Sunday, December 1, 2013

The House of Tortoise






















The House of Tortoise
(Text from the book)
A nonsense story

Disclaimer: this is a purely kankhowa nonsense book. No animals were hurt during the process of making the book other than a few cockroach found in the refrigerator of the writer.


Very long long ago, the tortoises were not looked like the same as they are today.
They did not have a shell on their back, like today. Millions- billions years ago...
They were just like other worms or reptiles.

In those days all the living creatures were migrating constantly from one place to another for their survival. Many natural difficulties were there in their livings. Storms, floods, earthquakes, civil wars, nuclear failures, big river dam mistakes and what not.

For a better place, they were just moving.

Tortoise was homesick. Now you can easily guess, a homesick usually does not prefer to move away. Moreover, tortoise was very slow in walking. So he was creating hazard for himself as well as for others, since other animals were very concern about his survival also.

But this narcissist fellow understood nothing.

The animals move. Wherever they reach can you guess what’s the first thing the tortoise would do? He would build a house. When others go searching food he stays inside doing his household tasks.

The elephants were worried about him, they discussed, “we’ve to do something with this guy, and otherwise he won’t survive anymore. It’ll be tragic if he gets extinct.”

But the tortoise used to say: my mathematics teacher always used to say, one loses dignity who leaves a position… The tortoise also quoted Albert Einstein from internet sources: “Everybody is a genius. But if you judge a fish by its ability to climb a tree, it will live its whole life believing that it is stupid.” Nobody actually understood what the tortoise wanted to say.

If we keep migrating someday there will be some houses burning in fire... I don’t want to repeat what happened in Kokrajhar in 2012

Nobody understood what he meant...

The Tortoise is not only narcissist, homesick, slow in walk, but also equally confused about everything. “If we settle down our houses, then also there is a probability of a six year long students movements confronting many socio-political identity issues... I can’t forget what happened during 1979-85 in North Indian states and neither can I forget the aftermaths”

Nobody understood what he meant...

Finally all animals took a decision. They took the tortoise to Brahma, the absolute creator. Brahma judged the entire situation and set up a fact finding committee. He said, “It seems this guy needs a house all the time. And without a house he cannot move ahead. So let’s be it. Tathastu!”

Following BRAHMA’s instruction VISHWAKARMA started the construction work...
Work in progress...

From then onwards the tortoise got a shell on his back. That’s his house. Wherever he goes, he carries a house with him.



Samudra Kajal Saikia

ইয়াৰ দ্বাৰা আৰু একো নহ'ব (মেট্ৰিমনি ত্ৰিপ্টিক ১)

ইয়াৰ দ্বাৰা আৰু একো নহ'ব
(মেট্ৰিমনি ত্ৰিপ্টিক ১) 
Art: Akhilesh Arya


ভালপোৱাৰ ওপৰত তাৰ আৰু আস্থা নোহোৱা হ'ল। আগতেও নাছিল, কিন্তু এতিয়া আৰু একেবাৰেই নাই। কথাষাৰৰ মানে বৈৰাগ্য নহয় কিন্তু। আহ যদি আহ ভালপোৱা মোৰ দুৱাৰ খোলা- এয়া তাৰ স্থিতি। কিন্তু ভালপোৱাৰ বাবে হাবাথুৰি খোৱাত নাই। আহিলে ভালপোৱা নিজে তাৰ ঘৰলৈ আহিব, সি ভালপোৱা বিচাৰি ওলাই যোৱাত নাই। যুক্তিৰে জীৱনটো চোৱাই মঙ্গল সি বুজি উঠিছে। যিহেতু বয়স হৈ আহিছে, নিঃসঙ্গতাৰ মুক্তি তাকো লাগে, ঘৰৰ ছাপ দিনক দিনে বাঢ়ি আহিছে- হয়, বিয়া, বিয়া পাতিবই লাগিব আৰু সোনকালেই পাতিব লাগিব। ভালপোৱালৈ বাট চাই নাথাকি মেট্ৰিমনিয়েল চাইট একোটাতে বিবাহোপযুক্ত পাত্ৰী বিচাৰি লোৱাই যুক্তিসঙ্গত। গতিকে পঙ্কজৰো এটা মেট্ৰিমনিয়েল প্ৰফাইল হ'ল।

প্ৰফাইল-টো খোলাৰ পিছত বন্ধু বান্ধৱৰ আগত কওতে সকলোৱে একে একে এইবাৰ সঁচা কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে। যি সকলে অন-লাইন সম্পৰ্ক বিচৰাৰ বিৰোধিতা কৰি আহিছিল সিহঁতৰো হেনো একোটাকৈ প্ৰফাইল কৰবাত নহয় কৰবাত আছেই। কোনোবাই যদি এনেয়ে ধেমালিৰ ছলেৰে খুলি থৈছে, কোনোবাই প্ৰয়োজনতেই খুলিছে। আন কোনোবাই আকৌ ঘৰৰ কথা এৰাব নোৱাৰি মেট্ৰিমনিয়েলত প্ৰফাইল খুলিছে। সি যি কি নহওক এই কেইদিনমান ধৰি অফিচতো মেট্ৰিমনি বিষয়টোৱে তোলপাৰ লগাই আছে।

দিন বাগৰে, উত্তেজনাও শাম কাটে।
কেইদিনমানলৈকে পূৱা গধূলি নিতৌ পাত্ৰী বিছৰাৰ ধুম উঠিল যদিও এতিয়া সি বুজি উঠিছে এইবোৰ সব মিছা। মায়া মাথোঁ! কাৰোবাৰ যদি ফটো দেখিয়েই ভাল লগা নাই, কাৰোবাৰ লগত হয়তো দু-আষাৰ কথা পাতিয়েই ভাল নালাগিল। তাৰোপৰি গোটেই কাৰবাৰটো কিবা বজাৰত শাক পাচলি কিনোতে বস্তুবোৰ হাতেৰে পিটিকি পিটিকি চোৱা যেন লাগিল। বিয়া নামৰ অনুষ্ঠানটোৰ ওপৰতেই মাজে মাজে খং উঠি যায়। কিন্তু মানুহবোৰৰ পৰা পলাইতো থাকিব নোৱাৰি, গতিকে ঘূৰি পকি একেটা কথাই উঠে। অফিচেই হওক, বজাৰে সমাৰেই হওক, পৰিয়ালৰ ভিতৰতেই হওক। সকলোতে মাথোঁ একেটাই প্ৰশ্ন - বিয়া কেতিয়া, বিয়া কেতিয়া। সিদিনা হঠাতে হাইস্কুলত একেলগে পঢ়া ৰঞ্জুৱে পুৰণা গ্ৰুপ ফটো এখন ফেচবুকত দি লগৰ গোটেইমখাকে টেগ কৰ দিছিল। তেতিয়াই হঠা বহুদিনৰ মূৰত সি বাসবীক দেখিলে। লগে লগে বাসবীলৈ ফ্ৰে'ণ্ড ৰিকুৱেষ্ট পঠালে। ফেচবুক বন্ধুত্বতো প্ৰথম দিনাই বাসবীৰ মূখতো একেটাই কথা- বিয়া পতাই নাই নেকি, মই আকৌ ইমান দিনে ঘোৰ সংসাৰী হ'লাগৈ বুলিহে ভাবি আছিলোঁ... ইত্যাদি ইত্যাদি। পঙ্কজেও আন সকলোকে কোৱাৰ দৰে তাইকো একেটাই কথা কৈ থ'লে, মোলৈ ছোৱালী বিচৰাৰ দায়িত্ব তোমাকেই দিলো আৰু। তায়ো হাঁহি হাঁহি ক'লে, ঠিক আছে বাৰু কিন্তু চৰ্ত হ'ল, সিও তাইৰ বাবে ল'ৰা এটা চাই দিব লাগিব।  

স্কুলত পঢ়ি থাকোতেই পঙ্কজ আৰু বাসবী ভাল বন্ধু আছিল। কিন্তু লগৰবোৰ আছিল মহা অঘাইটং। সিহঁতৰ স্কুলত ল'ৰা আৰু ছোৱালী একেখন বেঞ্চত বহাতো দূৰৰে কথা ল'ৰাই ছোৱালীলৈ চোৱাটোও এটা অপৰাধ আছিল। এটা সময়ত পঙ্কজ আৰু বাসবীক লৈ লগৰবোৰ ইমানকৈ জোকাবলৈ ধৰিলে যে সিহঁতে কথা পাতিবলৈকে বন্ধ কৰিলে। গতিকে শেষ কেতিয়া সিহঁতে খোলাখুলিকৈ কথা পাতিছিল সেয়া সিহঁত এটাৰো ভালকৈ মনত নাই। পঙ্কজে এতিয়া দিল্লীৰ কোম্পেনী এটাত চাকৰি কৰে আৰু বাসবীয়ে ডাবল্ এম এ কৰি এতিয়া জৱাহৰলাল ইউনিভাৰছিটিত এম ফিল কৰি আছে। মাজতে দুবছৰমান কোনোবা স্কুল এখনত শিক্ষকতাও কৰিছিল।

কেইমাহমানৰ পিছৰ কথা। বহুদিনৰ মূৰত পঙ্কজে মেট্ৰিমনিয়েল চাইটটো খুলি চাওতে এগৰাকী পাত্ৰীৰ ফটো দেখি অলপ চিনাকি চিনাকি যেন পালে। কৰবাত যেন লগ পাইছে বা দেখিছে। ভাবি ভাবি পাৰ নাপালে। পিছত হে গম পালে বাসবীৰ ফেচবুক টাইমলাইনত দেখিছিল। বাসবীৰ লগত একেলগে জে এন ইউত এম ফিল কৰি আছে। নাম ঋজু। বেয়া নালাগিল। কথা পাতি চাব পাৰি। বাসবী আছে যেতিয়া কথা আগবঢ়াবলৈ সুবিধাই হ'ব। বাসবীৰ সন্মুখত সি কথাটো উলিয়ালে।

বাসবীৰ এইবাৰ অবাক হোৱাৰ পাল, "কি? তই মেট্ৰিমনিয়েল চাই বিয়া পাতিবি?" তাই চিঞৰ মাৰি উঠিল।
"কিনো নাভূত নাশ্ৰুত কথাটো হ'ল? হোৱাটচ্ ৰং উইথ ইট?"
"নহয়, মানে ঠিকেই আছে। কিন্তু প্ৰেম তো দূৰৰে কথা কোনো আগতীয়া চা চিনাকিও নথকাকে'..."
"ৰ ৰ। মোৰ কথা শুন। দহবছৰ ধৰি সম্পৰ্কত থকা ছোৱালী এজনীও বিয়াখনৰ ঠিক পিছতে আচলতে এজনী সম্পূৰ্ণ নতুন মানুহ। ত্ৰিশ চল্লিশ বছৰ একেলগে থকাৰ পিছতো মানুহৰ সম্পৰ্কত ফাট মেলে।" এইবাৰ আৰম্ভ হ'ল পঙ্কজৰ যুক্তি। 
"সেইবোৰ বাৰু হয়। কিন্তু ইটোৱে সিটোক বুজি নোপোৱালৈকে..."
"তয়ে ক চোন, মানুহ বুজি পাবলৈ কিমান সময় লাগে? কিবা নিৰ্দিষ্ট সময় আছে নেকি?"
"সেইটো বুজিছোঁ। কেতিয়াবা গোটেই জীৱনটোও পাৰ হৈ যাব পাৰে বুজোতে বুজোতে।"
"তেনেহ'লে?"
"কিন্তু মেট্ৰিমনি... মানে তই যে মেট্ৰিমনি বিশ্বাসত ল'বি ভাবিবই পৰা নাই।"
"ডেফিনিটলি এইটো এটা ভাল আইডিয়া। ইয়াত ল'ৰা ছোৱালীয়ে নিজে সিদ্ধান্ত ল'য়। ইটোৱে সিটোৰ প্ৰফাইল চাব। কথা পাতিব। ইটোৱে সিটোৰ প্ৰয়োজনখিনিৰ কথা সুধিব, নিজৰ কথা ক'ব। লাহে লাহে বুজিবলৈ আৰম্ভ কৰিব। কিনো বেয়াতো?"
"কিন্তু তথাপি।" ওহোঁ, বাসবীয়ে যেন কথাবোৰ মানি ল'ব নোৱাৰিলেই। তথাপি ঋজুক তাৰ কথা ক'ব আৰু পাৰিলে এবাৰ সাক্ষাৎ কৰাই দিব বুলিও দায়িত্ব ল'লে।

বাসবীয়ে উদ্যোগ ল'লে। মেট্ৰিমনিয়েলৰ পৰা ফেচবুক, আৰু ফেচবুকৰ পৰা কথা বতৰা ফোন পালেহি। কেইদিন মান সময় নাই অসময় নাই টেক্সটিং চলিল। তাৰ পিছত আৰু বিশেষ একো আগ নাবাঢ়িল। এদিন সময় উলিয়াই লগ কৰিম লগ কৰিম বুলি থাকি থাকি আৰু সেই 'সময় উলিওৱা' নহ'লেই।

আৰু তিনিমাহমান পাৰ হৈ গ'ল। এদিন হঠাৎ বাসবীয়ে মেছেজ পঠালে, এবাৰ দেখা কৰিব বিচাৰে। বহু বছৰেই হ'ল লগ নোপোৱা। লগতে কিবা ইম্পৰটেন্ট কথা এটা আছে হেনো তাক ক'ব লগীয়া। সিও প্ৰায় জাপ মাৰিয়েই উঠিল, অহা দেওবাৰেই তেনেহ'লে দেখা কৰাটো খাটাং? খাটাং। ঋজু সেইদিনা ফ্ৰী থাকিব নে? থাকিব। ভাল তেনেহ'লে, সেয়ে হওক। 

দেওবাৰৰ আবেলি। পঙ্কজ জে এন ইউৰ পৰিসৰ পালেগৈ। বাসবী আৰু ঋজু ৰৈয়েই আছিল গে'টৰ মুখতে। হাইস্কুল পাছ কৰাৰ পিছত এই প্ৰথম পঙ্কজ আৰু বাসবীয়ে ইটোৱে সিটোক সোঁ-শৰীৰে লগ পাইছে। দুয়োটা ফুৰ্তিতে জপিয়াই উঠিল। ঋজুৰ লগতো সাধাৰণ ভাবেই চা-চিনাকি হ'ল। বাটত কেনেকৈ কথা পাতিম, কি বা কথা পাতিম- এইবোৰ কথা ভাবি সি অলপ নাৰ্ভাচ হৈ আছিল যদিও লগ পোৱাৰ পিছত কথাবোৰ স্বাভাৱিক হৈ পৰিল। সিঁহত গৈ গোদাৱৰী ধাবাতে বহি চাহ তিনিকাপ আনি ল'লে। আনন্দতে সি বিপ্লৱলৈ ফোন কৰিলে, আজি মই কাৰ লগত আছো জাননে... বিপ্লৱৰ পিছত নৱ, প্ৰশান্ত, মুজামিল আটাইবোৰলৈকে সি এটা এটা কৈ ফোন লগালে। মাজতে এবাৰ ঘৰৰ পৰাও ফোন আহিল। দেওবাৰেই সাধাৰণতে ঘৰৰ মানুহে তালৈ ফোন কৰে। বাকী দিনবোৰত সি ব্যস্ত থাকে বুলি জানে।

সন্ধিয়া উভটি আহিলত হে সি মন কৰিলে, ইমান দিন ধৰি লগ কৰিম লগ কৰিম বুলি থকাৰ পিছত যেতিয়া লগ কৰা হ'ল তেতিয়া আকৌ বিশেষ একো কথা পতাই নহ'ল। ইটোৰ পিছত সিটোকৈ ফোনত লাগি থাকোতেই সময়খিনি গ'ল। তাৰ নিজৰে নিজৰ ওপৰত হাঁহি উঠিল। খঙো উঠিল।

এসপ্তাহ মানৰ পিছত বাসবীয়ে ফেচবুকতে এবাৰ সুধিছিল, ঋজুক লগ পাই কেনে লাগিল? ভালেই - সি ক'লে। আগ বাঢ়িব পাৰি নে? সি একো নক'লে। আচলতে কি ক'ব লাগে সি বুজিয়েই নাপালে। গতিকে উত্তৰ দিয়া নহ'ল। পিছত সময় উলিয়াই কথাবোৰ চালি জাৰি চাই ভাবিব লাগিব। এনেকৈ ভাবোতে ভাবিবলৈকো তাৰ সেই সময়কণ আৰু নোলালেই।  দিন বাগৰি গ'ল। সি যেতিয়া বুজিলে যে সি আচলতে উত্তৰ দিবলৈ বহু বেছি সময় ল'লে এতিয়া আকৌ কথাটো আৰম্ভ কৰিবলৈ নিজেই টান পোৱা হ'ল। গতিকে কথাটো সিমানতে থাকিল।

আনহাতে বাসবীয়ে ভাবিলে পঙ্কজে হয়তো মুখ ফুটাই না বুলি ক'বলৈ বেয়া পাইছে। সেয়েহে তাইয়ো আকৌ কথাটো নুলিয়ালে। বহুদিনৰ মূৰত সি দেখিলে ফেচবুকত ঋজুৰ প্ৰফাইলটো নাই। এটা অধ্যায় আৰম্ভ হওঁ হওঁ বুলিও আৰম্ভ হোৱাৰ আগতেই শেষ- সি ইয়াকে বুজিলে।



এই ঘটনাখিনিৰ পিছতো ডেৰ বছৰ পাৰ হ'ল। পঙ্কজৰ গতি লগাৰ কোনেও একো লক্ষণ দেখা নাই। ইতিমধ্যে বাসবীৰো বিয়া ঠিক হ'ল। বাসবীৰ বিয়াৰ সময়তে সিও অসমলৈ যাব। ঘৰলৈ যাওতে বাসবীৰ বিয়াখনো তাৰ খোৱা হ'ব। বিয়া হ'ল। কিন্তু পঙ্কজৰ হে যোৱা নহ'ল। বহু বছৰৰ মূৰত পঙ্কজে এই প্ৰথম লগৰ কাৰোবাৰ বিয়া খাব বুলি ভাবিছিল যদিও কামৰ হেঁচাৰ অজুহাতত সেয়াও বাতিল হ'ল। বিয়াৰ পিছত বাসবীৰ সংসাৰ দিল্লীতেই হ'ব। গতিকে পিছত কেতিয়াবা নহয় কেতিয়াবা তাইক লগ কৰি শুভকামনা এটা যাছিব পৰা যাব।

বিয়াৰ পিছত বাসবীয়ে দিল্লীলৈ আহি এটা পাৰ্টি ৰাখিলে। বহুতো পুৰণা বন্ধুৰ ৰি-ইউনিয়ন এটা হ'ল, পঙ্কজো আহিল। আকৌ আনদিনাৰ দৰেই পঙ্কজ কেন্দ্ৰ আকৰ্ষণ হৈ ৰ'ল। আৰু ভালকৈ ক'বলৈ হ'লে পঙ্কজৰ বিয়া আৰু পঙ্কজৰ ছোৱালী চোৱা এয়াই আলোচনাৰ কেন্দ্ৰ বস্তু। পঙ্কজে বুজি উঠিছে, লাহে লাহে সি এনেকুৱা সামাজিক পৰিবেশবোৰত এটা হাঁহিৰ খোৰাক হৈ উঠিছে।

বাসবীৰ আজি বিৰাট আনন্দ, ইমানবোৰ বন্ধু বান্ধ আহি ঘৰখন ভৰি পৰিছে। তাই অনৰ্গল কথা কৈ গৈ আছে। তাই আগৰ ইমানকৈ কথা নকয়, এই আজিহে ইমানকৈ মুখখন চলিছে তাইৰ। বাসবীয়ে হাঁহি হাঁহি ক'লে, "পঙ্কজৰ দ্বাৰা একো নহ'ব। আমি ধৰি বান্ধি কিবা এটা কৰি দিলেহে যদি কিবা হয় আৰু। জে এন ইউত এবাৰ ছোৱালী চাবলৈ গৈ সি যি খন কৰিলে। ছোৱালী জনী সন্মুখত আছে। প্ৰথমবাৰৰ বাবে লগ পাইছে। কথা পাতিব লাগে, নাই তাৰ হুঁচেই নাই। এবাৰ ইটোলৈ ফোন লগাইছে, এবাৰ সিটোলৈ ফোন লগাইছে। সন্মুখত থকা ছোৱালীজনীয়ে কিয় ভাল পাব বাৰু?" পঙ্কজে তাৰ মুৰ্খামীৰ বাবে লাজ পালে। কিন্তু নিজৰ লাজ ঢাকিবলৈকে ক'লে, "মোক যে কৈছ, তই নিজেওতো একো কথা নুলিয়ালি। ময়ো সুধিবলৈ পাহৰিলোঁ, তই তোৰো কিবা ইম্পৰটেন্ট কথা এটা আছিল বুলি কৈছিলি। সেইটোও নকলি"। বাসবী মনে মনে থাকিল।

পাৰ্টিৰ শেষ স্তৰ। ৰঙা পানীটুপি শেষ হৈ আহিছে। এজন দুজনে খোৱাৰ প্লেট হাতত লৈছে। বিপ্লৱে পঙ্কজক লৈ বেলকনিলৈ আহিল চিগেৰেট এটা হুপিবৰ বাবে। বিপ্লৱে ক'লে, "তই যিদিনা ঋজুক লগ কৰিবলৈ গৈছিলি, সেইদিনা তোৰ নোটবুক এখন আছিল যিখন টেবুলৰ ওপৰতে থৈ তই ফোনত কথা পাতি আছিলি।"

"হ'ব পাৰে। নোট বুক এখন মোৰ থাকেই। কিন্তু ইমানদিনৰ আগৰ কথা মনত নায়েই। এক মিনিট, হঠাৎ এইটো কথা কিয় ক'লি? তই কেনেকে' জানিলি?"
"মোক অলপ আগতে বাসবীয়ে ক'লে। তাৰ মাজতে বাসবীয়ে কিবা আঁক বাক কৰিছিল নেকি?"
"ঠিক ধৰিব পৰা নাই। নোটবুকখন উলিয়াই চাব লাগিব। অ' ৰবিচোন অলপ অলপ মনত পৰিছে, মই কথা পাতি থাকোতে তাই লুটিয়াই বগৰাই চাই আছিল আৰু অন্যমনস্ক ভাবে কিবা কিবি কৰি আছিল হয়... হয় হয় মনত পৰিছে।"
ইমানেই কথা হ'ল। তাৰ পিছত দুয়ো খাবলৈ গ'ল।

আকৌ বহুত দিন পাৰ হৈ গ'ল। পঙ্কজৰ আৰু একো নহ'ল। এতিয়াও সেই আগৰ দৰেই তাৰ বৰলাৰ জীন।
এটা দেওবাৰে ঘৰ চাফা কৰো বুলি লওতে পঙ্কজে পুৰণা নোটবুকখন দেখিলে। লুটিয়াই বগৰাই চালে। আঁক বাঁক নহয়, বাসবীৰ গোটা গোটা হাতৰ আখৰ কেইটামান সি দেখা পালে। "পগলা তোৰ দ্বাৰা আৰু একো নহ'ব। তোক নো আৰু কি ক'ম, মোৰ দ্বাৰাও একো নহ'ব। স্কুলত থাকোতে লগৰ বোৰে তোক মোৰ কথা কৈ জোকাইছিল বুলি জানিছিলোঁ। এতিয়া আমি দুইটায়েই ইটোৱে সিটোৰ কথা ভাবিব পাৰো নেকি এবাৰ ভাবি চাবি। এই কথাখিনি এবাৰ পঢ়াৰ পিছত এই পাতখিলা ফালি পেলাই দিবি।"

পঙ্কজে সেই পাতখিলা জীৱনত আৰু কেতিয়াও ফালি পেলাই দিব নোৱাৰিব।


       
 সমুদ্ৰ কাজল শইকীয়া

  



ঘৰত ভাল?

Art: Akhilesh Arya
কে'বাখনো বাছে কোন কেনেকৈ আগতে যাব পাৰে, কোনে কিমান মানুহ টানিব পাৰে তাকে লৈ হেতা ওপৰা কৰি আছিল। ল'ৰাটো এখন বাছত উঠিলে, ওহো, এনেকৈ নোৱাৰি আৰু, ইমান ভিৰত নোৱাৰি যাব বুলি সি নামি আহিল। নামি আহি ন্য এখন বাছত সি উঠিল। ইয়াতো একেই ভিৰ। তথাপি এনেকৈয়ে যাব লাগিব, সি বুজিলে। এইখন বাছত নুঠি অন্য এখনত উঠাহেতেন কি হ'ল হেতেন? অলপ সময়ৰ ইফাল সিফাল হ'লহেতেন, হয়তো বহিবলৈ চিট এটা পালে হেতেন বা নেপালেহেতেন। তাতকৈ বেছিতো আৰু একো নাই।

গণেশগুৰিত ৰৈ থকা বাছখনে যাবলৈ খৰখেদা কৰা যেন দেখুৱাইছিল যদিও আকৌ ৰৈ গ'ল। আগৰখন বাছক দেও দি আকৌ মানুহ বিচাৰি চিঞৰাত লাগিল পৰিচালক জনে। আৰু কিমান পাণ জপাদি মানুহ জাপিব ইহঁতে বুলি ভোৰভোৰাই ভোৰভোৰাই মানুহ এজন বহি থকা আসনৰ পৰা উঠি নামিব খুজিলে। আসনখন হঠাতে খালী হোৱাৰ সি  হাততে স্বৰ্গ ঢুকি পালে। খিৰিকীৰ কাষৰ আসনত তাই বহি আছিল। সি ঘপহ কৈ বহি পৰাত তাইক অলপ সময়ৰ বাবে অলপ আপ্ৰস্তুত হোৱা যেন দেখা গ'ল। সিও অলপ হ'লেও সচেতন হ'ল তাইৰ প্ৰতি। বাছখন এতিয়া সোনকালে আগবাঢ়িলেই হয় আৰু, এয়ে দুয়োৰে - দুয়োৰে নহয় সকলোৰে মনৰ ভাব।

গণেশগুৰিৰ পৰা চান্দমাৰিলৈ তেনেই চমু বাট। কিন্তু কেতিয়াবা এই বাটটোও দীঘল গৈ পৰে। যাত্ৰাপথৰ দূৰত্বৰ ধাৰণাটো সদায়ে আপেক্ষিক। সেই যে এখন তামোলৰ বাট বুলি কোৱা হয়, তামোলখন কেনেকুৱা তামোল? চূণে ধপাতে মিহলাই খোৱা পাগ উঠি মূৰত ধৰি যোৱা তামোল যদি হয়, বাটতে গছৰ তলত বহি জুৰাব লগীয়া যদি হয় সেই এখন তামোলৰ বাটটোও দীঘল বাটেই।

শৰতৰ বতৰ যদিও মানুহৰ ভিৰৰ বাবে  আৰু খোলা আকাশত অবাধ স্বাধীনতা উপভোগ কৰি ফুৰা সূৰ্যটোৰ বাবেও গৰমে মানুহবোৰক অশান্তিত ভূগাইছে। শেষ বাৰিষাৰ শেষ বৰষুণ দুদিনমানৰ আগলৈকে আছিল বাবেই হয়তো এতিয়াও আৰ্দ্ৰতাই আমনি দি আছে। গুপগুপীয়া গৰমত উচপিচনি লাগিছে। গণেশগুৰিৰ পৰা জুৰোড তিনিআলিলৈকে কোনো কেতিয়াও গৈ নোপোৱা এটা যাত্ৰা যেন লগা হ'ল সকলোৰে। জুৰণি পথৰ ওচৰতে জুনিয়ৰ কলেজৰ ছাত্ৰী দুজনীমান ৰৈ আছে। ভিৰ বুলিয়েই বাছ খনত তেওঁলোক নুঠিল। পানৰ গুমটিটোৰ ওচৰতে ল'ৰা এটাই ছোৱালী এজনীক বাট ভেটা দি আগচি কিবা এটা কৈছে। ছোৱালীজনীৰ মুখ ওফোন্দা। প্ৰেমিক-প্ৰেমিকাৰ কাজিয়াৰ এটা সুলভ দৃশ্য। তিনি আলিৰ ওচৰতেই নেকি, মানুহ এজনৰ লগত ফটা নোট এখনক লৈ কণ্ডাক্টৰে কাজিয়াৰ আৰম্ভ কৰিলে। কোনোবাই কাজিয়াৰ মজা ল'লে, কোনোবা বিৰক্ত হ'ল। ঠায়ে ঠায়ে বাখন ৰৈছে আকৌ চলিছে। মানুহ উঠিছে, নামিছে। কোনোবাই বহিবলৈ পাইছে কোনোবাই নাই পোৱা। কোনোবাই কথা পাতিছে, কোনোবাই নাই পতা।

কমাৰ্ছ কলেজৰ ষ্টপেজ পাৰ হোৱাৰ পিছতে ইমানপৰে খিৰিকীৰে বাহিৰলৈ চাই থকা তাই অকণমানি বেগটো ভালকৈ খামোচ মাৰি ধৰিলে, হয়তো তাইৰ নামিবৰ হৈছে। সি লাহেকৈ সুধিলে, "ঘৰত ভাল?"।
তাই ক'লে, "ভাল। মৰম চেনেহেৰে ভৰা ঘৰ। পইচা পাতিক লৈ অসুবিধা একো নাই। ক'তো কোনো এম্পটিনেছৰ বাবে ঠাইয়েই নাই বুলিব পাৰি। বহু দিনৰ পৰা ভাবি থকা মনে বিচৰা কামবোৰ কৰিব পৰা হৈ উঠিছোঁ এটা এটাকৈ।"

"হুঁ। ভাল তেনেহ'লে। সুখীয়েই দেখোন এতিয়া।"
"হয়। তাত কোনো প্ৰশ্ন নাই। কিন্তু মই সুখী হ'ম- সেইটোৱেই শেষ কথা নাছিল নহয়।"
"তেনেহ'লে?"
বাছখন চান্দমাৰি পালেগৈ। তাই বহি থকাৰ পৰা উঠিল।

"মই তোৰ লগত হে সুখী হৈ থকাৰ কথা আছিল"। তাই বাৰ পৰা নামি গ'ল।

তাই ভিৰৰ মাজেৰে সহজাত ব্যস্ততাৰে খোজ ল'লে। মূৰৰ ওপৰত শৰতৰ নিকা আকাশ।
সি বাখনত বহি থাকিল। শেষ বাৰিষাৰ হিউমিদ এতিয়াও জলবায়ুত আছে বাবেই সি ঘামত গৰমত উচপিচাই থাকিল।  


সমুদ্র কাজল শইকীয়া



টোপনি এ তোৰে কলাতলত ঘৰ

 ["সাতসৰী"ত প্ৰকাশিত। পাছলৈ মৃণাল জ্যোতি গোস্বামীয়ে এটি মঞ্চ-অভিযোজনাও কৰে একে নামেৰে। First Published in SATSORI magazine. Later, Mrinal Jyoti Goswami adapts a theatre performance on it in the same name. ]
Illustration: Pankaj Saikia
                     তেৰ নদী সাত সাগৰ
                     উপায় কি আছে পাৰ হ'বৰ
                     অ' ঘুমটি নাহিবি আজি মোক নিদিবি ভাগৰ
                     সময় যে মোৰ তেনেই তাকৰ

Image from Mrinal Jyoti Goswami's Performance Production

প্রথম ভাগ- বার্তাবাহক চৰাই  


ৰাটো অকলশৰীয়া। মাজৰাতি সাৰে আছে। খিৰিকী খোলা। কোঠাটোত তাৰ এখনেই খিৰিকী। খিৰিকীৰে দেখা পোৱা আঁহতজোপাত আজি সখিয়তি চৰাইজনী আহি বহাহি নাই। তাই সদায়ে আহি বহা ডালটো আজি উকা। সি আটাইবোৰ ডাল তন্ন তন্ন কৈ বিচাৰি চালে, কিন্তু চৰাইজনী কতো নাই। আজি পূর্ণিমা। সি জানে চৰাইজনী আহিবই আহিব। আহিবই লাগিব। নহলে যে ৰাজকুমাৰীৰ খবৰ পোৱা নাযাব।

চকু দুটা তাৰ মুদ খাই আহিছিলহে মাত্র। হঠাত সখিয়তিৰ মাত শুনি খকমকাই উঠিল সি।
শুবৰ সময় নাই, কি কৰিছাহে তুমি, মোৰ কথা শুনা, কথা বিষম। উশাহ নসলোৱাকৈ কৈ গল সখিয়তিয়ে।


বাচোন ৰবা সখিয়তি, ৰাজকুমাৰীৰ সন্ধান তুমি পালানে?
মইনো কি কবলৈ ওলাইছোঁ শুনা আগতে। প্রশ্ন নকৰিবা, উত্তৰ দিবলৈ মোৰ হাততো সময় কম। ইমানকে কৈ সখিয়তি টোপনিত ঢলি পৰিল। লৰাটোৰ উৎকন্ঠা বাঢ়ি আহিল। সি কোঠালিটোৰ ভিতৰতে পায়চাৰী কৰিবলৈ ধৰিলে। তাৰ বুকুৰ ঢপঢপনি ইমানেই বাঢ়ি আহিল যে সেই ঢপঢপনিৰ শব্দতে আচিৰেই সখিয়তিৰ ঘুমটি ভাঙিল।

অঁ মই কি কৈ আছিলোঁ? মই আহিছোঁ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা। দূৰ দেশলৈ গৈ থাকোতে মাজসাগৰতে জাহাজ ডুবি ৰাজকুমাৰীয়ে আত্মীয় পৰিজন সকলোকে হেৰুৱালে।

মাক দেউতাককে ধৰি সেই জাহাজত থকা কোনো নাবাছিল। কেৱল ৰাজকুমাৰীহে বাছিল। তেতিয়াৰে পৰা কলৈ যাওঁ কি কৰোঁ বুলি নিঠৰুৱা ৰাজকুমাৰী দেশে দেশান্তৰে ঘূৰি ফুৰিছে মাথোন। বুকুত প্রচণ্ড দুখৰ বোজা, চকুত অন্তহীন প্রতীক্ষা, চঞ্চল খোজত দিকবিদিকশূণ্য সন্ধান। জানানে সেয়া কাৰ প্রতীক্ষা, কিহৰ সন্ধান?

ৰাটো চঞ্চল হৈ উঠিল।
তোমাৰ, সখিয়তিয়ে সিমানলৈকে কলে। তাৰ পিছতে সখিয়তিৰ চকু মুদ খাই আহিল।

ৰাটো অধীৰ হৈ সখিয়তিৰ ফালে চাই থাকিল। তাৰ চকুৱেদি চকুলো এটোপাল মাটিত পৰিল। তাৰ শব্দতে সখিয়তিয়ে আকৌ সাৰ পালে।

জানানে, তোমাৰ হাততো সময় কম। পিতৃ মাতৃৰ দুখতে ৰাজকুমাৰীয়ে আধা জীৱন হেৰুৱালে। বাকী থকা তাকৰীয়া জীৱনটোৰো আকৌ আধাখিনি গল সন্ধানৰ নামত। বাকী যিকণ জীৱন ৰেখা অৱশেষ ৰল, সেয়াও এতিয়া ঘোৰ সঙ্কটত। কাৰণ ৰাজকুমাৰীয়ে এদিন অপেক্ষা কৰিলে তাইৰ জীৱনৰ পৰা দুটা দিন বিয়োগ হৈ যায়। তেনেকৈয়ে ৰাজকুমাৰীয়ে এদিনৰ প্রতীক্ষাৰ নামত দুটাকৈ দিন হেৰুৱাই আহিছে।

এই কথাটো ৰাজকুমাৰীয়েও জানে। কিন্তু অপেক্ষাৰ বাহিৰে যে ৰাজকুমাৰীৰ উপায় নাই একো
তেনেহলে তুমি ৰাজকুমাৰীক মোৰ অপেক্ষা কৰিবলৈ মানা নকৰিলা কিয়? থুকাথুকি মাতেৰে লৰাটোবে কলে।

কেনে অঁকৰা লৰা তুমি? অপেক্ষা নকৰিলে ৰাজকুমাৰীৰ জীবনত আৰু বাচি থাকিব কি? তাইৰ দেখোন নিমিষতে জীৱনৰেখা শেষ হৈ থাকিব
তেনহলে মই ৰাজকুমাৰীক কেনেকৈ বিচাৰি উলিয়াম? মই এতিয়া কোন দিশে যাওঁ, কত পাওঁ ৰাজকুমাৰীৰ সন্ধান?

সময় অলপো নষ্ট নকৰিবা। সাতসাগৰ তেৰ নদী পাৰ কৰিলে তাতেই ৰাজকুমাৰীক পাবা। আজিৰ পৰা পোন্ধৰ দিনৰ দিনা দোকমোকালিতে যেতিয়া সূর্যৰ প্রথম পোহৰে আহি পৃথিবী চুবহি, ৰাজকুমাৰী আহি তেৰনদী সাতসাগৰৰ পাৰ পাবহি।

আদি অন্ত নথকা এটা দীঘল মথাউৰিৰ পাৰতে তাই তোমালৈ বাট চাই থাকিব। যাৰ ইপাৰে সিপাৰে দিগন্ত বিয়পি আছে সৰিয়হৰ খেতি আৰু বেলিফুল। হাতত দা-যাঠি আৰু কাণত ৰঙা ছাতি লৈ থকা এটাই তাইক সেইখিনিলৈকে লৈ আনিব। যদি কুকুৰাই ডাক দিয়াৰ আগতেই তুমি ৰাজকুমাৰীক বিচাৰি উলিয়াব পাৰা, ৰাজকুমাৰীৰ কপালত চুমা এটা যাছিব পাৰা ৰাজকুমাৰীয়ে তাইৰ জীৱন পুণৰাই বিচাৰি পাব। অন্যথা কুকুৰাৰ প্রথমটো ডাকতে ৰাজকুমাৰী ঢলি পৰিব
সখিয়তি ঢলি পৰিল।

ৰাটোবে বহু চিঁঞৰ বাখৰ কৰি সখিয়তিক জগাবলৈ চেষ্টা কৰিলে। কিন্তু সখিয়তি সাৰ নাপালে যি নাপালেই।

Illustration: Akhilesh Arya

দ্বিতীয় ভাগঃ সাত সাগৰ তেৰ নদী


হাতত সময় নাই। কি কৰিব লাগিব তাৰ উৱাদিহ নাই।
ত আছে তেৰখন নদী, পাৰ বা হব কেনেকৈ। হাতত যে সময় তাকৰ। আৰু সাতখন সাগৰৰ বেলিকা কি কৰা যায়?

ভূচিত্রাৱলিখন উলিয়াই লৰাটোৱে তন্ন তন্নকৈ বিচাৰিলে। আটাইতকৈ নিকটতম সাগৰখন ভাৰত মহাসাগৰ। সি দেখিলে ভাৰত মহাসাগৰলৈকে যাবলৈ হলে সঁচায়ে মাজত তেৰখন নদী। তাৰ আৰু বুজিবলৈ বাকী নাথাকিল। এক মুহূর্তও বিলম্ব নকৰি সি ঢপলিয়াবলৈ আৰম্ভ কৰিলে।

জোনাকৰ পোহৰে তাক সহায় কৰিলে। জোনবাইৰ যি ফালে এটি তৰা থাকে সেই ফালে নগৈ যি ফালে দুটি তৰা থাকে সেই দিশে সি ঢাপলি মেলিলে। তাৰ লগে লগে জোনটোৱে লৰ ধৰিলে। সি বুজিলে, সি অকলশৰীয়া নহয়। পুবতি নিশা সি প্রথমখন নদী পাৰ হল এখন দীঘল বাঁহৰ সাঁকোৰে।

পাছদিনা ৰদ বৰ প্রখৰ হৈ ওলাইছিল। সি একোলৈকে কেৰেপ নকৰি কেৱল দৌৰি থাকিল। দুপৰ বেলা সি দ্বিতীয়খন নদীৰ পাৰ পালে।

কিন্তু এতিয়া পাৰ হয় কেনেকৈ, দূৰ দূৰলৈকে সেতু এখনো চকুত পৰা নাই। বগৰী গছৰ পুলি এটাৰ কাষতে বহি থকা নাৱৰীয়া এটা সি দেখিলে। কিন্তু নাৱৰীয়াটো কোনোপধ্যেই যাবলৈ ৰাজী নহয়। বাৰীত বগৰীৰ পুলি এটা ৰুইছোঁ, বগৰী পকি সৰি নোযোৱালৈকে, মই বুটলি নোখোৱালৈকে ইয়াৰ পৰা অকণো লৰ-চৰ নহওঁ। উপায় নাপাই সি নদীত জাঁপ দিলে আৰু সাতুৰিয়ে পাৰ হল নদীখন। নদীৰ পানীৰ শীতল পৰশত তাৰ বল শক্তি যেন দুগুণে বাঢ়িল। সি দৌৰি থাকিল।

তৃতীয়খন নদীৰ পাৰ পালেগৈ মাজৰাতি। সি অবাক হল, নদী নে কি এইখন, গোটেইখন দেখোন মেটাকানিৰে ভৰা। তাতে সি এটা কথা কোৱা কাছক লগ পালে। কাছটোৱে তাক পিঠিত তুলি নদীখন পাৰ কৰি দিলে। বুঢ়া কাছটো বৰ ভাল, পৰোপকাৰী।

কথা অলপ বেছিকৈ কয়, ঠিক আছে, তাতে কাৰ কি ক্ষতি?

চতুর্থ আৰু পঞ্চম নদী দুখন পাৰ হওতে তাৰ বিশেষ অসুবিধা নহল। নদী দুয়োখন বেচ বাম আছিল। কিন্তু ইমানেই দূৰত্ব আছিল যে ইমানখিনিতে তাৰ সাতদিন সাতৰাতি পাৰ হৈ গল। ষষ্ট নদীখনৰ পাৰ পাই সি হতাশ হৈ পৰিল। নদীখন ঠেক। কিন্তু পানী বৰ খৰস্রোতা।

এইবাৰ কি কৰা যায়। সি নদীৰ পাৰতে বহি কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি এটা চেঙেলীয়া বেং ওলাই আহিল চেচুকৰ পৰা। বেঙটোৱে লৰাটোক এটা কায়দা শিকাই দিলে। লৰাটোৱে বেঙটোক বিশ্বাস কৰা নাছিল, কিন্তু দেখা গল যে তাৰ কৌশলে কাম দিলে। বেঙটোৱে শিকাই দিয়া পদ্ধতিমতেই লৰাটো একেটা জাঁপতে নদীখন পাৰ হল। অদ্ভূত কাণ্ড, লৰাটোৱে নিজেই একো বিশ্বাস কৰিব নোৱাৰিলে।

সাত আৰু আঠ নম্বৰ নদীদুখনো সি পাৰ কৰিলে সাতুৰি। ন নম্বৰ নদীখন সি পাৰ কৰিলে এখন কলগছৰ ভূৰেৰে। এয়া আঠ নম্বৰ ৰাতি। কথাটো ভাবি সি অধীৰ হৈ উঠিল। তাৰ চকুৱেদি পানী বাগৰি আহিল। তেনেতে সি দেখিলে নদীৰ পানী বাঢ়ি আহিছে। সি বুজিব পাৰিলে, তাৰ এটোপাল চকুৰ পানীৰ বিনময়ত নদীখনত এফুট পানী বাঢ়ি আহে। সি হাহাকাৰ কৰি উঠিলে। মনত পৰিল সখিয়তিয়ে এদিন কৈছিল, তাৰ চকুৰ পানীৰ মূল্য হেনো বহুত।

নদীখন পাৰ হোৱাৰ পিছত সি আকৌ দৌৰি থাকিল। বহু দেৰিলৈকে সি দহনম্বৰ নদীখন বিচাৰি নাপালে। তাৰ পিছত যিখন নদী সি পালেগোই তাতে এটা অদ্ভূত নাৱৰীয়াক সি লগ পালে। তেওঁবেই তাক পাৰ কৈ দিলে।

নদীখন বৰ বিশাল, ইপাৰ সিপাৰ নেদেখা। নাৱৰীয়াটোৱে তাক কলে যে সি নজনাকৈয়ে দহনম্বৰ নদীখন পাৰ হৈ আহিছে। নদীখনে সূতি সলোৱাৰ পিছত এতিয়া তাত এটা বালিচৰ হে পৰি আছে। সি মনত পেলালে, এৰা এটা বালিচৰ সি পাৰ হৈ আহিছিল। তাৰমানে এইখন এঘাৰ নম্বৰ নদী। অদ্ভূত নাৱৰীয়াটোৱে তাক ভাটিয়ালি গান এটা শুনালে। নাৱৰীয়াটো অদ্ভূত এইবাবেই যে সি গান গালেই তাৰ ডিঙিটো দীঘল হৈ আহে, আৰু বঠা বালেই দুখন হাতৰ ঠাইত চাৰিখন হাত দেখা পোৱা যায়।

নাবৰীয়াটোৱে তাক বিদায় দিবৰ সময়ত আচৰিত ধৰণৰ ঘড়ী এটা দিলে। ঘড়ীটোত সূর্যৰ পোহৰে কেতিয়া পৃথিৱী চুবহি আৰু কুকুৰাই কেতিয়া ডাক দিব সেইবোৰ কথা লেখা থাকে। সি বুজিলে এই ঘড়ীটোৱে তাৰ কাম বহুতো মুস্কিল আচান কৰি দিব পাৰে।


কিন্তু সময় কত, সময়? ইতিমধ্যেই দেখোন এয়া দহ নম্বৰ দিন। সি আৰু দৌৰিব নোৱাৰা হৈ আহিছে। কোনোমতে গৈ বাৰনম্বৰ নদীখন পালেগৈ। পাৰত লাই হালে জালে। লফা হালে জালে। কলগছৰ ভূৰ এখনতে বহি সি বুজিব পাৰিলে সি লেবেজান হৈ পৰিছে। পেটত ভোক। টোপনিয়ে চকুদুটা গধূৰ কৰি পেলাইছে। নহবনো কিয়, সি দেখোন দহদিন হল, চকুত টিপ এটাকে মৰা নাই। কথাটো ভাবি নিজেই আচৰিত হল, ইমান দিন ধৰি মানুহ নোশোৱাকৈ থাকিব পাৰেনে বাৰু? কিন্তু যেতিয়াই টোপনিয়ে ভৰ কৰেহি সেই ভৰতে তাৰ কলগছৰ ভূৰখনো বুৰিবলৈ ধৰে। ফলত লৰাটোবে অলপো টোপনিয়াব নোৱাৰিলে।

ৰাটোৱে বুজিলে হাতত থকা পাঁচটা দিনত সি আৰু একো অসাধ্য সাধন কৰিব নোৱাৰে। এই কেইখন নদী পাৰ হওতেই ইমানখিনি হল। সাতসাগৰৰ কথা পাহৰি যোৱাটোৱেই শ্রেয়। তথাপি সি ঠিৰাং কৰিলে যে এই যাত্রাৰ মাজতেই যদি তাৰো জীৱনৰেখা শেষ হৈ আহে সেয়াও ভাল। মৃত্যুৱেই হব তাৰ অন্তহীন টোপনি। সি আৰু যাত্রাৰ মাজত টোপনিয়াবলৈ চেষ্টা নকৰে।

এঘাৰনম্বৰ দোকমোকালিটো আছিল কুঁৱলিৰে ঢকা। কুঁৱলিৰ মাজতে এখন লোহাৰ দলঙেৰে সি তেৰনম্বৰ নদীখন পাৰ হল। তাৰ পৰা সাগৰৰ পাৰ পাবলৈ তাৰ বিশেষ অসুবিধা একো নহল।

Illustration: Akhilesh Arya

তৃতীয় ভাগঃ কলৈ যাওঁ, কি কৰোঁ...


সাগৰৰ পাৰ পাই সি দিগন্তৰ ফালে চাই থাকিল মাত্র। সি বুজিলে তাৰ চকুৰ পানীক সাগৰে কেৰেপ নকৰে। তাৰ চকুৰ টোপনিৰ ভাৰে সাগৰক নোচোৱে। সি কেৱল চাই থাকিল, কেনেকৈ সাগৰৰ পানীয়ে ৰঙ সলায়, কেনেকৈ উঠে নামে ঢৌ। সি তেনেকৈ বহুপৰ ৰৈ থকা দেখি কেটোৰ কলা মাছমৰীয়া এটা আগবাঢ়ি আহিল। মাছমৰীয়াটোকে সি গোটেইখিনি কথা ভাঙি পাতি কলে।

তাৰ কথা শুনি মাছমৰীয়াটোৱে হোহোৱাই হাঁহিবলৈ ধৰিলে।

তুমি সঁচায়ে বৰ অঁকৰা লৰা মাছমৰীয়াটোবে কলে। তুমি ইমানখন কষ্ট এনেয়েই কৰিলা। আচলতে তেৰনদী নামেৰে এখন নদী আছে। তেৰনদী মানে তেৰখন নদী নহয়, তেৰনদী নামেৰে এখন হে নদী। এতিয়াও সময় আছে তুমি সেইখন নদীৰ ফালে লৰ ধৰা।  লৰাটোৱে নিজৰ মূর্খামিৰ বাবে কপালত চপৰিয়ালে। তথাপি মনোবল নেহেৰুৱাই সি বাট ললে। কিন্তু সাত সাগৰ? মাছমৰীয়াটোৱে কৈছিল যে লৰাটোৰ ভাগ্য ভাল, সময়ত সকলো সি নিজেই বুজিব পাৰিব। মাছমৰীয়াটোৱে লৰাটোক বাট এটা দেখুৱাই
দিলে। সেই বাটেৰে গ
লে মাছমৰীয়াটোৰ মোমায়েকৰ ঘৰৰ পদূলিত বাঁহৰ শলাত বান্ধি থোৱা ঘোঁৰা এটা পাব।

তেৰনদীখনো ওচৰত নহয়, বহু দূৰ বাট। সি দৌৰি থাকিল আৰু দৌৰি থাকিল। তেৰ নদীৰ পাৰ পাবলৈ হলে এখন বিশাল মৰুভূমি পাৰ হব লাগে। মাছমৰীয়াৰ মোমায়েকৰ ঘৰৰ পৰা ঘোঁৰাটো লৈ সি আহল বহল বাওধানৰ খেতি এডৰাৰ মাজেৰে আগবাঢ়িল। ঘোঁৰাৰ চেকুৰ দেখি জাকে জাকে হালধীয়া চৰাই উৰিবলৈ ধৰিলে।

ৰতনপুৰ নামৰ কৌটিকলীয়া পুৰণি চহৰ এখনৰ মাজেদি আগবাঢ়ি গৈ থাকোতেই ৰাতি হৈছিল। চহৰখনৰ মানুহবোৰে শিয়ালীৰ কটা কাণৰ বাতি জ্বলাই পথবোৰ পোহৰাই তুলিছিল। তিনি দিনৰ মূৰত সি মৰুভূমিখন পালেগৈ।

Illustration: Akhilesh Arya

চতুর্থ ভাগঃ মৰুভূমি


ঘোঁৰাটো এৰি সি বালিয়েদি লৰ ধৰিলে। সূর্যৰ প্রখৰ তাপত সি আৱশ হৈ আহিল। তাৰ খোজ আৰু আগ নবঢ়া হল। মৰুভূমিৰ বালিতে সি বাগৰি পৰিল। তেনেতে কৰবাৰ পৰা সখিয়তি আহি তাক হেচুকি দিলেহি।
হেই কি কৰিছা, তোমাৰ হাতত শুবলৈ সময় নাই
সখিয়তি মই নোখোৱাকৈ থাকিব পাৰোঁ, কিন্তু নোশোৱাকৈ...
উঠা উঠা, নাজানা নেকি লক্ষ্মণে বনবাসৰ কালত চৈধ্য বছৰ কাল নোশোৱাকৈ আছিল?

ৰাটোৱে আকৌ দৌৰিবলৈ ধৰিলে।

নিজান নিমাও মৰুভূমিখনত সি চকামকাকৈ দেখা পালে দূৰণিত সাতটা ছায়ামূর্তি। মৰুভূমিৰ বালি উৰুৱাই যেন তাৰ ফালেই আগবাঢ়ি আহি আছে। মৰুভূমিৰ প্রখৰ ৰদত সি একোকে স্পষ্টকৈ ধৰিব নোৱাৰিলে, এয়া সঁচা নে ভ্রম! কাষ পালত সি দেখিলে সাতটা উটৰ পিঠিত সাতোটা মানুহ। এটাৰ লগত আনটো মানুহ নিমিলে। দেখাই শুনাই গঢ়ে গতিয়ে আটাইকেইটা বেলেগ।

মানুহকেইটাই মৰুভূমিৰ মাজত অকলশৰীয়া লৰাটোক দেখি তাৰ লগত ৰং চোৱাৰ মনেৰে তাক ঘেৰি ধৰিলে। সি ভয় খালে। মানুহ কেইটাই তাক ঘেৰি ধৰোতে সি পৰিত্রাণ পাবলৈ বুলি গাৰ জোৰেৰে জাঁপ এটা মাৰিলে।

তেতিয়াহে মনত পৰিল ষষ্ঠ নদীখন পাৰ হবৰ পৰত ভেকুলী এটাই তাক দীঘলকৈ জপিয়াবলৈ শিকাইছিল। সি জাঁপটো মাৰোতেই দীঘলকৈ দাড়ী থকা আৰবীয়ান যেন লগা মানুহটো উটৰ পিঠিৰ পৰা কর্ফাল খাই পৰিল আৰু ডিঙি মোটোকা খাই থিতাতে মৰি থাকিল। তাকে দেখি লৰাটোক এসেকা দিবৰ মানসেৰে বাকী মানুহকেইটাই তাক চাৰিওফালৰ পৰা আক্রমণ কৰিলে। সি উপায় নাপাই আকৌ এবাৰ জাঁপ এটা মাৰিলে। এইবাৰো উটৰ পিঠিৰ পৰা বাগৰি কেকোৰা ছুলিৰ কলা ৰঙৰ মানুহটো মৰি থাকিল। ঘটনাটো এনেকুৱা যে প্রতিবাৰেই মানুহবোৰে তাক ঘেৰি ধৰে আৰু সি এবাৰকৈ জাঁপ মাৰি দিয়ে আৰু তাতেই এটাকৈ মানুহ মৰি থাকে। এনেকৈয়ে সাতোটা মানুহ মৰি থকাৰ পিছতহে সি ভাবিলে, এয়া সি কি কৰিলে!

তেনেকুৱাতে তাক আচৰিত কৰি উট কেইটাই নিজৰ মাজতে বুবু বাবা কৰিবলৈ আৰম্ভ কৰিলে। সি নাজানিছিল যে উট কেইটাই কথা কব পাৰে।

উট কেইটাৰ দলপতিটো আগবাঢ়ি আহিল।
উঠা মোৰ পিঠিতে বহা। মই তোমাক মৰুভূমিখন পাৰ কৰি দিম

সি উটটোৰ পিঠিত উঠি বহিল। বাট বুলিবৰ পৰত উটটোৱে লৰাটোক বহুতো কথা কৈ গল। তাক আক্রমণ কৰিবলৈ অহা মানুহকেইটা হেনো গোটেই পৃথিৱী কঁপাই থকা জলদস্যুহে আছিল। জলপথেৰে বহুতো অপৰাধ সংঘটিত কৰাৰ পিছত এইবাৰ হেনো এই মৰুভূমিৰ মাজেৰে বিচৰণ কৰি কিবা নতুন চক্রান্ত কৰিবলৈ আহিছিল।

মৃত্যুৰ মুখত পৰা প্রথম মানুহটো হেনো আছিল আৰৱ মহাসাগৰৰ দস্যু। দ্বিতীয়টো আছিল আটলান্টিক সাগৰৰ। তেনেকৈয়ে তৃতীয়টো প্রশান্ত মহাসাগৰৰ, চতুর্থটো ভূমধ্যসাগৰৰ। সিহঁতৰ আটাইকেইটাই নিজকে একো একোখন মহাসাগৰৰ ৰজা বুলি নিজকে ঘোষণা কৰে। উটটোৰ কথা শুনি লৰাটো উত্তেজিত হৈ উঠিল। উটটোৱে কলে, সেই সাতসাগৰৰ সাতটা দস্যুক তুমি সাতটা জাঁপেৰে নিধন কৰিলা। তাৰ মানে ধৰি লোৱা তুমি মাত্র সাতটা জাঁপেৰে সাতখন সাগৰ পাৰ হৈ আহিলা

ৰাটোৰ মুখত ইমান দিনৰ মূৰত এই প্রথম হাঁহি বিৰিঙি উঠিল। সি বুজিলে তাৰ পথ চমু হৈ আহিছে। এতিয়া কেৱল তেৰনদী পাৰ হলেই হল। আজিয়েই শেষ দিন।

আজি ৰাতিটোৰ ভিতৰতে কেনেবাকৈ তেৰনদীখন পাৰ কৰিব পাৰিলেই কাইলৈ ঢলফাট নৌ দিওতেই ৰাজকুমাৰীৰ লগত তাৰ দেখা হব।

মৰুভূমিখন শেষ হৈ আহিল। উটৰ পিঠিৰ পৰা মহা উলাহেৰে জপিয়াই নামি লৰাটোৱে কলে, অশেষ ধন্যবাদ বন্ধুহঁত। তোমালোকে মোক বহুত উপকাৰ কৰিলা। এতিয়া মই আহোঁ, মোৰ হাতত সময় তেনেই কম। তেনেতে এটা কেতিয়াও নোহোৱা নোপজা ঘটনা ঘটিল। হঠাৎ সন্ধিয়া হৈ পৰিল। সি আচৰিত হোৱা যেন দেখি উটটোৱে কলে, আচৰিত নহবা। ভুল তোমাৰেই। সময়ৰ আচলতে কম বেছি বুলি একো নাই। আমি যেতিয়াই সময় কম বুলি কওঁ, তেতিয়াই আমাৰ হাতৰ পৰা সময়ৰ কড়ি একোটা খহি পৰে। লৰাটোৱে নিজৰ ভুল বুজি পালে। সি দৌৰিবলৈ ধৰিলে।

Art: Akhilesh Arya

পঞ্চম ভাগঃ টোপনি


আন্ধাৰ যেতিয়া গাঢ় হৈ আহিল তেতিয়াও তাৰ আগবাঢ়িবলৈ অসুবিধা নহল। হাজাৰ হাজাৰ জোনাকীয়ে তাৰ আগে আগে ৰাস্তা পোহৰাই গৈ থাকিল। সি অনুভৱেই নকৰিলে আজি যে আঁউসীৰ ৰাতি। শুকান এৰা হাবিখনৰ মাজেদি দৌৰি গৈ থাকি সি দুপৰ নিশা নদী এখনৰ পাৰ পালেগৈ। তাৰ বুজিবলৈ বাকী নাথাকিল যে এয়াই তেৰনদী। সি তেৰনদীৰ পৰা পানী এচলু খালে। তেৰনদীৰ পানী খাই সি যেন দুগুণে সবল হৈ উঠিল। সি নদীত জাঁপ দি সাতুৰিবলৈ ধৰিলে। সি যিমানে আগবাঢ়ি গল সিমানে শুকান হাবিখন সতেজ হৈ উঠিবলৈ ধৰিলে। শুকাল ডালবোৰত পাত ভৰি পৰিল। নদীৰ সিটো পাৰে সৰিয়হৰ খেতি এডৰা হালধীয়া হৈ আহিল। তাৰ পোহৰতে আঁউসীৰ ৰাতিৰ বিভীষিকা দূৰ হল।

তেৰনদীত সাতুৰি অহাৰ পিছত তাৰ দেহৰ পৰাও পোহৰ বিয়পিবলৈ ধৰিলে। সেই পোহৰতেই ভুলতে এজোপা দুজোপা সূর্যমূখী ফুলে মূৰ তুলিলে। পিছত লাজ পাই আকৌ তলমূৰ কৰিলে।

মথাউৰিৰ পাৰ পাই সি এবাৰ চাৰিওফালে চালে। এৰা এই ঠাইডোখৰৰ কথাই সখিয়তিয়ে কৈছিল। সফলতাৰ আনন্দত সি উত্রাৱল হৈ উঠিল। আৰু অলপ সময়ৰ পিছতে সি ৰাজকুমাৰীক দেখা পাব।

ৰাজকুমাৰীৰ অভিশাপ দূৰ হব। সি এবাৰ সেই নাৱৰীয়াটোৱে দিয়া যাদুকৰী ঘড়ীটো চালে। এৰা, সি সময়তকৈ অলপ আগেয়েই পালেহি। বেলিৰ প্রথম কিৰণে পৃথিৱী চুবলৈ এতিয়াও বাকী। সি মথাউৰিৰ দাঁতিত তল ভৰি সৰি থকা পকা বগৰীৰ গছ এজোপাৰ তলতে বহি পৰিল। সেইখিনিতেই এটা কলগছৰ চুবুৰি। কলগছবোৰৰ আগলতি পাতেৰে টোপ টোপকৈ সৰা নিয়ৰৰ ছন্দ সি শুনিবলৈ পালে।

পুৱফালৰ আকাশত অলপ পাছতে ফেঁহুজালি দিবলৈ আৰম্ভ কৰিব। এছাটি চেচা বতাহে তাৰ দেহা জুৰ পেলাই দিলেহি। তাৰ চকু দুটা মুদ খাই আহিল। লৰাটোৱে নাজানিছিল যে কলাতলত টোপনিৰ ঘৰ।

পূৱফালৰ আকাশখন ৰঙা হৈ আহিল। বেলিফুলবোৰে এঙামুৰি দিলে। অৱশ হৈ পৰা দেহাৰে ৰাজকুমাৰী আহি মথাউৰিৰ ওপৰ পালেহি। হাতত দা-যাঠি আৰু কাণত ৰঙা ছাতি লৈ থকাটোৱে ৰাজকুমাৰীক ইয়ালৈকে লৈ আহিল। বেলিৰ প্রথম পোহৰ আহি পৃথিৱী চোঁও চোঁও। ৰাজকুমাৰীয়ে অধীৰ হৈ চকুৰে মনিব পৰা দূৰলৈকে চাই থাকিল। সখিয়তিয়ে দেখোন কৈছিল ঠিক এই সময়তে লৰাটো আহি এইখিনি পাবহি। লৰাটোক বিচাৰি বিচাৰি হাতত দা-যাঠি আৰু কাণত ৰঙা ছাতি লৈ থকাটোও আঁতৰি গলগৈ। তেনেতে কুকুৰাই ডাক দিলে।

কুকুৰাৰ ডাকত লৰাটোৰ ঘুমটি ভাগিল। হায় হায় এয়া সি কি কৰিলে! সি জাঁপ মাৰি উঠিলে আৰু দেখা পালে মথাউৰিৰ ওপৰত ৰাজকুমাৰী। তাই তেনেই অৱশ হৈ পৰিছে। সি দৌৰি গৈ মথাউৰিৰ ওপৰ পালেগৈ। এতিয়া সি ৰাজকুমাৰীৰ তেনেই ওচৰত। কিন্তু ইতিমধ্যেই বহুত দেৰী হৈ গৈছিল। ৰাজকুমাৰীৰ জীৱনৰেখা সিমানলৈকেহে আছিল। ৰাজকুমাৰীৰ অৱশ দেহা মাটিত বাগৰি পৰিল।

ইতিমধ্যে সূর্যৰ ফালে মূৰ তুলি আটাইবোৰ সুর্যমুখী ফুল ফুলি উঠিছিল।   

অ, পাহৰিছিলোৱেই কবলৈ। লৰাটোৰ নাম আছিল সম্ভৱ মইনা আৰু ৰাজকুমাৰীৰ নাম ডেচডিমনা। যিয়েই নহওক, তাতে কাৰ কি আহে যায়? তাৰ পিছত ৰাজকুমাৰীক লৰাটোৱে জীয়াই তুলিব পাৰিলেনে? সেই হাতত দা যাঠি কাণত ৰঙা ছাতি লৈ থকাটোনো বাৰু কলৈ গলগৈ? এই কথাবোৰ আগলৈ কেতিয়াবা কম। আজিলৈ আহোঁ। বৰকৈ টোপনি ধৰিছে।


Art: Akhilesh Arya


টোপনি এ তোৰে কলাতলত ঘৰ

সমুদ্র কাজল শইকীয়া

টোকাঃ

দেখাত এটা সাধুকথা যেন লাগিলেও কাহিনীটো কিন্তু সঁচা। ক্লান্তি আমাৰ ক্ষমা কৰো প্রভূ - যি গীতটোৰ অনুপ্রেৰণাৰে এই কাহিনীটো লেখা হৈছিল সেই গীতৰ কোনো উল্লেখ ইয়াৰ মাজত নাই। সেইটো এটা ৰবীন্দ্রসঙ্গীত, চহৰৰ কোলাহলৰ ব্যস্ততাৰ মাজতো যিটো খুব ঘনে ঘনে মোৰ মনত পৰি থাকে। এই কাহিনীটো সৰুৱে বৰে সকলোৱে পঢ়িব পাৰে। কাহিনীটো যিমান সহজ, সিমানেই জটিল।

কাহিনীটো লেখাৰ পাছতহে দেখিলোঁ, আৰু কেইবাটাও গীত (আচলতে নাম, ধাইনাম) ইয়াৰ মাজতে সোমাই আছে। সেইবোৰ নিচুকণি গীত মনৰ মাজতে সদায়ে উকমুকাই থাকে। হয়তো এই কাহিনীটো যি সকলে পঢ়িব, তেওঁলোকৰ মনৰ মাজতো সেইবোৰে এটা বিশেষ স্থান অধিকাৰ কৰি আছে। বিশেষ লেখিবৰ সকাম নাই, মোৰো টোপনি ধৰি আহিছে।

ই বোলে কাণ খোৱা,   সি বোলে কাণখোৱা
        কাণখোৱাই কি কাম কৰে,
হাতত দা-যাঠি,         কাণত ৰঙা ছাতি
          লৰাৰ কাণ খাই ফুৰে... ...

শিয়ালী এ নাহিবি ৰাতি,
তোৰে কাণ কাটি লগাম বাতি... ...

শিয়ালীৰ মূৰতে মৰুৱা ফুল,
শিয়ালী পালেগৈ ৰতনপুৰ... ...

লাই হালে জালে আবেলি বতাহে
    লফা হালে জালে পাতে;
আমাৰে মইনাই হালিছে জালিছে
     কালি আবেলিৰ ভাতে... ...

জোনবাই এ এটি তৰা দিয়া,
এটি তৰা নেলাগে দুটি তৰা দিয়া।
হালধীয়া চৰায়ে বাওধান খায়,
শহুৰৰ পুতেকে নাও মেলি যায়।
নাৱে বোলে টুলুং ভুটুং
বঠাই বলে টুলুং ভুটুং
গধুলিতে গধুলিতে ডবা কোবায়... ...

আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব... ...

টোপনি এ তোৰে কলাতলত ঘৰ
সকলো ৰাইজৰ টোপনি আহি মইনাৰ চকুতে ধৰ... ...



Image from Mrinal Jyoti Goswami's Performance Production
Image from Mrinal Jyoti Goswami's Performance Production

Image from Mrinal Jyoti Goswami's Performance Production

Image from Mrinal Jyoti Goswami's Performance Production

Image from Mrinal Jyoti Goswami's Performance Production

Image from Mrinal Jyoti Goswami's Performance Production