহমিনিটমান সময় লাগিব পাৰে। এই সময়খিনি বিপজ্জনক। মানুহ ভাগিব পাৰে। কি কৰা যায়?

ইম্প্ৰ'ভাইজেশ্যনৰ এটা বুদ্ধি মূৰত খেলালে।
এক মুহূৰ্তও পলম নকৰাকৈ মূৰত টঙালি এখন বান্ধি, হাতত বাল্টি এটা আৰু ঝাড়ু এডাল লৈ নাট্যঘৰৰ পিছফালৰ পৰা দৰ্শকৰ মাজত সোমাই পৰিলো। খোলা কণ্ঠেৰে নাট্যঘৰৰ পিছফালৰ পৰা দৰ্শকৰ সৈতে কথা পাতি পাতি ভীৰ থেলি আগুৱাই আহি মঞ্চত উঠিলোঁ। আমাৰ সকলো কলাকুশলী হতভম্ব। এনেকুৱা হ'বৰ কথাতো নাছিল। চকুৰ ইংগিতত লাইটমেনে বুজি পালে কি কৰা উচিত। মাইক্ৰোফোনবোৰ এইখিনি সময়তে ঠিক কৰি লোৱা উচিত।

মোৰ আশংকা ঠিকেই আছিল, গানৰ অনুষ্ঠানৰ শেষত মানুহবোৰ উঠি যাবলৈ ওলাইছিল। কিন্তু মোৰ অদ্ভূত কাণ্ড কাৰখানাত অন্তত: এচাম মানুহ থমকি ৰ'ল। মোৰ কথা শুনি ওলাই যোৱা মানুহবোৰো উভটি আহিল। মাইক্ৰোফোন এতিয়াও ৰেডী হোৱা নাই। খালী কণ্ঠেৰে এহাজাৰ মানুহৰ সন্মুখত কথা কৈ গ'লো অনৰ্গল। দৰ্শককো কথা ক'বলৈ বাধ্য কৰালো। মই প্ৰশ্ন সোধোঁ, দৰ্শকে সমস্বৰে উত্তৰ দিয়ে। ইমান পৰে নিৰ্জীৱ অসাৰ হৈ বহি অনুষ্ঠান চাই থকা দৰ্শকো এইবাৰ সক্ৰিয় হৈ উঠিল। বৰ্তা বিনিময় চলিল। সমগ্ৰ নাট্যঘৰ সশব্দ হৈ উঠিল। মোৰ পিছফালৰ পৰা 'জগঝম্প' বুলি লিখি থোৱা দুটা 'কাট আউট' আগ বাঢ়ি আহিল। দুহাত তুলি দৰ্শকক ইংগিত দিলোঁ -- ইংগিত মানি চলি দৰ্শকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে।

সকলো ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। দৰ্শকে নতুন কিবা এটা দেখিবলৈ পোৱাৰ আশাৰে বহি পৰিছে। মঞ্চৰ পৰাই দেখিবলৈ পালোঁ --- ফটোগ্ৰাফাৰ ৰাণাই মোৰ ফটো তুলিবলৈ আৰম্ভ কৰিছে। চকুৰ সন্মুখত সহস্ৰ দৰ্শক। মোৰ প্ৰতি উন্মুখ। একো একোজন দৰ্শকলৈ চালোঁ। বিস্তীৰ্ণ দৰ্শকৰ ওপৰেৰে চকু বুৰাই গ'লো। আমন্ত্ৰিত অতিথি সকলোখিনি আহিছে। প্ৰত্যাশিত ৰাইজেৰে নাটঘৰ ভৰি আছে। কিন্তু এই সহস্ৰ ৰাইজৰ মাজত এজন নাই। মই জানো, মই যিমানেই চেষ্টা নকৰোঁ কিয় তেওঁক বিচাৰি উলিয়াবলৈ, মই তেওঁক বিচাৰি নাপাওঁ। কোন তেওঁ? গৌৰী।

মই অনুভৱ কৰিছোঁ, মোৰ ভৰি দুটা কঁপিবলৈ আৰম্ভ কৰিছে।
মোৰ অণ্ঠ কণ্ঠ শুকাই আহিছে।

আৰু অলপ পলম হোৱা হ'লেই দৰ্শকে মোলৈ জাউৰিয়ে জাউৰিয়ে শাওপাত বৰিষণ কৰিবলৈ আৰম্ভ কৰিলেহেঁতেন। কিন্তু নিৰ্দিষ্ট সময়তে অৰ্কেষ্ট্ৰাই আৰম্ভ কৰিলে ---
'টিটৰ কে দো আগে টিটৰ
টিটৰ টে দো পিছে টিটৰ...'
পিছফালৰ পৰা আগবাঢ়ি আহিল নেহা-গৌতম-চৌবিন। মই আঁতৰ হৈ দিলোঁ। আৰম্ভ হ'ল তিনি বন্ধুৰ সপোনগাঁথা। নেহা আইনাৰ মুখামুখি হ'ল। কাতৰ কণ্ঠেৰে উমাই গান জুৰিলে ----
'আইনাৰ সিপাৰে সেয়া বাৰু কোন
চিনি নাপাওঁ, মই নেদেখো নিজকে
একোকে বুজিব নোৱাৰা হ'লোচোন...'

নাটক চলিল। সপোনৰ কথা, বিশ্বাসৰ কথা, ভৰসাৰ কথা, মানুহৰ সৈতে মানুহৰ সম্পৰ্কৰ কথা, মানুহৰ প্ৰতি দাযিত্বৰ কথাৰে নাটক আগবাঢ়িল। প্ৰেমৰ কথা হ'ল। কল্পনাৰ স্বাধীনতাৰ কথা কোৱা হ'ল।
নাটক শেষ হ'ল।
জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিল।

এই সময়খিনিৰ কথা মই আপোনালোকৰ আগত বৰ্ণনা কৰিব নোৱাৰিম। নাটক এখন যি মুহূৰ্তত শেষ হয়, সেই মুহূৰ্তত অন্য নাট্যকৰ্মীৰ কেনেকুৱা অনুভৱ হয় মই নেজানোঁ। মই কিন্তু বৰ অসহায় হৈ পৰোঁ। যেন সকলো শেষ। জীৱনত আৰু একো নাই। ভৰিৰ তলুৱাৰ পৰা মাটি খহি পৰা যেন অনুভৱ হয়। দিনৰ পিছত দিন ধৰি অক্লান্ত পৰিশ্ৰমৰ পিছত নাটকখন যি মুহূৰ্তত মঞ্চস্থ হয়, মই তৃপ্ত হোৱাৰ কোনো কাৰণেই নেদেখোঁ। ইমানদিনে ইমানবোৰ কলাকুশলীৰ সান্নিধ্যৰ যি উম, সেয়া নিমিষতে শেষ হৈ যাব, মই ভাবিবও নোৱাৰোঁ। এইবোৰকে লৈয়েই মই জীয়াই আছিলো। এতিয়া কি লৈ জীয়াই থাকিম।?

প্ৰেক্ষাগৃহৰ পৰা ওলাই যোৱা প্ৰতিজন মানুহৰ কান্ধত ধৰি জোকাৰি জোকাৰি সুধিবৰ মন যায়। আপোনালোক কলৈ যাবলৈ ওলাইছে? নাযাব। আপোনালোকে যি দেখিলে সেয়া একোৱেই নহয়। মঞ্চত চলি থকা কথাখিনিয়েই নাটকখনৰ শেষ কথা নহয়।

আমাৰ ইপ্সিত দৰ্শক সকলো আহিছিল। ইউনিভাৰ্ছিটীৰ উপাচাৰ্য্য আহিছিল। নবীন প্ৰবীণ বহুতো নাট্যকৰ্মী আহিছিল। মই দৰ্শকৰ মাজত যেন বহি থকা দেখিবলৈ পাইছোঁ -- স্তানিশ্লাভস্কি, বাৰ্টোল্ট ব্ৰেখট, বাদল সৰকাৰ, হাবিৰ তনবীৰ, ৰতন থিয়াম সকলো বহি আছে। আমাৰ নাম লৈ অপৰিপক্ক জ্ঞানেৰে মাথোঁ এটা উচ্ছ্বাসেৰে আমাৰ কোৱা কথাবোৰ এনেকৈ নষ্ট কৰিবৰ অধিকাৰ তোক কোনে দিলে? এনে ধৰণৰ প্ৰচণ্ড ক্ষোভেৰে জ্বলি থকা দুটা চকুৰে যেন তেওঁলোকে মোলৈ চাই আছিল।

সকলো আছিল। আমি সদায় চাহ খোৱা হোটেলখনৰ বাচন ধোৱা ল'ৰাটোও আছিল। শ্ৰীচৰণ নামৰ মোৰ চিনাকি ৰিক্সাৱালাটোও আছিল। মাথোন গৌৰী নাছিল। প্ৰেক্ষাগৃহৰ পৰা ওলাই যোৱা দৰ্শকৰ প্ৰতিজনলৈকে কান্ধত ধৰি জোকাৰি জোকাৰি সুধিবৰ মন গ'ল ---- মোৰ গৌৰীক দেখিছিলা নেকি? আজি দিনটো মই একো খোৱা নাই। পিয়াহত প্ৰাণ যায় যায়, মোৰ গৌৰীক তোমালোকে দেখিছিলা নেকি?

এক মুহূৰ্তও পলম নকৰাকৈ মূৰত টঙালি এখন বান্ধি, হাতত বাল্টি এটা আৰু ঝাড়ু এডাল লৈ নাট্যঘৰৰ পিছফালৰ পৰা দৰ্শকৰ মাজত সোমাই পৰিলো। 

উপসংহাৰ:-


আজিকালি গৌৰীক দেখা নাপাওঁ।
গৌৰী নামৰ ছোৱালী এজনীক বাটে ঘাটে, বজাৰে সমাৰে দূৰৰ পৰা কেতিয়াবা দেখিবলৈ পাওঁ। কিন্তু সেইজনী মোৰ গৌৰীজনী নহয়। মোৰ গৌৰীৰ চকু দুটা বেলেগ। খোজ কাটলবোৰ বেলেগ।

মানুহবোৰে কোৱা - মেলা কৰিছিল -- মই হয়তো আৰু নাটক নকৰিম। মই নিজেও নাট‍্য জগতৰ পৰা নিৰ্বাসন লোৱাৰ কথা ভাবিছিলোঁ। কিন্তু থাকিব নোৱাৰিলোঁ। কিছুদিনৰ ভিতৰতে নতুনকৈ এটি নাট‍্য কৰ্মশালা আয়োজন কৰিলোঁ।

প্ৰত‍্যেককে হাতে হাতে ধৰিবলৈ ক'লো। চকু মুদি 'ধ‍্যানস্থ হৈ পাল্ছ গে'ম খেলিবলৈ দিলোঁ। মানুহৰ শাৰীৰিক উপস্থিতি, হাতৰ স্পৰ্শৰ উম অনুভৱ কৰাটো কিমান জৰুৰী তাৰ বক্তৃতা দিলো। কিন্তু মই জানো, যিমানেই পাল্ছ গে'ম আৰু ট্ৰাষ্ট গে'ম নেখেলোঁ কিয়, মোৰ স্পৰ্শই আৰু কোনোদিনেই মোৰ গৌৰীক চুবগৈ নোৱাৰিব।

দ কৈ উশাহ লবলৈ ক'লো। ঔঁম --- ধ্বনি উচ্চাৰণ কৰিলোঁ। প্ৰতিদিনে কুহুমীয়া পানীত নিমখ দি সকলোকে কুলকুলি কৰিবলৈ ক'লো। প্ৰাণায়ামৰ আসন শিকালোঁ। কণ্ঠৰ দৈনিক অনুশীলন কিমান জৰুৰী সেইটো বুজালোঁ। প্ৰথম কথা -- দৰ্শকে তোমাৰ মাতটো শুনিব লাগিব। ডাঙৰকৈ ক'ব লাগিব, অথচ চিঞৰিব নালাগিব। দ্বিতীয় কথা -- উচ্চাৰণ হ'ব লাগিব স্পষ্ট। কি ক'ব খুজিছা সেইটো শুনিলেই নহ'ব বুজি পাবও লাগিব। তৃতীয় কথাটো আটাইতকৈ জৰুৰী। সেই কথাই তেওঁলোকৰ মানে দৰ্শকৰ হৃদয়ৰ দুৱাৰত টোকৰ মাৰিবগৈ পাৰিব লাগিব। সেয়েহে এটা নাক বন্ধ কৰি... যদিওবা মই জানো, যিমান জোৰেৰেই মই নিচিঞৰোঁ কিয়, যিমানে প্ৰাণায়াম নকৰোঁ কিয়, যিমানেই স্পষ্টতাৰে কথা নকওঁ কিয়, মোৰ কোনো কথাই আৰু গৌৰীৰ কাণত নপৰেগৈ।

কেতিয়াবা ভাবোঁ, আজি যেন মই কেতিয়াও কোনেও ক'তো নমৰা চিঞৰ এটা মাৰিম। কিমান জোৰেৰে কথা ক'লে গৌৰীয়ে শুনিব? কোন সুৰেৰে গান গালে শুনিব? অথবা কিমান ধীৰে ধীৰে ফুচফুচাই কথা ক'লে মোৰ কথাবোৰে মনে মনে গৈ গৌৰীৰ দুৱাৰত টোকৰ মাৰিবগৈ? মই যদি কেতিয়াবা পৃথিৱীৰ ভিতৰতেই বিখ‍্যাত কোনোবা নাট‍্যশিল্পী হৈ উঠোঁ, গোটেই বিশ্বৰ মানুহে যদি মোক চাবলৈ হেতা-ওপৰা লগায়হি আহি, গোটেই বিশ্বই যদি মোৰ কথাবোৰ কাণ পাতি শুনে, মই নিশ্চিতভাৱে জানো যে সেইদিনাও -- এৰা সেইদিনাও -- মোৰ কথাবোৰ গৌৰীৰ কাণত নপৰিব।

কৰ্মশালাত ল'ৰা ছোৱালীবোৰক নাটক সম্পৰ্কীয় পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰোঁ। বিখ‍্যাত লোকসকলৰ সৈতে সুবিধা পালেই দেখা কৰিবলৈ কওঁ। কথা পাতি দুটা - এটা কথা শিকিবলৈ কওঁ।

মোৰো বহুত কিবাকিবি শিকিবলগীয়া আছে। কিতাপে পত্ৰই সততে নাম পাই থকা স্তানিশ্লাভস্কি, ব্ৰেখটৰে পৰা ৰতন থিয়ামলৈকে মানুহবোৰৰ প্ৰতি বিৰাট আগ্ৰহ। কিন্তু কেতিয়াবা যদি বাস্তৱত তেওঁলোকৰ সৈতে সাক্ষাৎ হোৱাটো সম্ভৱ হৈ উঠিলহেঁতেন, মই নাটক সম্পৰ্কীয় কোনো কথাই নুসুধিলোহেঁতেন --- মাথোন সুধিলোহেঁতেন, মোৰ গৌৰীক দেখিছিলানে?


["দৈনিক জনসাধাৰণ" কাকতৰ দেওবৰীয়া পৰিপূৰিকা, "ইত্যাদি" ২৩ এপ্ৰিল আৰু ৩০ এপ্ৰিল, ২০০৬-ত প্ৰকাশিত।]  

সমুদ্ৰ কাজল শইকীয়া
Unicode: Pratikshya Priyam
জাপানী ছোৱালী এজনী আছিল। আছাকো। তাইকে সজাই তোলা হ'ল সম্ৰাজ্ঞীৰ ৰূপত। 

No comments:

Post a Comment