Wednesday, October 3, 2018

ডন কুইক্সোত



১)

"তোৰতো কিবা হগা-মেলাত সমস্যা হৈ আছে ন, পেট বেয়া বুলি যে কৈছিলি" বুলি বন্যাক উদ্দ্যেশি কৈ সব্যসাচীয়ে আলমাৰিটো খুলিলে। চোফাখনতে অলস হৈ বাগৰি থকা বন্যাই আনদিনা হ'লে হগা শব্দটো শুনিয়েই চিঞৰ ধৰিলেহেতেন। আজি কিন্তু তালৈকো শকতি নাই। দুদিন ধৰি পেট বেয়া হৈ থকাটো বাৰু হয়। তথাপি কিবা এটা নক'লে হাৰ মনা হ'ব বুলিয়ে মুখখন খুলিছিলহে। তেনেতে সব্যসাচীৰ হাতত মদৰ বটলটো দেখি আৰু তাৰ মুখত দুষ্টামি ভৰা হাঁ‌হিটো দেখি তাইৰো মিচিকিয়া হাঁ‌হি এটাহে ওলাল। চকু আঁ‌তৰাই শূন্যলৈ টোঁৱাই নাটকীয় ভংগীৰে বন্যাই ক'লে- "আচলতে হোৱাট ইউ ন'? বেমাৰ, অসুখ, গা বেয়া এই সকলোবোৰেই একো একোটা state of mind, এটা মনৰ অৱস্থাৰ বাহিৰে একো নহয়"। "এক্সেক্টলি", সব্যসাচীয়ে বন্যাৰ মুখৰ কথা কাঢ়িলে- "পেট বেয়া হৈ থকাটোও এটা ধাৰণাহে। নাই বুলিলেই একো নাই। একো নায়েই যেতিয়া একোতে বাধাও নাই, মদেই হওক, মছলাদাৰ মাংসই হওক"। বন্যা হুইস্কী বুলিলেই বলিয়া। সব্যসাচীৰ ঘৰলৈ আহিলে তায়েই বটল একোটা লৈ আহে। সব্যৰো কি জানো দস্তুৰ, মদ কিনিবলৈ তাৰ বিৰাট এলাহ। সদায়ে নিজৰ ছোৱালী বন্ধুবোৰকেই মদৰ দোকান বা ভাটীবোৰলৈ পঠায়। সঁ‌চাকৈয়ে একো যেন হোৱা নাই, অৱসাদ আঁ‌তৰাই তাই চোফাখনৰ পৰা উঠি আহি ডাইনিং টেবুলখনৰ ওচৰ পালেহি। সন্ধিয়াৰ আয়োজনকণ যতনাই যতনাই মাজতে বিৰাম পৰি ৰোৱা অলপ আগতে পাতি থকা কথাখিনি সব্যই পুনৰ আৰম্ভ কৰিলে।

পেৰা-মিলিটেৰী হেলিকপ্টাৰ দুখনমান ওপৰত ঘূৰি আছিল। চৌদিশে পানী আৰু পানী। কোন আছিল, ক'ৰ পৰা আহিছিল নাজানো, কিন্তু কোনোবাই লুকাই লুকাই আমাৰ ফালে দুই এজাঁই বন্দুকৰ গুলি এৰিছিল। আমি কথমপি বাচিছিলোঁ। দূৰ দূৰলৈকে নিজৰ বুলিবলৈ কোনো নাছিল। নিজৰ বুলিব পৰা, মানে কেৱল মোৰ নিজৰ বুলিবলৈ তাই আছিল যে, তায়েই আছিল। মোৰ কোলাত মৃতপ্ৰায় কেঁচুৱাটো আছিল। এনেকৈ সোঁহাতে-বাউসীত। মোৰ নাওখন টুলুং ভুতুং কৰি হ'লেও নিজকে অলপ চম্ভালি আছিল। তাইৰ নাওখনৰ অৱস্থা কাহিল। ফুটাইদি পানী সোমাইছিল। তাইৰ নাওখন উবুৰি খাই যোৱাৰ সম্ভাৱনা দেখিছিলোঁ। মোৰ ভৰিৰ কাষত ব'ঠা এপাত আছিল। ইটো সিটো ঘৰুৱা বাচন বৰ্তন, বাল্টি, মগ এইবোৰ আছিল। তাই কাতৰ হৈ কৈছিল- ব'ঠাপাত দলিয়াই দে। নহ'লে মগ বা বাল্টি এটাকে দে। মই কি কৰিম বুজি নাপালোঁ। কেঁচুৱাটোক এনে অৱস্থাত নমাব নোৱাৰোঁ। অলপ চাপৰিবৰ চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই। মোৰ একমাত্ৰ সোঁহাতখন, ধেৎ একমাত্ৰ মানে আৰু কি, সোঁহাততো এখনেই থাকে, সেইখন বন্দী। তাইলৈ চাইছোঁ। মৰণ কাতৰ হৈ তাই চিঞৰিছে- ইখন হাতেৰে ব'ঠাপাত তোৰ ঢুকি পোৱাতে আছে। মোৰ বাওঁহাতখন এনেকৈয়ে ওলমি থাকিল। অসাৰ। নহ'লে মগ বা বাল্টি এটা... । লাহে লাহে মাতটো নুশুনা হৈ আহিলোঁ। হ'ল ব'ডী চেক আপ কৰিবৰ সময়ত এম আৰ আই-ৰ সেই সুৰংগটোত গোটেই দেহাটো সুমুৱাই দিয়াৰ পিছত যেনেকুৱা লাগে তেনেকুৱা কিবা অনুভৱ এটা হ'ল। ঢং ঢং কৈ অদ্ভূত শব্দ কিছুমান কাণৰ কাষত বাজিবলৈ ধৰিলে। এসময়ত কি জানো হ'ল। মোৰ আবেগ অনুভূতিবোৰ নোহোৱা হ'ল। সামান্য মানৱীয়তাকণো যেন নোহোৱা হ'ল। তাইলৈ একেথিৰে কেৱল চাই থাকিলোঁ। তাইৰ নাওখন উবুৰি খাই গ'ল।

¾    অ'হ মাই গড। তাৰপিছত কি হ'ল?

কি হ'ল? সাধ্যমানে চেষ্টা কৰিও তাই পানীত সোমাল। সোমাল যি সোমালেই। সন্ধিয়াৰ আকাশখন ইমান বেছি ৰঙা হোৱা মই আগতে কাহানিও দেখা নাছিলোঁ। তাইৰ এটা চিল্যুৱেট দেখিছিলোঁ। সিপাৰে অস্তগামী সূৰ্য। ৰঙা আকাশখনলৈ চাই চাই কি কি কথাবোৰ জানো ভাবিবলৈ লাগিলোঁ- বেলি কিয় বুৰে, কিয় ৰঙা হয় সন্ধিয়াৰ আকাশ ইত্যাদি ইত্যাদি।

ইমানলৈকে কথা পতাৰ পিছত অলপপৰ নিৰৱতা।   
বন্যায়ো বেছি কথা নকয়। সব্যসাচীয়ে ক'লে একেলেঠাৰীয়ে বহুত কথা কৈ গৈ থাকিব পাৰে। কিন্তু নক'লে বহুত সময়কৈ একো নোকোৱাকৈয়ে থাকে। সেইটোৱেই স্বভাৱ।

"কেনেবাকৈ বুকুত হাতখন আছিল নেকি ৰাতি শোওতে। কেনেবাকৈ শ্বাস প্ৰশ্বাসত অসুবিধা হ'লেও এনেকুৱা ভয়ানক সপোনবোৰ দেখে মানুহে।" নিৰৱতা এনেকৈয়ে ভাঙিছিল।
"ইমানলৈকে যে মনত থাকিল সেইটোও কিন্তু ডাঙৰ কথা। সপোন মোৰ তেনেকৈ মনত নাথাকেই। সপোন বুলিয়েইতো নহয়। একো কথাই দেখোন মনত নাথাকে।"
"সৰুতে ব্ৰাহ্মি শাক খোৱা নাছিলা তাৰমানে?"
"হে হে। কিন্তু দুৰ্বল স্মৃতিশক্তিৰো ভাল দিশ কেইবাটাও আছে।"
"ওঁ, জানো।"
"জানা? কি জানা কোৱা তেন্তে?"
"কি আৰু? জীৱনটো জীয়াই থাকিবলৈ সেয়েইতো সহজ হৈ উঠে। কিছুমান কথা পাহৰিব নোৱাৰিলে জীয়াই থকাটোৱেই মুস্কিল হ'লহেতেন দেখোন।"
"একদম। পাহৰিব পাৰোঁ কাৰণেই কালিৰ মইটো আৰু আজিৰ মইটো বেলেগ। কালি ক'ৰ পৰা আহিছিলোঁ সেইটো পাহৰোঁ কাৰণেই একেটা ঘাটলৈকে উভটি গৈ নাথাকোঁ।"

কথাবোৰ যি গতিৰে দাৰ্শনিক দাৰ্শনিক ধৰণৰ হৈ গৈ আছিল সেয়াই আছিল সিহঁত দুটাৰ নিচা লাগি অহাৰ প্ৰমাণ।
এচুকৰ পৰা বুদ্ধৰ মূৰ্তি এটাই সিহঁতৰ কথা শুনি আছিল।  
বেৰত ওলমি থকা অ'নৰে ডমিয়েৰৰ অঁকা ডন কুইক্সোত (কিখ'টে)-ৰ ড্ৰয়িং এটাই সিহঁতলৈ চাই আছিল।

২)

নৱম মানৰ ছাত্ৰ হৈ থাকোতেই হঠাৎ সব্যসাচীৰ বাওঁ‌হাতখন অকামিলা হৈ পৰিছিল। কেনেকৈ কি হ'ল কোনেও নাজানিলে। ডাক্তৰেও কোনো নিশ্চিত কাৰণ উলিয়াব নোৱাৰে। যিমানবোৰ ডাক্তৰক দেখুওৱা হ'ল সকলোৰে ভিন্ন ভিন্ন মত থাকিলেও এটাই সহমত যে - এইটো এটা ৰেয়াৰ কেছ। চিকিৎসা বিজ্ঞানৰ ইতিহাসতেই বিৰল। কথা নাই বতৰা নাই খেলি ধূলি থকা ল'ৰা এটাৰ হাত এখন কোনো কাৰণ নোহোৱাকৈয়ে অকামিলা হৈ গ'ল। অন্য বেমাৰ আজাৰ একো নাই। কোনো ধৰণৰ দুৰ্ঘটনা আদিও নাই। পৰীক্ষাৰ নামত শৰীৰটোক লৈ যিমান যি কৰিব পাৰি সকলো কৰা হৈ গ'ল। কিন্তু ক'তো একো নোলাল। বন্যাই স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক কাম কাজত লিপ্ত বেচৰকাৰী সংস্থা এটাৰ সৈতে জড়িত হৈ কাম কৰি থাকোতে এদিন সব্যসাচীৰ সৈতে দেখা হৈছিল। তাৰ পিছত কেনেকৈ সিহঁত ইমান ঘনিষ্ঠ বন্ধু হৈ উঠিল তাৰ কোনো নিৰ্দিষ্ট ব্যাখ্যা নাই।

সমস্যাৰ আৰম্ভণীৰ সময়খিনি সব্যসাচীৰো একো মনত নাই। সৌ তাহানিৰে পৰা স্বাস্থ্য পৰীক্ষণ পদ্ধতিবোৰো বহুত সলনি হ'ল। চিকিৎসা বিজ্ঞান দিনে দিনে বিৱৰ্তন হৈ আগুৱাই আহি থকা এটা বিভাগ। কিন্তু সব্যসাচীৰ বাবে নতুন ডাক্তৰ, নতুন পদ্ধতি এইবোৰৰ কাষ চাপিবলৈ এতিয়া এটা মুখ্য সমস্যা এয়ে যে আৰম্ভণীতে কেনেকৈ কি হৈছিল তাৰ স্মৃতিখিনিও সি বহন কৰি থকা নাই। সি যি কি নহওক, এইটো বৰ বিশেষ সমস্যা বুলি আৰু সি নাভাবে। কোনো কালেই সি ভবা নাছিল। দৈনন্দিন জীৱনত সকলো চাল চলনতে সি স্বচ্ছল। আনকি যেতিয়া সমস্যাটো হৈছিল তেতিয়াও কাকো একো কোৱা নাছিল। আনৰ চকুত নপৰাকৈ কেইবাদিনো লুকুৱাই থৈছিল। মাকে দুদিনমান মন কৰিছিল যে ল'ৰাটোৱে দেখোন এখন হাত কিবা অস্বাভাৱিক ভাবে ওলোমাই থৈ খোজ কাঢ়িবলৈ লৈছে। কিন্তু এনেয়ে কিবা ল'ৰামতীয়া দুষ্টালি বুলি ভাবি কথাটোত বৰকৈ গমি নাথাকিল। এদিন তাৰ লগৰ বাপুকণৰ ঘৰলৈ যাওতেহে ঘটনা এটা ঘটিল। বাপুকণক নঙলামুখৰ পৰাই দুবাৰমান মাত দিলে। কিন্তু বাপুকণ ঘৰত যে নাছিল সি জনা নাছিল। চোতাল পাৰ হৈ সি বাৰন্দা পালেগৈ। ঘৰটো সাধাৰণতে ইমান নিজান হৈ নাথাকে। উভটি যাওঁ, নে আৰু দুবাৰমান মাত দি চাওঁ। এনেকৈ ভাবি থাকোঁতেই সি কোনোবাই ফুচফুচাই কিবা এটা কোৱা যেন শুনিলে। সি বুজিলে তাক জোকাবৰ বাবে বাপুকণ আৰু লগৰ দুটামানে কিবা ফান্দী পাতিছে। সি একেঢকাই চ'ৰাঘৰৰ দুৱাৰখন ঠেলা মাৰি খুলিলে। কিন্তু খুলিয়েই যি দেখিলে, দেখি তৎক্ষণাৎ উভতি বাহিৰ হ'ল। বাপুকণৰ সম্বন্ধীয় বায়েক এজনী মাজে মাজে সিহঁতৰ ঘৰলৈ আহি গৈ থাকে। চ'ৰাঘৰৰ কাঠৰ চকী এখনতে কোনোবা ল'ৰা এটাৰ লগত সেই বায়েকজনী বৰ অদ্ভূত ধৰণেৰে ব্যস্ত হৈ আছিল। গাৰ ক'ত ক'ত কাপোৰ আছিল আৰু ক'ত ক'ত কাপোৰ নাছিল কোনো ঠিক নাই। দুৱাৰখন এনেকৈ অকস্মাৎ খুলি যোৱাত সিহঁতো উচপ খাই উঠিল। সিহঁতে সব্যসাচীক দেখিলে নে নেদেখিলে, দেখিলেও চিনি পালেনে নাই সি নাজানে। বাহিৰলৈ আহি সি আৰু ৰোৱাত নাই। যিমান পাৰে কোবাকুবিকৈ সি সেইখিনিৰ পৰা পলাবলৈ চেষ্টা কৰিলে। বাপুকণহঁতৰ চোতালখন বৰ সৰুও নহয়। সি আহি ৰাস্তা পায়হি মানে ভিতৰৰ পৰা সেই ল'ৰাটো ওলাই আহি চিঞৰ ধৰিলেহি।
"ঐ কোন সেইটো? ৰ ৰ, ক'লৈ গৈছ? হাতত কি সেইটো? হাতত কি লুকুৱাই নিছ?"

ল'ৰাটোক সব্যসাচীয়ে এতিয়াহে দেখিলে। সি বাপুকণৰ বৰদেউতাকৰ ল'ৰা মদন। মদনৰ চিঞৰ শুনি সব্যসাচীয়ে বুজিলে, এতিয়া খৰধৰকৈ বাট বুলি লাভ নাই। দৌৰিব লাগিব। কিন্তু সি দৌৰিব নোৱাৰিলে। বৰঞ্চ সি থমকিহে ৰ'ল। কি কৰা উচিত সি একো বুজি নোপোৱা হ'ল। সাউৎকৈ আহি মদনে তাক থাপ মাৰি ধৰি জেৰা কৰাত লাগিল। "লুকাই চুৰকৈ লোকৰ ঘৰলৈ কিয় সোমাইছিলি... কিয় পলাইছিলি... কি আছে চাওঁ, চাওঁ, সেইটো হাতত কি আছে চাওঁ..." এনেকৈ সব্যৰ বাওঁহাতখন জোৰেৰে টানি চালে। হাতত একো নেদেখি হতাশ হ'ল। কিন্তু সি এৰি নিদিলে। কি আছিল হাতত? ক'ত পেলালি? ক'ত লুকুৱালি?

মদনৰ মতে সি বাঁওহাতৰ মুঠিত কিবা এটা লুকুৱাই লৈ পলাব খুজিছিল তেনেতে মদনে তাক দেখিলে। মদনে দেখিলত সি ততাতৈয়াকে সেইটো আন ক'ৰবাত লুকুৱালে নহয় ওচৰৰ খালটোত পেলালে। নভবা নিচিন্তাকৈ সৰু কথা এটা ডাঙৰ হৈ গ'ল। সি যিয়েই নহওক, সেইদিনাই সি বুজি পাইছিল সি যে বাওঁখন সোঁহাতখনৰ দৰে অনায়াসে লৰাব নোৱাৰি ওলোমাই ফুৰিবলগীয়া হৈছে কেইবাদিনো ধৰি সেই কথাটো এনেকৈ আৰু লুকুৱাই ফুৰিব পৰা নাযাব। বাপুকণহঁতৰ ঘৰৰ সমুখত মদনে সব্যসাচীক জেৰা কৰাৰ ঘটনাটো সব্যসাচীৰ ককায়েকৰ কাণতো পৰিলগৈ। বাপুকণ তোৰ জোৰৰে নে ফেৰৰে? বাপুকণৰ লগ ল'ব নালাগে বুলি মই তোক আগতেও সোঁৱৰাই নাথাকোনে? এইবুলি ককায়েকে এটা প্ৰচণ্ড চৰ সোধাইছিল তাৰ গালত। সেইদিনাৰে সন্ধিয়াৰ কথা। কি কথাৰ পৰা কি হ'ল, তাৰনো দোষটো কি হ'ল সি একো বুজিব নোৱাৰিলে। অথবা যিখিনি বুজিব পৰা অছিল সেইখিনি বুজিলে, কিন্তু কাকো একো ক'ব নোৱাৰিলে। সেইৰাতিয়েই বাপেকে মাকে প্ৰথমবাৰৰ বাবে বুজি পালে যে কিবা এটা চিৰিয়াছ গণ্ডগোল আছে। ল'ৰাটোৰ ব্যৱহাৰ-পাতিবোৰ কিবা অন্য ধৰণৰ হৈছে। সেইদিনাই মাকে আৰু মাকৰ লগতে বাপেকেও আৰু এটা কথা বুজি পালে। দিনৰ পিছত দিন পাৰ হৈ গৈ থাকে, কিন্তু ল'ৰাটোৰ প্ৰতি একো মন কাণ দিয়াই নহয়। আজিহে কথাটো ওলাল, ইটোৱে সিটোক ক'লে- "অঁ ময়ো মন কৰিছোঁ, দুদিনমান ধৰি দেখোন ই এনেকৈ খোজ কাঢ়িবলৈ লৈছে। কিন্তু কথাটো ইমান চিৰিয়াছ বুলি ভবাহে নাছিলোঁ"। সকলোৱে একেটা কথাকেই ভাবি আছিল। ল'ৰাটো যিহে বলিয়া ধৰণৰ, নিজে নিজে কেতিয়া কি কৰি থাকে একো ঠিকনা নাথাকে।

¾    দে, দে, হাতটো এইফালে আগবঢ়াই দে চোন।
¾    এইটো ধৰ। এই কলমটো ধৰ। নহয় নহয়, সোঁহাতেৰে নহয়। বাওঁহাতেৰে ধৰ।
¾    মুঠি মাৰি মুঠি খোল। পাৰিবি?
এই আটাইখিনি প্ৰশ্নৰে উত্তৰ "নোৱাৰোঁ"।

¾    বিষায় নেকি?
¾    ওহোঁ।
¾    জিনজিনাই থাকে নেকি?
¾    ওহোঁ।
¾    পৰিছিলি? ক'ৰবাত খুন্দা খাইছিলি?
¾    ওহোঁ।
¾    কিহবাই কামুৰিছিল? পোকে কামুৰিছিল?
¾    ওহোঁ।

কোনো প্ৰশ্নৰে উত্তৰ পোৱা নগ'ল যাৰ আধাৰত সমস্যাটো কি কিবা ঠাৱৰ কৰিব পৰা যাব পাৰে। সিমানখিনিয়েই যি সব্যসাচীৰ আজি মনত আছে। মাকে হালধি বটি লগাইছিল। গৰম পানীত নিমখ দি সেক দিছিল। যিমান যি পাৰে কৰিছিল। বাওঁহাতখনত অস্বাভাৱিক আন একো নাছিল। কেৱল সি জোৰ নোপোৱা হৈছিল। উঠাব নোৱাৰে। ইচ্ছা মতে অনায়াসে লৰাব ফুৰাব নোৱাৰে। বাউসীৰ পৰা ওলোমাই লৈ ফুৰে। এনেকৈয়ে সি মেট্ৰিক পৰীক্ষাত বহিছিল। এনেকৈয়ে কলেজ পাছ কৰিছিল।

৩)

পিচদিনা সব্যসাচীৰ মূৰটো আচন্দ্ৰাই কৰি অছিল দুপৰীয়ালৈকে। হয়তো আগৰাতি মদ খোৱাৰ কাৰণেই। বন্যাৰ পেটৰ অসুখৰ আৰু চিন মোকাম নাই। আজি বৰপুখুৰী নামৰ গাঁওখনলৈ সিহঁতৰ যোৱাৰ কথা। লগত আৰু দুজনমান থাকিব। সব্যসাচীয়ে চৰকাৰী বেংক এটাত কাৰ্যনিৰ্বাহ কৰি আছে। সেইফালৰ পৰা সি চৰকাৰী চাকৰীয়াল। কিন্তু চাকৰীৰ সময়খিনিৰ বাহিৰত তাৰ নিজৰ ভাষাতেই ক'বলৈ গ'লে সি এণ্টি-চ'চিয়েল আৰু যতমানে চৰকাৰ বিৰোধী কামৰ সৈতে যুক্ত। গোটেই দেশ জুৰি আজিকালি যেনিয়ে তেনিয়ে মানুহৰ যিহকে তিহকে কথাৰ উচতনিত পৰি সমবেত ৰাইজে মানুহক কোবাই কোবাই পাৰি পেলোৱাৰ দৰে ঘটনা কিছুমান সঘনাই ঘটিব লাগিছে। সকলো ঘটনাৰে গুৰি গুজৱ আৰু উচতনি। দুদিন আগতে বৰপুখুৰী গাওঁখনত এটা চাঞ্চল্যকৰ ঘটনা ঘটিছিল। হঠাৎ পথাৰৰ আলিত মানুহৰ কটা হাত এখন ওলাল। কাৰ হাত, ক'ৰ পৰা ওলাল, কেনেকৈ ওলাবলৈ পালে কোনো সম্ভেদ নাই। ওচৰে পাজৰে কোনো মৃতদেহো নাই। সচৰাচৰ মানুহৰ আগত ৰস লগাই লগাই ভূতৰ কাহিনী কৈ ফুৰি ভাল পোৱা যাদৱ নামৰ ল'ৰা এটাই কটা হাত এটা তেজেৰে লুতুৰি পুতুৰি হৈ পথাৰৰ আলিত পৰি থকাৰ কথাটো উধাতু খাই আহি গাঁৱৰ মানুহক কওঁতে প্ৰথমতে হেনো কোনেও বিশ্বাস কৰা নাছিল। সি কৈ ফুৰা দহটা অবান্তৰ কাহিনীৰ ভিতৰতে এটা বুলিয়ে ভাবি লৈছিল। কিন্তু ঘটনাটো যেতিয়া সঁচা বুলি বুজিলে তাৰ পিছতে তৎক্ষনা বিভিন্ন কাহিনী বিয়পি পৰিল। অন্য কাহিনীবোৰ মিছা, মোৰ কাহিনীটোহে সঁচা বুলি দাবীদাৰ কথক বহুত ওলাল। কাৰোবাৰ মতে সেইখন মিঞাই কটা হিন্দুৰ হাত, আন কাৰোবাৰ মতে সেইখন মিঞাৰহে হাত। হিন্দুৱে কটা। সোপাধৰা ওলোৱাৰ কাহিনী এটা কেইদিনমানৰ পৰা চলিয়েই আছিল যেতিয়া সেইটোও আহি তাত জড়িত হ'ল। লগতে অপদেৱতা, ভূত, পিশাচ এইবোৰনো আৰু বাদ পৰিব কিয়? সত্য অসত্য, যুক্তি অযুক্তি, বাস্তৱ অবাস্তৱ একোৰে একো সীমাৰেখা নোহোৱা হ'ল। সব্যসাচী, বন্যা আৰু দুজনমানৰ এটা অনুষ্টুপ দল আছে যি সামাজিক স্তৰৰ কিছুমান চৰ্চাৰ সৈতে জড়িত। সিহঁত নিজাববীয়াকৈ এটা ফেক্ট ফাইণ্ডিং কমিটিৰ ৰূপত আজি বৰপুখুৰী গাঁওখনৰ মানুহক লগ হৈ সমসাময়িক পৰিস্থিতি সম্পৰ্কে স্থানীয় ৰাইজৰ মনৰ বতৰা ল'বলৈ যাব। সিহঁতৰ সৰু দলটোৰ চালিকা শক্তি বন্যা। মানুহক একগোট কৰা, কাৰ্যপন্থা নিৰ্ণয় কৰা আদিবোৰ তাইৰে কাম।

সৰু স্বেচ্ছাসেৱী গোটটোৰ গঠণৰ আৰু কৰ্মপদ্ধতিৰ প্ৰাথমিক খচৰা প্ৰস্তুত কৰিছিল সব্যসাচীয়ে। চৰকাৰী কৰ্মচাৰী হোৱাৰ সূত্ৰে সি সকলো সময়তে ইপ্সিত সময় দিব নোৱাৰিবও পাৰে বুলিয়েই নিয়মীয়া কামকাজবোৰৰ ভাৰ বন্যাৰ ওপৰত ন্যস্ত ৰখা হৈছে। চাকৰীটো জোগাৰ কৰাটোও সব্যসাচীৰ বাবে বৰ সহজ নাছিল। ক'বলৈ গ'লে শিক্ষা, কৰ্ম আৰু যিকোনো সামাজিক পৰিস্থিতিতেই সব্যসাচীয়ে বৰ জটিলতাৰ সন্মুখীন হৈ চলিবলগীয়া হৈ আহিছে। উচ্চশিক্ষা গ্ৰহণ, যিকোনো স্কলাৰশ্বিপৰ বাবে আবেদন কৰা বা চাকৰী বিচাৰিবৰ সময়বোৰতো এটা ঘাই সমস্যা আছিল সব্যসাচীৰ বাওঁহাতখন। আন নালাগে ৰেলেৰে ভ্ৰমণ কৰিবৰ সময়তো সমস্যাটো আহি পৰিছিল। কাৰণ পদে পদে সব্যসাচী বিকলাংগ হয় নে নহয় এই প্ৰশ্নটোৱে তাক দোধোৰ মোধোৰত পেলাইছিল। সি নিজকে বিকলাংগ বুলিবলৈ টান পাইছিল আৰু বেছিভাগ সময়তেই তাৰ হাতত একোখন মান্য ডাক্তৰী প্ৰমানপত্ৰও নাছিল। কিন্তু সমান্তৰালভাবে এখন হাত অকামিলা হৈ থকাটোৱে অন্য স্বাভাৱিক গতি-বিধিৰ মানুহৰ পৰাও তাক পৃথক কৰি ৰাখিছিল। যিখিনি ডাক্তৰী কাগজ পত্ৰ আছিল সেইবোৰো ঠাইবিশেষে সাক্ষ্য প্ৰমাণৰ বাবে যথা উপযুক্ত নহয় বুলি প্ৰতিপন্ন হৈছিল। আটাইতকৈ বেছি সমস্যা হৈছিল তাৰ পাছপোৰ্টৰ বাবে আবেদন কৰোঁতে।

এইবোৰ কথাই কোনোদিনেই সব্যসাচীৰ কৰ্মোদ্যমী মনটোক দমাই ৰাখিব পৰা নাছিল। অলপতে অসমত দল সংগঠনৰ সংখ্যা যে বেছি সেই সম্পৰ্কত অলপ খুহুতীয়া কথা কথাই কথাই ওলাইছিল। তেতিয়া এবাৰ হিচাপ কৰি পোৱা গ'ল যে কেৱল সব্যসাচীয়ে হেনো তাৰ এই চ'ৰাল্লিছ বছৰীয়া জীৱনকালত নিজেই অতি কমেও পঁচিশটাকৈ সাংগঠনিক উদ্যোক্তাৰ ভূমিকা পালন কৰিলে। নক'লেও হ'ব যে সেই দলীয় সাংগঠনিক পৰিচয়বোৰ অধুনালুপ্ত। ক্ষুদ্ৰ আলোচনী প্ৰকাশ কৰা, স্থানীয় নাটকৰ দল গঠণ কৰা এনেবোৰ কাম আমাৰ ফালৰ সৰু সৰু অঞ্চলবোৰত তেনেই সাধাৰণ কথাৰ লেখীয়া।  

পাণদোকানৰ কাষৰ সৰু বাছ আস্থানতে বিপুল আৰু মাধুৰ্য্য লগ হ'লহি। সিহঁত দুটাও বন্যা আৰু সব্যসাচীৰ সৈতে বৰপুখুৰীলৈ যাব। মাধুৰ্য্য দলটোৰ আটাইতকৈ বেছি কথাচহকী আৰু একপ্ৰকাৰৰ কাজিয়াখোৰ। কাজিয়াখোৰ এইবাবেই যে প্ৰতিটো কথাতেই তাৰ কিবা নহয় কিবা এটা ওজৰ আপত্তি থাকে আৰু কথাবোৰ পাক লগাই ক'বই লাগিব বুলি কিবা নিয়ম এটা সি নিজৰ কাৰণেই বান্ধি লৈছে। বেছিভাগ কথাৰেই কেন্দ্ৰবিন্দু হৈ থাকে সব্যসাচী নামৰ এই বিচিত্ৰ মানুহজন। এতিয়া থকা ঘৰটোলৈ অহা চাৰিবছৰ হৈছে। বিপুল আৰু মাধুৰ্য্যৰ সৈতে চিনাকিও এই চাৰিবছৰৰেই। সব্যসাচী অকলশৰীয়াকৈ থকা মানুহ। শুনা মতে তেওঁ বিয়া পাতিছিল। কোনো বিশেষ কাজিয়া পেছাল বা সমস্যা নোহোৱাকৈয়ে হঠাৎ সংসাৰখন ভাগ হ'ল। সব্যসাচীয়ে নিজে দিয়া ব্যাখ্যা অনুসৰী এবাৰ মাকৰ ঘৰলৈ গৈ সব্যসাচীৰ ঘৈণীয়েক যেতিয়া উভতি আহিছিল কলিং বেলৰ শব্দ শুনি দুৱাৰখন আধা মেলি হেনো তেওঁ সুধিছিল, "কোন?" মোকো চিনি নোপোৱা হ'ল? এইখিনিয়েই হেনো কাজিয়াৰ সূত্ৰপাত। তাৰ পিছতে দুয়োৰে বিচ্ছেদ। কিন্তু সব্যসাচীয়ে কোৱা কথাহে। কিমান সঁচা কিমান মিছা কোনেও সঠিককৈ নাজানে। কিন্তু চৰাল্লিশ বছৰলৈকে অকলশৰে থকা সব্যসাচী মাধুৰ্য্যহঁতৰ বাবে গল্প গুজৱৰ বাবে এটা প্ৰশস্ত আধাৰ। জীৱনটো হেনো অকাৰণতে কেতিয়াবা সৰু সুৰাকৈ পেট বেয়া হোৱাৰ দৰে ঘটনাৰ সমষ্টি মাত্ৰ। সব্যসাচীৰ দৰ্শন। এই ধৰক হঠাতে আপোনাৰ পেট বেয়া হ'ল এদিন বা দুদিনৰ কাৰণে। তাৰ পিছত নিজে নিজে ভালো হৈ গ'ল, আপুনি তাৰ কাৰ্যকাৰণ কিবা বুজি উঠাৰ আগতেই। এনেকৈয়ে বৈবাহিক সংসাৰখন তিস্থি থকাৰ বা নথকাৰ ব্যাখ্যাটোও সি চমুৱাই থৈ দিয়ে।

বিপুল আগতেই আহি ৰৈ আছিল। মাধুৰ্য্যই আহিয়েই ক'লে- "হেই, আমি টেমেকাবোৰহে আজি আগ হ'লোঁ। ঢোলটো ক'ত?"

চিগেৰেট একোটা জ্বলাই লৈ সিহঁত বন্যা আৰু সব্যসাচীলৈ অপেক্ষা কৰিলে। তাৰ চিৰাচৰিত পৰম উৎসাহেৰে মাধুৰ্য্যই কথা আৰম্ভ কৰিলে।
¾    শুন, মই এখন নতুন চিনেমা কৰাৰ কথা ভাবিছোঁ। "দা কিউৰিয়াছ কেছ অফ সব্যসাচী"।
¾    সব্যসাচী বাটন?
¾    ওহোঁ। যিহেতু বেঞ্জামিন বাটনৰ দৰে নহয়, এইখনত নামটো হ'ব পাৰে সব্যসাচী গাম্প।
¾    গাম্প?
¾    ফৰেষ্ট গাম্প। মানে সব্য-দাৰ বায়'পিক এখন মই এনেকৈ ইমান বিৰাট পেন'ৰামাত ভাবিছোঁ যে ট্ৰিটমেণ্টৰ ফালৰ পৰা ফৰেষ্ট গাম্পৰ নিচিনাহে হ'বগৈ। অহ ইয়েছ, কওতেই মনত পৰিল। আৰম্ভণীটো তেনেকুৱাই ৰাখিম। শিমলুৰ তুলা এজোলা বতাহত উৰি উৰি গৈ আছে। অৱলীলাক্ৰমে মাটি আৰু আকাশ একাকাৰ কৰি উৰি আছে উৰি আছে উৰি আছে। কেমেৰাই অনুসৰণ কৰি গৈ আছে। কোনো নিশ্চয়তা নাই। ক'ৰ বস্তু ক'লৈ কিয় গৈ আছে কোনো ঠিকনা নাই। কোনো যুক্তি নাই।
¾    মানেটো কি? সব্যদাৰ জীৱনটোও তেনেকুৱাই? উদ্দেশ্যহীন?
¾    সব্যদাও যে তেনেকুৱাই সেইটো হয়। কিন্তু ঠিক উদ্দেশ্যহীন বুলি কৈ দিলে বেয়া হ'ব। কিন্তু মোৰ কথাটো হ'ল, কি বুলি ক'ম? It's a kind of a celebration of the randomness. বুজিছনে? মানে একধৰণৰ অৱলীলা।
¾    মানে এই মানুহটোক লৈ তোৰ ফেণ্টাচীৰ শেষ নহ'ব আৰু?
¾    ফেণ্টাচী মানে? যি দুৰ্ভোগ ভূগিবলগীয়াত পৰে তাৰ পাছত আৰু ই এটা নাইটমেয়াৰেই হয়। এটা সুস্বপ্নৰ দৰেই সব্যদাই পিছ লৈ ফুৰে।
¾    ধ্যেৎ, অলপ বেছিয়েই হ'ল নেকি!
¾    একো বেছি হোৱা নাই। পৰহি সন্ধিয়ালৈকে মানুহটো আকোৰগোঁজ আছিল যে বৰপুখুৰীৰ ঘটনাখিনিত আমি জড়িত হোৱা উচিত নহয়। এতিয়ালৈকে আমাৰ গ্ৰাউণ্ড-ৱৰ্ক কৰাই হোৱা নাই, আৰু আমাৰ কোনো কৰ্মপন্থাও নিৰ্ধাৰণ হোৱা নাই। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ বাহিৰত ইমানবোৰ যে বাক বিতণ্ডা হ'ল, কিয় হ'ল? এদিনতে সকলো ফুটুকাৰ ফেন। কালি আকৌ মানুহটোৱে নিজেই ফোন কৰি মাতিলে, যে আজিৰ ভিতৰতে আমি বৰপুখুৰী গৈ নেপালেগৈ আমি বহুত কিবাকিবি হেৰুৱাম। কি এইবোৰ? বতাহত উৰি ঘূৰি ফুৰা শিমলু তুলাৰো কিবা এটা কাৰ্যকাৰণ থাকে। গতি বিধিৰ কিবা এটা ডাইনেমিক্স অন্তত: গণি উলিয়াব পৰা যায়। এই মানুহটোৰ ক্ষেত্ৰত যে সেইকণো নহ'ব।  

সব্যসাচীৰ বিৰুদ্ধে দুনীয়াৰ সমস্ত গোচৰ একেলগে তৰিবলৈ পালে পৰম তৃপ্তি পোৱা মাধুৰ্য্যই সব্যসাচীক লৈ কথা ক'বলৈ এবাৰ মুখ মেলিলে সহজতে নেৰে। মাজে মাজে নিতান্তই সৌহাৰ্দ্যসূচক দুই এটা হা না মন্তব্য দিয়াৰ বাহিৰে বিপুলে তাৰ কথাবোৰ কেৱল শুনি গৈ থাকে। আনকি সব্যসাচীৰ সন্মুখত যে মাধুৰ্য্যৰ মুখৰ মাত বন্ধ হয় তেনে নহয়। মুখৰ সন্মুখতো সব্যসাচীক ঠাট্টা মস্কৰা ইতিকিং পৰ্যমানে কৰি যোৱাটো মাধুৰ্য্যই নিজৰ এটা দায়িত্ব বুলিয়ে লয়। তাৰ কথাত বেছিভাগ সময়তেই সব্যসাচীয়ে কেৱল মুখ টিপিয়াই হাঁহে অথবা কৃত্ৰিম ভাবে মুখ ওফোন্দাই ৰয়। আজিও তেনেই হৈ গৈ থাকিল। সব্যসাচী আৰু বন্যা আহি পোৱাৰ পিছত তেওঁলোকে বাছ ধৰিলে। ওৰেটো বাট মাধুৰ্য্যই প্ৰায় অকলেই কথা কৈ গৈ থাকিল।  

"বৰপুখুৰীত আমি আন কিবা পাওঁ নে নাপাওঁ নাজানো। কিন্তু সব্য-দাৰ এটা বিশেষ গেইন হ'ব"।
"কি?"
"সেই হাতখন আকৌ। সব্যদাৰ এখন হাত এনেয়েও অকামিলা। সেই কটা হাতখন আনি সব্য-দাৰ বাওঁহাতখনত জোৰা লগাই দিলে দেখোন সমস্যাই শেষ।"
মাধুৰ্য্যই ক'লে যদিও কোনেও একো প্ৰতিক্ৰিয়াই নেদেখুৱালে। এইবাৰ মাধুৰ্য্যও অলপ মনে মনে থাকিল। কেতিয়াবা কথাবোৰে সীমা অতিক্ৰম কৰি যায়গৈ বুলি সিও বুজি পালে। অতিমাত্ৰা কথা কোৱা মানুহৰ আকৌ এইটোৱেই সমস্যা যে কথা নকওঁ বুলি মনে মনেও বেছিপৰ থাকিব নোৱাৰে। সি আকৌ মুখ খুলিলে-
"সব্য-দা, আপুনি বেয়া পালে নেকি? আপুনি চিন্তাই নকৰিব। আপোনাৰ বাওঁহাতখনৰ কাম নাই বুলিয়ে নহয়, বাওঁ-ৰ ক'তোৱেই একো কাম নাই। এইখন দেশত বাওঁবোৰো এনেয়ে ওলমি আছে। নাথাকিলে নহয় যে, সেইকাৰণে আছে আৰু। বাওঁপথৰ বাওঁ আৰু বাওকণীৰ বাও একেইহে আৰু!"

অলপ আগতে কোৱা কথাখিনিয়ে সব্যসাচীক ক্ষুন্ন কৰিব পাৰে বুলি ভাবি এইবাৰ সি যিখিনি ক'লে সেইখিনি আৰু বেছি বিষম। কাৰণটো সিও জানে। বাওঁপন্থী সকলৰ আজিৰ তাৰিখত ৰাজনৈতিক স্থিতি সম্পৰ্কে হাজাৰটা সমালোচনা সব্যসাচীৰো আছে। তথাপি কোনোবাই এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা শুনিলেও সব্যসাচীৰ গা জ্বলে।

৪)

এই সময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, বিশেষকৈ বৈদ্যুতিন মাধ্যমৰ প্ৰতি অনাস্থা সকলোতে দেখা গৈছে। বেছিভাগ গুজৱ আৰু উত্তেজনাময় পৰিৱেশ সৃষ্টিৰ আঁৰতে হ'ল এই মিডিয়াবোৰ। বৰপুখুৰীৰ ৰাইজে মিলি কালিৰে পৰা গাঁৱত মিডিয়াৰ মানুহ সোমোৱাটো নিষিদ্ধ কৰি থৈছে। সব্যসাচীৰ দলটোৰ মাজত এইটো এটা চিন্তাৰ কাৰণ হৈ ৰৈছিল। কেনেবাকৈ সিহঁত মিডিয়াৰ পৰা অহা বুলি যদি ভাবিবলৈ হয় তেনেহ'লে গাঁৱৰ ৰাইজে সিহঁতকো যে পহু খেদা নিদিব তাৰ কোনো মানে নাই। অৱশ্যে বিপুল লগত থকালৈকে সিহঁতৰ চিন্তাৰ বিশেষ কাৰণ নাই।    

যুৰীয়া আঁহতৰ তলৰ বাটটোৰ কাষতে সব্যসাচীহঁতৰ দলটো বাচৰ পৰা নামিল। এইখিনিৰ পৰা এচোৱা খোজকাঢ়ি যাব লাগিব। এইখন বিপুলৰ ল'ৰালিৰ গাওঁ। সেই সূত্ৰে এই অভিযানত এইবাৰ সিয়েই দলটোৰ গাইড। সিহঁত খোজকাঢ়ি গৈ থাকিল। দুনীয়াখন বহুত সলনি হ'লেও যুৰীয়া আঁহতৰ তলৰ এই বাটটো সৌ তাহানিৰে পৰা একেই আছে। গাঁওখনৰ বাটটোৰ ফালে চাই সব্যসাচীৰ ডেজা-ভু হোৱাদি হ'ল। ক'ৰবাত যেন দেখিছে এইখন গাঁও। আগতে যেন সি আহিছে। কিন্তু সি জানে যে এয়াই প্ৰথম। দুদিন আগতে সপোনত দেখা পানীৰে উপচি থকা গাঁওখন এইখনেই নহয়তো! কাষতে হাইস্কুলখন আৰু লগতে লাগি আছে মুকলি পথাৰখন। ল'ৰা কেইটামানে ফুটবল খেলি আছে। আজিকালি এনেকৈ ফুটবল খেলি থকা ডেকা ল'ৰা দেখিবলৈ নোহোৱাই হ'ল। এইবোৰ কথাই পাতি আছিল সিহঁতে। কেনেকৈ ল'ছালিহঁত ঘৰৰ ভিতৰত হাতে হাতে মোবাইল লৈ ব্যস্ত হৈ থকা হ'ল, ইত্যাদি। গাঁওখনত সৰ্বত্ৰ এটা উত্তেজনাই বিৰাজ কৰিছিল বুলি সিহঁতে শুনি আছিল যদিও গাঁওখনত প্ৰৱেশ কৰিয়েই তেনেকুৱা বিশেষ একো অনুভূত নহ'ল। বৰঞ্চ মুকলি পথাৰত ল'ৰাহঁতে ফুটবল খেলি আছে। এনে দৃশ্যই মনত আনন্দৰ হে সঞ্চাৰ কৰিলে। এয়া যোৱামাহত শেষ হোৱা বিশ্বকাপৰ উত্তেজনাৰ যে অলপ ৰৈ যোৱা অৱশেষ সেয়া দেখিয়েই বুজিব পাৰি, এয়া মাধুৰ্য্যৰ মন্তব্য। দলটো আগবাঢ়ি গৈ আছিল। বন্যা অলপ বেগাই খোজ কাঢ়িছিল, তাইৰ পেটটোক লৈ অলপ চিন্তা হৈছিল। ৰাস্তাৰ মাজতে পেট বেয়া হ'লে অসুবিধাত পৰিব। সব্যসাচী পিছপৰি ৰৈছিল। খেলি থকা ল'ৰাকেইটাৰ সিহঁত ওচৰ চাপি আহি আছিল। সেইফালেদিয়েই বাট। খেলাত চূড়ান্ত উত্তেজনাৰ মুহূৰ্ত এটা চলি আছিল। হঠতে কোন খেলুৱৈয়ে ক'লৈ উদ্দেশ্য কৰি কেনেকৈ গোৰ এটা সোধাইছিল জানো, সব্যসাচীয়ে থপ-কৈ বলটো দুয়োখন হাতেৰে থাপ মাৰি ধৰিলে। সন্মুখলৈ আগবাঢ়ি গৈ থকা আটাইকেইজনে পিছলৈ ঘূৰি চালে। বাচিল, কথমপি বাচিল। নহ'লে সব্যসাচীৰ নাকটোৱেই ভাঙিলেহেতেন! এনেয়ে এখন হাত থাকিও নথকা, এতিয়া যদি নাকটোও... অঁ, পিছে এয়া কি? কেনেকৈ সম্ভৱ? সব্যসাচীয়ে দুয়োখন হাতেৰে ইমান তৎক্ষণাৎ বলটো থাপ মাৰি ধৰিলে কেনেকৈ? কোনেও একো তলকিব নোৱাৰিলে। সব্যসাচীয়েও একো বুজি নাপালে। প্ৰায় ত্ৰিশ বছৰ ধৰি যিখন বাওঁহাত সব্যসাচীয়ে লৰাবকে পৰা নাছিল, সেইখন বাওঁহাতেৰে এই অসাধ্য সাধন কেনেকৈ হ'ল?

৫)

বৰপুখুৰীৰ অভিযানটোৰ পৰা উভতি অহাৰ পিছত বহু দিনলৈকে সব্যসাচীৰ খা খবৰ কোনেও নাপালে। ক'লৈ গ'ল, কিয় গ'ল, কেতিয়া গ'ল কোনেও নাজানে। বন্যাও পাগলী হোৱাদি হ'ল। কিবা এটা অস্বাভাৱিকতা যে সব্যসাচীৰ সৈতে নিৰন্তৰ দেখা গৈ আছিল সেই কথা মাত্ৰ কেইদিনমানৰ আগতে তাই, মাধুৰ্য্য আৰু বিপুলে আলোচনা কৰিছিলহে। একালৰ পৰম উদ্যোগী সব্যসাচীয়ে এটা এটাকৈ সামাজিক যোগাযোগ আদিবোৰ কমাই কমাই আহি আছিল। প্ৰায়বোৰ দলীয় সাংগঠণিক কামতে, এটা সময়ত যিবোৰত সি বিশেষভাবে সক্ৰিয় আছিল, আগৰ দৰে আগ্ৰহ নেদেখুওৱা হৈছিল। কিবা এটা মোহভংগই খেদি ফুৰিছিল চাগৈ। কাৰণটো যিয়েই নহওক, কিবা এটা যে অস্বাভাৱিকতা আছিল সেইটো সিহঁতে মন নকৰাকৈ থকা নাছিল।  

৬)

মহকুমা পুথিভঁড়ালৰ পৰা ওলাই চাইকেল দুখন লৈ সব্যসাচী আৰু বাপুকণ অলপ দূৰলৈকে লাহে লাহে চলাই আহিল। তাৰ পিছত হঠাৎ বেগ বঢ়াই প্ৰাণপণে পেডেল মাৰিবলৈ ল'লে। আগতে কাহানিও নকৰা কাম এটা সিহঁতে কৰি পেলালে আজি। ছাৰ্ভেণ্টিজৰ "ডন কুইক্সোত" নামৰ কিতাপখনৰ মহেন্দ্ৰ বৰাই কৰা অসমীয়া অনুবাদটো সব্যসাচীয়ে যোৱা এবছৰত তিনিবাৰমান লাইব্ৰেৰীৰ পৰা ইছ্যু কৰাই আনিছিল। অষ্টম মানত থাকোতে গৰমৰ বন্ধৰ সময়ত প্ৰথম বাৰৰ বাবে আনিছিল। তাৰ পিছত দুমাহমানৰ পিছত আকৌ এবাৰ আনে। তাৰ পিছত আকৌ এবাৰ। বাৰে বাৰে একেখনেই কিতাপ। তাকে দেখি বাপুকণেই দিলে বুদ্ধিটো। বাৰে বাৰে এনেকৈ ইছ্যু কৰাই আনি থকাতকৈ কিতাপখন একেবাৰে নিজৰ কৰি নেপেলাৱ কিয়? বুদ্ধি মতেই কাম। আজি লাইব্ৰেৰীৰ চুক এটাত মনে মনে কিতাপখন চোলাৰ ভিতৰত সুমুৱাই লৈ দুয়োটা ক'তো যেন একো হোৱা নাই এনে এটা ভাৱ দেখুৱাই লাইব্ৰেৰীৰ পৰা ওলাই আহিল।

সেই কিতাপখন পঢ়ি সব্যসাচী ইমানেই মুগ্ধ হৈছিল যে ছাৰ্ভেণ্টিজ সম্পৰ্কেও য'ত যেনেকৈ পাৰে গোটাই মেলি পঢ়িবলৈ ল'লে। পোন্ধৰশ সাতচল্লিশ চনৰ ঊনত্ৰিশ চেপ্তেম্বৰত এইজন লেখকৰ জন্ম। পোন্ধৰশ সাতচল্লিশ মানে এতিয়ালৈকে কিমান বছৰ হ'ল সব্যসাচীয়ে এবাৰ গণি চায়। চেপ্তেম্বৰ ঊনত্ৰিশ তাৰিখটোলৈ আকৌ এবাৰ মন কৰি চমকি উঠিল। এইটো দেখোন সব্যসাচীৰো জন্মৰ তাৰিখ। বচ, তাৰ পিছত কেইদিনমানলৈকে সব্যসাচী নিজেই ছৰ্ভেণ্টিছ হৈ ঘূৰি ফুৰিবলৈ ল'লে। সি হৈ পৰিল মিগুৱেল-ডি-সব্যসাচী। তাৰ প্ৰিয় দেশ হ'ল স্পেইন। প্ৰিয় ভাষা স্পেনিছ। ডাঙৰ হ'লে সি নতুনকৈ মাটি কিনি ঘৰ এটা সাজিব। ঘৰটোৰ নাম ৰাখিব লা মাঞ্চা। সি বাৰে বাৰে হিচাপ কৰে, পোন্ধৰশ সাতচল্লিশৰ পৰা ঊনৈশ শ ঊনাশীলৈকে কিমান বছৰ? চাৰি শ বত্ৰিশ।

সি স্পেনিছ যোদ্ধা হয়। বাপুকণ হয় দস্যু। সিহঁতৰ যুদ্ধ লাগে। মাটিৰ লদা কিছুমান দলি মাৰি পঠিয়ায়। লদাটো মাটিত পৰি মাটিবোৰ গুড়া হৈ যে ছিটিকি পৰে, সেইটোৱেই সিহঁতৰ কাৰণে বোমা বিষ্ফোৰণ। যুদ্ধখন স্পেনিছ সৈন্যৰ যুদ্ধ যদিও যুদ্ধৰ আৰ্হি কিন্তু হয় টিভিত দেখা টিপু চুলতান নহ'লেবা পৰম বীৰ চক্ৰৰ ধাৰাবাহিকবোৰহে। সেই সময়খিনিতেই ছাৰ্ভেণ্টিজ যে কেইবাবছৰো কাৰাগাৰত আছিল, ছাৰ্ভেণ্টিজৰ যে বাওঁহাতখনত গুলি লাগি অকামিলা হৈ গৈছিল, সেইবোৰ কথা পঢ়িও সব্যসাচী ৰোমাঞ্চিত হৈছিল। মোৰো যদি কেনেবাকৈ বাওঁহাতখন অকামিলা হৈ যায় তেতিয়া? সব্যসাচীয়ে কেইদিমান বাওঁহাতখন লৰচৰ নকৰাকৈ থাকি চাওঁচোন, কি হয়- এনে ভাবত থাকিল। যিমান পাৰি বাওঁহাতখনৰ ব্যৱহাৰ কমাই আনিলে। খোজকাঢ়োতেও সোঁহাতখনহে লৰায়, বাওঁহাতখন পৰাপক্ষত নলৰায়। মিগুৱেল-ডি-সব্যসাচীয়ে বাউসীৰে পৰা বাওঁহাতখন ওলোমাই লৈ ফুৰে।

এদিন সব্যসাচীয়ে মন কৰিলে ডন কুইক্সোত কিতাপখন তাৰ হাতত নাই। বাপুকণে পঢ়িবলৈ নি ঘূৰাই নিদিয়া বহুত দিন হ'ল। সি জানে, দাবী ধমকি দি ওভোতাই নানিলে বাপুকণৰ হাতৰ পৰা কিতাপ নিজে নিজে সসন্মানে উভতি নাহে। সেয়েহে সি বাওঁহাতখন বাউসীৰ পৰা ওলোমাই লৈ বাপুকণৰ ঘৰ পালেগৈ। নঙলামুখৰ পৰাই দুবাৰমান মাত দিলে। কাৰো মাত নাই। সাৰ সুৰ নাই। সব্যসাচী ভিতৰলৈ সোমাই গ'ল। বাৰন্দাত উঠিয়েই শুনিলে কাৰোবাৰ ফুচফুচনি। লগৰ কেইটাৰ বদমাছীয়েই হ'ব। সি ড্ৰয়িং ৰুমৰ দুৱাৰখনত ঠেলা মাৰি দিওঁতেই খোল খাই গ'ল। দুৱাৰখন মেল খাওঁতেই সি যিহে দেখিলে আৰু সেই কথা জীৱনত আৰু কাকো ক'ব পৰা নাযাব চাগে'।   

["দৈনিক অসম" শাৰদীয় সংখ্যা, ২০১৮-ত প্ৰকাশিত]

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594



 
       

No comments:

Post a Comment