ইয়াৰ দ্বাৰা আৰু একো নহ'ব
(মেট্ৰিমনি ত্ৰিপ্টিক
১)
ভালপোৱাৰ ওপৰত তাৰ আৰু আস্থা নোহোৱা
হ'ল। আগতেও নাছিল, কিন্তু এতিয়া আৰু একেবাৰেই নাই। কথাষাৰৰ মানে বৈৰাগ্য নহয় কিন্তু।
আহ যদি আহ ভালপোৱা মোৰ দুৱাৰ খোলা- এয়া তাৰ স্থিতি। কিন্তু ভালপোৱাৰ বাবে হাবাথুৰি
খোৱাত নাই। আহিলে ভালপোৱা নিজে তাৰ ঘৰলৈ আহিব, সি ভালপোৱা বিচাৰি ওলাই যোৱাত নাই। যুক্তিৰে
জীৱনটো চোৱাই মঙ্গল সি বুজি উঠিছে। যিহেতু বয়স হৈ আহিছে, নিঃসঙ্গতাৰ মুক্তি তাকো লাগে,
ঘৰৰ ছাপ দিনক দিনে বাঢ়ি আহিছে- হয়, বিয়া, বিয়া পাতিবই লাগিব আৰু সোনকালেই পাতিব লাগিব।
ভালপোৱালৈ বাট চাই নাথাকি মেট্ৰিমনিয়েল চাইট একোটাতে বিবাহোপযুক্ত পাত্ৰী বিচাৰি লোৱাই
যুক্তিসঙ্গত। গতিকে পঙ্কজৰো এটা মেট্ৰিমনিয়েল প্ৰফাইল হ'ল।
প্ৰফাইল-টো খোলাৰ পিছত বন্ধু বান্ধৱৰ
আগত কওতে সকলোৱে একে একে এইবাৰ সঁচা কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে। যি সকলে অন-লাইন সম্পৰ্ক বিচৰাৰ
বিৰোধিতা কৰি আহিছিল সিহঁতৰো হেনো একোটাকৈ প্ৰফাইল কৰবাত নহয় কৰবাত আছেই। কোনোবাই যদি
এনেয়ে ধেমালিৰ ছলেৰে খুলি থৈছে, কোনোবাই প্ৰয়োজনতেই খুলিছে। আন কোনোবাই আকৌ ঘৰৰ কথা
এৰাব নোৱাৰি মেট্ৰিমনিয়েলত প্ৰফাইল খুলিছে। সি যি কি নহওক এই কেইদিনমান ধৰি অফিচতো
মেট্ৰিমনি বিষয়টোৱে তোলপাৰ লগাই আছে।
দিন বাগৰে, উত্তেজনাও শাম কাটে।
কেইদিনমানলৈকে পূৱা গধূলি নিতৌ পাত্ৰী বিছৰাৰ
ধুম উঠিল যদিও এতিয়া সি বুজি উঠিছে এইবোৰ সব মিছা। মায়া মাথোঁ! কাৰোবাৰ যদি ফটো দেখিয়েই
ভাল লগা নাই, কাৰোবাৰ লগত হয়তো দু-আষাৰ কথা পাতিয়েই ভাল নালাগিল। তাৰোপৰি গোটেই কাৰবাৰটো
কিবা বজাৰত শাক পাচলি কিনোতে বস্তুবোৰ হাতেৰে পিটিকি পিটিকি চোৱা যেন লাগিল। বিয়া নামৰ
অনুষ্ঠানটোৰ ওপৰতেই মাজে মাজে খং উঠি যায়। কিন্তু মানুহবোৰৰ পৰা পলাইতো থাকিব নোৱাৰি,
গতিকে ঘূৰি পকি একেটা কথাই উঠে। অফিচেই হওক, বজাৰে সমাৰেই হওক, পৰিয়ালৰ ভিতৰতেই হওক।
সকলোতে মাথোঁ একেটাই প্ৰশ্ন - বিয়া কেতিয়া, বিয়া কেতিয়া। সিদিনা হঠাতে হাইস্কুলত একেলগে
পঢ়া ৰঞ্জুৱে পুৰণা গ্ৰুপ ফটো এখন ফেচবুকত দি লগৰ গোটেইমখাকে টেগ কৰ দিছিল। তেতিয়াই
হঠাৎ বহুদিনৰ
মূৰত সি বাসবীক দেখিলে। লগে লগে বাসবীলৈ ফ্ৰে'ণ্ড ৰিকুৱেষ্ট পঠালে। ফেচবুক বন্ধুত্বতো
প্ৰথম দিনাই বাসবীৰ মূখতো একেটাই কথা- বিয়া পতাই নাই নেকি, মই আকৌ ইমান দিনে ঘোৰ সংসাৰী
হ'লাগৈ বুলিহে ভাবি আছিলোঁ... ইত্যাদি ইত্যাদি। পঙ্কজেও আন সকলোকে কোৱাৰ দৰে তাইকো
একেটাই কথা কৈ থ'লে, মোলৈ ছোৱালী
বিচৰাৰ দায়িত্ব তোমাকেই দিলো আৰু। তায়ো হাঁহি হাঁহি ক'লে, ঠিক আছে বাৰু কিন্তু চৰ্ত
হ'ল, সিও তাইৰ বাবে ল'ৰা এটা চাই দিব লাগিব।
স্কুলত পঢ়ি থাকোতেই পঙ্কজ আৰু বাসবী
ভাল বন্ধু আছিল। কিন্তু লগৰবোৰ আছিল মহা অঘাইটং। সিহঁতৰ স্কুলত ল'ৰা আৰু ছোৱালী একেখন
বেঞ্চত বহাতো দূৰৰে কথা ল'ৰাই ছোৱালীলৈ চোৱাটোও এটা অপৰাধ আছিল। এটা সময়ত পঙ্কজ আৰু
বাসবীক লৈ লগৰবোৰ ইমানকৈ জোকাবলৈ ধৰিলে যে সিহঁতে কথা পাতিবলৈকে বন্ধ কৰিলে। গতিকে
শেষ কেতিয়া সিহঁতে খোলাখুলিকৈ কথা পাতিছিল সেয়া সিহঁত এটাৰো ভালকৈ মনত নাই। পঙ্কজে
এতিয়া দিল্লীৰ কোম্পেনী এটাত চাকৰি কৰে আৰু বাসবীয়ে ডাবল্ এম এ কৰি এতিয়া জৱাহৰলাল
ইউনিভাৰছিটিত এম ফিল
কৰি আছে। মাজতে দুবছৰমান কোনোবা স্কুল এখনত শিক্ষকতাও কৰিছিল।
কেইমাহমানৰ পিছৰ কথা। বহুদিনৰ মূৰত
পঙ্কজে মেট্ৰিমনিয়েল চাইটটো খুলি চাওতে এগৰাকী পাত্ৰীৰ ফটো দেখি অলপ চিনাকি চিনাকি
যেন পালে। কৰবাত যেন লগ পাইছে বা দেখিছে। ভাবি ভাবি পাৰ নাপালে। পিছত হে গম পালে বাসবীৰ
ফেচবুক টাইমলাইনত দেখিছিল। বাসবীৰ লগত একেলগে জে এন ইউত এম ফিল কৰি আছে। নাম ঋজু। বেয়া
নালাগিল। কথা পাতি চাব পাৰি। বাসবী আছে যেতিয়া কথা আগবঢ়াবলৈ সুবিধাই হ'ব। বাসবীৰ সন্মুখত
সি কথাটো উলিয়ালে।
বাসবীৰ এইবাৰ অবাক হোৱাৰ পাল,
"কি? তই মেট্ৰিমনিয়েল চাই বিয়া পাতিবি?" তাই চিঞৰ মাৰি উঠিল।
"কিনো নাভূত নাশ্ৰুত কথাটো হ'ল?
হোৱাটচ্ ৰং উইথ
ইট?"
"নহয়, মানে ঠিকেই আছে। কিন্তু
প্ৰেম তো দূৰৰে কথা কোনো আগতীয়া চা চিনাকিও নথকাকে'..."
"ৰ ৰ। মোৰ কথা শুন। দহবছৰ ধৰি
সম্পৰ্কত থকা ছোৱালী এজনীও বিয়াখনৰ ঠিক পিছতে আচলতে এজনী সম্পূৰ্ণ নতুন মানুহ। ত্ৰিশ
চল্লিশ বছৰ একেলগে থকাৰ পিছতো মানুহৰ সম্পৰ্কত ফাট মেলে।" এইবাৰ আৰম্ভ হ'ল পঙ্কজৰ
যুক্তি।
"সেইবোৰ বাৰু হয়। কিন্তু ইটোৱে
সিটোক বুজি নোপোৱালৈকে..."
"তয়ে ক চোন, মানুহ বুজি পাবলৈ
কিমান সময় লাগে? কিবা নিৰ্দিষ্ট সময় আছে নেকি?"
"সেইটো বুজিছোঁ। কেতিয়াবা গোটেই
জীৱনটোও পাৰ হৈ যাব পাৰে বুজোতে বুজোতে।"
"তেনেহ'লে?"
"কিন্তু মেট্ৰিমনি... মানে তই
যে মেট্ৰিমনি বিশ্বাসত ল'বি ভাবিবই পৰা নাই।"
"ডেফিনিটলি এইটো এটা ভাল আইডিয়া।
ইয়াত ল'ৰা ছোৱালীয়ে নিজে সিদ্ধান্ত ল'য়। ইটোৱে সিটোৰ প্ৰফাইল চাব। কথা পাতিব। ইটোৱে সিটোৰ
প্ৰয়োজনখিনিৰ কথা সুধিব, নিজৰ কথা ক'ব। লাহে লাহে বুজিবলৈ আৰম্ভ কৰিব। কিনো বেয়াতো?"
"কিন্তু তথাপি।" ওহোঁ, বাসবীয়ে
যেন কথাবোৰ মানি ল'ব নোৱাৰিলেই। তথাপি ঋজুক তাৰ কথা ক'ব আৰু পাৰিলে এবাৰ সাক্ষাৎ কৰাই
দিব বুলিও দায়িত্ব ল'লে।
বাসবীয়ে উদ্যোগ ল'লে। মেট্ৰিমনিয়েলৰ
পৰা ফেচবুক, আৰু ফেচবুকৰ পৰা কথা বতৰা ফোন পালেহি। কেইদিন মান সময় নাই অসময় নাই টেক্সটিং
চলিল। তাৰ পিছত আৰু বিশেষ একো আগ নাবাঢ়িল। এদিন সময় উলিয়াই লগ কৰিম লগ কৰিম বুলি থাকি
থাকি আৰু সেই 'সময় উলিওৱা' নহ'লেই।
আৰু তিনিমাহমান পাৰ হৈ গ'ল। এদিন হঠাৎ
বাসবীয়ে মেছেজ পঠালে, এবাৰ দেখা কৰিব বিচাৰে। বহু বছৰেই হ'ল লগ নোপোৱা। লগতে কিবা ইম্পৰটেন্ট
কথা এটা আছে হেনো তাক ক'ব লগীয়া। সিও প্ৰায় জাপ মাৰিয়েই উঠিল, অহা দেওবাৰেই তেনেহ'লে
দেখা কৰাটো খাটাং? খাটাং। ঋজু সেইদিনা ফ্ৰী থাকিব নে? থাকিব। ভাল তেনেহ'লে, সেয়ে হওক।
দেওবাৰৰ আবেলি। পঙ্কজ জে এন ইউৰ পৰিসৰ
পালেগৈ। বাসবী আৰু ঋজু ৰৈয়েই আছিল গে'টৰ মুখতে। হাইস্কুল পাছ কৰাৰ পিছত এই প্ৰথম পঙ্কজ
আৰু বাসবীয়ে ইটোৱে সিটোক সোঁ-শৰীৰে লগ পাইছে। দুয়োটা ফুৰ্তিতে জপিয়াই উঠিল। ঋজুৰ লগতো
সাধাৰণ ভাবেই চা-চিনাকি হ'ল। বাটত কেনেকৈ কথা পাতিম, কি বা কথা পাতিম- এইবোৰ কথা ভাবি সি অলপ
নাৰ্ভাচ হৈ আছিল যদিও লগ পোৱাৰ পিছত কথাবোৰ স্বাভাৱিক হৈ পৰিল। সিঁহত গৈ গোদাৱৰী ধাবাতে বহি চাহ তিনিকাপ আনি ল'লে। আনন্দতে
সি বিপ্লৱলৈ ফোন কৰিলে, ঐ আজি
মই কাৰ লগত আছো জাননে... বিপ্লৱৰ পিছত নৱ, প্ৰশান্ত, মুজামিল আটাইবোৰলৈকে সি এটা এটা কৈ ফোন লগালে। মাজতে
এবাৰ ঘৰৰ পৰাও ফোন আহিল। দেওবাৰেই সাধাৰণতে ঘৰৰ মানুহে তালৈ ফোন কৰে। বাকী দিনবোৰত
সি ব্যস্ত থাকে বুলি জানে।
সন্ধিয়া উভটি আহিলত হে সি মন কৰিলে,
ইমান দিন ধৰি লগ কৰিম লগ কৰিম বুলি থকাৰ পিছত যেতিয়া লগ কৰা হ'ল তেতিয়া আকৌ বিশেষ একো
কথা পতাই নহ'ল। ইটোৰ পিছত সিটোকৈ ফোনত লাগি থাকোতেই সময়খিনি গ'ল। তাৰ নিজৰে নিজৰ ওপৰত
হাঁহি উঠিল। খঙো উঠিল।
এসপ্তাহ মানৰ পিছত বাসবীয়ে ফেচবুকতে
এবাৰ সুধিছিল, ঋজুক লগ পাই কেনে লাগিল? ভালেই - সি ক'লে। আগ বাঢ়িব পাৰি নে? সি একো
নক'লে। আচলতে কি ক'ব লাগে সি বুজিয়েই নাপালে। গতিকে উত্তৰ দিয়া নহ'ল। পিছত সময় উলিয়াই
কথাবোৰ চালি জাৰি চাই ভাবিব লাগিব। এনেকৈ ভাবোতে ভাবিবলৈকো তাৰ সেই সময়কণ আৰু নোলালেই। দিন বাগৰি গ'ল। সি যেতিয়া বুজিলে যে সি আচলতে উত্তৰ
দিবলৈ বহু বেছি সময় ল'লে এতিয়া আকৌ কথাটো আৰম্ভ কৰিবলৈ নিজেই টান পোৱা হ'ল। গতিকে কথাটো
সিমানতে থাকিল।
আনহাতে বাসবীয়ে ভাবিলে পঙ্কজে হয়তো
মুখ ফুটাই না বুলি ক'বলৈ বেয়া
পাইছে। সেয়েহে তাইয়ো আকৌ কথাটো
নুলিয়ালে। বহুদিনৰ মূৰত সি দেখিলে ফেচবুকত ঋজুৰ প্ৰফাইলটো নাই। এটা অধ্যায় আৰম্ভ হওঁ
হওঁ বুলিও আৰম্ভ হোৱাৰ আগতেই শেষ- সি ইয়াকে বুজিলে।
এই ঘটনাখিনিৰ পিছতো ডেৰ বছৰ পাৰ হ'ল।
পঙ্কজৰ গতি লগাৰ কোনেও একো লক্ষণ দেখা নাই। ইতিমধ্যে বাসবীৰো বিয়া ঠিক হ'ল। বাসবীৰ
বিয়াৰ সময়তে সিও অসমলৈ যাব।
ঘৰলৈ যাওতে
বাসবীৰ বিয়াখনো তাৰ খোৱা হ'ব। বিয়া হ'ল। কিন্তু পঙ্কজৰ হে যোৱা নহ'ল। বহু বছৰৰ মূৰত
পঙ্কজে এই প্ৰথম লগৰ কাৰোবাৰ বিয়া খাব বুলি ভাবিছিল যদিও কামৰ হেঁচাৰ অজুহাতত সেয়াও
বাতিল হ'ল। বিয়াৰ পিছত বাসবীৰ সংসাৰ দিল্লীতেই হ'ব। গতিকে পিছত কেতিয়াবা নহয় কেতিয়াবা
তাইক লগ কৰি শুভকামনা এটা যাছিব পৰা যাব।
বিয়াৰ পিছত বাসবীয়ে দিল্লীলৈ আহি এটা
পাৰ্টি ৰাখিলে। বহুতো পুৰণা বন্ধুৰ ৰি-ইউনিয়ন এটা হ'ল, পঙ্কজো আহিল। আকৌ আনদিনাৰ দৰেই
পঙ্কজ কেন্দ্ৰ আকৰ্ষণ হৈ ৰ'ল। আৰু ভালকৈ ক'বলৈ হ'লে পঙ্কজৰ বিয়া আৰু পঙ্কজৰ ছোৱালী
চোৱা এয়াই আলোচনাৰ কেন্দ্ৰ বস্তু। পঙ্কজে বুজি উঠিছে, লাহে লাহে সি এনেকুৱা সামাজিক
পৰিবেশবোৰত এটা হাঁহিৰ খোৰাক হৈ উঠিছে।
বাসবীৰ আজি বিৰাট আনন্দ, ইমানবোৰ বন্ধু
বান্ধৱ আহি ঘৰখন
ভৰি পৰিছে। তাই অনৰ্গল কথা কৈ গৈ আছে। তাই আগৰ ইমানকৈ কথা নকয়, এই আজিহে ইমানকৈ মুখখন চলিছে তাইৰ। বাসবীয়ে হাঁহি হাঁহি
ক'লে, "পঙ্কজৰ দ্বাৰা একো নহ'ব। আমি ধৰি বান্ধি কিবা এটা কৰি দিলেহে যদি কিবা
হয় আৰু। জে এন ইউত এবাৰ ছোৱালী চাবলৈ গৈ সি যি খন কৰিলে। ছোৱালী জনী সন্মুখত আছে। প্ৰথমবাৰৰ
বাবে লগ পাইছে। কথা পাতিব লাগে, নাই তাৰ হুঁচেই নাই। এবাৰ ইটোলৈ ফোন লগাইছে, এবাৰ সিটোলৈ
ফোন লগাইছে। সন্মুখত থকা ছোৱালীজনীয়ে কিয় ভাল পাব বাৰু?" পঙ্কজে তাৰ মুৰ্খামীৰ
বাবে লাজ পালে। কিন্তু নিজৰ লাজ ঢাকিবলৈকে ক'লে, "মোক যে কৈছ, তই নিজেওতো একো
কথা নুলিয়ালি। ময়ো সুধিবলৈ পাহৰিলোঁ,
তই তোৰো কিবা ইম্পৰটেন্ট কথা
এটা আছিল বুলি কৈছিলি। সেইটোও নকলি"। বাসবী মনে মনে থাকিল।
পাৰ্টিৰ শেষ স্তৰ। ৰঙা পানীটুপি শেষ
হৈ আহিছে। এজন দুজনে খোৱাৰ প্লেট হাতত
লৈছে। বিপ্লৱে পঙ্কজক লৈ বেলকনিলৈ আহিল চিগেৰেট এটা হুপিবৰ বাবে। বিপ্লৱে ক'লে,
"তই যিদিনা ঋজুক লগ কৰিবলৈ গৈছিলি, সেইদিনা তোৰ নোটবুক এখন আছিল যিখন টেবুলৰ ওপৰতে
থৈ তই ফোনত কথা পাতি আছিলি।"
"হ'ব পাৰে। নোট বুক এখন মোৰ থাকেই।
কিন্তু ইমানদিনৰ আগৰ কথা মনত নায়েই। এক মিনিট, হঠাৎ এইটো
কথা কিয় ক'লি? তই কেনেকে'
জানিলি?"
"মোক অলপ আগতে বাসবীয়ে ক'লে।
তাৰ মাজতে বাসবীয়ে কিবা আঁক বাক কৰিছিল নেকি?"
"ঠিক ধৰিব পৰা নাই। নোটবুকখন
উলিয়াই চাব লাগিব। অ' ৰবিচোন অলপ অলপ মনত পৰিছে, মই কথা পাতি থাকোতে তাই লুটিয়াই বগৰাই
চাই আছিল আৰু অন্যমনস্ক ভাবে কিবা কিবি কৰি আছিল হয়... হয় হয় মনত পৰিছে।"
ইমানেই কথা হ'ল। তাৰ পিছত দুয়ো খাবলৈ
গ'ল।
আকৌ বহুত দিন পাৰ হৈ গ'ল। পঙ্কজৰ আৰু একো নহ'ল। এতিয়াও
সেই আগৰ দৰেই তাৰ বৰলাৰ জীৱন।
এটা দেওবাৰে ঘৰ চাফা কৰো বুলি লওতে
পঙ্কজে পুৰণা নোটবুকখন দেখিলে। লুটিয়াই বগৰাই চালে। আঁক বাঁক নহয়, বাসবীৰ গোটা গোটা
হাতৰ আখৰ কেইটামান সি দেখা পালে। "পগলা তোৰ দ্বাৰা আৰু একো নহ'ব। তোক নো আৰু কি
ক'ম, মোৰ দ্বাৰাও একো নহ'ব। স্কুলত থাকোতে লগৰ বোৰে তোক মোৰ কথা কৈ জোকাইছিল বুলি জানিছিলোঁ।
এতিয়া আমি দুইটায়েই ইটোৱে সিটোৰ কথা ভাবিব পাৰো নেকি এবাৰ ভাবি চাবি। এই কথাখিনি এবাৰ
পঢ়াৰ পিছত এই পাতখিলা ফালি পেলাই দিবি।"
পঙ্কজে সেই পাতখিলা জীৱনত আৰু কেতিয়াও
ফালি পেলাই দিব নোৱাৰিব।
সমুদ্ৰ কাজল শইকীয়া
No comments:
Post a Comment