[ ২০১১ চনৰ 'দৈনিক অসম'ৰ শাৰদীয় সংখ্যাত প্ৰকাশিত। উজ্জ্বল বৰা সম্পাদিত "একবিংশ শতিকাৰ প্ৰথম দশকৰ প্ৰেমৰ গল্প"তো অন্তৰ্ভূক্ত, ষ্টুডেন্টচ ষ্ট'ৰচ। ]
পূর্বৰাগ
জোন চতুর্থশ্রেণীত পঢ়া সৰু ল'ৰা হ'লেও সংবেদনশীল। দিনটোৰ বেছিভাগ সময় সি ঘৰত অকলেই কটায়। সি স্কুলৰ পৰা
আহি কিবাকিবি অলপ খাই বাহিৰৰ বেলকনিখনলৈ ওলাই যাওতেই সদায়ে তাৰ সমবয়সীয়া ছোৱালী
এজনীক স্কুলৰ পৰা অহা দেখে। সি ছোৱালীজনীলৈ চাই চাই কিবা কিবি ভাবি থাকে। সি ভাবে
যে ছোৱালীজনীয়েও হয়তো সদায়ে তাক তেনেকৈয়ে দেখে। সি বহু দিনৰে পৰা হেঁপাহ এটা
মনতে পুহি ৰাখিছিল। সেইমতেই আজি সি স্কুলৰ পৰা আহোঁতে চকলেটৰ পেকেট এটা কিনি
আনিছিল। তাৰ হেঁপাহ সি চকলেটটো ছোৱালীজনীক দি তাইৰ নামটো সুধিব। ছোৱালীজনী দেখিবলৈ
ইমান ধুনীয়া, তাইৰ নামটো বা কিমান ধুনীয়া হ'ব - এইবোৰ কথাকেই সি ভাবি থাকে।
আজি ছোৱালীজনীক দেখামাত্রেই সি লৰ
ধৰিলে। ছোৱালীজনীক সি পিছপিনৰ পৰা মাতিলে।
"ঐ"
ছোৱালীজনী ৰ'ল আৰু ঘূৰি চালে। কিয়
নাজানোঁ, জোনৰ হাতভৰিবোৰ কঁপিবলৈ ধৰিছিল। কি ক'ম কি নক'ম একো ধৰিব নোৱাৰি জোনে দুহাতেৰে চকলেটটো
আগবঢ়াই ধৰিলে আৰু ক'লে,
"ল।"
"কিয় ল'ম?"
"ল আকৌ"
"ধূৰ্ - মই কিবা তোৰ গার্লফ্রেণ্ড
নেকি?"
এইবুলি কৈয়েই ছোৱালীজনী লৰ মাৰি গুছি
গ'ল।
জোন হতবাক হৈ ৰ'ল। গার্লফ্রেণ্ড? শব্দটো
সি শুনিছে, সি বুজি পায়। কিন্তু সেই শব্দটোকলৈ সি ইমানদিনে
ভবা নাছিল কিয়?
বৰা ফেমিলীৰ এৰাতি
জোন বৰা ফেমিলীৰ ন্যূনতম সদস্য।
বৰাৰ পৰিয়ালৰ কথা কৈ অন্ত পেলাব
নোৱাৰি। ভয় নেখাব, মই বৰ বিশেষ পেঘেনিয়াই থাকি আপোনালোকক বিৰক্ত নকৰোঁ বাৰু।
সুখে দুখে পৰিপূর্ণ এটা পাঁচজনীয়া পৰিয়াল। সমাজত নাম আছে। আপুনিও প্রথম
সাক্ষাততে ধৰিব পাৰিব, কেনে সম্পূর্ণ এটা পৰিয়াল। কেৱল যদি
ৰাতিৰ ভাতসাঁজৰ সময়ত আপুনি উপস্থিত নহয়গৈ। সঁচা কথা ক'বলৈ
গ'লে ৰাতিৰ ভাতসাঁজৰ সময়তহে পৰিয়ালৰ পাঁচটা মানুহে ইটোৱে
সিটোৰ মুখ দেখে। মুখ দেখে বুলি ক'লোঁ হয়, কিন্তু ইটোৱে সিটোৰ মুখলৈ পৰাপক্ষত নাচায়। নোচোৱাকৈ থাকিব পাৰিলেই ভাল।
মুখলৈ নোচোৱাকৈ থাকিলে বতৰটো গোমা হৈ থাকে, ক'লা ডাৱৰে গুপগুপীয়া অস্বস্তিকৰ উত্তাপৰ সৃষ্টি কৰে। উপায়ন্তৰ নাই
যেতিয়া কষ্ট কৰি হ'লেও সহ্য কৰি থাকিব পাৰি। মুখা-মুখি হ'লেই যে আকৌ ধাৰাষাৰ বৃষ্টি! তেতিয়া আৰু নিস্তাৰ নাই।
যুক্তি-তর্ক-বাদ-বিবাদ-প্রতিবাদ। কোন কাৰ পক্ষত কোন বিপক্ষত কোনো চিন চাব নোহোৱা
হৈ থাকে।
আজিৰ ৰাতিৰ সাঁজত বৰাই ক'লে, "কাইলৈ মোৰ ৰাতি দেৰীলৈকে কাম চলিব। ৰাতি নাহোৱেই বুলি ভাবিছোঁ। কাপোৰ কাণি
আলপ সামৰি লৈছোঁ।" বৰানীয়ে মুখ নুখুলিলে। কাপোৰ কাণি যদি ইতিমধ্যেই
সামৰিয়েই লৈছে আৰু একো কথা আগ বঢ়াৰ পথ নাই। জুনুকাই, মানে
বৰাৰ দ্বাদশ মানত পঢ়ি থকা জীয়েকজনীয়ে আনে শুনিলেও শুনক নুশুনিলেও নাই বুলি মনতে
ভোৰভোৰালে, "মই আকৌ কাইলৈ বাহিৰত ক'ৰবাত খাবলৈ গ'লে কেনে হয় - এনেকৈ কিবা এটা ক'ম বুলিহে ভাবি আছিলোঁ। হেপ্পী কটেজ নামৰ এখন ৰেষ্টুৰেন্টৰ কথা বৰকৈ শুনি
আছোঁ।" বচ্ হৈ গ'ল, সেইখিনিতে
এখন খণ্ডযুদ্ধৰ সূত্রপাত। সপ্তাহে প্রতি জুনুকাৰ বাহিৰত খাবলৈ যোৱাৰ প্রস্তাৱ
একোটাই মূৰ দাঙি উঠে। বৰাৰ খং জুনুকাৰ কথাত নহয়, বৰঞ্চ তেওঁ
যে ভাবে বৰানীৰ মনৰ গোপন ইচ্ছাখিনি জুনুকাৰ মুখেৰে প্রকাশ পায় - সেইখিনিতহে। বৰাৰ
বৰপুতেক জিন্টুমণিৰ জুনুকাৰ বৰককায়েক হোৱাৰ বৰদায়িত্বখিনি জাগ্রত হৈ উঠাৰ ফলত
ধমকি এটাৰে জুনুকাক শান্ত কৰি থ'লে।
এই যিমানখিনি কথা ক'লোঁ, এইখিনি কথাত নতুনত্ব একো নাই। এসপ্তাহৰ আগতে, এমাহৰ
আগতে অথবা এবছৰহে নেলাগে দুবছৰৰ আগতেও প্রায় এনেকুৱাই কিবা কিবি চলি থাকে ৰাতিৰ
সাঁজ ভাতৰ পাতত, বৰাৰ সংসাৰত। এই গোটেইখিনিৰ নিৰৱ দর্শক জোন,
বৰাৰ সৰু পুতেক। জুনুকাৰ পৰা তাৰ বয়সৰ বিস্তৰ ব্যৱধান। জুনুকাৰ
জন্মৰ প্রায় ন বছৰৰ পিছত ঠিক কেনেকৈনো জোন এইখন সংসাৰলৈ আহিল কোৱা টান - সম্ভৱ
বৰাৰ অথবা বৰানীৰ অলপমান অসাৱধানতাৰ কাৰণেই। সি যি কি নহওক, ন
মাহৰ ঠাইত ন বছৰৰ মূৰত পৃথিৱীলৈ অহাৰ বাবেই হয়তো জোন অলপ বেলেগ ধাতুৰে গঢ়া। এই
ইহ সংসাৰত বাক্যব্যয় কৰি যে একো লাভ নাই, তাৰ শিশু মনে
সেইটো বাৰুকৈয়ে বুজি পায়।
কিংকর্তব্যবিমূঢ় সন্ধিয়া
আজিৰ সন্ধিয়াটোতো নাতুনত্ব বিশেষ একো
নাই যদিও এলানি কাকতালীয় ঘটনা দেখিবলৈ পোৱা গৈছে।
ঘৰৰ ছাদত থিয় হৈ জোনে শূন্য দৃষ্টিৰে
কৰবালৈ চাই আছে। ম'হে কামুৰিছে, তাৰ গাত হুঁচ নাই। হাতৰ
মুঠিত থকা চকলেট টুকুৰা গলিবলৈ ধৰিছে। কেন'ট প্লেচৰ বাহিৰৰ
গোলাকাৰ বজাৰখনৰ ওচৰত জুনুকাই ইফাল সিফাল কৰি আছে। হাতত থকা বেগটোক তাই এনেকৈ
খামুচ মাৰি ধৰিছে যেন বেগত থকা বহুমূলীয়া ইমপোর্টেড হাতঘড়ীটো এতিয়াই গুৰি হৈ
যাব। খান মার্কেটৰ ওচৰত ক'তো পার্কিঙৰ ঠাই বিচাৰি নাপাই
জিন্টুমণি বাইকখন লৈ কেৱল একে কেইটা ৰাস্তাতে পাক ঘূৰণি খাই আছে। বাইকৰ সমুখৰ ফালে
বান্ধি লোৱা মোনাটোলৈ বাৰে বাৰে চাইছে, ক'ৰবাত ডাষ্টবিন এটাতে পেলাই দিওঁ নেকি বুলি মনে মনে এবাৰ ভাবিছে। নয়ডাৰ ঘৰ
দুৱাৰ নথকা উদং ঠাই এডোখৰত বৰাৰ গাড়ী ৰৈ আছে। হাতত মোবাইলটো লৈ লিৰিকি বিদাৰি কি
জানো ভাবিছে আৰু বাৰে বাৰে কাষৰ ছিটত থকা গিফট পেকটোলৈ চাইছে। আৰু চাউথ
এক্সটেঞ্চনৰ অটোৱালাৰ সৈতে কাজিয়া কৰি কৰি ভাগৰিছে বৰানী। আজি দিনটোত একেখন অটোতে
বৰানী চাৰিবাৰ অহা যোৱা কৰিলে আৰু প্রায় ডেৰঘন্টা সময় অটোখন ৰখাই থ'লে। বৰানীৰ হাততো এটা টোপোলা। বৰানীৰো একেটাই চিন্তা - এই টোপোলাটো এতিয়া
কি কৰা যায়!!!
পঞ্চভূজৰ ইতিবৃত্ত
বৰাৰ পৰকীয়া প্রেমৰ কথা জনাই জানে।
বৰা প্রেমিক মানুহ। অফিচৰ কামৰ অজুহাতত প্রায়ে বৰাই টালি টোপোলা বান্ধি ঘৰৰ পৰা ওলায়।
ভাৰতীয় বংশোদ্ভৱ আমেৰিকাৰ এগৰাকী মহিলা গিৰীয়েকৰ লগত কাজিয়া কৰি ভাৰতলৈ উভটি
আহিছিল। বহির্বিশ্বৰ লগত সম্পর্ক স্থাপনৰ উন্নাসিকতাই মহিলাক ভাৰতৰ পুৰণা
পৰিয়ালবর্গৰ লগত সম্পর্ক ৰাখিবলৈ উৎসাহিত নকৰিলে। স্বদেশলৈ আহিয়েই বৰাৰ লগত
সাক্ষাৎ। সেই সাক্ষাৎ সম্পর্কলৈ পৰিণত হৈছিল প্রায় দুবছৰৰ আগতে। আকস্মিক ভাবে
ঘটিল যদিও প্রায় অৱধাৰিত ভাবেই মহিলাক স্বদেশৰ মোহে আমুৱালে। আজি বৰা মাজপথতে
থাকোতেই মহিলাই আজিৰ সাক্ষাৎ নাকচ কৰিলে। তেখেতৰ আমেৰিকালৈ ঘূৰি যোৱাৰ সিদ্ধান্ত
আজি 'অফিচিয়েলি'
ঘোষণা কৰা হ'ল। মাজপথতে গাড়ীখন ৰখাই বৰা
কিংকর্তব্যবিমূঢ়।
বৰা যে বান্ধ নমনা প্রামিক মানুহ সেই
কথাটো যি সকল মানুহে জানে, তাৰ ভিতৰত বৰানীও এক। কিন্তু সেই ঘটনাটোক কেন্দ্র কৰি সৰু
সুৰা গৃহকন্দলৰ সৃষ্টি হ'লেও বৰানীৰ সহজাত বুদ্ধিমত্তাই
কাহানিও ঘৰ-ভঙা পর্যায়লৈ তাক লৈ যোৱা নাছিল। বৰানীও আধুনিকা। বৰাৰ অনুপস্থিতিৰ
সুযোগ কেনেকৈ ল'ব লাগে সেয়া বৰানীয়ে বুজি উঠিছিল। ছেগা
চোৰকাকৈ এটা তেনেই অল্পবয়সীয়া বেপাৰ বাণিজ্যত কুশল ল'ৰা
এটাৰ স'তে বৰানীয়েও দেখা মেলা চলাই আছিল সঘনাই। ল'ৰাটোক দেখা কৰিবলৈ আহিলে বৰানীয়ে সৰু সুৰা কিবা এটা হাতত আনেই আনে। উভটি
যাবৰ পৰত বৰানীয়েও কিবা এটা উপহাৰ লৈহে যায়। আজি পিছে প্রায় অপ্রত্যাশিত এটা
পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল
বৰানী। অপ্রত্যাশিত হ'লেও অস্বাভাৱিক নাছিল অৱশ্যে। ল'ৰাটোৰ জীৱনলৈ অন্য নাৰীৰ আগমণ ঘটিছে। ল'ৰাটোৰ ঘৰৰ
কলিং বেল টিপিয়েই বৰানীয়ে প্রত্যক্ষ কৰিলে প্রায় জীয়েকর বয়সীয়া এক নৱাগতা
যুৱতীক। এদিন নহয় এদিন এই পৰিস্থিতিৰ সন্মুখীন হ'বই লাগিব
বুলি বৰানীয়ে জানিছিল। কেৱল অভ্যাসৰ দোষতহে কথাটো উলাই কৰি চলিছিল। এতিয়া
বৰানীয়ে বুজি পোৱা নাই, তেওঁৰ কৰনীয় কি!
জিন্টুমণি চফল ডেকা। বাইকখন লোৱা বেচি
দিন হোৱা নাই, হাৰিয়ানাৰ ছোৱালী এজনীক সি বাইকত উঠাই ঘূৰি ফুৰাও বেছি
দিন হোৱা নাই। আজি খান মার্কেটত দেখা কৰাৰ কথা আছিল ডিনাৰৰ বাবে। এটা এচ এম এচৰ
বাবে ৰৈ ৰৈ তাৰ আমনি লাগিল। কিছু পলমকৈ হ'লেও খবৰ এটা আহিল।
এচ এম এচ নহয়, এটা মাল্টি-মেডিয়া মেচেজ। ছোৱালীজনীৰ
যোৱাকালি এঙ্গেজমেন্ট হৈ গ'ল কোনোবা বনিয়া পৰিয়ালৰ ল'ৰা এটাৰ স'তে, তাৰেই ফটোগ্রাফ।
এই মোবাইলটো জিন্টুমনিক ছোৱালীজনীয়েই দিছিল। সি মোবাইলটো ডাষ্টবিন এটালৈ দলিয়াই
দিয়াৰ বাহিৰে অন্য একো ৰাস্তা দেখা পোৱা নাই। এতিয়া সি কি কৰে, কলৈ যায়? ৰাজদীপৰ ঘৰলৈ গৈ ৰাতিটো মদ খাই পৰি থকাৰ
বাহিৰে অন্য সুবিধাজনক উপায় একো দেখা নাই। কিন্তু যায় কেনেকৈ, এই মুহূর্তত বন্ধুবর্গৰ সন্মুখত মুখ দেখুৱাবৰ সামর্থ্যখিনিও তাৰ নাই।
জুনুকাৰ ঘটনাও তেনেকুৱাই। পাঞ্জাবী ল'ৰা এটাৰ লগত হলি গলি
আৰম্ভ হৈছিল তাইৰ ছমাহমানৰ পৰা। একেবাৰে প্রথম প্রেমৰ নতুন উন্মাদনা। প্রথম
এসপ্তাহতেই সেই হলিগলি ৰেষ্টুৰেন্টৰ পৰা সিনেমা হললৈ গৈ ল'ৰাটো
থকা ভাড়াঘৰটোৰ বিচনা পাইছিলগৈ। আজি তাই ল'ৰাটোৰ বাবে এটা কে'বাহাজাৰ টকীয়া হাতঘড়ী এটা আনিছিল। তাই ল'ৰাটোৰ পৰা
কি বিচাৰিছিল তাই হয়তো এতিয়াও পুৰাকৈ বুজি উঠা নাই কিন্তু ল'ৰাটোৱে যি বিচাৰিছিল যোৱা ছমাহ ধৰি সি ভালকৈয়ে পালে। আজি এসপ্তাহ ধৰি ল'ৰাটোৱে তাইক দেখা কৰিবলৈ মানা কৰি আহিছে। আজি তাই জেদ ধৰিয়েই দেখা কৰিম
বুলি আহিছে। কিন্তু আজি ল'ৰাটোৱে তাইক চূড়ান্ততম ককর্থনাৰে
থকাসৰকা কৰিলে। তাইক এই কথাটো বুজাই দিলে যে তাই কিমান নষ্ট চৰিত্রৰ, তাই কিমান অউটডেটেদ কুপমণ্ডুক আৰু এটা দীঘলীয়া সম্পর্কৰ কাৰণে কিমান বেছি
অনুপযুক্ত। যোৱা ছমাহমান ধৰি তাই নিজৰ বন্ধুবর্গৰ পৰা আঁতৰি আছে। আজি এনে কোনো নাই
যাৰ ওচৰলোই গৈ তাইৰ সমস্যাবোৰৰ কথা পাতিব পাৰে, কাৰোবাৰ
কান্ধত মূৰ থৈ এসোঁতা কান্দিব পাৰে।
জোনৰ কাহিনী আগতে কৈছোৱেই। এনেকৈয়ে
দিল্লী চহৰৰ পাঁচটা কোণত পাঁচটা নিঃসঙ্গতম মানুহ দিশাহাৰা হৈ অলপ সময়ৰ কাৰণে ৰৈ
আছে। দৈৱাৎ ক্রমে ঘটা এটা সুষম পঞ্চভূজ। এই পাঁচটা কোণত এই পাঁচটা মানুহৰ ঘড়ী
স্তব্ধ হৈ ৰৈছে আৰু পৃথিৱীখনে যেন প্রচণ্ড বেগেৰে গতি কৰিব লাগিছে। একে সময়তে এই
পাঁচটা মানুহে চকু মুদি বিৰ বিৰ কৰি কিবা এটা ক'ব বিচাৰিছে - দৈৱক্রমে
ঘটিবলগীয়া বিৰাট চমৎকাৰ কিবা এটাৰ বাবে যেন প্রার্থনা কৰিছে।
পঞ্চভূজৰ ষষ্ঠ কোণ
বহু ভাবি চিন্তি বৰাই এটা প্লেন
উলিয়ালে। বৰা এজন সফল বিজনেছ ষ্ট্রেজেজিষ্ট। প্লেনটোৱে কাম দিলে।
বৰাই বৰানীলৈ ফোন লগালে।
“আজি মোৰ কাম নহ’ল,
বুজিছা। আজি সোনকালেই ঘৰলৈ উভটি আহিম। এটা কথা ভাবিছোঁ, এই যে জুনুকাই কৈ থাকে বাহিৰত খোৱাৰ কথা, আজি আমি
ৰাতৰ সাঁজটো বাহিৰতে খালে কেনে হয়?”
"উৱা, আজি
দেখোন শেনৰ এজাত। ইয়াতকৈ আৰু ভাল কথা কি থাকিব পাৰে?"
বৰানীয়ে এটা বাট বিচাৰি পালে। তেওঁ
লগে লগে পুতেক জিন্টুমণিক ফোন কৰিলে আৰু জিন্টুমণিয়ে খবৰ দিলে জুনুকাক। এই
ফোনাফোনি অলপ সময় চলি থাকিল। জুনুকাৰ তাগিদা মতেই হেপ্পী কটেজ নামৰ ৰেষ্টুৰেন্ট
খন নির্বাচনত উঠিল।
জুনুকা ঘৰলৈ গৈ জোনক লৈ আহিলে। অটোৱে, বাচে, বাইকে, প্রাইভেট-কাৰে আটাইকেইটা প্রাণী হেপ্পী কটেজৰ
সন্মুখত লগ হ’ল।
হেপ্পী কটেজত সোমায়েই বৰাৰ ধাতু উৰিবৰ
উপক্রম হ'ল।
বেচ ব্যয়-বাহুল্য কাৰবাৰ এটা যেন লাগিল। তথাপি আজি আৰু একো নাই, খৰচ পাতিৰ কথা ভবাটো উচিত নহয় বুলিয়ে পাঁচোটা প্রাণী আছুতীয়া টেবুল
এখনত গৈ বহিল।
বৰা পৰিয়ালৰে সৌভাগ্য যে আজি এই
ৰেষ্টুৰেন্ট খনৰ বর্ষপূর্তি। পঞ্চভূত নামেৰে মিউজিক বেণ্ড এটাই ৰক মিউজিক পৰিবেশন
কৰি আছে। সকলোৰে মনত বিৰাট ফুর্তি। অতি অস্বাভাৱিক ভাবে আটাইকেইজন মানুহে
স্বাভাৱিক হবলৈ চেষ্টা কৰি আছে। জুনুকাই মেনুখনত চকু ফুৰাই বুজিব পৰা নাই কি
অর্ডাৰ কৰা ভাল হ'ব। বৰানীয়ে পোণছাটেই ফ্রুট বীয়েৰ অর্ডাৰ দি ল'লে, বাদ বাকী অর্ডাৰ বাৰু পিছে পৰেও হ'ব। জিন্টুমণিয়ে বহি থকা চকীখন কিবা অখঁজা যেন পাই কাষৰ টেবুলৰ লগত সলনি
কৰাই ল'লে। বৰা মার্জিত ভাবে ইফালে সিফালে চকু ফুৰাই উমান ল'বৰ চেষ্টা কৰিছে, ঠাইডোখৰ কেনেকুৱা। আজি এইখন
ৰেষ্টুৰেন্টত সিহঁতৰ প্রথম দিন।
মিউজিক বেণ্ডটোৰ পিছফালে বেণ্ডটোৰ নাম
লিখা বেনাৰ এখন আছে। তালৈকে অলপ সময় চাই থাকি জোনে সুধিলে, "পঞ্চভূত মানে কি?"
কাৰো উত্তৰ নাপাই জোনে আকৌ সুধিলে। খাদ্যতালিকাখন পঢ়ি থকাৰ পৰা মূৰ
তুলি জুনুকাই গেঙেৰি দি উঠিল, যেন তাই মনযোগেৰে নতুনকৈ ভর্তি
হ'ব খোজা কলেজখনৰ প্রচপেক্টাচখনহে পঢ়ি আছে, "কিনো একেটা কথাকে বাৰে বাৰে সুধি থাক? পঞ্চভূত মানে
পাঁচটা ভূত আকৌ। এয়া দেখা নাই আমি পাঁচটা ভূত বহি আছোঁ, তই, মই, মা, দেউতা আৰু জিন্টুদা।" জুনুকাৰ উত্তৰ শুনি জোনে তভক মাৰিলে।
যিয়ে যেনেকৈ পাৰে খাদ্যবস্তুৰ অর্ডাৰ
দিলে। আজি আৰু কোনো ধৰা বন্ধা নাই। ৰেষ্টুৰেণ্টৰ বর্ষপুর্তি উপলক্ষে বহুখিনি নতুন
আইটেমৰ কথাও গম পাই সকলোবোৰেই অর্ডাৰ কৰা হ'ল। মাজতে বৰাই বৰানীক ক'লে, "মই তোমাক কেতিয়াও একো নিদিয়া বুলি কৈ
থাকা নহয়, আজি চোৱা মই তোমাৰ কাৰণে কি আনিছোঁ" -
ধুনীয়াকৈ পেক কৰি থোৱা ৰাণী কালাৰৰ শাৰী এখন বৰাই টেবুলৰ ওপৰত থ'লে। আটাইৰে চকু কপালত উঠিল। "উৱা, আজি দেখোন
শেনৰ এজাত" বুলি বৰানী চিঞৰ মাৰি উঠিল। জিন্টুমণি, জুনুকা
আৰু জোনে হাত চাপৰি বজাবলৈ ল'লে। "তেনেহ'লে আপুনি এইটো লওক, মোৰ ফালৰ পৰা স্পেচিয়েল গিফ্ট"
বুলি বৰানীয়েও ধুনীয়াকৈ পেক কৰা পাৰফিউমৰ বটল এটা বৰালৈ আগবঢ়ালে। বৰা পৰিয়ালৰ
কিৰিলি শুনি ওচৰৰ মানুহবোৰে ঘূৰি ঘূৰি চালে। কিন্তু তালৈ বৰা ফেমিলীৰ কোনো কাণষাৰ
নাই।
"ওঁ, এইবাৰ
তেনেহ'লে মোৰ পাল। ময়ো একেবাৰে খালী হাতেৰে অহা নাই। দাদলৈ
মই আজি কিবা এটা আনিছোঁ" জুনুকাই ক'লে। "তোৰতো
ভনীয়েৰজনীলৈ মৰমেই নাই। সদায় গালি শপনি পাৰি থাকোতেই গ'ল।
এইটো ল, মৰমৰ চিন, ভালকৈ ৰাখিবি।"
এইবুলি কৈয়েই জুনুকাই ইমপোর্টেড হাতঘড়ী এটা জিন্টুমণিৰ হাতলৈ আগবঢ়াই দিলে। বৰা
ফেমিলীত আকৌ উল্লাসৰ কিৰিলি উঠিল। জিন্টুৱে ইমান দামী উপহাৰ এটা দেখি সেমেনা
সেমেনি কৰিবলৈ ধৰিলে। "তেনেহলে ময়ো তোক কিবা এটা দিব লাগিব, নে কি?" জিন্টুৱে জেপৰ পৰা মোবাইল ফোনটো
উলিয়ালে। ফোনটো খুলি ভিতৰৰ চিমখন উলিয়ালে। "তই সদায়ে মোৰ ফোনটোৰ কাৰণে
কাজিয়া কৰি থাক, আৰু মই তোক কেতিয়াও ফোনটো চুবলৈ নিদিওঁ। ল,
আজিৰ পৰা এই ফোনটো তোৰেই। মই আৰু নোচোওঁ, মই
চুবলৈ বিচাৰিলেও তই কাজিয়া কৰি আঁতৰাই নিব পাৰ, এতিয়াৰ পৰা
ইয়াত তোৰ পুৰা অধিকাৰ আছে।"
উপসংহাৰ
ৰেষ্টুৰেন্টৰ ৰিচিপচনিষ্টৰ টেবুলৰ পৰা
মেনেজাৰ যেন লগা মানুহ এজন বৰাৰ টেবুলখনৰ ফালে আগবাঢ়ি আহিল। বৰা অলপ সচকিত হ'ল, হাঁহি খিকিন্দালি অলপ বেচি হ'ল যেন পাইছোঁ। কিন্তু
মেনেজাৰজনে একো নক'লে। ৱেইটাৰ কেইজনক দিহা দি টেবুলখনত বেচ
ধুনীয়াকৈ ডিজাইন কৰা মমবাতি আৰু ফুলৰ থোপা এটাহে সজাই দিলে। বৰা অলপ অপ্রস্তুত হ'ল। "আপোনালোকে কি কৰিছে? আজি আমাৰ একো বিশেষ
চেলিব্রেচন নাই। আমাৰ এনিভাৰছেৰী বা জন্মদিন একো নাই।" বৰাই ক'লে, কিন্তু ৱেইটাৰ কেইজনে একো উত্তৰ নিদি হাঁহি এটা
মাৰি আঁতৰি গ'ল।
খোৱা বোৱাৰ অন্তত বৰা ফেমিলী বিলখন
আহিব বুলি বহি থাকিল। ৰেষ্টুৰেন্টৰ মেনেজাৰজন আৰু কেইজনমান কর্মকর্তা আগবাঢ়ি
আহিল। মেনেজাৰজনে ক'লে, "ছাৰ, আজি
আপোনালোকে একো পে' কৰিব নালাগে, আপোনালোকৰ
ট্রিটমেন্ট সম্পূর্ণৰূপে ফ্রী। আজি আমাৰ ৰেষ্টুৰেন্টৰ বর্ষপূর্তি উপলক্ষে আমি এটা
হেপ্পী কটেজ গ্রুপৰ তফৰ পৰা এটা 'হেপ্পী ফেমিলী গিফ্ট'
ঘোষণা কৰিছিলোঁ। এয়া আপোনালোকৰে প্রাপ্য।" এইবুলি মেনেজাৰজনে
এটা গিফ্ট টোকেন আগবঢ়াই দিলে। এজন ফটোগ্রাফাৰে ফটোগ্রাফ ল'বলৈ
আহিল। ৰেষ্টুৰেন্টৰ আটাইবোৰ লাইট জ্বলি উঠিল। মেনেজাৰ জনে ক'লে,
"আমি ইমানপৰে আপোনালোকৰ ৰং ৰহইচ আৰু কাণ্ড-কাৰখানাৰ বুজ লৈ
আছিলোঁ। আজি আপোনালোকক আমাৰ মাজত পাই আৰু আপোনালোকলৈ এই হেপ্পী ফেমিলী গিফ্টটো
আগবঢ়াবলৈ পাই আমি ধন্য।" সকলোৰে মুখত হাঁহি বিৰিঙি উঠিল। ৰেষ্টুৰেন্ট খনত
উপস্থিত থকা সকলোবোৰ মানুহ বহি থকাৰ পৰা থিয় হ'ল আৰু
হাত-চাপৰি বজাবলৈ ধৰিলে। পঞ্চভূত বেণ্ডৰ ৰক মিউজিক এতিয়া তুঙ্গত। ক্লিক ক্লিক
ক্লিক কেমেৰাৰ ফ্লাশ লাইটেৰে পৰিবেশ প্লাৱিত।
সকলোৰে মুখত হাঁহি। সকলো আহ্লাদিত।
হাঁহি জোনৰ মুখতো। কিন্তু সি যেন কিবা এটা কথাত অলপ অস্বস্তি বোধ কৰিছে। সি মন
কৰিলে তাৰ পেণ্টৰ জেপত থকা চকলেটৰ পেকেটটো ফাটি গৈছিল আৰু গৰমত গলি যোৱাৰ ফলত তাৰ
পেন্টটোৰ এফাল তেনেই লেতেৰা হৈ পৰিছে।
No comments:
Post a Comment