Sunday, November 6, 2016

লিংকুছ 001: নছবন্দী


অনুপমা কেইদিনমানৰ বাবে ঘৰলৈ গৈছিল। তাই দিল্লীতে এটা ভাড়াঘৰত থাকে যদিও প্ৰায়ে আহি মোৰ লগতে থাকেহি। তাই আহি থকিলে ঘৰটো অলপ পৰিষ্কাৰ হৈ থাকে। মই অকলে থকা ল'ৰা। নিজৰ বাবে আৰু ঘাৰটো কিনো সজাই পৰাই ৰাখিম। তাই অহিব লগা থাকিলে ঘৰটো সজাই পৰাই ৰাখিবলৈ এটা অজুহাত বিচাৰি পাওঁ। সেইকেইদিন পলাশকে মতি লৈছিলোঁ। সি আহি থকিলেও বৰ অকলশৰীয়া যেন নালাগে। এজনীয়া মানুহৰ বাবে ভাত ৰান্ধিবলৈকো অসুবিধা। চাউল মুঠি কেতিয়াও জৌজৌৱা নহয়। দুজন থাকিলে একেলগে বহি খাবলৈকো ভাল। পূৱা ভাগত ঘৰ সজা-মেলা কৰিবলৈ আৰু ব্ৰেকফাষ্ট তৈয়াৰ কৰি দিবলৈ মনুহ এজনীকো ৰখা হৈছে। কিন্তু নামতহে ৰখাৰ দৰে হৈছে। কোনদিনা আহে কোনদিনা নাহে একো ঠিকনা নাথাকে। মানুহজনীৰ সৰু ছোৱালী দুজনী অছে। কেতিয়াবা সিহঁহতক লৈ কিবা সমস্যা হয় বুলি, কেতিয়বা অগদিনা ৰাতি গিৰীয়েকে মদ খাই আহি মাৰ-পিট কৰে বুলি কিবা নহয় কিবা এটাৰ পিছত এটা অজুহাত তাইৰ ওলায়েই থাকে।

মানুহগৰাকীৰ নাম সীতা। গিৰীয়েকটো ড্ৰাইভাৰ। ছোৱালী দুজনীৰ ডাঙৰজনী পঢ়ে সপ্তমমানত আৰু সৰু জনী চতুৰ্থমানত। কিন্তু ইমান দিন দিল্লীত থাকি যিটো বুজি উঠিছিলোঁ সেয়া হ'ল কাম কৰা মানুহ ৰাখিবলৈকো স্কিল লাগে। হুটা মাতেৰেই তেওঁলোকৰ লগত কথ পাতিব লাগে। দবী ধমকি দিব নোৱৰিলে কাম কৰা মানুহৰ পৰা কাম অদায় কৰি ল'ব এইখন চহৰত নোৱাৰি। পিছে মই সেইবোৰ একেবাৰেই নোৱাৰোঁ। মই বিচনত থকোতেই তাই আহি দুৱৰত টুকুৰিয়ায়হি। চকু মোহাৰি মোহাৰিয়েই মই দুৱাৰখন খুলি দিওঁ আৰু তাই যি য'ত কৰিবলগীয়া আছে কৰি মেলি যায়গৈ। এইটো কৰ সেইটো কৰ, এনেকৈ কৰ, তেনেকৈ কৰ বুলি খুটিয়াই থাকিবলৈ নাই আৰু। গতিকে মানুহজনীয়ে যে সুবিধা লয় - কথাটো নোহোৱা নহয়। এদিনতো অতিষ্ট হৈ কৈছিলোঁ - "আপুনিনো কি কাম কৰে। এয়া চাওক ফ্ৰীজৰ ওপৰত ধূলি, টেবুলৰ ওপৰত ধূলি। আপোনাক কামত ৰখাৰ লাভটোৱেই নো কি হ'ল?" প্ৰথম কথা মানুহজনীক যে মই আপুনি বুলি সম্বোধন কৰোঁ মানুহজনীয়ে তাতেই অলপ অস্বস্তি অনুভৱ কৰে। সকলোৱে এই শ্ৰেণীৰ মানুহক তই তোকাৰি কৰিয়েই কথা পাতে। কিন্তু মইনো এই দুজনীকৈ উঠি অহা ছোৱালীৰ মাক - মহিলাগৰকীক তই বুলি কেনেকৈ মাতোঁ। এদিন তাই আহোতে ছোৱালী দুজনীকো লগত লৈ আনিছিল। ডাঙৰজনী ছোৱালীৰ বুকুখন অলপকৈ ফুলিছে। পুৰঠ হৈ উঠিবলৈ আৰু বেছিদিন নাই। মই আঁৰ চকুৰে চাইছিলোঁ।

তেওঁ ক'লে- "তুমি মোক একো দাবী ধমকি নিদিয়া অকৌ”। মোৰ এইবাৰ অচৰিত হ'বৰ পাল। কোনোবাই যে মনুহৰ পৰা দাবী ধমকি বা ককৰ্থনা খুজি ল'বও পাৰে এই কথাৰ আন্দাজ মোৰ ইয়াৰ আগলৈকে নাছিল।

সেইদিনা পলশ আৰু মই বহু ৰাতিলৈকে মদ খাই আদ্দা মাৰিছিলোঁ। গতিকে ৰতিপুৱালৈ দেহাটো অৱশ হৈ বিচনাত পৰি আছিল। মানুহজনী আহিল। দুৱাৰখন খুলি দিলোঁ। সেইদিনা তাইক দেখিয়েই মই বিৰক্তহে হৈছিলোঁ। অগৰ দুদিন তেওঁ অহা নাছিল। গতিকে সেইদিনাও নাহিব বুলিয়েই ৰতিপূৱাটো আৰামেৰে দেৰীলৈকে শুম বুলি পাঙি থৈছিলোঁ।  "যোৱা দুদিন ধৰি ক'ত আছিলগৈ? আজি যে আহিছে?"

"শুনাচোন কথা আছে" বুলি কৈ মানুহজনীয়ে মোক হাতেৰে ধৰি কাষৰ আনটো ৰুমলৈ টানি নিলে।
¾    "ঘৰত আৰু কোনোবা আছে নেকি?"
¾    "অঁ, মোৰ লগৰে ল'ৰা এটা আছে।"
এইবাৰ তাই কন্দনামুৱাকৈ ক'বলৈ ধৰিলে-
¾    "মানুহটোৱে এইকেইদিন মোক আকৌ পিটিছে। যোৱাৰাতিও পিটিছে। আগৰ কেইৰাতিও পিটিছে। মই আৰু মানুহটোৰ লগত নাথাকোঁ। মানুহটোৰ কাৰণেই মই ছোৱালী দুজনী হোৱাৰ পিছত নছবন্দী কৰাই লৈছিলোঁ। কিন্তু মানুহটোৰ উৎপাত আজিকালি আৰু মই সহ্য কৰিব নোৱাৰা হৈছোঁ। তই অকলশৰীয়া ল'ৰা। দুটাকৈ কোঠালি আছে। তোকনো দুটাকৈ কোঠালি কেলেই লাগে? মই এইটো কোঠাতে থকিম। তোৰ চব কাম মই বিনা পইচাৰে কৰি দিম আৰু ঘৰ ভাড়াটোৰো মই আধাখিনি দিম।"
মানুহজনীয়ে কৈ গ'ল।

¾    "কি বলকিবলৈ আহিছে হে আপুনি? মই মোৰ ঘৰটো এনেকৈ মই অপোনাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। তাতে মাজে মাজে অনুপমাও আহি গৈ থাকে। অপুনি এনেকৈ ক'লেই নহ'ব নহয়।"
¾    "অনুপমা মানে কোন, তোমাৰ সেই ভনীজনীৰ কথ কৈছে? সিদিন যে পাইছিলোঁ?"
¾    "অঁ সেইজনীয়েই। কিন্তু সেইজনী মোৰ ভনী বুলি অপোনাক কোনে ক'লে? তাই মোৰ বান্ধবী। মোৰ গাৰ্ল ফ্ৰেণ্ড।"
¾    "তেন্তে তাইক বিয়া নাপাতা কিয়? ঘৰত জানে তাইৰ কথা?"
¾    মোৰ এইবাৰ কথবোৰে মূৰত ধৰিলেগৈ।
¾    "এইবোৰ কথা আপোনাক কিয় লাগে? মই যেতিয়া বিয়া পাতিবৰ সময় হ'ব তেতিয়া পাতিম। এতিয়া আপুনি যাওকগৈ। আজি কাম কৰিব নালাগে। মোৰ টোপনি পুৰ হোৱা নাই। মই এতিয় শুম।"
¾    "ব্ৰেকফাষ্ট?"
¾    "নালাগে। ব্ৰেড আৰু কণী আনি থোৱা আছে। যি কৰিব লাগে মই নিজেই কৰি ল'ম। আপুনি যাওক এতিয়া।"

কোনোমতে মানুহজনীক খেদালোঁ। মানুহজনী যোৱাৰ পিছত দুৱাৰখন জপাই থৈ শোৱাকোঠালৈ আহিলোঁ। পলাশ শুই আছে। সাৰ পোৱা নাই বুলি ভাবিছিলোঁ। কিন্তু সি চকু নেমেলাকৈয়ে মাত দিলে-
¾    "আপোনাৰ কাম কৰা মানুহজনীও কিন্তু অদ্ভূত দেই।"
¾    "অ, তই সাৰ পাই আছ হবলা? মস্ত কামোৰ হৈ উঠিছে এইজনী।"
¾    "মই কথাবোৰ শুনিলোঁ। তাই অপোনাক লাইন মাৰিব খুজিছে।"
¾    "মানে?"
¾    "নহ'লে সেই নছবন্দী কৰোৱাৰ কথা কিয় ক'লে?"
মই তেতিয়াহে এবাৰ গমি চলোঁ- হয়তো। কথা নাই বতৰা নাই হঠৎ নছবন্দী কৰোৱই লোৱাৰ কথাটো ক'ৰ পৰা আহিছিল?      

পলাশ গ’লগৈ। অনুপমা ঘৰৰ পৰা উভতি আহিল। আহিয়েই নিজৰ ৰুমলৈ নোযোৱাকৈ দুদিন মোৰ লগতে থকিল। এই কেইদিনমান সীতা, মানে বনকৰা মানুহজনী নিয়মীয়াকৈ আহি থাকিল। বহুত দিন হৈ গ’ল নিজৰ ভাড়া ঘৰটোত থকাই হোৱা নাই। গতিকে কেইদিনমান মই নাহোঁ বুলি অনুপমা নহাকৈ থাকিল। মই এম এন চি এটাত কাম কৰোঁ। সীতা নহিলে পূৱা আঠটামানলৈকে বিচনাতে থাকোঁ। তাই আহিলে সাতটা বজাতে উঠিব লগীয়া হয়। কাৰণ মোৰ ঘৰত কাম কৰাৰ পিছতো তেওঁ আৰু কে’বঘৰতো ৰন্ধা বঢ়া চাফ-চিকুণ কৰা কাম কৰিবগৈ লাগে। কোনোবাদিনা আধা টোপনিতে দুৱাৰ খুলি দি আকৌ শুই পৰোঁ।

এদিন ৰতিপূৱাই আহি তেওঁ অলপ টকা বিচাৰিলে। এতিয়াটো মাহটো শেষেই হোৱা নাই, পইচা আকৌ কিহলৈ দিম বুলি মই মন কৰিলোঁ। তেওঁ নেৰনেপেৰাকৈ ধৰিলে। কিবা অসুবিধা হৈছে হেনো। অগতে কে’ববৰো মোৰ পৰা পইচা ধাৰলৈ বুলি নিছে অৱশ্যে। কিন্তু কোনোদিনে অৰু সেই ‘ধাৰ’ ওভোতাই দিয়াৰ নজিৰ নাই। ময়ো এশ দুশ টকা ইফাল সিফাল হ’ল বুলিয়ে বৰকৈ লাগি নাথাকোঁ। কিন্তু সেইদিনা মোৰ হাতত পইচা তেনেই কম অছিল। তেওঁ বৰকৈ ধৰাত পেণ্টৰ জেপৰ পৰা মানিবেগটো উলিয়াই চালোঁ। কেইটামান খুচুৰা পইচাহে আছে। সেইকেইটা মোক অফিচলৈ ওলাই যাওতেই লাগিব। নহ’লে আকৌ দৌৰদৌৰিকৈ এ টি এম-লৈ বুলি ঢপলিয়াব লাগিব। মই মানিবেগটো লৈ কিবা গুণ গঁঠা কৰি থকা যেন দেখি সীতা আহি কাষতে ৰ’ল। “আজি কিন্তু মোক পাঁচশ টকা দিবই লাগিব। নহলে মই বৰ বিপদত পৰিম।“   
মোৰ হঠাতে মনত পৰিল কেতিয়াবা চোলাৰ জেপত, পেণ্টৰ জেপত পইচা থাকি যায়। তেনেকৈ ও’ত ত’ত থাকি যোৱা পইচাখিনি মই বিচনাৰ তুলিৰ তলতে এনেয়ে থৈ দিওঁ। গতিকে বিচনাৰ তুলিখন দাঙিলেই পইচা অলপ ওলাব। মই তাইক ক’লোঁ-
¾    “পইচা পাব। ৰ’বচোন। আপুনি কামত ধৰক। আগতে বিচনাখনলৈ যাব লাগিব।“ 

তেওঁ আঁতৰ হ’ল। মই মানি বেগটো আকৌ পেণ্টৰ জেপত থৈ, পেণ্টটো হেংগাৰত ওলোমাই শোৱনিকোঠাৰ ফালে আগবঢ়িলোঁ। মোতকৈ আগতেই সীতা শোৱনিকোঠা পাইছিলগৈ। মই কোঠাটোলৈ সোমাই অহাত তেওঁ দুপত্তাখন কান্ধৰ পৰা নমাই বিচনাখনতে থ’লে। মই তেওঁনো কি কৰিব খুজিছে কিবা বুজি পোৱাৰ আগতেই তেওঁ পিন্ধি থকা কামিজটো খুলিবলৈ আৰম্ভ কৰিলে। এনেকুৱা সময়ত কিনো কৰিব লাগে একো বুজি নোপোৱা হৈ অলপ সময় ৰ’লোঁ।

সি যি কি নহওক, আগতেই এদিন তেওঁ নছবন্দী কৰাই থোৱা আছে বুলি কৈছিলেই। গতিকে সেইদিনা তেওঁৰ লগত বাৰু কণ্ডমৰ প্ৰয়োজন নহ’ল।


আনফালে অনুপমা কে’বাদিনো নহা দেখি মনটো ভাল লগা নাছিল। দহ বাৰ দিনমানৰ মূৰত তাই এদিন আহিল। কামকৰা মানুহজনী নিয়মীয়াকৈ আৰু অনিয়মীয়াকৈ আহি গৈ থাকিল। আগৰ দৰে। এইবাৰ অনুপমা প্ৰায় এসপ্তাহমান মোৰ লগতে থকিল। “মোৰ ঘৰটো এৰি দিওঁ নেকি? এনেয়ে মাহেকৰ মূৰত ভাড়াৰ নামত ইমানসোপা পইচা দি থকা হয়।“ তাই এদিন কৈছিল। মই কথাটো বৰ সুবিধাজনক নাপালোঁ। মোকো অলপ প্ৰাইভেচি লাগে। আচলতে মই আৰু অনুপমা এদিন লগ হৈছিলোঁ কিছুমান স্বৰ্ত-বিৰোধী স্বৰ্তত। আমি কেতিয়াও বিয়া নাপাতোঁ- এয়াই অছিল প্ৰথম স্বৰ্ত। আমি ইজনে সিজনৰ লগত থকিলেও আমি কাহনিও এটা কমিটমেণ্টৰ প্ৰত্যাশা নাৰাখিম, নাথাকিব কোনো অভিমান, অভিযোগ কিম্ব দাবী-দাবা। এয়া আছিল দ্বিতীয় স্বৰ্ত। গতিকেই আমাৰ মাজত সম্পৰ্ক আছেও আৰু নায়ো। এই অনামী সম্পৰ্কক আন সকলোবোৰ সমাজ স্বীকৃত সম্পৰ্কতকৈ বেছি সন্মানৰ চকুৰে আমি দুয়োজনেই চাইছিলোঁ, বা চাবলৈ চেষ্টা কৰিছিলোঁ।

প্ৰায় ছবছৰ কাল দীঘলীয়া সম্পৰ্ক এটাত থকাৰ পিছত অনুপমাৰ ব্ৰেক আপ হৈছিল। শেষ মুহূৰ্তত অনুপমাই লিভ টুগেদাৰ কৰি থকা ল’ৰাজনে ঘৰৰ প্ৰৰোচনাত বেলেগ এজনী ছোৱলীক বিয়া পাতিছিল হঠাতে। সকলো স্বীকৃত সম্পৰ্কৰ প্ৰতি মোহভংগ হোৱা বিধ্বস্ত আৰু হতাশ অনুপমাজনী আহিছিল মোৰ ওচৰলৈ। তাই অলপ বেলেগ ধৰণৰ। আন ছোৱালীবোৰৰ লগত ৰিজাবলৈ গ’লে তাইৰ কথাবোৰ নিমিলে। মোৰ লগত থকা সময়খিনিতো মই গম পাইছিলোঁ, তাই আন এজন মানুহৰ ওচৰলৈকো মাজে মাজে গৈছিল। অৱশ্যে তাত মোৰ কোনো আপত্তি নাছিল। থাকিবৰ কথা নাছিল। আমাৰ মাজত চুক্তিয়েই তেনেকুৱাকৈ হৈছিল।

অনুপমা মোৰ লগত থাকিলে সীতা আমাৰ শোৱাঘৰলৈ নোসোমায়। পাকঘৰ আৰু আনটো ৰুমতে নিজাভাগে কাম কৰি  যায়গৈ। অনুপমা নাথাকিলেই তেওঁ মাজে মাজে মোক কিবাকিবি অসুবিধাৰ কথা কৈ কৈ পইচা বিচৰা হ’ল। কোনোবা দিনা মই নিজেও সুধিবলৈ ল’লোঁ- “আজি অপোনাক পইচাৰ প্ৰয়োজন নাই হোৱা নেকি?” মোৰ ইংগিত তেওঁ বুজি পাইছিল ঠিকেই। বিশেষ একো নোকোৱাকৈ তেওঁ মোৰ শোৱাকোঠালিলৈ সোমাই আহিছিল। যিদিনা চুৰিদাৰ পিন্ধিছিল সেইদিনা দুপাত্তাখন খহাই দিছিল। যিদিনা শাৰী পিন্ধি আহিছিল, পেটিকোটটো নিজে নিজেই দাঙি দিছিল।  


এদিন ব্ৰহ্মপূৱাই অফিচৰ কামৰ সংক্ৰান্তত মানুহ এজনক লগ ধৰিবলৈ এয়াৰপ’ৰ্টলৈ দৌৰিব লগা হৈছিল। অনুপমা মোৰ ঘৰতে আছিল সেইদিনা। ফেঁহুজালি নৌদিওতেই শোৱাপাটি এৰি এয়াৰপ’ৰ্টলৈ গৈ যেতিয়া উভতি আহিলোঁ তেতিয়া ন মান বাজিছে। আজি অফিচলৈ যাব লগা নাই। আহোতে অনুপমাই ভাল পোৱা বেকাৰী খনৰ পৰা তাইৰ পচন্দৰ ব্ৰাউনি লৈ আনিলোঁ। আজি অনুপমাৰ লগতে চিনেমা এখনকে চাবলৈ যাব পাৰি। মনতে প্লেন কৰি ল’লোঁ।

কিন্তু আহি দেখোঁ – অনুপমাই মুখখন ওফোন্দাই বহি আছে। দেখিয়েই গম পোৱা গ’ল- ক’ৰবাত কিবা এটা গণ্ডগোল ঘটিছে। এনেয়ে তাই কথাই কথাই মুখ ওফোন্দোৱা ধৰণৰ ছোৱালী নহয়েই। আনি দিয়া ব্ৰাউনিখিনিও নাখালে। বহুবাৰ সোধাৰ পিছতো একো নক’লে। কথ গুৰুতৰ বুলি ভাবি মই মনতে প্লেন কৰি থোৱা চিনেমা চোৱাৰ প্ৰস্তাৱটোও উলিয়াব নোৱাৰা হ’লোঁ। দুপৰীয়ালৈ তাই নিজেই মাত দিলে। আজি দিনটোত এই প্ৰথম ওলাল তাইৰ মুখৰ মাত।
¾    “তই সেই কামকৰা মানুহজনীৰ লগত কি কৰিছিলি?”
এইবাৰ মোৰ মুখৰ মাত হৰিল।

¾    “সেইবোৰ কিয় কৰিবলগা হ’ল?”
কথাবোৰ তাৰমানে তাই গম পালে। কেনেকৈ গম পালে? মানুহজনীয়ে নিজেই ক’লে নেকি? নিজেই কিয় ক’ব? ক’লেও নো কোনখিনি কথা বা কেনেকৈ কৈছে কোনে জানে?

হঠাতে বস্তু বাহানি সামৰি তাই যাবলৈ ওলাল। মই কিবকিবি কৈ বুজাবলৈ চেষ্টা কৰিছিলোঁ যদিও তাই নুশুনিলে। তাই নৰ’ল। গ’লগৈ। কামকৰা মানুহজনী বৰ সুবিধাৰ নহ’ব বুলি বুজি উঠি তেওঁক শীঘ্ৰেই কামৰ পৰা অব্যাহতি দিয়া হ’ল। কেইদিনমানৰ পিছত অৱশ্যে অনুপমা আকৌ উভতি আহিল। তাই সৰলমনা। ঠেঁহ-পেচবোৰ বেছিদিনলৈ ধৰি থাকিব নাজানে।


বহুদিনৰ পিছত এদিন পলাশৰ লগত এৰাতি কটাওতে কথাবোৰ ওলাইছিল। “আৰু অপোনাক লাইন মাৰি থকা সেই কামকৰা মনুহজনীৰ কি খবৰ” বুলি সি ধেমালিৰ ছলেৰে সুধিছিল। তেতিয়াই কথাবোৰ ওলাইছিল। কথাবোৰ মই কওঁ নকওঁ কৈ কৈছিলোঁ। কথাবোৰ আন কাৰোবাক কোৱাটো উচিত হ’ব নে নহ’ব ঠাৱৰ কৰিব নোৱাৰাত পৰিছিলোঁ। মোতকৈ সি বয়সত বহুত সৰু হ’লেও মদৰ আড্ডাত বহিলে তাক সমনীয়া বুলিয়েই জ্ঞান কৰোঁ। হাতত গিলাচটো থাকিলে সিও বিজ্ঞৰ দৰে কথা ক’বলৈ আৰম্ভ কৰে। কথাখিনি শুনি বাৰু সি অ’ভাৰ-ৰিয়েক্ট নকৰিলে। মনে মনে শুনি গৈ থকিল মাথোঁ।

মোৰ কথখিনি শেষ হোৱাৰ পিছত পলাশে একো নক’লে। আমি দুয়ো মনে মনে থকিলোঁ অলপ সময়। সি একো নোকোৱা দেখি মই নিজেই নিজকে কোৱাৰ দৰে ভোৰভোৰাই ক’লোঁ –

¾    “কিন্তু মই দুটা কথা বুজি নোপোৱাকৈ থাকি গ’ল। অনুপমা আৰু মই একেলগে থাকিলেও আমি দুয়োটাই স্বাধীন। ইজনে সিজনৰ ব্যক্তিগত সিদ্ধন্তত আমি হস্তক্ষেপ নকৰোৱেই। চেক্স সম্পৰ্কে আমাৰ দুয়োটাৰে কাৰো একো ভেল্যু জৰিত হৈ থকা নাই। তেনেহ’লে সেইদিনা অনুপমা ইমানকৈ আপছেট কিয় হৈছিল?”     

পলাশে লাহেকৈ মাত দিলে-
¾    “সম্পৰ্ক সম্পৰ্কই। আপোনালোকৰ সম্পৰ্কটো চলি থকা সামাজিক সম্পৰ্কবোৰেৰে জুখিব নোৱাৰি ঠিকেই। কিন্তু সেয়াওতো সম্পৰ্কই। তাতে ছোৱালী এজনীৰ মন বুজাটো এনেয়েও টান। তেখেত থকোতেই অন্য এগৰাকীৰ লগত আপুনি সম্পৰ্ক কৰিলে তেখেতে সহজ ভাবে ল’ব নোৱাৰাটো স্বভৱিকেই। কেৱল চেক্সৰ কাৰণে চেক্স বুলি আমি যিমানেই যি কৈ নাথাকোঁ কিয়, সি তাতে আবদ্ধ নাথাকে যে। সিওতো নিজেই এটা সম্পৰ্কই।“   
তাৰ কথখিনি গধুৰ। উলাই কৰিব নোৱাৰি।

¾    “এতিয়া আনটো ৰহস্য হ’ল, কামকৰা মানুহজনীয়ে কথাখিনি কিয় কৈ দিলে? কি স্বাৰ্থ থাকিব পাৰে?”
¾    “উত্তৰ একেটাই”। পলাশে ক’লে। মই শুনি থকিলোঁ।
¾    “কামকৰা মানুহ হ’ল কি হ’ল। তেখেতোতো মহিলা। আপুনি তেখেতৰ লগত সেইসোপা কাণ্ড কৰিলে। এতিয়া তেখেতৰ সন্মুখতে আপুনি আন এগৰাকী মহিলাৰ লগত হাঁহি মাতি আছে। তেখেতৰ কেনেকৈ সহ্য হয়?”


কথাটো সঁচা- হাতত মদৰ গিলাচটো থাকিলে পলাশে বিজ্ঞৰ দৰেই কথা ক’বলৈ আৰম্ভ কৰে।


No comments:

Post a Comment