![]() |
Art: Akhilesh Arya |
কে'বাখনো বাছে কোন কেনেকৈ আগতে যাব
পাৰে, কোনে কিমান মানুহ টানিব পাৰে তাকে লৈ হেতা ওপৰা কৰি আছিল। ল'ৰাটো এখন বাছত উঠিলে,
ওহো, এনেকৈ নোৱাৰি
আৰু, ইমান ভিৰত নোৱাৰি যাব বুলি সি নামি আহিল। নামি আহি অন্য এখন বাছত সি উঠিল। ইয়াতো একেই ভিৰ। তথাপি এনেকৈয়ে
যাব লাগিব, সি বুজিলে। এইখন বাছত নুঠি অন্য এখনত উঠাহেতেন কি হ'ল হেতেন? অলপ সময়ৰ ইফাল
সিফাল হ'লহেতেন, হয়তো বহিবলৈ চিট এটা পালে হেতেন বা নেপালেহেতেন। তাতকৈ বেছিতো আৰু একো নাই।
গণেশগুৰিত ৰৈ থকা বাছখনে যাবলৈ খৰখেদা
কৰা যেন দেখুৱাইছিল যদিও আকৌ ৰৈ গ'ল। আগৰখন বাছক দেও দি আকৌ মানুহ বিচাৰি চিঞৰাত লাগিল
পৰিচালক জনে। আৰু কিমান পাণ জপাদি মানুহ জাপিব ইহঁতে বুলি ভোৰভোৰাই ভোৰভোৰাই মানুহ
এজন বহি থকা আসনৰ পৰা উঠি নামিব খুজিলে। আসনখন হঠাতে খালী হোৱাৰ সি হাততে স্বৰ্গ ঢুকি পালে। খিৰিকীৰ কাষৰ আসনত তাই বহি আছিল। সি ঘপহ কৈ বহি পৰাত তাইক
অলপ সময়ৰ বাবে অলপ আপ্ৰস্তুত হোৱা যেন দেখা গ'ল। সিও অলপ হ'লেও সচেতন হ'ল তাইৰ প্ৰতি। বাছখন এতিয়া সোনকালে আগবাঢ়িলেই
হয় আৰু, এয়ে দুয়োৰে - দুয়োৰে নহয় সকলোৰে মনৰ ভাব।
গণেশগুৰিৰ পৰা চান্দমাৰিলৈ তেনেই চমু
বাট। কিন্তু কেতিয়াবা এই বাটটোও দীঘল গৈ পৰে। যাত্ৰাপথৰ দূৰত্বৰ ধাৰণাটো সদায়ে আপেক্ষিক।
সেই যে এখন তামোলৰ বাট বুলি কোৱা হয়, তামোলখন কেনেকুৱা তামোল? চূণে ধপাতে মিহলাই খোৱা পাগ
উঠি মূৰত ধৰি যোৱা তামোল যদি হয়, বাটতে গছৰ তলত বহি জুৰাব লগীয়া যদি হয় সেই এখন তামোলৰ
বাটটোও দীঘল বাটেই।
শৰতৰ বতৰ যদিও মানুহৰ ভিৰৰ বাবে আৰু খোলা আকাশত অবাধ স্বাধীনতা উপভোগ কৰি ফুৰা সূৰ্যটোৰ
বাবেও গৰমে মানুহবোৰক অশান্তিত ভূগাইছে। শেষ বাৰিষাৰ শেষ বৰষুণ দুদিনমানৰ আগলৈকে আছিল
বাবেই হয়তো এতিয়াও আৰ্দ্ৰতাই আমনি দি আছে। গুপগুপীয়া গৰমত উচপিচনি লাগিছে। গণেশগুৰিৰ
পৰা জুৰোড তিনিআলিলৈকে কোনো কেতিয়াও গৈ নোপোৱা এটা যাত্ৰা যেন লগা হ'ল সকলোৰে। জুৰণি
পথৰ ওচৰতে জুনিয়ৰ কলেজৰ ছাত্ৰী দুজনীমান ৰৈ আছে। ভিৰ বুলিয়েই বাছ খনত তেওঁলোক নুঠিল।
পানৰ গুমটিটোৰ ওচৰতে ল'ৰা এটাই ছোৱালী এজনীক বাট ভেটা দি আগচি কিবা এটা কৈছে। ছোৱালীজনীৰ
মুখ ওফোন্দা। প্ৰেমিক-প্ৰেমিকাৰ কাজিয়াৰ এটা সুলভ দৃশ্য। তিনি আলিৰ ওচৰতেই নেকি, মানুহ
এজনৰ লগত ফটা নোট এখনক লৈ কণ্ডাক্টৰে
কাজিয়াৰ আৰম্ভ কৰিলে। কোনোবাই কাজিয়াৰ মজা ল'লে, কোনোবা বিৰক্ত হ'ল। ঠায়ে ঠায়ে বাছখন ৰৈছে আকৌ চলিছে। মানুহ উঠিছে, নামিছে। কোনোবাই
বহিবলৈ পাইছে কোনোবাই নাই পোৱা। কোনোবাই কথা পাতিছে, কোনোবাই নাই পতা।
কমাৰ্ছ কলেজৰ ষ্টপেজ পাৰ হোৱাৰ পিছতে
ইমানপৰে খিৰিকীৰে বাহিৰলৈ চাই থকা তাই অকণমানি বেগটো ভালকৈ খামোচ মাৰি ধৰিলে, হয়তো তাইৰ নামিবৰ হৈছে। সি লাহেকৈ
সুধিলে, "ঘৰত ভাল?"।
তাই ক'লে, "ভাল। মৰম চেনেহেৰে
ভৰা ঘৰ। পইচা পাতিক লৈ অসুবিধা একো নাই। ক'তো কোনো এম্পটিনেছৰ বাবে ঠাইয়েই নাই বুলিব পাৰি।
বহু দিনৰ পৰা ভাবি থকা মনে বিচৰা কামবোৰ কৰিব পৰা হৈ উঠিছোঁ এটা এটাকৈ।"
"হুঁ। ভাল তেনেহ'লে। সুখীয়েই
দেখোন এতিয়া।"
"হয়। তাত কোনো প্ৰশ্ন নাই। কিন্তু
মই সুখী হ'ম- সেইটোৱেই শেষ কথা নাছিল নহয়।"
"তেনেহ'লে?"
বাছখন চান্দমাৰি পালেগৈ। তাই বহি থকাৰ
পৰা উঠিল।
"মই তোৰ লগত হে সুখী হৈ থকাৰ
কথা আছিল"। তাই বাছৰ পৰা নামি গ'ল।
তাই ভিৰৰ মাজেৰে সহজাত ব্যস্ততাৰে
খোজ ল'লে। মূৰৰ ওপৰত শৰতৰ নিকা আকাশ।
সি বাছখনত বহি থাকিল। শেষ বাৰিষাৰ হিউমিদ
এতিয়াও জলবায়ুত আছে বাবেই সি ঘামত গৰমত উচপিচাই থাকিল।
সমুদ্র কাজল শইকীয়া
No comments:
Post a Comment