["সাতসৰী"ত প্ৰকাশিত। পাছলৈ মৃণাল জ্যোতি গোস্বামীয়ে এটি মঞ্চ-অভিযোজনাও কৰে একে নামেৰে। First Published in SATSORI magazine. Later, Mrinal Jyoti Goswami adapts a theatre performance on it in the same name. ]
তেৰ নদী সাত সাগৰ
উপায় কি আছে পাৰ হ'বৰ
অ' ঘুমটি নাহিবি আজি মোক নিদিবি
ভাগৰ
সময় যে মোৰ তেনেই তাকৰ
প্রথম ভাগ- বার্তাবাহক চৰাই
ল’ৰাটো অকলশৰীয়া। মাজৰাতি সাৰে আছে। খিৰিকী খোলা। কোঠাটোত তাৰ এখনেই খিৰিকী। খিৰিকীৰে
দেখা পোৱা আঁহতজোপাত আজি সখিয়তি চৰাইজনী আহি বহাহি নাই। তাই সদায়ে আহি বহা ডালটো
আজি উকা। সি আটাইবোৰ ডাল তন্ন তন্ন কৈ বিচাৰি চালে, কিন্তু চৰাইজনী ক’তো নাই। আজি পূর্ণিমা। সি জানে চৰাইজনী আহিবই আহিব। আহিবই লাগিব। নহ’লে যে ৰাজকুমাৰীৰ খবৰ পোৱা নাযাব।
চকু দুটা তাৰ মুদ খাই
আহিছিলহে মাত্র। হঠাত সখিয়তিৰ মাত শুনি খকমকাই উঠিল সি।
“শুবৰ সময় নাই, কি কৰিছাহে তুমি, মোৰ কথা শুনা, কথা বিষম”। উশাহ নসলোৱাকৈ কৈ গ’ল সখিয়তিয়ে।
“ৰ’বাচোন ৰ’বা সখিয়তি, ৰাজকুমাৰীৰ সন্ধান তুমি
পালানে?”
“মইনো কি ক’বলৈ ওলাইছোঁ শুনা আগতে। প্রশ্ন নকৰিবা, উত্তৰ দিবলৈ মোৰ হাততো সময় কম”। ইমানকে কৈ সখিয়তি টোপনিত ঢলি পৰিল। ল’ৰাটোৰ উৎকন্ঠা বাঢ়ি
আহিল। সি কোঠালিটোৰ ভিতৰতে পায়চাৰী কৰিবলৈ ধৰিলে। তাৰ বুকুৰ ঢপঢপনি ইমানেই বাঢ়ি
আহিল যে সেই ঢপঢপনিৰ শব্দতে আচিৰেই সখিয়তিৰ ঘুমটি ভাঙিল।
“অঁ মই কি কৈ আছিলোঁ? মই আহিছোঁ সাত সাগৰ
তেৰ নদীৰ সিপাৰৰ পৰা। দূৰ দেশলৈ গৈ থাকোতে মাজসাগৰতে জাহাজ ডুবি ৰাজকুমাৰীয়ে
আত্মীয় পৰিজন সকলোকে হেৰুৱালে।
মাক দেউতাককে ধৰি সেই
জাহাজত থকা কোনো নাবাছিল। কেৱল ৰাজকুমাৰীহে বাছিল। তেতিয়াৰে পৰা ক’লৈ যাওঁ কি কৰোঁ বুলি নিঠৰুৱা ৰাজকুমাৰী দেশে দেশান্তৰে ঘূৰি ফুৰিছে মাথোন।
বুকুত প্রচণ্ড দুখৰ বোজা, চকুত অন্তহীন প্রতীক্ষা, চঞ্চল খোজত দিকবিদিকশূণ্য
সন্ধান। জানানে সেয়া কাৰ প্রতীক্ষা, কিহৰ সন্ধান?”
ল’ৰাটো চঞ্চল হৈ উঠিল।
“তোমাৰ”, সখিয়তিয়ে সিমানলৈকে ক’লে। তাৰ পিছতে সখিয়তিৰ চকু মুদ খাই
আহিল।
ল’ৰাটো অধীৰ হৈ
সখিয়তিৰ ফালে চাই থাকিল। তাৰ চকুৱেদি চকুলো এটোপাল মাটিত পৰিল। তাৰ শব্দতে
সখিয়তিয়ে আকৌ সাৰ পালে।
“জানানে, তোমাৰ হাততো সময় কম। পিতৃ মাতৃৰ দুখতে ৰাজকুমাৰীয়ে আধা জীৱন হেৰুৱালে।
বাকী থকা তাকৰীয়া জীৱনটোৰো আকৌ আধাখিনি গ’ল সন্ধানৰ নামত। বাকী
যিকণ জীৱন ৰেখা অৱশেষ ৰ’ল, সেয়াও এতিয়া ঘোৰ সঙ্কটত। কাৰণ ৰাজকুমাৰীয়ে এদিন
অপেক্ষা কৰিলে তাইৰ জীৱনৰ পৰা দুটা দিন বিয়োগ হৈ যায়। তেনেকৈয়ে ৰাজকুমাৰীয়ে এদিনৰ
প্রতীক্ষাৰ নামত দুটাকৈ দিন হেৰুৱাই আহিছে।
এই কথাটো ৰাজকুমাৰীয়েও
জানে। কিন্তু অপেক্ষাৰ বাহিৰে যে ৰাজকুমাৰীৰ উপায় নাই একো”।
“তেনেহ’লে তুমি ৰাজকুমাৰীক মোৰ অপেক্ষা কৰিবলৈ মানা নকৰিলা কিয়”? থুকাথুকি মাতেৰে ল’ৰাটোবে ক’লে।
“কেনে অঁকৰা ল’ৰা তুমি? অপেক্ষা নকৰিলে ৰাজকুমাৰীৰ জীবনত আৰু বাচি থাকিব কি? তাইৰ দেখোন
নিমিষতে জীৱনৰেখা শেষ হৈ থাকিব”।
“তেনহ’লে মই ৰাজকুমাৰীক কেনেকৈ বিচাৰি উলিয়াম? মই এতিয়া কোন দিশে যাওঁ, ক’ত পাওঁ ৰাজকুমাৰীৰ
সন্ধান?”
“সময় অলপো নষ্ট নকৰিবা। সাতসাগৰ তেৰ নদী পাৰ কৰিলে তাতেই ৰাজকুমাৰীক পাবা। আজিৰ
পৰা পোন্ধৰ দিনৰ দিনা দোকমোকালিতে যেতিয়া সূর্যৰ প্রথম পোহৰে আহি পৃথিবী চুবহি, ৰাজকুমাৰী
আহি তেৰনদী সাতসাগৰৰ পাৰ পাবহি।
আদি অন্ত নথকা এটা
দীঘল মথাউৰিৰ পাৰতে তাই তোমালৈ বাট চাই থাকিব। যাৰ ইপাৰে সিপাৰে দিগন্ত বিয়পি আছে
সৰিয়হৰ খেতি আৰু বেলিফুল। হাতত দা-যাঠি আৰু কাণত ৰঙা ছাতি লৈ থকা এটাই তাইক
সেইখিনিলৈকে লৈ আনিব। যদি কুকুৰাই ডাক দিয়াৰ আগতেই তুমি ৰাজকুমাৰীক বিচাৰি উলিয়াব
পাৰা, ৰাজকুমাৰীৰ কপালত চুমা এটা যাছিব পাৰা ৰাজকুমাৰীয়ে তাইৰ জীৱন পুণৰাই বিচাৰি
পাব। অন্যথা কুকুৰাৰ প্রথমটো ডাকতে ৰাজকুমাৰী ঢলি পৰিব”।
সখিয়তি ঢলি পৰিল।
ল’ৰাটোবে বহু
চিঁঞৰ বাখৰ কৰি সখিয়তিক জগাবলৈ চেষ্টা কৰিলে। কিন্তু সখিয়তি সাৰ নাপালে যি
নাপালেই।
![]() |
Illustration: Akhilesh Arya |
দ্বিতীয় ভাগঃ সাত সাগৰ তেৰ নদী
হাতত সময় নাই। কি কৰিব
লাগিব তাৰ উৱাদিহ নাই।
ক’ত আছে তেৰখন নদী, পাৰ বা হ’ব কেনেকৈ। হাতত যে সময়
তাকৰ। আৰু সাতখন সাগৰৰ বেলিকা কি কৰা যায়?
ভূচিত্রাৱলিখন উলিয়াই
ল’ৰাটোৱে তন্ন তন্নকৈ বিচাৰিলে। আটাইতকৈ
নিকটতম সাগৰখন ভাৰত মহাসাগৰ। সি দেখিলে ভাৰত মহাসাগৰলৈকে যাবলৈ হ’লে সঁচায়ে মাজত তেৰখন নদী। তাৰ আৰু বুজিবলৈ বাকী নাথাকিল। এক মুহূর্তও বিলম্ব
নকৰি সি ঢপলিয়াবলৈ আৰম্ভ কৰিলে।
জোনাকৰ পোহৰে তাক সহায়
কৰিলে। জোনবাইৰ যি ফালে এটি তৰা থাকে সেই ফালে নগৈ যি ফালে দুটি তৰা থাকে সেই দিশে
সি ঢাপলি মেলিলে। তাৰ লগে লগে জোনটোৱে লৰ ধৰিলে। সি বুজিলে, সি অকলশৰীয়া নহয়।
পুবতি নিশা সি প্রথমখন নদী পাৰ হ’ল এখন দীঘল বাঁহৰ সাঁকোৰে।
পাছদিনা ৰ’দ বৰ প্রখৰ হৈ ওলাইছিল। সি একোলৈকে কেৰেপ নকৰি কেৱল দৌৰি থাকিল। দুপৰ বেলা সি
দ্বিতীয়খন নদীৰ পাৰ পালে।
কিন্তু এতিয়া পাৰ হয়
কেনেকৈ, দূৰ দূৰলৈকে সেতু এখনো চকুত পৰা নাই। বগৰী গছৰ পুলি এটাৰ কাষতে বহি থকা
নাৱৰীয়া এটা সি দেখিলে। কিন্তু নাৱৰীয়াটো কোনোপধ্যেই যাবলৈ ৰাজী নহয়। “বাৰীত বগৰীৰ পুলি এটা ৰুইছোঁ, বগৰী পকি সৰি নোযোৱালৈকে, মই বুটলি নোখোৱালৈকে
ইয়াৰ পৰা অকণো লৰ-চৰ নহওঁ”। উপায় নাপাই সি নদীত
জাঁপ দিলে আৰু সাতুৰিয়ে পাৰ হ’ল নদীখন। নদীৰ পানীৰ শীতল
পৰশত তাৰ বল শক্তি যেন দুগুণে বাঢ়িল। সি দৌৰি থাকিল।
তৃতীয়খন নদীৰ পাৰ
পালেগৈ মাজৰাতি। সি অবাক হ’ল, নদী নে কি এইখন,
গোটেইখন দেখোন মেটাকানিৰে ভৰা। তাতে সি এটা কথা কোৱা কাছক লগ পালে। কাছটোৱে তাক
পিঠিত তুলি নদীখন পাৰ কৰি দিলে। বুঢ়া কাছটো বৰ ভাল, পৰোপকাৰী।
কথা অলপ বেছিকৈ কয়,
ঠিক আছে, তাতে কাৰ কি ক্ষতি?
চতুর্থ আৰু পঞ্চম নদী
দুখন পাৰ হওতে তাৰ বিশেষ অসুবিধা নহ’ল। নদী দুয়োখন বেচ বাম
আছিল। কিন্তু ইমানেই দূৰত্ব আছিল যে ইমানখিনিতে তাৰ সাতদিন সাতৰাতি পাৰ হৈ গ’ল। ষষ্ট নদীখনৰ পাৰ পাই সি হতাশ হৈ পৰিল। নদীখন ঠেক। কিন্তু পানী বৰ খৰস্রোতা।
এইবাৰ কি কৰা যায়। সি
নদীৰ পাৰতে বহি কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি এটা চেঙেলীয়া বেং ওলাই আহিল
চেচুকৰ পৰা। বেঙটোৱে ল’ৰাটোক এটা কায়দা শিকাই দিলে। ল’ৰাটোৱে বেঙটোক বিশ্বাস কৰা নাছিল, কিন্তু দেখা গ’ল যে তাৰ কৌশলে কাম দিলে। বেঙটোৱে শিকাই দিয়া পদ্ধতিমতেই ল’ৰাটো একেটা জাঁপতে নদীখন পাৰ হ’ল। অদ্ভূত কাণ্ড, ল’ৰাটোৱে নিজেই একো বিশ্বাস কৰিব নোৱাৰিলে।
সাত আৰু আঠ নম্বৰ
নদীদুখনো সি পাৰ কৰিলে সাতুৰি। ন নম্বৰ নদীখন সি পাৰ কৰিলে এখন কলগছৰ ভূৰেৰে। এয়া
আঠ নম্বৰ ৰাতি। কথাটো ভাবি সি অধীৰ হৈ উঠিল। তাৰ চকুৱেদি পানী বাগৰি আহিল। তেনেতে
সি দেখিলে নদীৰ পানী বাঢ়ি আহিছে। সি বুজিব পাৰিলে, তাৰ এটোপাল চকুৰ পানীৰ বিনময়ত
নদীখনত এফুট পানী বাঢ়ি আহে। সি হাহাকাৰ কৰি উঠিলে। মনত পৰিল সখিয়তিয়ে এদিন কৈছিল,
তাৰ চকুৰ পানীৰ মূল্য হেনো বহুত।
নদীখন পাৰ হোৱাৰ পিছত
সি আকৌ দৌৰি থাকিল। বহু দেৰিলৈকে সি দহনম্বৰ নদীখন বিচাৰি নাপালে। তাৰ পিছত যিখন
নদী সি পালেগোই তাতে এটা অদ্ভূত নাৱৰীয়াক সি লগ পালে। তেওঁবেই তাক পাৰ কৈ দিলে।
নদীখন বৰ বিশাল, ইপাৰ
সিপাৰ নেদেখা। নাৱৰীয়াটোৱে তাক ক’লে যে সি নজনাকৈয়ে
দহনম্বৰ নদীখন পাৰ হৈ আহিছে। নদীখনে সূতি সলোৱাৰ পিছত এতিয়া তাত এটা বালিচৰ হে পৰি
আছে। সি মনত পেলালে, এৰা এটা বালিচৰ সি পাৰ হৈ আহিছিল। তাৰমানে এইখন এঘাৰ নম্বৰ
নদী। অদ্ভূত নাৱৰীয়াটোৱে তাক ভাটিয়ালি গান এটা শুনালে। নাৱৰীয়াটো অদ্ভূত এইবাবেই
যে সি গান গালেই তাৰ ডিঙিটো দীঘল হৈ আহে, আৰু ব’ঠা বালেই দুখন হাতৰ ঠাইত চাৰিখন হাত দেখা পোৱা যায়।
নাবৰীয়াটোৱে তাক বিদায়
দিবৰ সময়ত আচৰিত ধৰণৰ ঘড়ী এটা দিলে। ঘড়ীটোত সূর্যৰ পোহৰে কেতিয়া পৃথিৱী চুবহি আৰু
কুকুৰাই কেতিয়া ডাক দিব সেইবোৰ কথা লেখা থাকে। সি বুজিলে এই ঘড়ীটোৱে তাৰ কাম বহুতো
মুস্কিল আচান কৰি দিব পাৰে।
কিন্তু সময় ক’ত, সময়? ইতিমধ্যেই দেখোন এয়া দহ নম্বৰ দিন। সি আৰু দৌৰিব নোৱাৰা হৈ আহিছে।
কোনোমতে গৈ বাৰনম্বৰ নদীখন পালেগৈ। পাৰত লাই হালে জালে। লফা হালে জালে। কলগছৰ ভূৰ
এখনতে বহি সি বুজিব পাৰিলে সি লেবেজান হৈ পৰিছে। পেটত ভোক। টোপনিয়ে চকুদুটা গধূৰ কৰি
পেলাইছে। নহ’বনো কিয়, সি দেখোন দহদিন হ’ল, চকুত টিপ এটাকে মৰা নাই। কথাটো ভাবি নিজেই আচৰিত হ’ল, ইমান দিন ধৰি মানুহ নোশোৱাকৈ থাকিব পাৰেনে বাৰু? কিন্তু যেতিয়াই টোপনিয়ে ভৰ
কৰেহি সেই ভৰতে তাৰ কলগছৰ ভূৰখনো বুৰিবলৈ ধৰে। ফলত ল’ৰাটোবে অলপো টোপনিয়াব নোৱাৰিলে।
ল’ৰাটোৱে বুজিলে হাতত থকা পাঁচটা দিনত সি আৰু একো অসাধ্য সাধন কৰিব নোৱাৰে। এই
কেইখন নদী পাৰ হওতেই ইমানখিনি হ’ল। সাতসাগৰৰ কথা পাহৰি
যোৱাটোৱেই শ্রেয়। তথাপি সি ঠিৰাং কৰিলে যে এই যাত্রাৰ মাজতেই যদি তাৰো জীৱনৰেখা
শেষ হৈ আহে সেয়াও ভাল। মৃত্যুৱেই হ’ব তাৰ অন্তহীন টোপনি।
সি আৰু যাত্রাৰ মাজত টোপনিয়াবলৈ চেষ্টা নকৰে।
এঘাৰনম্বৰ দোকমোকালিটো
আছিল কুঁৱলিৰে ঢকা। কুঁৱলিৰ মাজতে এখন লোহাৰ দলঙেৰে সি তেৰনম্বৰ নদীখন পাৰ হ’ল। তাৰ পৰা সাগৰৰ পাৰ পাবলৈ তাৰ বিশেষ অসুবিধা একো নহ’ল।
![]() |
Illustration: Akhilesh Arya |
তৃতীয় ভাগঃ ক’লৈ যাওঁ, কি কৰোঁ...
সাগৰৰ পাৰ পাই সি
দিগন্তৰ ফালে চাই থাকিল মাত্র। সি বুজিলে তাৰ চকুৰ পানীক সাগৰে কেৰেপ নকৰে। তাৰ
চকুৰ টোপনিৰ ভাৰে সাগৰক নোচোৱে। সি কেৱল চাই থাকিল, কেনেকৈ সাগৰৰ পানীয়ে ৰঙ সলায়,
কেনেকৈ উঠে নামে ঢৌ। সি তেনেকৈ বহুপৰ ৰৈ থকা দেখি কেটোৰ ক’লা মাছমৰীয়া এটা আগবাঢ়ি আহিল। মাছমৰীয়াটোকে সি গোটেইখিনি কথা ভাঙি পাতি ক’লে।
তাৰ কথা শুনি মাছমৰীয়াটোৱে
হোহোৱাই হাঁহিবলৈ ধৰিলে।
“তুমি সঁচায়ে বৰ অঁকৰা ল’ৰা” মাছমৰীয়াটোবে ক’লে। তুমি ইমানখন কষ্ট এনেয়েই কৰিলা। আচলতে তেৰনদী নামেৰে এখন নদী আছে। তেৰনদী
মানে তেৰখন নদী নহয়, তেৰনদী নামেৰে এখন হে নদী। এতিয়াও সময় আছে তুমি সেইখন নদীৰ
ফালে লৰ ধৰা। ল’ৰাটোৱে নিজৰ মূর্খামিৰ বাবে কপালত চপৰিয়ালে। তথাপি মনোবল নেহেৰুৱাই সি বাট ল’লে। কিন্তু সাত সাগৰ? মাছমৰীয়াটোৱে কৈছিল যে ল’ৰাটোৰ ভাগ্য ভাল, সময়ত সকলো সি নিজেই বুজিব পাৰিব। মাছমৰীয়াটোৱে ল’ৰাটোক বাট এটা দেখুৱাই
দিলে। সেই বাটেৰে গ’লে মাছমৰীয়াটোৰ মোমায়েকৰ ঘৰৰ পদূলিত বাঁহৰ শলাত বান্ধি থোৱা ঘোঁৰা এটা পাব।
দিলে। সেই বাটেৰে গ’লে মাছমৰীয়াটোৰ মোমায়েকৰ ঘৰৰ পদূলিত বাঁহৰ শলাত বান্ধি থোৱা ঘোঁৰা এটা পাব।
তেৰনদীখনো ওচৰত নহয়,
বহু দূৰ বাট। সি দৌৰি থাকিল আৰু দৌৰি থাকিল। তেৰ নদীৰ পাৰ পাবলৈ হ’লে এখন বিশাল মৰুভূমি পাৰ হ’ব লাগে। মাছমৰীয়াৰ
মোমায়েকৰ ঘৰৰ পৰা ঘোঁৰাটো লৈ সি আহল বহল বাওধানৰ খেতি এডৰাৰ মাজেৰে আগবাঢ়িল।
ঘোঁৰাৰ চেকুৰ দেখি জাকে জাকে হালধীয়া চৰাই উৰিবলৈ ধৰিলে।
ৰতনপুৰ নামৰ কৌটিকলীয়া
পুৰণি চহৰ এখনৰ মাজেদি আগবাঢ়ি গৈ থাকোতেই ৰাতি হৈছিল। চহৰখনৰ মানুহবোৰে শিয়ালীৰ
কটা কাণৰ বাতি জ্বলাই পথবোৰ পোহৰাই তুলিছিল। তিনি দিনৰ মূৰত সি মৰুভূমিখন পালেগৈ।
![]() |
Illustration: Akhilesh Arya |
চতুর্থ ভাগঃ মৰুভূমি
ঘোঁৰাটো এৰি সি
বালিয়েদি লৰ ধৰিলে। সূর্যৰ প্রখৰ তাপত সি আৱশ হৈ আহিল। তাৰ খোজ আৰু আগ নবঢ়া হ’ল। মৰুভূমিৰ বালিতে সি বাগৰি পৰিল। তেনেতে কৰবাৰ পৰা সখিয়তি আহি তাক হেচুকি
দিলেহি।
“হেই কি কৰিছা, তোমাৰ হাতত শুবলৈ সময় নাই”
“সখিয়তি মই নোখোৱাকৈ থাকিব পাৰোঁ, কিন্তু
নোশোৱাকৈ...”
“উঠা উঠা, নাজানা নেকি লক্ষ্মণে বনবাসৰ
কালত চৈধ্য বছৰ কাল নোশোৱাকৈ আছিল?”
ল’ৰাটোৱে আকৌ দৌৰিবলৈ ধৰিলে।
নিজান নিমাও মৰুভূমিখনত
সি চকামকাকৈ দেখা পালে দূৰণিত সাতটা ছায়ামূর্তি। মৰুভূমিৰ বালি উৰুৱাই যেন তাৰ ফালেই
আগবাঢ়ি আহি আছে। মৰুভূমিৰ প্রখৰ ৰ’দত সি একোকে স্পষ্টকৈ ধৰিব নোৱাৰিলে,
এয়া সঁচা নে ভ্রম! কাষ পালত সি দেখিলে সাতটা উটৰ পিঠিত সাতোটা মানুহ। এটাৰ লগত
আনটো মানুহ নিমিলে। দেখাই শুনাই গঢ়ে গতিয়ে আটাইকেইটা বেলেগ।
মানুহকেইটাই মৰুভূমিৰ
মাজত অকলশৰীয়া ল’ৰাটোক দেখি তাৰ লগত ৰং চোৱাৰ মনেৰে তাক ঘেৰি ধৰিলে।
সি ভয় খালে। মানুহ কেইটাই তাক ঘেৰি ধৰোতে সি পৰিত্রাণ পাবলৈ বুলি গাৰ জোৰেৰে জাঁপ
এটা মাৰিলে।
তেতিয়াহে মনত পৰিল ষষ্ঠ
নদীখন পাৰ হ’বৰ পৰত ভেকুলী এটাই তাক দীঘলকৈ জপিয়াবলৈ শিকাইছিল।
সি জাঁপটো মাৰোতেই দীঘলকৈ দাড়ী থকা আৰবীয়ান যেন লগা মানুহটো উটৰ পিঠিৰ পৰা কর্ফাল
খাই পৰিল আৰু ডিঙি মোটোকা খাই থিতাতে মৰি থাকিল। তাকে দেখি ল’ৰাটোক এসেকা দিবৰ
মানসেৰে বাকী মানুহকেইটাই তাক চাৰিওফালৰ পৰা আক্রমণ কৰিলে। সি উপায় নাপাই আকৌ এবাৰ
জাঁপ এটা মাৰিলে। এইবাৰো উটৰ পিঠিৰ পৰা বাগৰি কেকোৰা ছুলিৰ ক’লা ৰঙৰ মানুহটো মৰি
থাকিল। ঘটনাটো এনেকুৱা যে প্রতিবাৰেই মানুহবোৰে তাক ঘেৰি ধৰে আৰু সি এবাৰকৈ জাঁপ
মাৰি দিয়ে আৰু তাতেই এটাকৈ মানুহ মৰি থাকে। এনেকৈয়ে সাতোটা মানুহ মৰি থকাৰ পিছতহে
সি ভাবিলে, এয়া সি কি কৰিলে!
তেনেকুৱাতে তাক আচৰিত
কৰি উট কেইটাই নিজৰ মাজতে বুবু বাবা কৰিবলৈ আৰম্ভ কৰিলে। সি নাজানিছিল যে উট
কেইটাই কথা ক’ব পাৰে।
উট কেইটাৰ দলপতিটো
আগবাঢ়ি আহিল।
“উঠা মোৰ পিঠিতে বহা। মই তোমাক মৰুভূমিখন পাৰ কৰি দিম”।
সি উটটোৰ পিঠিত উঠি
বহিল। বাট বুলিবৰ পৰত উটটোৱে ল’ৰাটোক বহুতো কথা কৈ গ’ল। তাক আক্রমণ
কৰিবলৈ অহা মানুহকেইটা হেনো গোটেই পৃথিৱী কঁপাই থকা জলদস্যুহে আছিল। জলপথেৰে বহুতো
অপৰাধ সংঘটিত কৰাৰ পিছত এইবাৰ হেনো এই মৰুভূমিৰ মাজেৰে বিচৰণ কৰি কিবা নতুন
চক্রান্ত কৰিবলৈ আহিছিল।
মৃত্যুৰ মুখত পৰা
প্রথম মানুহটো হেনো আছিল আৰৱ মহাসাগৰৰ দস্যু। দ্বিতীয়টো আছিল আটলান্টিক সাগৰৰ। তেনেকৈয়ে
তৃতীয়টো প্রশান্ত মহাসাগৰৰ, চতুর্থটো ভূমধ্যসাগৰৰ। সিহঁতৰ আটাইকেইটাই নিজকে একো
একোখন মহাসাগৰৰ ৰজা বুলি নিজকে ঘোষণা কৰে। উটটোৰ কথা শুনি ল’ৰাটো উত্তেজিত হৈ
উঠিল। উটটোৱে ক’লে, “সেই সাতসাগৰৰ সাতটা দস্যুক তুমি সাতটা
জাঁপেৰে নিধন কৰিলা। তাৰ মানে ধৰি লোৱা তুমি মাত্র সাতটা জাঁপেৰে সাতখন সাগৰ পাৰ
হৈ আহিলা”।
ল’ৰাটোৰ মুখত ইমান দিনৰ মূৰত এই প্রথম হাঁহি বিৰিঙি উঠিল। সি বুজিলে তাৰ পথ চমু
হৈ আহিছে। এতিয়া কেৱল তেৰনদী পাৰ হ’লেই হ’ল। আজিয়েই শেষ দিন।
আজি ৰাতিটোৰ ভিতৰতে
কেনেবাকৈ তেৰনদীখন পাৰ কৰিব পাৰিলেই কাইলৈ ঢলফাট নৌ দিওতেই ৰাজকুমাৰীৰ লগত তাৰ
দেখা হ’ব।
মৰুভূমিখন শেষ হৈ
আহিল। উটৰ পিঠিৰ পৰা মহা উলাহেৰে জপিয়াই নামি ল’ৰাটোৱে ক’লে, “অশেষ ধন্যবাদ বন্ধুহঁত। তোমালোকে মোক বহুত উপকাৰ কৰিলা। এতিয়া মই আহোঁ, মোৰ
হাতত সময় তেনেই কম”। তেনেতে এটা কেতিয়াও নোহোৱা নোপজা ঘটনা
ঘটিল। হঠাৎ সন্ধিয়া হৈ পৰিল। সি আচৰিত হোৱা যেন দেখি উটটোৱে ক’লে, “আচৰিত নহ’বা। ভুল তোমাৰেই। সময়ৰ আচলতে কম বেছি বুলি একো নাই। আমি যেতিয়াই সময় কম বুলি
কওঁ, তেতিয়াই আমাৰ হাতৰ পৰা সময়ৰ কড়ি একোটা খহি পৰে। ল’ৰাটোৱে নিজৰ ভুল বুজি পালে। সি দৌৰিবলৈ ধৰিলে।
পঞ্চম ভাগঃ টোপনি
আন্ধাৰ যেতিয়া গাঢ় হৈ
আহিল তেতিয়াও তাৰ আগবাঢ়িবলৈ অসুবিধা নহ’ল। হাজাৰ হাজাৰ জোনাকীয়ে
তাৰ আগে আগে ৰাস্তা পোহৰাই গৈ থাকিল। সি অনুভৱেই নকৰিলে আজি যে আঁউসীৰ ৰাতি। শুকান
এৰা হাবিখনৰ মাজেদি দৌৰি গৈ থাকি সি দুপৰ নিশা নদী এখনৰ পাৰ পালেগৈ। তাৰ বুজিবলৈ
বাকী নাথাকিল যে এয়াই তেৰনদী। সি তেৰনদীৰ পৰা পানী এচলু খালে। তেৰনদীৰ পানী খাই সি
যেন দুগুণে সবল হৈ উঠিল। সি নদীত জাঁপ দি সাতুৰিবলৈ ধৰিলে। সি যিমানে আগবাঢ়ি গ’ল সিমানে শুকান হাবিখন সতেজ হৈ উঠিবলৈ ধৰিলে। শুকাল ডালবোৰত পাত ভৰি পৰিল। নদীৰ
সিটো পাৰে সৰিয়হৰ খেতি এডৰা হালধীয়া হৈ আহিল। তাৰ পোহৰতে আঁউসীৰ ৰাতিৰ বিভীষিকা দূৰ
হ’ল।
তেৰনদীত সাতুৰি অহাৰ
পিছত তাৰ দেহৰ পৰাও পোহৰ বিয়পিবলৈ ধৰিলে। সেই পোহৰতেই ভুলতে এজোপা দুজোপা
সূর্যমূখী ফুলে মূৰ তুলিলে। পিছত লাজ পাই আকৌ তলমূৰ কৰিলে।
মথাউৰিৰ পাৰ পাই সি
এবাৰ চাৰিওফালে চালে। এৰা এই ঠাইডোখৰৰ কথাই সখিয়তিয়ে কৈছিল। সফলতাৰ আনন্দত সি
উত্রাৱল হৈ উঠিল। আৰু অলপ সময়ৰ পিছতে সি ৰাজকুমাৰীক দেখা পাব।
ৰাজকুমাৰীৰ অভিশাপ দূৰ
হ’ব। সি এবাৰ সেই নাৱৰীয়াটোৱে দিয়া যাদুকৰী
ঘড়ীটো চালে। এৰা, সি সময়তকৈ অলপ আগেয়েই পালেহি। বেলিৰ প্রথম কিৰণে পৃথিৱী চুবলৈ
এতিয়াও বাকী। সি মথাউৰিৰ দাঁতিত তল ভৰি সৰি থকা পকা বগৰীৰ গছ এজোপাৰ তলতে বহি পৰিল।
সেইখিনিতেই এটা কলগছৰ চুবুৰি। কলগছবোৰৰ আগলতি পাতেৰে টোপ টোপকৈ সৰা নিয়ৰৰ ছন্দ সি
শুনিবলৈ পালে।
পুৱফালৰ আকাশত অলপ
পাছতে ফেঁহুজালি দিবলৈ আৰম্ভ কৰিব। এছাটি চেচা বতাহে তাৰ দেহা জুৰ পেলাই দিলেহি।
তাৰ চকু দুটা মুদ খাই আহিল। ল’ৰাটোৱে নাজানিছিল যে
কলাতলত টোপনিৰ ঘৰ।
পূৱফালৰ আকাশখন ৰঙা হৈ
আহিল। বেলিফুলবোৰে এঙামুৰি দিলে। অৱশ হৈ পৰা দেহাৰে ৰাজকুমাৰী আহি মথাউৰিৰ ওপৰ
পালেহি। হাতত দা-যাঠি আৰু কাণত ৰঙা ছাতি লৈ থকাটোৱে ৰাজকুমাৰীক ইয়ালৈকে লৈ আহিল। বেলিৰ
প্রথম পোহৰ আহি পৃথিৱী চোঁও চোঁও। ৰাজকুমাৰীয়ে অধীৰ হৈ চকুৰে মনিব পৰা দূৰলৈকে চাই
থাকিল। সখিয়তিয়ে দেখোন কৈছিল ঠিক এই সময়তে ল’ৰাটো আহি এইখিনি পাবহি। ল’ৰাটোক বিচাৰি বিচাৰি
হাতত দা-যাঠি আৰু কাণত ৰঙা ছাতি লৈ থকাটোও আঁতৰি গ’লগৈ। তেনেতে কুকুৰাই ডাক দিলে।
কুকুৰাৰ ডাকত ল’ৰাটোৰ ঘুমটি ভাগিল। হায় হায় এয়া সি কি কৰিলে! সি জাঁপ মাৰি উঠিলে আৰু দেখা
পালে মথাউৰিৰ ওপৰত ৰাজকুমাৰী। তাই তেনেই অৱশ হৈ পৰিছে। সি দৌৰি গৈ মথাউৰিৰ ওপৰ
পালেগৈ। এতিয়া সি ৰাজকুমাৰীৰ তেনেই ওচৰত। কিন্তু ইতিমধ্যেই বহুত দেৰী হৈ গৈছিল। ৰাজকুমাৰীৰ
জীৱনৰেখা সিমানলৈকেহে আছিল। ৰাজকুমাৰীৰ অৱশ দেহা মাটিত বাগৰি পৰিল।
ইতিমধ্যে সূর্যৰ ফালে মূৰ
তুলি আটাইবোৰ সুর্যমুখী ফুল ফুলি উঠিছিল।
অ, পাহৰিছিলোৱেই ক’বলৈ। ল’ৰাটোৰ নাম আছিল
সম্ভৱ মইনা আৰু ৰাজকুমাৰীৰ নাম ডেচডিমনা। যিয়েই নহওক, তাতে কাৰ কি আহে যায়? তাৰ পিছত
ৰাজকুমাৰীক ল’ৰাটোৱে জীয়াই তুলিব পাৰিলেনে? সেই হাতত দা যাঠি কাণত
ৰঙা ছাতি লৈ থকাটোনো বাৰু ক’লৈ গ’লগৈ? এই কথাবোৰ আগলৈ
কেতিয়াবা ক’ম। আজিলৈ আহোঁ। বৰকৈ টোপনি ধৰিছে।
টোপনি এ তোৰে কলাতলত ঘৰ
সমুদ্র কাজল শইকীয়া
টোকাঃ
দেখাত এটা সাধুকথা যেন লাগিলেও কাহিনীটো কিন্তু
সঁচা। “ক্লান্তি আমাৰ ক্ষমা কৰো প্রভূ” - যি গীতটোৰ অনুপ্রেৰণাৰে এই কাহিনীটো লেখা হৈছিল সেই গীতৰ কোনো উল্লেখ ইয়াৰ
মাজত নাই। সেইটো এটা ৰবীন্দ্রসঙ্গীত, চহৰৰ কোলাহলৰ ব্যস্ততাৰ মাজতো যিটো খুব ঘনে
ঘনে মোৰ মনত পৰি থাকে। এই কাহিনীটো সৰুৱে বৰে সকলোৱে পঢ়িব পাৰে। কাহিনীটো যিমান সহজ,
সিমানেই জটিল।
কাহিনীটো লেখাৰ পাছতহে দেখিলোঁ, আৰু কেইবাটাও গীত
(আচলতে নাম, ধাইনাম) ইয়াৰ মাজতে সোমাই আছে। সেইবোৰ নিচুকণি গীত মনৰ মাজতে সদায়ে
উকমুকাই থাকে। হয়তো এই কাহিনীটো যি সকলে পঢ়িব, তেওঁলোকৰ মনৰ মাজতো সেইবোৰে এটা
বিশেষ স্থান অধিকাৰ কৰি আছে। বিশেষ লেখিবৰ সকাম নাই, মোৰো টোপনি ধৰি আহিছে।
ই বোলে কাণ খোৱা,
সি বোলে কাণখোৱা
কাণখোৱাই
কি কাম কৰে,
হাতত দা-যাঠি, কাণত ৰঙা ছাতি
ল’ৰাৰ কাণ খাই ফুৰে... ...
শিয়ালী এ নাহিবি ৰাতি,
তোৰে কাণ কাটি লগাম বাতি... ...
শিয়ালীৰ মূৰতে মৰুৱা ফুল,
শিয়ালী পালেগৈ ৰতনপুৰ... ...
লাই হালে জালে আবেলি বতাহে
লফা হালে
জালে পাতে;
আমাৰে মইনাই হালিছে জালিছে
কালি
আবেলিৰ ভাতে... ...
জোনবাই এ এটি তৰা দিয়া,
এটি তৰা নেলাগে দুটি তৰা দিয়া।
হালধীয়া চৰায়ে বাওধান খায়,
শহুৰৰ পুতেকে নাও মেলি যায়।
নাৱে বোলে টুলুং ভুটুং
বঠাই বলে টুলুং ভুটুং
গধুলিতে গধুলিতে ডবা কোবায়... ...
আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব... ...
টোপনি এ তোৰে কলাতলত ঘৰ
সকলো ৰাইজৰ টোপনি আহি মইনাৰ চকুতে ধৰ... ...
![]() | |
|
![]() | |
|
![]() | |
|
![]() | |
|
![]() | |
|
![]() | |
|
No comments:
Post a Comment