Monday, November 10, 2014

প্ৰক্সি (Proxy)

ফটোচেচন শেষ হ'ল কি নহ'ল, অনুৰূপ আৰু দিবাকৰ কোবাকুবিকৈ গে'টখনৰ ফালে আগবাঢ়িল। ৰছিদে খিৰিকিৰে মাত দিলে- "কাহা জা ৰহে হ'?"
"বহুত হ' গয়া। বহুত হ'ল আৰু। আৰু ভিতৰতে সোমাই থাকিব নোৱাৰি।"
"আৰে, কাপোৰতো সলনি কৰি যা।"
কিন্তু সিহঁতে আৰু উভতি চোৱাত নাই।

নতুন দিল্লীৰ 'এক্ট এলাইক' নামৰ নাট্যগোষ্ঠীটোৰ দ্বাৰা "সমাধান" নামৰ হিন্দী ভাষাৰ নাটক এখনৰ প্ৰস্তুতি চলি আছে। এজন উচ্চ পদস্থ পুলিচ বিষয়াৰ কৰ্ম আৰু সমস্যাক সাঙুৰি লোৱা এই নাটকখনৰ মূখ্য ভূমিকাত অভিনয় কৰিবৰ কথা আছিল যশপাল শৰ্মাৰ। যশপাল শৰ্মা বলিউডত নাম কৰা অভিনেতা। মঞ্চ অভিনয়তো যশপাল শৰ্মাৰ নাম আছে। এবছৰৰ আগৰে কন্ট্ৰেক্ট আছিল আৰু সকলো ঠিকেই আছিল। কিন্তু শেহতীয়াকৈ শৰ্মা এখন নতুন হিন্দী চিনেমাৰ কামত ব্যস্ত হ'ব লগীয়া হ'ল, তাতে বিদেশৰ শ্বুটিং থকাৰ বাবে নাটক খনৰ পৰা তেওঁ নিজকে বাতিল কৰি ল'লে। অনুৰূপ, অনুৰূপ বৰঠাকুৰ 'এক্ট এলাইক'ৰ পুৰণা নাট্য কৰ্মী আৰু এজন সুদক্ষ অভিনেতা। কেবাখনো মঞ্চসফল নাটকত অভিনয় কৰি সি ইতিমধ্যে নাম কৰিছে। যশপাল শৰ্মাই নিজৰ ভূমিকা নাকচ কৰাৰ পিছত অনুৰূপেই সেই চৰিত্ৰত অৱতীৰ্ণ হ'ব লগাত পৰিছে।

অনুৰূপৰ কাম পৰিচালক মুক্তিনাথ পাণ্ডেয়েও ভাল পাইছে, অন্যান্য সতীৰ্থ বৃন্দয়ো শলাগিছে। প্ৰিমিয়াৰৰ বাবে আৰু দুমাহ আছে, কিন্তু প্ৰমোচনেল এক্টিভিটিৰ বাবে এতিয়াৰ পৰাই জোৰদাৰ প্ৰস্তুতি চলিছে। প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যতিৰেকে আজিকালি সাংষ্কৃতিক কাম কাজৰ কোনো গত্যান্তৰ নাথাকেই। গতিকে অনলাইন আৰু অফলাইন সকলো পৰ্যায়তে পৰিকল্পনা আৰম্ভ হৈ গৈছে। প্ৰম'চনেল পষ্টাৰৰ বাবে আজি এটা ফটোচেচন আছিল। তেনেই অলপ সময়ৰ কাম আছিল যদিও সাজ সজ্জা তৈয়াৰ কৰোতে, পোচ্ছাক পৰিচ্ছদ ঠিক ঠাক কৰি সকলোবোৰ কাম নিয়াৰিকৈ কৰি উলিয়াওতে ভালেমান সময় লাগিল। তাতে আকৌ অনুৰূপ অভিনেতা যদিও মঞ্চ অভিনেতা হিচাপে কেমেৰাৰ আগত বৰকৈ থিয় হৈ থাকিবলৈ সি ভাল নাপায়।

এনেকুৱা পোষ্টাৰ পজ একোটা দিবলৈ অন্য অভিনেতাই হ'লে হেতা ওপৰা লগালে হেতেন যদিও সি আকৌ ওলোটাই অলপ বিৰক্তহে হয়। ফটোচেচনৰ পিছতো যথেষ্টখিনি তাচ-আপ কৰা হয়। ফাইনেল ৰিজাল্টটো গৈ কি ওলাবগৈ কোনেও একো ক'ব নোৱাৰে। থ্ৰি পইন্ট লাইটিং ৰাখি পুলিচি পোছাকত তাৰ কেইবাটাও পজ শ্বুট কৰা হ'ল। ফটোগ্ৰাফাৰ আৰু গ্ৰাফিক ডিজাইনাৰ জনে বাৰে বাৰে একেটা কথাকেই কৈ থাকিল,
"অলপমান এটিট্যুড দেখুৱা, এটিট্যুড।"
"আৰে বাবা আৰু কিমান এটিট্যুড দেখুৱাম? এটিট্যুড দেখুৱাম ষ্টেজত।"
"আগতে ইয়াতে দেখুৱাচোন। এইখনহে আচল।"

সোঁভৰিখন চকী এখনত উঠাই বাওঁভৰিত ভৰ দি থিয় দি আটাইতকৈ বেছি পজ লোৱা হ'ল। সোঁহাতৰ লাঠিডালেৰে কৌনিক ভাবে ওপৰলৈ দৰ্শাই বাওঁহাতখন কেমেৰাৰ ফালে আগবঢ়াই কোনোবা যাদুকৰৰ দৰে ভংগীমা এটা কৰি সেই একেটা পজতে সি আটাইতকৈ বেছি শ্বট দিলে। সম্ভৱতঃ সেইটো পজেই পোষ্টাৰ পজ হিচাপে ৰখা হ'ব। যিটো উদ্যম আৰু প্ৰাণ লৈ ফটোচেচন এটা আৰম্ভ হয়, ফাইনেল হোৱালৈ সেই উদ্যম প্ৰায় নাথাকেগৈয়ে।

আৰু এটা কাৰণত তাৰ মনটো ৰাতিপুৱাৰ পৰাই ধৰফৰাই আছিল। ৰাতিপুৱা শুই উঠিয়েই চকুৱে মুখে পানী মাৰি সি ওলাই আহিছিল চাহ একাপো নখোৱাকৈ। চাহ! চাহ যেন চাহ নহয়, তাৰ কাৰণে সঞ্জীৱনী সুধা। ভৰ দুপৰীয়ালৈকে চাহ একাপো খাবলৈ নোপোৱাত তাৰ ধৈৰ্যৰ বান্ধ খুলিছিলেই আচলতে। সেয়েহে ফটোগ্ৰাফাৰ জনে অ' কে' বুলি ক'বলৈহে পালে, সি আৰু দিবাকৰ ষ্টুডিঅ'ৰ ভিতৰৰ পৰা উধাও হ'ল।

দিবাকৰৰ ইনোভাখনতে দুয়োটা উঠিল। দিবাকৰে মহাৰাণী বাগৰ ফালে গাড়ীখন ঘূৰাইছেহে। সেইখিনিতে বাইক এখনত মানুহ এটা আছিল সি গাড়ীখন হঠাৎ পিছফালে দেখি কি কৰিব কি নকৰিব ধৰিব নোৱাৰি কাষলৈ গৈ বেলেন্স ৰাখি ৰ'ল। হেলমেটটো খুলি সি গাড়ীখনলৈ খঙেৰে চালে। দেখিও নেদেখাৰ ভাব এটা কৰি দিবাকৰে গাড়ী আগুৱাই নিলে।
"সি বেটাই কিবা নহয় কিবা এটা ক'লেই হেতেন এতিয়া। দিল্লীত ট্ৰেফিকত অগা দেৱা হ'লেই  গালি-গালাজ আৰু অলপ বেছি হ'লে মাৰ-পিট।"
"আজি সি একো নক'লে কিয় ক চোন?" দিবাকৰে সুধিলে।
অনুৰূপে গম পালে। সি নিজে পিন্ধি থকা পুলিচৰ খাকী পোছাকযোৰলৈ আঙুলিয়াই দি হাঁহিলে।  

আশ্ৰমৰ ফালৰ পৰা আহি মহাৰাণী বাগৰ কোণতে দিবাকৰৰ ইনোভাখন ৰ'ল। এইখিনিতেই ৰাস্তাবোৰ ভাগে ভাগে গৈছে। ডি এন ডি ফ্লাই অভাৰখনেৰে দিবাকৰ নয়ডালৈ যায়গৈ, আৰু এইখিনিৰে পৰাই অটো এখন লৈ অনুৰূপ পটপৰগঞ্জলৈ যায়। এই খিনিতেই সিহঁতে ফুটপাথৰ চাহ একাপ খায়। এই যে ফুটপাথৰ চাহ - আহ! কি যে সোৱাদ তাৰ। 

মহাৰাণী বাগৰ পদাৰোহীৰ উৰণীয়া সেতুখনৰ কাষেৰে যোৱা গলিটোতে ইনোভাখন অৱস্থান কৰি দিবাকৰ দুৱাৰ খুলি ওলাল। অনুৰূপ অলপ সময় বহি থাকিল। দিবাকৰে তালৈ চালে, সি পিন্ধি থকা নাটকৰ পুলিচি-পোছাকযোৰলৈ চালে। সুধিলে, "তই বহিয়েই থাকিবি নেকি? চাহ ইয়ালৈকে আনি দিম নেকি?"

অনুৰূপে অলপ সময় একো নক'লে। তাৰ পিছত ড্ৰাইভাৰৰ আইনাখনত নিজকে চাই মিচিকিয়াই হাঁহিলে।
"ইনোভাত বহি চাহ খায় নেকি? ফুটপাথৰ চাহ ফুটপাথতে খাব লাগে। নেহী ত' এক্টৰ কিছ কাম কা?"

দুৱাৰখন সদৰ্পে খুলি অনুৰূপ ওলাই আহিল।
সি মন কৰিলে সকলোবোৰ মানুহে যেন তালৈকে হা কৰি মুখ মেলি চাই আছে। এহ্- সি লগতে লাঠি এডাল আনিব লাগিছিল। তেতিয়াহে সম্পূৰ্ণ হ'ল হেতেন। সি কল্পনা কৰিলে হঠাৎ সকলোবোৰ, চাৰিওফালে থকা পৰিবেশটো আৰু মহাৰাণী বাগৰ চিৰায়ত কোলাহলটো যেন শ্ল' ম'চন হৈ গৈছে। সি খোজ দিলে শ্ল' ম'চনত। মাজতে এবাৰ ভাবিলে তেলুগু চিনেমাৰ ষ্টাইলত ক'লা চছমা এবাৰ হাততে চাৰিপাকমান ঘূৰাই পিন্ধি ল'ব নেকি?

"তু বচ অ'ভাৰ এক্টিং মত কৰনা।"
দিবাকৰৰ কথাত সি সচেতন হৈ পৰিল। সি স্বাভাৱিক হ'বলৈ চেষ্টা কৰিলে। ওচৰৰ কোনো মানুহৰ লগতে যাতে তাৰ চকুৱে চকুৱে নপৰে তাৰ বাবে সি সাৱধান হৈ থাকিল। সেয়া তাৰ সৰুকালৰে অভিনয়ৰ শিক্ষাৰ পৰা আহৰিত জ্ঞান। মঞ্চত উঠি সি কোনো দৰ্শকৰে চকুলৈ নাচায়। সন্মুখত বহি থকা অগণিত দৰ্শকৰ মাজৰ কোনোবা এটা ভান্টেজ পইন্ট সি অনুমান কৰি লয় আৰু তাৰ কল্পনাৰ ইপ্সিত দৰ্শকজনক সি বহুৱাই লয়। সেই কোনেও নেদেখা অদৃশ্য দৰ্শকজনৰ বাবেই সি অভিনয় কৰি যায়। কোনো মুহূৰ্তত কাৰোবাৰ চকুৱে চকুৱে পৰিলেই সি নিজকে লৈ বেচি সচেতন হৈ পৰিব পাৰে - মই কোন? মই ইয়াত কিয়? মই কি কৰি আছোঁ? কাৰ বাবে আৰু কেনেকৈ কৰি আছোঁ?

যথাসম্ভৱ স্বাভাৱিকতাৰে সিহঁত চাহৰ দোকানখনৰ ফালে আগবাঢ়ি গ'ল। অনুৰূপ একেবাৰে ওচৰলৈ নগ'ল। ওচৰতে 'শ্ব'লে কুলছে' বেচা লাড়িখনৰ ওচৰতে সি ৰ'ল। চাহদোকানীজনে দহটা কথা সুধি থাকিব আৰু কোনে সেইবোৰৰ উত্তৰ দি থাকে?

দিবাকৰে চাহ লৈ আহিল। চাহত সোহা মাৰি দিবাকৰে ক'লে,
"অনু, তেৰে চাথ ইচি বাত কা মজা হেই। বুজিছনে, তোৰ লগত এইটোৱেই মজা। আনবোৰ মানুহে এইটো বুজি নাপায়। আমি দুটাই মিলি এনেকুৱা কিমান যে 'উৎ-পাতাং' কাম কৰাৰ নজিৰ আছে।"
"আটাইতকৈ বেছি মজা আছিল এদিন সন্ধিয়া যে আমি ফুটপাথত কোনোবাই দিনতে শুকাবলৈ থৈ দিয়া কম্বল এখনত পেস্ৰাব কৰি থৈ আহিছিলোঁ।"
"ধ্যেৎ", দিবাকৰে হাঁহিলে, "সি কোন আছিল নাজানোঁ, কিন্তু বেচেৰাই ছাগৈ সেই ৰাতি বৰ ধুনীয়া সপোন দেখি দেখি শুলে। আমিও সেইদিনা অলপ বেছিকৈয়েই মাতাল হৈ আছিলোঁ।"
"শুন, তই মোৰ সন্মুখলৈ আহ, মই আঁৰ হওঁ", পুলিচৰ গাড়ী এখন আহি থকা দেখি অনুৰূপে ক'লে।
অনুৰূপৰ পুলিচৰ খাকী ছোলাটোত থকা নাম-ফলক খনলৈ চাই দিবাকৰে হাঁহিলে।
"তেনেহ'লে ইন্সপেক্টৰ চি চৌধুৰী, ডাল মে কুছ কালা হেই ক্যা?"
"আৰে ধেমালী কৰি নাথাকিবি, পুৰা ডাল হি কালা হেই যাঃ"
দিবাকৰে তাক আঁৰ কৰি ধৰিলে।
"এৰা, কি ঠিক এতিয়াই এইখিনিতে আকৌ এখন 'আচল পুলিচ, নকল পুলিচ' নামেৰে নতুন নাটক এখন আৰম্ভ হৈ যাব পাৰে।"

পুলিচৰ গাড়ীখন অৱশ্যে সেইখিনিত বেছি সময় নৰ'ল। দিবাকৰে চিগাৰেট এটা উলিয়াই জ্বলাইছিলহে মাত্ৰ-
ধুপ...
এটা অদ্ভূত শব্দত আটাইবোৰ মানুহ উৎকীৰ্ণ হৈ গ'ল। সকলোৱে শব্দটো ঠিক কোনখিনিত হ'ল সেইটো বুজিবলৈ এফালে সিফালে চালে। সেইখিনি সময়তে মেইন ৰাস্তাত থকা কিছুমান মানুহে ঢপলিয়াবলৈ আৰম্ভ কৰিলে। সামান্য উৎকীৰ্ণ হৈয়ে নিৰুদ্বেগ হৈ থাকিবলৈ চেষ্টা কৰা দিবাকৰে ক'লে,
"এই যাঃ - খুন্দিয়ালে কোনোবাই। এইখিনি ঠাইত সদায়েই কিবা এটা নহয় কিবা এটা হৈয়েই থাকে।"

লওঁ নে নলওঁ বুলি অলপ পৰ ভাবি অনুৰূপেও চিগাৰেট এটা ল'লে। ৰাজহুৱা স্থানত চিগাৰেট খোৱা নিষিদ্ধ, তথাপি মানুহে খায়। এয়া বাৰু তেনেকুৱা 'ৰাজহুৱা স্থান' নহয়। তথাপি পুলিচে বাৰু চিগাৰেট খাব লাগে নে নেলাগে? হয়তো সি এইবোৰ কথাহে ভাবি আছিল। সি যে আন মানুহৰ চকুত এই মুহূৰ্তত চি চৌধুৰী নামৰ নাম-টেগ থকা এজন পুলিচ, সেই কথাটো মাজে মাজে মনলৈ আহি থাকে। 

অলপ সময় যোৱাৰ পিছতহে সিহঁতে সেই ধুপ-কৈ শব্দ হোৱা ঠাইখনৰ ফালে ভালকৈ মন দিলে। কোনোবা ছোৱালী দুজনীয়ে চলাই অহা কাৰ এখনৰ সৈতে বস্তু কঢ়িওৱা ঠেলা এখনৰ কিবা সংঘাত এটা। ছোৱালী দুজনী দেখিহে সিহঁত দুটাৰ সেইফালে কি হৈছেনো জানিবলৈ অলপ আগ্ৰহ হ'ল।
"আৰু একাপ চাহ হৈ যাওক, নে কি?" অনুৰূপে ক'লে।
"এতিয়াতো আৰু একাপ লাগিব যেনেই পাইছোঁ", গাড়ীখনৰ কাষতে ছোৱালী দুজনী আৰু ঠেলাৱালাটোৰ তৰ্কাতৰ্কিটোলৈ চাই থাকি দিবাকৰে সঁহাৰি দিলে।

এক্সিডেন্টটোৰ ওচৰত জুম বান্ধি ধৰা মানুহবোৰ অলপ অলপ কৈ পাতলিছে। চাউথ দিল্লীৰ ফালৰ পৰা আহি থকা ছোৱালীহঁতৰ কাৰখন উৰণীয়া পদপথৰ ঠিক তলতে ৰৈছিলহি। তেতিয়া এটা সাময়িক যান-জঁটৰো সৃষ্টি হৈছিল। মহাৰাণী বাগ নামৰ ঠাইডোখৰ যান-জঁটৰ বাবেই প্ৰসিদ্ধ। মেট্ৰ', বাই পাছ, ফ্লাই অভাৰ - আৰু কিমান কি কৰাৰ পিছতো এই ঠাইডোখৰৰ যান-জঁটৰ এটা স্থায়ী সমাধান চৰকাৰে আজিলৈকে উলিয়াব নোৱাৰিলে। সেইখিনিতেই ড্ৰাইভিং আসনত থকা ছোৱালীজনীয়ে দুৱাৰখন অলপমানকৈ খুলিছিলহে পিছফালৰ পৰা আহি থকা ঠেলাখনে খুলন্ত দুৱাৰখনতে দিলেহি এখুন্দা। কাৰখনৰ দুৱাৰখনো অলপ ক্ষতিগ্ৰস্ত হ'ল, ঠেলাখনৰো চকাটোৰ অৱস্থা তথৈবচ। মানুহটোৱে ভৰিতো অলপমান দুখ পালে।

এক্সিডেন্ট বুলিলেই হ'ল, মানুহৰ জুম বান্ধেই। এই ঠাইডোখৰত এইটো এটা নৈমিত্তিক আৰু সৰু ঘটনা। সেয়েহে বেছি মানুহ জমা নহ'লহেতেন। কিন্তু দুজনী আধুনিকা গাভৰুৱে চলাই অহা কাৰ আছিল বুলিয়েই হয়তো ভিৰটো অলপ বেছি হৈছিল। কিন্তু এক্সিডেন্টটোত মানুহখিনিয়ে বিশেষ 'মনোৰঞ্জক' কিবা এটা বিচাৰি নাপালে। সেয়েহে সকলো দিহাদিহি যাবলৈ আৰম্ভ কৰিলে।

বহুত দেৰীলৈকে মানুহটো আৰু গাড়ীখনত বহি অহা ছোৱালীজনে তৰ্কাতৰ্কি কৰি থাকিল। চলাই অহা ছোৱালীজনীয়ে বিশেষ কথা কোৱা দেখা নগ'ল। গোটেই ঘটনাটোত লাগে লাহে অনুৰূপ আৰু দিবাকৰে আমোদৰ খোৰাক বিচাৰি পোৱা হ'ল। ছোৱালী দুজনী দেখি নয়ডাৰ ফালে কোনোবা এম এন চি-ত কাম কৰা ছোৱালী যেনেই লাগিল। এজনী কর্পোৰেট সাজত আছে, আনজনী কেজুৱেল। বেচ দেখনীয়াৰ আৰু নক'লেও হ'ব যে ধনী ঘৰৰে ছোৱালী। চলাই অহা ছোৱালী জনীয়ে কালৈ ফোন কৰিছে? বয়ফ্ৰেইণ্ড? দেউতাক? সিজনী ছোৱালীয়ে কি বুলি তৰ্কাতৰ্কি কৰি আছে? ক্ষতিপূৰণ দিব লাগিব বুলি কৈছে? পুলিচ মাতিম বুলি ভয় দেখুৱাইছে নেকি? এইখিনি ঠাইতে, অভাৰব্ৰিজখনৰ তলতে থকা সৰু কোঠালি এটা আছে য'ত ট্ৰেফিক পুলিচ থাকে - সিহঁত আগবাঢ়ি অহা নাই কিয়? নে ইয়াত তেওঁলোকৰ কোনো ভূমিকা নাই? ড্ৰাইভাৰ ছোৱালীজনীয়ে পুলিচলৈ ফোন কৰিছে নেকি?

পুলিচ? দিবাকৰে অনুৰূপলৈ চালে।
"তেনেহ'লে ইন্সপেক্টৰ চি চৌধুৰী। ক্যা খয়াল হেই?"
"খয়াল ত' চহী হেই।" এই বুলি কৈ অনুৰূপ আগবাঢ়ি গ'ল। দিবাকৰেও পিছ ল'লে।

অনুৰূপে কাৰখন ঘূৰি পকি চালে, ঠেলাখন চালে, ছোৱালী দুজনীলৈ চালে, ঠেলাৱালাটোলৈ চালে। মিশ্ৰিত ভাবৰ চাৱনিৰে ছোৱালীদুজনীয়ে অনুৰূপলৈ চালে, ঠেলাৱালাটোৱে সন্দিগ্ন হৈ তালৈ চালে। অনুৰূপে দিবাকৰলৈ চালে, আৰু মুখখন বিকটাই অলপ হঁহাৰ নিচিনা কৰিলে। ভাবটো এনেকুৱা, "এইবোৰৰ একো নহ'ব দেই, এইবিলাক ঘটনা কিমান চাবা আৰু।"

দিবাকৰে মনে মনে হাঁহিলে আৰু বুজি পালে, অনুৰূপে প্ৰথম চালটোতেই পাছ কৰি গ'ল। "এহ নকবি আৰু" এনেকুৱা এটা বেপেৰুৱা ভঙ্গী দেখুৱাই সিও অনুৰূপলৈ চালে। এতিয়া অনুৰূপ অনুৰূপ নহয়, সি এতিয়া 'চি চৌধুৰী'।

ছোৱালী দুজনী ভাল। ভাল মানে সিহঁতে ইমান পৰে ধাৰণা কৰি থকাৰ দৰে উৰণচণ্ডী ধৰণৰ বা মুখে মুখে তৰ্কা তৰ্কি কৰা ধৰণৰ নহয়। ঠেলাৱালাটোও ভাল। এটা সহজ সৰল মানুহ। আনহাতে ঘটনাটো ঘটিল জটিল। কাৰখন এইখিনিত পাৰ্ক কৰাতো দূৰৰে কথা, হল্ট কৰাও মানা। তেনেক্ষেত্ৰত এইখিনিত কাৰখন ৰোৱাটোৱেই প্ৰথম ভুল। কিন্তু যিহেতু সেই সময়ত সামান্য ট্ৰেফিক জাম এটা হৈছিল গতিকে সেইটো কনচিডাৰ কৰিব পাৰি। কিন্তু ড্ৰাইভাৰৰ দুৱাৰখন খোলাটোতো একেবাৰে ভুল। ব্যস্ত পথ এটাত বাওঁহাতে ৰখোৱা কাৰ এখনৰ সোঁহাতৰ দুৱাৰখন খোলাটো সদায়েই ৰিস্কি। এতিয়া, ঠেলাৱালাটোৰো নিৰ্ঘাত ভুল। যিহেতু পিছফালৰ পৰা আহিহে সি খুন্দিয়াইছে, গতিকে সি অজুহাত দেখুৱাবলৈ আইনী ভাবে কোনো ৰাস্তা নাই। কিন্তু তাৰো যুক্তি আছে। সিনো কেনেকৈ জানে সেইখিনি সময়তে দুৱাৰখন খোল খাব বুলি? 

পুলিচ আনুৰূপ অলপ দোমোজাত পৰিল। সি নিজৰ বুদ্ধিটো ঠিকেই চলালে। ঘড়ীটো চালে, আৰু হঠাৎ খৰধৰ কৰিবলৈ আৰম্ভ কৰিলে।
"যি হ'ল হ'ল, এইবোৰ সৰু কথা। তহঁতে সোনকালে নিজৰ মাজতে মীমাংসা কৰ আৰু ইয়াৰ পৰা সোনকালে আঁতৰ হ। বেছি সময় ইয়াত থাকিব নোৱাৰ।"

দিবাকৰে মূৰ দুপিয়ালে। এই খৰধৰ কৰাটো আছিল পুলিচ অনুৰূপৰ দ্বিতীয় সফল চাল।

কিন্তু ইমান সময়ে অলপ শান্ত ধৰণৰ বুলি ভাবি থকা ড্ৰাইভাৰ ছোৱালীজনী অলপ বেছিয়েই সপ্ৰতিভ হৈ উঠিল।
"মই এতিয়া এই পোটোকা পৰা কাৰখন নি দেউতাক কি বুলি দেখুৱাম? যেনেকৈয়েই নহওক মোক ক্ষতিপূৰণ লাগিবই। আজি মই ইয়াক সুদাই নেৰো। আপুনি কি চাই আছে?"
"মেডাম দোষ আপোনাৰেই। ভুল ফালেদি আপুনি ভুল ঠাইত দুৱাৰ কিয় খুলিছিল?"
"সি মোক দেখিছিল। তাৰ পিছতো আহি পিছফালৰ পৰা খুন্দিয়াইছে।"
"মেডাম কি নাম আপোনাৰ?"
"পূজা"
"আপোনাৰ কি নাম?"
ঠেলাৱালাজনে নিজৰ নামটো ক'লে। দিবাকৰে বুদ্ধি কৰি অনুৰূপৰ ওচৰলৈ গৈ কাণে কাণে কথা এটা ক'লে-
"বুৰ্বক, পুলিচে ঠেলাৱালা ৰিক্সাৱালাবোৰক আপুনি বুলি নকয়। তই বুলি সম্বোধন কৰিবি।"
অনুৰূপ সচেতন হ'ল।

অনুৰূপে ঠেলাৱালাটোৰ কিমান ক্ষতি হ'ল, মেৰামতিৰ বাবে কিমান খৰচ পৰিব সকলোবোৰ উমান ল'লে। ছোৱালীজনীকো সুধিলে। তাৰ পিছত এটা উদ্ভট সিদ্ধান্তলৈ আহিল। সি ছোৱালীজনীক একাষৰীয়াকৈ মাতি আনি ক'লে যে
"ঠেলাৱালাটোক পাঁচ শ টকা এটা দি দিয়ক, আৰু যিমান পাৰে সোনকালে এইখিনিৰ পৰা আঁতৰি গুছি যাওক।"
"হোৱাট?"
চিঞৰ মাৰি উঠিছিল ছোৱালীজনীয়ে।

একে ধৰণেৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ঠেলাৱালাটোৱে। "ছাৰ মোৰ দেখোন মেৰামতিৰেই খৰছ কমেও এহেজাৰ টকা।" অনুৰূপে তাক ধমকিয়াই থ'লে-
"চুপ, যি কৈছোঁ শুন আৰু ভাগ ইয়াৰ পৰা। ইয়াত ৰৈ থাকিলে তোৰ আৰু প্ৰব্লেম আছে। ৰাতিপূৱাহে তহঁতৰ ইয়াত পাৰ্মিট আছে, এঘাৰ বজাৰ পিছত নাই নহয়। এনেয়েও তই অনুমতি নথকা সময়ত হাই-ৱেত আহি সোমাইছহি। যি পাইছ সেয়া মোৰ কাৰনেই পাইছ। এতিয়া সজে সজে ভাগ ইয়াৰ পৰা।"

গোটেই খেলিমেলিখিনি দেখি দিবাকৰৰ লাহে লাহে ধৈৰ্য হেৰাইছিলেই আৰু। নাৰ্ভাচো হৈছিল, কিবা কাৰণত সঁচা পুলিচ আহি ওলায়হি বুলি। মুঠতে বহুত জটিলতাৰ মাজতো কেনেবাকৈ অনুৰূপে ছোৱালীজনীক সৈমান কৰি ঠেলাৱালাটোক পাঁচশ টকা দিয়ালে আৰু দুয়োপক্ষকে সেই ঠাইৰ পৰা বুদ্ধি কৰি খেদালে।

ততাতৈয়াকৈ অনুৰূপ আৰু দিবাকৰো গৈ নিজৰ গাড়ীত বহিলগৈ আৰু সেই ঠাইৰ পৰা উধাও হ'ল। খেলিমেলিখন হৈ থাকোতেই দিবাকৰলৈ তেওঁলোকৰ নাটকখনৰ পৰিচালক মুক্তিনাথ পাণ্ডেৰ ফোন আহিছিল। ষ্টুডিঅ'লৈ আকৌ মাতি পঠাইছে। গতিকে ঘৰমুৱা নহৈ সিহঁত দুটা আকৌ ষ্টুডিঅ' অভিমুখে আগবাঢ়িল।

"মই মুক্তিদাৰ ফোনত লাগি থাকোতেই তই ইফালে ছোৱালীজনীক কেনেকৈ সৈমান কৰালি ধৰিবই নোৱাৰিলোঁ। এইখিনি সময়তে তাইৰ লগত তোৰ কিবা কেমিষ্ট্ৰী আৰম্ভ হৈয়েই গ'ল নেকি?" তাৰ সহজাত দুষ্ট হাঁহি এটা মাৰি দিবাকৰে বাটত সুধিলে।
"একো নাই। এটা হিউমেনেটেৰিয়ান গ্ৰাউণ্ডতে তাইক মনাই দিলোঁ। ছোৱালীজনী আচলতে ভাল ছোৱালী এজনীয়েই।"
"হিউমেনেটেৰিয়ান গ্ৰাউণ্ড? সেইটো আকৌ কি বস্তু?"
"মানে তাইক বুজালোঁ, এইটো গৈ পুলিচ কেছ হ'বলগীয়া একো যুক্তি নাই। তাত লাভ যিমান লোকচান বেছি। গাড়ীৰ পঞ্জীয়ন চেকিঙৰ পৰা ইটো সিটো ভেৰিফিকেচনৰ নামত বাৰে বাৰে থানালৈ অহা যোৱা কৰি থকাটো সহজ কথা নহয়। সময়ো নষ্ট, টকা পইচাও নষ্ট। গতিকে ইয়াতেই এটা সমাধান হৈ গ'লে সকলোৰে ভাল।"
"তাতেই মানি ল'লে নে?"
"আৰু ঢেৰ কিবা কিবি বুজালোঁ। ক'লোঁ, এই মানুহটোক দেখি যেনেকুৱা লাগিছে সি ক্ষতিপূৰণ দিব পৰা মানুহ এটা নহয়। তাই যদি তাক পাঁচ শ টকা এটা দি দিয়ে, তাইৰ সাংঘাটিক সমস্যা একো নহয়। মই ক'লোঁ এইটো হৰা জিকাৰ কথা নহয়। এইটো পানিছমেন্ট বা ফাইন বুলি ধৰিবই নালাগে। মই কোৱাই নাই যে আপোনাৰ কিবা ভুল আছে। মই ক'ব খুজিছোঁ যে সেই মানুহটোলৈ চালে তাৰ যিমানখিনি ক্ষতি হ'ল সেইখিনিৰ পৰিমান বেছি। গোটেইখিনি নেলাগে, কিন্তু তাক কিবা এটা পইচা যদি হাতত দি দিব পৰা যায় সি মনে মনে থাকিব, আৰু তাৰ ভালো হ'ব। পাঁচ শ টকা এটা আজি জানিবা আপোনাৰ বেছিকৈয়ে ক্ষতি হ'ল বুলি বা ক'ৰবাত চিনেমা চাওতে বা কফি খাওতে খৰচেই হ'ল বুলি ধৰি লওক।" 
"কি কৈছ? তেনেকৈ দেখোন আৰু জাঙুৰ খাই হে উঠিব।"
"উঠিছিলেই। আৰু মোৰো ধোৱাঁ ওলাবৰ হৈছিল আৰু। ধৰা পৰিলো যেনেই লাগিছিল। কাৰণ মই একেবাৰে মোৰ সেই জকাইচুকীয়া গাঁৱলীয়া কাইদাত মীমাংসা এটা দিলোঁ হ'বলা।"
"তাৰপিছত?"
"বুজালোঁ আৰু। শুনক মেডাম, বৰঞ্চ কথাটো এনেকৈয়ো ভাবিব পাৰি নেকি যে- আজি বাটত মানুহ এজন অলপ বিপদত পৰিল আৰু আপুনি তেওঁক পাঁচশ টকা এটা দি সহায় কৰিলে। মানুহ হিচাপে আপুনি যদি এবাৰ এনেকৈ ভাবিব পাৰে, তেনেহ'লে আৰু আপোনাৰ মনত কোনো ক্ষোভ বা অপমানবোধ নাথাকিব। মনটো ভাল হে লাগি থাকিব।"
"সঁচা কৈছ? তই এনেকৈয়ে ক'লি আৰু তাই শুনিলে?"
"তেনেকুৱাতে সিজনী ছোৱালীয়ে তাইক ফোনটো আহি ধৰাই দিলেহি। সিফালৰ পৰা কোনোবাই কিবা চিঞৰি বাখৰি কৈ আছিল। কোন বা কি কথা নাজানোঁ। ফোনকলটো শেষ হোৱাৰ পিছত তাই আহি হ'ব বুলি ক'লে। এতিয়া মই নাজানোঁ, তাই আচলতে মোৰ কথাখিনিত পতিয়ন গ'ল নে সিফালৰ পৰা অহা ফোনটোৰ কথাখিনিত কিবা এটা ঘটিল। সেয়া ভগৱানে হে জানে।"

ইতিমধ্যে সিহঁত উভতি আহি ষ্টুডিঅ' পাইছেহি।
দিবাকৰে ইনোভাখন পাৰ্ক কৰি কৰি ক'লে,
"আৰে ৱাহ, আৰে ৱাহ। তই সঁচাকোইয়ে ইন্সপেক্টৰ চি চৌধুৰী হৈ গ'লি দেখোন।"
"হুঁ, ৰবি এতিয়াহে ভাবিছোঁ, এই চি চৌধুৰী নামৰ পুলিচৰ চৰিত্ৰটোৰ সম্পূৰ্ণ নামটো চাচা চৌধুৰী নহয়তো?"
দুয়ো হাঁহিলে।
"হোৱাটেভাৰ, পাৰফেক্ট ৰোল প্লে'।"

ষ্টুডিঅ'লৈ গৈয়েই অনুৰূপে খৰধৰকৈ পোছাকযোৰ সলাই ল'লে। পোছাকযোৰ পিন্ধি বাহিৰত ঘূৰি ফুৰা বুলি মুক্তিদাৰ আগত ক'ব নোৱাৰি।

মুক্তিদা সাময়িকভাবে পাতি লোৱা সৰু অফিচৰুমটোতে বহি আছিল।
"আহ। তহঁতৰ কাৰণেই কিমান সময় ধৰি মই ৰৈ আছিলোঁ। দিবাকৰে বাটত আছোঁ বুলি কোৱা কাৰণেহে আকৌ মাতি পঠালোঁ। নহ'লে আমি কাইলৈকো এইখিনি কথা পাতিব পাৰিলোঁহেতেন। আৰু অনুৰূপ, তোৰতো ফোন কেতিয়াও নালাগে।"
অনুৰূপে একো নকৈ মূৰ খজুৱালে।
"খোৱা বোৱা কৰিলি?"
"অঁ, হৈ গ'ল।"
দিবাকৰে ক'লে। কিন্তু আচলতে সিহঁত দুইটাৰ পেটত কেঁচু কুমটিয়ে দৌৰি আছিল তেতিয়া।
"কফি মগাও ৰ।"
মুক্তিনাথে কফি মগাই পঠালে। সিহঁতে মন কৰিলে মুক্তিনাথে মূল কথা আৰম্ভ নকৰি অন্য কথা পাতি হে সময় পাৰ কৰি আছে। আনহাতে দিবাকৰ আৰু অনুৰূপ যিমান পাৰে সোনকালে ওলাই পলোৱাৰ ধান্দাত আছে। কফি অহাৰ পিছত হে আচল কথাখিনি আৰম্ভ হ'ল।

যশপাল শৰ্মাৰ চিনেমাৰ চিডিউলটো সলনি হৈছে। শ্বুটিঙৰ তাৰিখ পিছুৱাই দিয়াৰ কাৰণে যশপাল শৰ্মাই আগতে কৰি থোৱা প্লেনমতেই এইখন নাটকত অভিনয় কৰিব। এই খবৰটো দিবৰ বাবেই যশপাল শৰ্মাই সিহঁত দুটাক আকৌ মাতি পঠাইছিল। অনুৰূপে যিহেতু এই কেইদিন ইমান ভাল অভিনয় কৰি দেখুৱাইছিল, তাৰ কাৰনে আৰু এটা চৰিত্ৰ নাট্যকাৰক কৈ সুমুৱাই লোৱা হ'ব।

"ৰিহাৰ্ছেল কেইদিনমান বন্ধ ৰাখিম। মই ভাবিছিলোঁ ফোনতো ক'ব পাৰি বা কাইলৈকো ক'ব পৰা গ'ল হেতেন। কিন্তু ভাবিলোঁ ইমান এক্সচাইটমেন্টৰ খবৰ এটা গৰমে গৰমে দিব পাৰিলে মনটো ভালেই লাগিব। কেন ইউ ইমাজিন, যশপাল শৰ্মা! যশপাল শৰ্মা মানেই এটা বলিউডী নাম। এটা ক্ৰাউড পুলাৰ। যশপাল শৰ্মাক কিমান দিন ধৰি আমি চেষ্টা কৰি আহিছিলোঁ। ফাইনেলি, উই ডিড ইট। ল, কফি ল। চিয়েৰ্ছ ফৰ যশপাল শৰ্মা!" 

অনুৰূপে কফিকাপত সোহা মাৰি বুজিলে, কফিকাপ তিতা।




*
এমাহ পাৰ হ'ল, ইটো সিটো বাহানা দেখুৱাই অনুৰূপ 'এক্ট এলাইক' নাট্যগোষ্ঠীৰ পৰা আঁতৰি ফুৰিছে। ৰিহাৰ্ছেল পূৰ্ণউদ্যমেৰে আকৌ আৰম্ভ হৈছে বুলি গম পাইছে, তাক মাতি থকা হৈছে কিবা ৰ'ল এটাৰ কাৰণে, কিন্তু সি সময় উলিয়াব পৰা নাই। আচলতে সময় উলিয়াব বিচৰা নাই। দিবাকৰৰ লগতো দেখা দেখি হোৱা নাই। অৱশ্যে ফোনত কথা হৈয়েই থাকে।

আজি বহুত দিনৰ মূৰত সি দিবাকৰৰ নয়ডাৰ ফ্লেটলৈকে যাবলৈ ওলাইছে। দিবাকৰে বহুত দিন লগ পোৱা নাই বুলি মাতি পঠাইছে। অনুৰূপ লক্ষ্মীনগৰ মেট্ৰো ষ্টেচনলৈ গ'ল। ইয়াত সদায়েই ভীড় থাকে। সি ষ্টেচনলৈ সোমাওতেই মেট্ৰো ৰে'ল এখন ৰৈয়েই আছিল। কিন্তু বহুত ভীড় থকা বাবে উঠিব নুখুজিলে। পিছৰ খনলৈ বাট চাব পাৰি। ৰৈ থকা মেট্ৰ'খন আঁতৰি যাওঁতেই তাৰ চকুত পৰিল, আনটো প্লেটফৰ্মত ডাঙৰকৈ জিলিকি আছে "সমাধান" নাটকৰ পোষ্টাৰ। "এক্ট এলাইক দলৰ চাঞ্চল্যকৰ প্ৰযোজনা, যশপাল শৰ্মা অভিনীত সমাধান"।

অনুৰূপে ৰ লাগি পোষ্টাৰখনলৈ চাই থাকিল। এজন পুলিচ বিষয়াই সোঁভৰিখন চকী এখনত উঠাই বাওঁভৰিত ভৰ দি থিয় দি আছে। সোঁহাতৰ লাঠিডালেৰে কৌনিক ভাবে কৰবালৈ দৰ্শাই আছে- সেইফালে কিছুমান গ্ৰাফিক ডিজাইনে কিছুমান ৰহস্যময় খেলা কৰিছে। বাওঁহাতখন দৰ্শকৰ ফালে আগবঢ়াই কোনোবা যাদুকৰৰ দৰে ভংগীমা এটা কৰিছে। সেই হাতখনৰ পৰাই যেন ওলাই আহিছে তেনেকৈ টাইপ'গ্ৰাফী ডিজাইন কৰি লিখা আছে - "সমাধান"। অনুৰূপে চিনি পালে চকীত উঠাই থোৱা সেইখন তাৰ সোঁভৰি। সেইখন তাৰ বাওঁহাত। এটিট্যুড দেখুৱাই সামান্য হেলনীয়াকৈ ঠিয় দি থকা সেইটো তাৰ গা।

তাৰ গা সেইটো। তাৰ দেহা। তাৰ শৰীৰ। মুখখন হয়তো গ্ৰাফিক ডিজাইনাৰে কম্পোজ কৰি...

পিছৰখন মেট্রো ৰে'ল আহি পোষ্টাৰখন আঁৰ কৰি ধৰিলে। অনুৰূপ মেট্রোত উঠিল। ভাগ্য ভাল যে এইখনত ভীড় যথেষ্ট কম। আসন এখনত বহিয়েই আকৌ উঠি দিলে। সি হঠাতে মন নকৰাকৈ মহিলাৰ ছিট এটাত বহি দিছিল। সন্মুখত অন্য ছিট এটা খালী থকা দেখি সি তালৈ গ'ল। ৰে'লখন চলিবলৈ ধৰিলে। পৰৱৰ্তি ষ্টেচন 'যমুনা বেঙ্ক'তে নামি সি নয়ডা অভিমুখী অন্য এখন মেট্ৰ' ধৰিব লাগিব। হঠাতে তাৰ সি আহি আগতে বহা মহিলাৰ ছিটটোৰ ফালে চকু গ'ল। ইমান পৰে কোনোবা ধুনীয়া ছোৱালী এজনী আহি তাত বহিছেহি। চকুত চকু পৰিলত সি চকু আঁতৰাই নিলে। কিন্তু তাৰ এনে লাগিল যেন তাইক সি ক'ৰবাত দেখিছে। তাৰ খুব চিনাকি ছোৱালীবোৰৰ মাজতে কোনোবা এজনী নেকি? কিজানিবা তাৰ এক্টিঙৰ ফেন-বোৰৰ মাজত কোনোবা? সি আকৌ এবাৰ আঁৰ চকুৰে চাবলৈ চেষ্টা কৰিলে। হঠাত চিৰিং কৈ মনত পৰিল। তাইৰ নাম পূজা। সি তাইক মহাৰাণী বাগত পাইছিল।

ভাগ্য ভাল যে ইতিমধ্যেই 'যমুনা বেংক' ষ্টেচনটো আহি পালে। তাৰ নামিবৰ হ'ল। 



সমুদ্র কাজল শইকীয়া
Samudra Kajal Saikia
A-31, 3rd Floor, Gali No. 10
West Vinod Nagar, Patparganj, New Delhi
110092


email: kankhowa@gmail.com, mobile: +91- 9811375594

Saturday, July 19, 2014

উৎসৱ

 এই কাহিনীটো ১৯৯০ চনৰ, বিশ্বনাথ চাৰিআলিৰ। চৰিত্রসমূহ কাল্পনিক।

১
ঘাঁহনিত বহি পিছফালে হাতদুখন থৈ তাতে ভেঁজা দি নয়নীয়ে ওপৰলৈ চাই আছে। বগৰীজোপাৰ পাতৰ ফাঁকে ফাঁকে অহা সূর্যৰ পোহৰ তাইৰ মুখত পৰিছেহি যদিও তাইৰ চকুত ধৰা নাই। কাষতে ঘাঁহনিত পেট পেলাই ভাঁজ কৰি ৰখা হাতৰ কিলাকুটিৰ ওপৰত থুতৰিৰ ভৰ থৈ কাজুৱে ভৰি দুখন নচুৱাই আছে। ববচা বনৰ কুটা এডাল মুখতে লৈ খেলা কৰি কৰি কাজুৱে সুধিলে, “আজি কিবা কাৰণত তোৰ মন বেয়া নেকি?” নয়নীয়ে একো নক’লে। তাই কিবা ভাবত বিভোৰ। “আজি দেখোন শেনৰ এজাত। ইমান পৰ ধৰি তই মনে মনে আছ যে?”

“কাজু, তই যে কৈ থাক’, মই ক’লে তই যি কোনো কাম কৰিব পাৰ, এইবাৰ কিবা এটা কওঁ? মই পকা বগৰী এটা দেখিছোঁ”।
“এটাহে দেখিলি নে? পকা বগৰী এই গছজোপাত কমেও এশটা আছে।”
“নহয়, মই এটা দেখা পাইছোঁ, মই সেইটোৱেই খাম।”

এইবাৰ কাজু উঠি বহিল। নয়নীয়ে আঙুলি টোঁৱাই দেখুৱালে। কাজু অলপ সময় ৰ লাগি চালে। পকা বগৰী এটা মোক খা মোক খা কৰি জিলিকি আছে। সি মাটিৰ পৰা চপৰা এটা বুটলি ল’লে। কিন্তু কিবা এটা ভাবি চপৰাটো আকৌ পেলাই দিলে।

“সেয়া মই জানো নহয়, সেই বগৰীটো পাৰিবৰ সাধ্যই তোৰ নাই। জানো পাই, বগৰীটো কেতিয়া খাবলৈ পাম! কাইলৈ পাৰি দিম বাৰু বুলি নক’বি কিন্তু, তোৰ আকৌ যি হে কথা পাহৰা অভ্যাস।” নয়নীয়ে পেংলাই কৰি ক’লে।
“তই চাই থাক” বুলি কৈ কাজুৱে বগৰীজোপাৰ গাত দুহাতমান বগাই গছজোপা লৰাব পাৰে নেকি চেষ্টা কৰিলে।
“তেনেকৈ নহ’ব। এসোপামান বগৰী হৰহৰাই সৰিব। তাৰ মাজত সেই বগৰীটো মই কেনেকৈ বিচাৰি উলিয়াম?”

এইবাৰ কাজুৱে তলৰ ফালে কেইটামান বুতাম নথকা চোলাটোৰ তলৰ কোণা দুটা গাঁঠি মাৰি বান্ধি লৈ গপাগপে গছজোপা বগাই উঠিবলৈ লাগিল। কোনোমতে বগাই হাকুটিয়াই সি বগৰীটো আনিলে। বগৰীটো হাতৰ তলুৱাত লৈ বীৰবেশে যেতিয়া কাজুৱে নয়নীৰ চকুৰ সন্মুখত মেলি ধৰিলেহি, নয়নীয়ে হাতৰ তলুৱাৰে কাজুৰ হাতৰ তলুৱাখনত তলফালৰ পৰা চপৰিয়াই বগৰীটো ওফোৰাই পেলাই দি লৰ ধৰিলেঃ “নাখাওঁ যা তোৰ বগৰী!”

মাটিত পৰি থকা বগৰীটোলৈ চাই কাজু ৰৈ থাকিল। তাৰ পিছত নয়নীৰ পিছে পিছে সিও লৰ ধৰিলে।

২
উপেনহঁতৰ বাৰীৰ পিছফালে থকা বেল গছজোপাৰ তলেদি দৌৰি গৈ গৰুৱে ভাঙি থোৱা জেওৰাখনেদি দেও দি পাৰ হৈ তাই লুং লুঙীয়া ৰাস্তাটোত উঠিলেগৈ। দৌৰি দৌৰি গৈ আলি কেঁকুৰিটো পাওতেই দেখিলে পঙ্খীবা আৰু যুগলদা কিবা কথাত মছগুল হৈ এল পি স্কুলৰ ফালে গৈ আছে। কান্ধত ঢোলটো লৈ বাওঁহাতেৰে চাইকেলখন ঠেলি ঠেলি গৈ থকা যুগলদাক দেখি নয়নীয়ে কিবা এটা ভাবিলে আৰু আকৌ ৰাণীহঁতৰ ঘৰৰ ফালে ঢপলিয়াবলৈ আৰম্ভ কৰিলে।

ৰাণীহঁতৰ ঘৰৰ পদূলিৰ পৰা দুবাৰমান চিঞৰি চিঞৰি সঁহাৰি নাপাই তাই ঘৰৰ ভিতৰলৈকে সোমাই গ’ল। ‘ঘৰত কোনো নাই হ’বলা’, তাই ৰাণীহঁতৰ বাহিৰৰ ফালে থকা কোঠালিটোতে মেল খাই থকা দুৱাৰখনেদি দেখিলেঃ এসোপামান কাপোৰ সোঁতমোচ খাই বিচনাখনতে পৰি আছে। ঘৰৰ বাকীবোৰ বস্তুও ছেদেলি ভেদেলি হৈ আছে। ৰাণীৰ বুঢ়ীমাক শাক বুটলিবলৈ বুলি শাকনিলৈ সোমাইছিল। নয়নীক দেখা পাই তেওঁ শাকনি বাৰীৰে পৰাই চিঞৰ ধৰিলেঃ আকৌ আহিলিনে তহঁত মোৰ ঘৰ লেতেৰা কৰিবলৈ! নয়নীয়ে সেই ঠাইৰ পৰাই উভতি আকৌ লৰ ধৰিলে। তাই বুজিলে, এতিয়া ৰাণীহঁত ক’ত থাকিব পাৰে।

৩
নয়নীৰ পিছে পিছে আহি কাজুও ধন খুৰাহঁতৰ বহু দিনৰে পৰা আধা সাজি থৈ দিয়া দেৱাল গঁঠা কিন্তু প্লাষ্টাৰ নকৰা ঘৰটো পালেহি। ধনখুৰাৰ এই আধা সজাকৈ পৰি থকা ঘৰটোতে সিহঁতে মনে মনে আহি খেলি থাকেহি। কোনেও গম নাপাওক বুলি বুদ্ধি কৰি বাহিৰৰ পৰা দুৱাৰত কাঠৰ মূঢ়া এটা ভেজা দি লয়। দেৱাল গাঁঠিবলৈ মিস্ত্রিয়ে ব্যৱহাৰ কৰা ওখ দুই খলপীয়া ঢেঁকী এটাতে কাপোৰ আঁৰি ৰাণীহঁতে মঞ্চ এটা সাজি উলিয়াইছে আৰু তাতেই ফাংচন পাতিছে। ৰাণী, বাব্লু, প্রণামী, অতুল আটাইমখা তাতেই আছে। কোনোবাই বাঁহৰ মুঢ়া এটাত কাটি উলিওৱা মাইক্র’ফোন এটা মুখৰ আগত লৈ গান গাইছে, কোনোবাই গামোছা এখনকে চাদৰৰ দৰে গাত মেৰিয়াই লৈ নাচিছে, কোনোবাই টর্চ এটাৰ সন্মুখত আঙুলিৰে লিৰিকি বিদাৰি লাইটিং এফেক্ট দিবলৈ চেষ্টা কৰিছে। নয়নী আৰু কাজু সেইখিনি পোৱাৰ লগে লগেই গোটেইবোৰে আহি সিহঁতক বেৰি ধৰিলেহি। “আজি তঁহত দুয়োটা ক’লৈ গৈছিলিগৈ? কালিয়েই আমি ফাংচন পাতিম বুলি কোৱা নাছিলোঁ?”

কিন্তু নয়নীৰ আজি এই মিছামিছি ফাংচন ফাংচন খেলাত একেবাৰে মন নাই। তাই পঙ্খীবা আৰু যুগলদাৰ কথা সুধি গম পালে যে সিহঁত ৰিহার্চেল কৰিবলৈ এল পি স্কুললৈ গৈছে। তাই কোনোমতে ফাকিফুকা দি ৰাণীহঁতৰ পৰা বিদায় লৈ কাজুৰ হাতখনত থাপ মাৰি ধৰি কাজুক প্রায় চোঁচৰাই নিয়া দি ধনখুৰাৰ আধাসজা ঘৰটোৰ পৰা বাহিৰলৈ উলিয়াই নিলে। তাৰপিছত আকৌ স্কুলখনৰ ফালে ঢপলিয়াবলৈ ধৰিলে।

৪
নয়নীয়ে খুব দৌৰিব পাৰে। তাইৰ লগত পৰি বেছেৰা কাজুও দৌৰি দৌৰি ভাগৰি গৈছে। স্কুলতো সিহঁত দুটাক দেখি আটায়ে খুব আলহ উদৰ কৰিলে।

“হে’ৰ মাৰ-বাপেৰে তোক আহিবলৈ দিলেনে?” যুগলদাই নয়নীক ‘কাট’ মাৰি ক’লে যদিও নয়নীয়ে বেয়া নাপালে।
“নহয় মই গমেই পোৱা নাছিলোঁ”।
“নাচিবিনে?”
নয়নীয়ে হা না একো নক’লে। যুগলদাই ঢোলৰ বৰতি ঠিক কৰাত লাগিল।

পঙ্খীয়ে আগবাঢ়ি আহি মৰমেৰে ক’লেহি, “হাতত সময় নাই। পৰহিলৈকে সাহিত্য সভাৰ প্রচেছন। মানুহ বিচাৰি পোৱা নাই। সাংষ্কৃতিক শোভাযাত্রাত নাচিবলৈ মানুহ আগবাঢ়ি নাহে। তই ইচ্ছা কৰিলে এতিয়াও নাচিব পাৰ। বেছি প্রেকটিচ নকৰিলেও হ’ব। অলপমান প্লেন কৰি ল’ম। তই নাচিলেতো আমি ভালেই পাওঁ।”

“আৰু ঐ তীখৰ, তই ঢোল বজাবিনে নাই?” কাজুলৈ চাই যুগলদাই মাত লগালে।
“বজাম বজাম। মোক ঢোলটো দেচোন আগতে।”
যুগলদাই ঢোলটো আগবঢাই দিলে। ঢোলটো লৈ কাজুৱে লুটিয়াই বগৰাই চালে।
“কিনো বজাৰৰ গেলা মাছ চোৱাদি চাই আছ? বজা আকৌ”

ঢোল বজোৱাত কাজুৰ নাম আছে। যুগলদা হ’ল মাষ্টাৰ, যুগলদাৰ ওপৰত আৰু কোনো নাই। কোৱা হয়, কাজু যুগলদাৰ একমাত্র উত্তৰসুৰী। কাজুৱে ঢোলত চাপৰ দিলে, ‘এইবেলি বিহুটি খাবলৈ নেপালোঁ মতা ম’হৰখীয়া দিলে...’। ৰিহার্চেলৰ কাৰণে গোট খোৱা আটাইবোৰে নাচিবলৈ সাজু হ’ল। নয়নীও আগবাঢ়ি আহিল। সকলোৰে মুখত হাঁহি বিৰিঙিল। কাজুৱে ঢোল বজালে নয়নীয়ে নেনাচি নোৱাৰে। কাজুৱে ঢোল বজালে আৰু নয়নীয়ে বিহু নাচিলে তাৰ সমান একো হ’ব নোৱাৰে। ডাঙৰ ডাঙৰ বিহুৱতীয়েও তভক মাৰি চায়।

আৰু তিনিদিনৰ পিছতে সাহিত্য সভাৰ অধিৱেশন আছে। এইবাৰৰ সভাপতি নৱকান্ত বৰুৱাদেৱক আদৰি আনিবৰ বেলিকা নগৰখনৰ বাট পথেদি এটা সাংষ্কৃতিক শোভাযাত্রা উলিওৱা হ’ব। তাৰ কাৰণেই যুগলদাহঁতে ৰিহার্চেল কৰি আছে। নয়নীৰো মন সিহঁতৰ লগত বিহু নাচিবৰ। নয়নী আৰু কাজু বাকিবোৰতকৈ বয়সত বহু সৰু যদিও আটায়ে সিহঁতক মৰম কৰে আৰু সিহঁতৰ প্রতিভাক আদৰো কৰে। নয়নীক মাক দেউতাকহঁতে নাচিবলৈ নিদিয়ে। সেই কথাটোতেই তাইৰ দুখ। 

হঠাৎ বৰষুণ আহিল। অসময়ত বৰষুণ আহা দেখি সকলোবোৰ আচৰিত হ’ল। কাজুৱে ওফাইদাং মাৰি ক’লে, “দেখিছ, মই ঢোল বজাই বৰষুণ আনি দিব পাৰোঁ!” এটা এটাকৈ সিহঁতবোৰ স্কুলঘৰৰ বাৰন্দাৰ পৰা চোতাললৈ নামি গ’ল। ঢোলৰ মাতত বৰষুণ। বৰষুণত বিহুৱতীৰ নাচোন। আকাশত মেঘৰ সশব্দ সমদল।

৫
ৰাতিলৈ ভাত খাবৰ পৰত নয়নীহঁতৰ ঘৰত বেচ উত্তপ্ত পৰিস্থিতি একোটাৰ সৃষ্টি হ’ল। পংখী বা যুগলহঁত হ’ল বয়সত নয়নীতকৈ যথেষ্ট ডাঙৰ। সিহঁতৰ লগত নাচি বাগি ফুৰিলে নয়নীৰ পঢ়া শুনাৰ কি হ’ব? এনেয়েও নয়নীৰ নচাত নাম আছে। তাই এতিয়া শোভাযাত্রাৰ নামত ৰাস্তাই ৰাস্তাই নাচি ফুৰিলে তাইৰ ৰেপুটেচন বেয়াহে হ’ব। পংখী আৰু যুগল একেলগে ঘূৰি ফুৰাৰ কাৰণে গাঁৱৰ মানুহবোৰে সিহঁতক বৰ এটা ভাল চকুৰেও নাচায়।

ভাতৰ কাঁহীখন সন্মুখত লৈ নয়নীয়ে মাকৰ কথাবোৰ শুনি থাকিল। দেউতাক মনে মনে আছে। দেউতাকৰ মুখ খুলিবৰ প্রয়োজনেই নাই। আৰম্ভনীতে তাই দুই এটা কথা ক’বৰ চেষ্টা কৰিছিল, কিন্তু পাছলৈ বাদ দিলে। তাইৰ মনৰ মাজতহে বহুখিনি কথা, যুক্তি, আত্মপক্ষ-সমর্থন আৰু অজুহাত ঘূর্ণি বতাহৰ দৰে পাক ঘুৰণি খাই থাকিল। বহুসময় ধৰি হুইছেল মাৰিবলৈ বুলি চিঁ-চিঁয়াই থাকিও হুইছেল নমৰা প্রেছাৰ কুকাৰটোৰ দৰে তাই একো নোকোৱাকৈ মনে মনে থাকিল।

প্রথম কথা, সন্মুখত তাইৰ এতিয়া কোনো পৰীক্ষা নাই। পঢ়া শুনাৰ ইমান চাপ নাই যে তাই ঘৰৰ পৰা ওলাবলৈ সময়কে নাপাব। পঙ্খীবা এজনী পঢ়া শুনাত নাম কৰা পোস্ত গ্রেজুৱেট ছোৱালী, সিহঁতৰ লগত থাকিলে তাইৰ পঢ়া শুনা কেনেকৈ ক্ষতি হ’ব পাৰে? দ্বিতীয়তে নয়নী এজনী শিল্পী, তাই নাচিব খোজে, তাই নচা উচিত। তাই নাচিব খোজে মনৰ আনন্দত, ক’ৰবাৰ মঞ্চতেই নাচক বা শোভাযাত্রাত ৰাস্তাতেই নাচক, তাৰ লগত ৰেপুটেচনৰ কি সম্পর্ক থাকিব পাৰে? কাৰোবাৰ বিয়াত পানী তুলিবলোই যাওতে মাকেও দেখোন পিতলৰ ঘটটো কাষত লৈ বাটে বাটে বিয়া নাম গাই গাই গাঁৱৰ মাজেৰ গৈ থাকে। তেতিয়া হ’বলা ৰেপুটেচন বেয়া নহয়! ৰাস পূর্ণিমাৰ দিনা ‘আহা আহা সখীসৱ বৃন্দাবনে যাওঁ’ বুলি দেখোন মতাই-মাইকীয়ে-ল’ৰাই-বুঢ়াই গোটেই গাওঁখনে ঢাপলি মেলে! ভাওনাৰ সময়ত প্রভাত ফেৰী গাবৰ পৰত দেউতাকেও দেখোন গাঁৱৰ ৰাস্তাইদি বৰগীত গাই গাই আগবাঢ়ে, তেতিয়া একা? তৃতীয় কথা যুগলদা আৰ পঙ্খীবা দুয়োটা নাচে-গানে ভাল আৰু বহুতো সামাজিক কামত আগৰণুৱা। সিহঁতে নিজেই আন দহজনে কি বু বু বা বা কৰিছে তাক লৈ চিন্তিত নহয়। সেইবোৰ কথাত নয়নী চিন্তিত হ’বৰ কি কাৰণ থাকিব পাৰে? এইবোৰ কথা নয়নীৰ মনৰ মাজতেহে গুজৰি গুমৰি থাকিল। মুখেৰে ওলাই নাহিল। ওলাব খুজিও ওলাব নোৱাৰা চকুপানীৰ ভৰ চকুৰ কোণত লৈ নয়নী বিচনাত পৰিল।

৬
সুমথিৰা ৰঙৰ ৰ’দৰ কিৰণ আৰু তাতেই হঠাত কণিয়াবলৈ ধৰা এজাক বৰষুণ। ৰ’দে বৰষুণে এখন অচিনাকি হাবিৰ মাজে মাজে নয়নীয়ে বাট বুলিছে। গগণচুম্বী চেগুণ গছবোৰৰ আঁৰে আঁৰে ছাঁ পোহৰৰ অদ্ভূত খেলা। ঢোল খোল দবা আৰু বৰকাঁহ একেলগে বাজিছে। চাউলৰ গুৰি হেন বৰষুণ সৰিছে। যেন বিয়াত কোনোবা কইনাঘৰত দৰা আহিবৰ সময় হৈছে আৰু ল’ছালিবোৰে অতপালি কৰি চাউলহে ছটিয়াইছে। ঢোল খোলৰ মাতটো কাষ চাপি আহিছে, লগতে বহুতো মানুহৰ হাঁহি খিকিন্দালি। তাই আৰু অলপ আগবাঢ়ি গৈ উমান পাবৰ চেষ্টা কৰিলে। তাই দেখিলে শাল চেগুণ আৰু আম গছৰ ফাঁকে ফাঁকে কাৰোবাৰ বৰযাত্রী আহি আছে। একেবাৰে সন্মুখত গাওঁবুঢ়াৰ দৰে মানুহ এটা কোবাকুবিকৈ আহি আছে। বাকিবোৰতকৈ তাৰ খোজকাটল নিমিলে। বাকি মানুহখিনিক গায়নে বায়নে আদৰি আনিছে। তেওঁলোকৰ পিছে পিছে পাটৰ বুটা বছা কাপোৰ পিন্ধা এজাক নাচনী। দৰাটোৱে মুখখন বগা ৰুমাল এখনেৰে ঢাকি ধৰিছে। তাৰ পিছে পিছে ঢোল লৈ যুগলদা। তেওঁৰ পিছে পিছে মুগাৰ সাজ পিন্ধা আৰু এজাক নাচনী। তাই দূৰৰে পৰাই উমান পাবৰ চেষ্টা কৰিলে, ৰাণী, বাব্লুহঁতৰ কোনবা আছে নেকি। কাষ চাপি অহাতহে তাই দেখিলে এইবোৰ দেখোন মানুহ নহয়। কোবাকুবিকৈ আহি থকা গাওঁবুঢ়াটো দেখোন শহাপহু এটাহে। দৰাটো এটা শিয়াল। শিয়াল এটাৰ বিয়াও ইমান ধুমধামকৈ হয় নে? তাই আমগছ এজোপাৰ আঁৰত ৰৈ আলেখ লেখ চাই আছিল। তাই আৰু অলপ আগবাঢ়ি গৈ চাব খোজোতেই শহাপহুটোৱে তাইক দেখি তভক মাৰি ৰ’ল। সি হাত দাঙি বাকিবোৰক ৰখালে। খোল-তালৰ মাত বন্ধ হ’ল। বিয়ানাম বন্ধ হ’ল। আটাইবোৰেই তাইলৈ চকু ঘোপা কৰি চালে। যেন তাই চিৰিয়াখানাৰ পৰা পলাই অহা কোনোবা জানোৱাৰহে। যেন তাই কিবা নকৰিবলগীয়া কামহে কৰিলে। ভয় খাই তাই উভটি পলাবলৈ বিচাৰোতেই আমগছৰ মুঢ়া এটাতে উজুটিত হামখুৰি খাই পৰিবলৈ ধৰিছিলেই। তেনেকুৱাতেই কাজু আহি তাইক ধৰিলেহি। কাজু যে তাইৰ পিছে পিছে আহি এইখিনি পাইছিলেহি তাই গমেই পোৱা নাছিল। ঐ নয়নী, ঐ নয়নী বুলি কাজুৱে মাতিলে।

কাজুৰ মাতত তাই সাৰ পালে। খকমকাই সাৰ পাই উঠি নয়নী বিচনাত বহিল। তাই গম পালে, তাই সপোন দেখি আছিল আৰু এতিয়াহে কাজুৰ মাতত সাৰ পালে। স্কুললৈ যাবলৈ আহি কাজুৱে তাইক মাতি আছেহি। তাইৰ আজি শুই উঠোতে ইমান দেৰী হ’লনে!      

৭
স্কুলৰ পৰা আহি নয়নী আৰু কাজু ৰিহার্চেললৈ যোৱাৰ কথা আছিল। কিন্তু আজি নগ’ল। সিহঁত দুইটা আহি বিলৰ পাৰত বহি থাকিলেহি। কাজুৱে ক’লে, “তই মন মাৰি নেথাকিবি। কিবা এটা কৰিব লাগিব”।
“কিবা এটা কৰিব লাগিব মানে কি কৰিবিনো?”
“ৰ’বিচোন, মন মাৰি থাকিওতো লাভ নাই। মই আছোঁ নহয়।”
“মই নাচিবলৈ নোপোৱাৰ কাৰণেই নহয়, আজি ৰাতিপূৱা দেখা সপোনটোৰ কথা ভাবিহে কিয় জানো মনটো কেনেবা কেনেবা লাগি আছে”
“কি দেখিছিলিনো?”
“মই দেখিলোঁ ৰ’দো দিছে বৰষুণো দিছে, আৰু তাতে খৰা শিয়ালৰ বিয়া পাতিছে”। নয়নীয়ে লাহেকৈ হাঁহিলে।
“খৰা শিয়ালৰ বিয়া? ভাল হে কথা। তাত মন বেয়া কৰিবলৈ কিটো আছে?”
“নহয়, মোৰ কাৰণেই বিয়াখন নষ্ট হ’ল। মই মনে মনে দৰা অহা চাই আছিলোঁ, সিহঁতে মোক দেখিলে। মোক দেখি সিহঁতবোৰৰ বিয়ানাম, ঢোল-পেঁপা সকলোবোৰ বন্ধ হৈ গ’ল। সিহঁতে মোলৈ ইমান বেয়াকৈ ট ট কৈ চাই আছিল, মইনো ইমান বেয়ানে?”
নয়নীৰ চকু দুটা সেমেকি উঠিল।
“ধ্যেৎ কান্দুৰী!”
“ঐ মই কান্দুৰী নহয়।”
“বাৰু তই এটা কথা ক চোন। খৰা শিয়ালৰ বিয়াখন বাৰু ডাঠ হাবি এখনৰ মাজত হৈছিল নেকি?”
“অঁ, তই কেনেকে’ গম পালি?”
“মই সব গম পাওঁ। আৰু এটা কথা ক চোন। সিহঁতবোৰ বাৰু জংঘলৰ মাজৰ কিবা ধোৱাঁৰ মাজৰ পৰা ওলাই আহিছিল নেকি?”
“ওঁ... এৰা হয়, তই কেনেকৈ জানিলি?”
“দেখিছ, মই সব জানোঁ।”
“ক চোন কেনেকৈ জানিলি?”
“আঁকৰী ক’ৰবাৰ। এনেয়েই ক’লোঁ। ৰ’দো দিছে বৰষুণো দিছে খৰা শিয়ালৰ বিয়া, ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া। আমাৰ দেখোন এনেকুৱা নামেই আছে।”
“এৰা, হয়তো”
“তই এনেয়ে ভয় খালি। ভয় পাদুৰা ক’ৰবাৰ”।
“মোক ভয়পাদুৰা বুলি নক’বি”
“ভয় পাদুৰী”
এই বুলিয়াই কাজু উঠি লৰ মাৰিলে। কাষতে পৰি থকা এছাৰি এডাল তুলি লৈ কাজুক মাৰিবলৈ বুলি নয়নীয়েও পিছে পিছে খেদা ধৰিলে।

কিন্তু দৌৰাত কাজুৱে নয়নীৰ লগত ফেৰ মাৰিব নোৱাৰে। নয়নীয়ে কাজুক ধৰিলেগৈ। আকৌ দুইটা ঘাঁহনিতে বহি পৰিল। এইবাৰ কাজুৱে সি দেখা সপোন এটাৰ কথা ক’লে। সি হেনো কোনবা ল’ৰা এটাক দেখে, ল’ৰাটোৱে তাক ক’ৰবালৈ মাতি থাকে। ক’লৈ মাতে সি নাজানে, কিন্তু মাতি থাকে। কালি ৰাতি ল’ৰাটো নাৱৰীয়া এটা হৈ আহিছিল, নদীৰ সিপাৰৰ ক’ৰবালৈ হেনো মাতি আছিল।
“মই দেখোন সপোন দেখিলে তোক কৈ দিওঁ। তইহে মোক একো নকৱ”। নয়নীয়ে অভিযোগ কৰিলে।
“নহয়, মই ৰাতিপূৱাৰে পৰাই ক’ম ক’ম বুলি ভাবি আছিলোঁ। কিন্তু পাহৰণিতে থাকি গ’ল”।

“কাজু, তোৰ কথা পাহৰাৰ অভ্যাসটো নগ’ল আৰু!”

৮
নক’লেও হ’ব যে কাজু আৰু নয়নী খুব নলে গলে লগা বন্ধু। দুয়োটাৰ মাজত মিল যিমান অমিলো সিমান। কাজিয়াৰো অন্ত নাই মিলৰো অন্ত নাই। শোভাযাত্রাত নাচিবলৈ যে নয়নীৰ খুব মন সেই কথাটো কাজুৱে বুজি পাইছে। সি নয়নীক কথা দিলে যে সি কিবা এটা কৰি হ’লেও নয়নীক নচুৱাবই। কাজু তেনেকুৱাই। কিন্তু কেনেকৈ? দুয়োটাই এটা পাং পাতিলে। কাইলৈ দেওবাৰ। ঘৰত কোনেও গম নোপোৱাকৈ সিহঁত দুটা শোভাযাত্রাত নাচিবলৈ আৰু ঢোল বজাবলৈ ওলাই যাব। বচ্ । কিন্তু সাজিব কাচিব লাগিব, মুগাৰ মেখেলা পিন্ধিব লাগিব, খোপা বান্ধিব লাগিব, সেইবোৰ কেনেকৈ সম্ভৱ? ঘৰৰ মানুহে দেখোন গমেই পাই যাব!

“আৰে নয়নী, আমি ধনখুৰাহঁতৰ সেই আধাসজা ঘৰটোতে মনে মনে মেক আপ কৰিম”।
“কিন্তু মুগাৰ মেখেলা ক’ত পাম? মাক খুজিবতো নোৱাৰোঁৱেই, গমেই পাই যাব!”
“সেইবোৰ দায়িত্ব তই মোৰ ওপৰত এৰি দে”, কাজুৱে ক’লে। 

নিৰু নামেৰে কাজুৰ বায়েক এজনী আছে। সন্ধিয়া বায়েকক মুগাৰ সাজ এজোৰ খুজিবলৈ গৈ কাজুৱে বায়েকৰ বকনি খাই উভটি আহিল। কাষৰ ঘৰৰ অকণবাৰ ওচৰলৈ গৈয়ো নিৰাশ হৈ উভটি আহিল। শেষত উপায় নাপাই ৰাণীহঁতৰ ঘৰ ওলালগৈ। সি বুজিলে চিধা আঙুলিৰে আৰু ঘি উলিয়াব নোৱাৰি, তাৰ ভৰসাৰ ঠাই আটাইবোৰ শেষ। ৰাণীৰ বুঢ়ীমাক জনীয়ে মুখেৰে কেটেৰা জেঙেৰা মাৰি থাকে যদিও মানুহগৰাকীক ভালৰি লগা কথাৰে ভুলাবলৈ ভাল। সি তেখেতকে গৈ বায়েকে ফুল বাচিবলৈ নে কি জানো কাৰণত ৰাণীৰ আইতাকৰ ৰিহা এখন খুজি পঠাইছে বুলি ক’লেগৈ।

“এহ, বায়েনো বাৰু মোক পঠাব লাগেনে আইতা, চোৱাচোন বাজনী যে কেনেকুৱা! এটা কামকে কৰা, ৰিহাখন, চাদৰখন আৰু মেখেলাখনো দি দিয়া একেলগতে। কি কাৰণতনো বিচাৰিছে নাজানোঁ যেতিয়া আটাইবোৰকে লৈ যাওঁ। যিখন লাগে লাগিব, যি খিনি নেলাগে কাইলৈ ৰাতিপূৱাতে মই দি থৈ যামহি। নে কি কোৱা আইতা?”
“মোৰ মূৰটো চোবাই নেথাকিবি, এইয়া চা, কি লাগে লৈ যা। মই গোঁসাই ঘৰত সোমাব লাগে। আৰু সজে সজে আটাইবোৰ দি যাবিহি। নেপাহৰিবি কিন্তু।”

কাজুৰ কাম সিজিল। কাপোৰবোৰ আনি সি মনে মনে বিচনাৰ তলত লুকুৱাই থ’লেহি।
সিফালে ৰাণীৰ আগত নয়নীয়ে পঙ্খীবালৈ খবৰ এটা পঠাবলৈ নেপাহৰিলে যে তাই কাইলৈ বিহু নাচিবলৈ যাব।

৯
আনদিনাৰ দৰেই আজি নয়নীয়ে পঢ়া টেবুলত বহি কিবা লেখা পঢ়া কৰি আছে। তাইক দেখি মাক দেউতাকৰ সন্দেহ কৰিব লগা একো নাই। কাষৰ খিৰিকীখনেদি হঠাত আহি কাজুৱে ভুমুকি মাৰিলেহি। তাই তাৰ বাবেই বাট চাই আছিল যদিও প্রথমতে তাক দেখি উচপ খাই উঠিছিল।
“ঐ নয়নী, সোনকাল কৰ, সময় হৈ আহিছে”।
“অহ তইহে। মই আকৌ ভাবিছিলোঁ তই পাহৰিলিয়েই”।
“মই ইমান কথা নেপাহৰোঁ দেই”
“কিয়, কালি ৰাতি আমাৰ ঘৰলৈ এবাৰ আহিম বুলি কোৱা নাছিলি?”
“হ’ব দে, মই মেনেজ কৰিব নোৱাৰিলোঁ। তোৰ বাকীবোৰ ‘সম্পত্তি’ মেনেজ কৰোতেই পলম হ’ল। ওলা ওলা, মই তাতে ৰৈ থাকিম”।

কাজু গ’লগৈ। নয়নীয়ে বায়েকৰ মেক-আপৰ চেটটো মনে মনে লুকুৱাই লৈ কাজুহঁতৰ ঘৰলৈ যাওঁ বুলি ঘৰত ফাকি দি ওলাল। ৰাস্তা পায়েই তাই দৌৰিবলৈ ধৰিলে। ধনখুৰাহঁতৰ আধাসজা ঘৰটোতে কাজু ৰৈ আছিল।

খলপ জলপ কৰি সিহঁত মেক আপ কৰাত লাগিল। খৰধৰৰ কোবত নয়নীয়ে মাকৰ ৰঙা ব্লাউজ এটা আনিম বুলি ভাবিছিল যদিও আনিবলৈ পাহৰিলে। এতিয়া আকৌ আনিবলৈ গ’লে তাইক ঘৰৰ পৰা আহিবলৈকে নিদিয়া হ’ব। তাই পিন্ধি থকা ফ্রকটোকে কোচাই ব্লাউজৰ দৰে পিন মাৰি ল’লে।

“কাজু, এইখনৰ এই মূৰটো ধৰচোন। ৰিহাখন ভাঁজ কৰি লওঁ”।
“এতিয়া মই তোৰ কাপোৰ ভাঁজ কৰি থাকিম নে নিজৰ ধূতিখন পিন্ধিম?”
“ৰিহাখিন ভাঁজ নকৰাকৈ মই কেনেকৈ পিন্ধিম, মূর্খ!”
“ঠিক আছে, দে।”
“ধৰ। কাপোৰসোপা তেনেই সোঁতমোচ কৰি আনিছ।”
“কোনেও নেদেখাকৈ কেনেকৈ বিচনাৰ তলত লুকুৱাই থৈছিলোঁ মইহে জানোঁ!”

কোনোমতে জোৰা টাপলি দি নয়নীয়ে কাপোৰবোৰ পিন্ধিলে। কাজুৱেও ধূতিখন পিন্ধিলে। ধূতিখনৰ এফালে অলপমান ফটা আছিল, সি কোনোমতে সেইফাল খোঁচনিত লুকুৱাই ল’লে। কাজুৱে নয়নীক কাজল সানি দিলে। লিপষ্টিক সানি দিলে। নয়নীয়ে হঠাত চিঞৰি উঠিল, “সর্বনাশ!”
“কি হ’ল?”
“ছুলি নাই। মই এতিয়া কেনেকৈ খোপা বান্ধিম?”
“আনিবলৈ পাহৰিলি হবলা?”
“এই মেক আপৰ বাকচটোতেই থকাৰ কথা। আজি নাই দেখোন, বায়ে অন্য ক’ৰবাত থ’লে হবলা”।
“হ’ব দে, তোক এনেকৈয়ে ধুনীয়া দেখাইছে। আজি খোপা নলগালেও হ’ব”
“পগলা হৈছ নেকি, খোপা নথকা নাচনী দেখিছ ক’ৰবাত? গগণা ক’ত ল’ম? মানুহে দেখি নেহাঁহিব নেকি?”
“এতিয়া কি কৰোঁ?”
“বিহু নানাচোঁ, আৰু কি!”
“ৰ’বি, মই লৈ আনোগৈ”
“ক’ৰ পৰা আনিবি”
“চাওচোন ক’ত পাওঁ”।
“কিন্তু ধূতিখন পিন্ধি তই এতিয়া ঘৰৰ ফালে গ’লে সব চেটেপ হৈ যাব। সকলোৱে গম পাই যাব, মৰিবি বাপ্পেকে”।
“ধূতি পিন্ধি নেযাওঁ আক’” বুলি কৈয়েই কাজু ধূতিখন খোলাত লাগিল।

“জাননে কাজু মোৰ কিন্তু বিৰাট ভোকো লাগিছে। মায়ে খাবলৈ দিছিলে, মই তহঁতৰ ঘৰত খাম বুলি কৈ একো নোখোৱাকৈ ওলাই আহিলোঁ”।
“ৰ তেনেহ’লে, মই গৈ তোৰ ছুলিখিনিৰ যোগাৰ কৰোঁ। খাবলৈকো কিবা এটা লৈ আনিম বাৰু”।
“যা, কিন্তু সোনকালে আহিবি। মই ইয়াত অকলে আছোঁ, পাহৰি নেথাকিবি”।

বাহিৰলৈ ওলাই কাজুৱে দুৱাৰখন বাহিৰৰ পৰা কাঠৰ মূঢ়াটোৰে হেঁচা দি বন্ধ কৰি দিলে। নহ’লে ভিতৰত কোনোবা আছে বুলি মানুহে গম পাই যাব পাৰে। এনেয়েও দুৱাৰখন বাহিৰৰ পৰা ঢোকা দি তেনেকৈয়ে ৰখা হয়। সিঁহতে খেলিবলৈ আহিলেহে ঢোকাডাল আঁতৰাই লয়।  

১০
কাজু প্রথমেই ৰাণীহঁতৰ ঘৰলৈ গ’ল। ৰাণীৰ বায়েকে কাপোৰ চিলোৱা মেচিনটোত কিবা এটা চিলাই আছিল। ৰেডিওত  গান এটা বাজি আছিল, অ’ মেইনে তেৰে লিয়ে হি সাত ৰংগ কে স্বপ্নে বুনে...। সি গৈ ফল্‌চ ছুলি লাগে বুলি কওতেই সেইখিনিতে বুঢ়ীমাক ওলালহি। আহিয়েই বুঢ়ীমাকৰ চিঞৰ বাখৰ আৰম্ভ হ’ল, “অই খটাসুৰ, তই মোৰ কাপোৰবোৰ নি কি কৰিলিগৈ? মই গম নেপাওঁ বুলি ভাবিছ, বজ্জাত ক’ৰবাৰ। সজে সজে মোৰ কাপোৰবোৰ আনি দে আগতে”। কাজুৱে গম পালে ৰাণীয়ে সিহঁতৰ গোপন প্লেনৰ কথা ঘৰত কৈ দিলে। সিহঁতৰ পর্দা ফাচ্‌ হ’ল। সি একেকোবেই পলাই আহি ঘৰৰ ওচৰৰ ভানু পেহীহঁতৰ ঘৰ পালেহি। বিয়া নোহোৱাকৈ ঘৰতে থকা ভানু পেহীয়ে ল’ৰা ছোৱালীবোৰক মৰম কৰে আৰু সহায়ো কৰে। ভানু পেহীয়ে অন্ততঃ কাজুক না নকৰে। কিন্তু ভানু পেহী ঘৰত নাছিল, ঘৰৰ আগফালৰ বাৰন্দাত মাইকীমানুহবোৰে ওকণী বচা আৰু কথাৰ মহলা মৰা কাম কৰি আছিল।

“ভানু পেহী আছেনে?”
“কি হ’ল, কিয় লাগে ভানু পেহীক?”
“নকল ছুলি এডাল লাগিছিল, নকল খোপা এটা পালেও হ’লহেতেন”
“আই ঐ দেহী, এই ল’ৰাটোলৈ চা। ঢোল বজাবলৈ এৰিলি হবলা আজিকালি? নিজকে ছোৱালী সাজি ভেশচন ধৰিবলৈ মন গৈছে নেকি?”

এইবুলি কৈয়েই মানুহবোৰে দাঁত নিকটাই হাঁহিবলৈ ধৰিলে। কাজু লাজত ৰঙা পৰি গ’ল। সি বুজিলে, সি ভুল সময়ত আহিল। সি উভটি লৰ ধৰিলে। এতিয়া তাৰ সমুখত এটাই ৰাস্তা। সি আটাইতকৈ বিপদজনক কামটো কৰিবলৈ আগবাঢ়িল। সি নিজৰ ঘৰলৈ গ’ল আৰু বায়েক নিৰুৰ টিনৰ পেৰাটোৰ পৰা নকল ছুলিডাল আৰু নকল খোপাটো মনে মনে উলিয়াই লৈ দৌৰিবলৈ ধৰিলে। ভাগ্য ভাল যে এতিয়ালৈকে তাক কোনেও নেদেখিলে। নকল ছুলি আৰু নকল খোপা সি চোলাৰ তলত কঁকালৰ খোচনিত লুকুৱাই ল’লে।

পদূলিমুখ পাওতেই সি দেখিলে ওলোটা ফালৰ পৰা ৰাণী আৰু বাব্লু দৌৰি দৌৰি আহি আছে। সি ৰাণীক ৰখালে।
“ঐ ক’লৈ যাৱ, ৰাণী, ৰ তই গম পাবি।”
“কি গম পাবি? মই কি কৰিলোঁ?”
“তই ঘৰত আমাৰ কথা কৈ দিলি কিয়? তোক ক’বলৈ মানা কৰা নাছিলোঁ?”
“বিদ্যা শপত! মই একো কোৱা নাই”।
“কথা ক’বলৈ আহিছ? এক্কেপাত চৰত...”

বাব্লুৱে সিহঁতৰ কাজিয়াখন ৰখালে। “কাজু, সময় নাই, ব’ল ভাইটিখুৰাহঁতৰ ঘৰত ভি-চি-আৰ আনিছে। এক্কেবাৰে নতুন নতুন চিনেমা দেখুৱাই আছে হেনো। গোটেইবোৰ তালৈকে গৈছে। তই নাযাৱ যদি মিছ কৰিবি”।
“মই নাযাওঁ, তহঁতেই যা। মোৰ কাম আছে।”
“আৰে ব’ল না, কি কি চিনেমা আনিছে সেইটোতো চাই ল। চিনেমা নাচালে নাই বাৰু। পিছত পোস্তাবি কিন্তু”।

কাজুৱে কিবা এটা ভাবিলে আৰু বাব্লু আৰু ৰাণীৰ লগতে গৈ ভাইটিখুৰাহঁতৰ ঘৰ পালেগৈ। ভাইটিখুৰাহঁতৰ ঘৰৰ সন্মুখত কেইবাযোৰো চেন্দেল দেখি সিহঁতৰ বুজিবলৈ বাকী নেথাকিল যে এজাক মানুহেৰে ঘৰখন ভৰি আছে। সিহঁতে গে’টখন খুলিছেহে, তেনেতে শুনিলে ভিতৰৰ গোটেইবোৰ মানুহে ফুটবল খেলাত গ’ল হ’বৰ পৰত চিঞৰাৰ দৰে চিঞৰি উঠিছে, “গ’ল”। বুজিলে, কাৰেন্ট গ’ল। ঘৰৰ ভিতৰৰ পৰা মানুহবোৰ এটা দুটাকৈ ওলাই আহি বাহিৰৰ বাৰন্দাতে কথা পাতিবলৈ আৰম্ভ কৰিছে। কাজু, ৰাণী আৰু বাব্লুও সিহঁতৰ মাজৰে হৈ পৰিল।

সময় পাৰ হৈ গৈ আছে। কাৰেন্ট অহা নাই।
“আজি আৰু সোনকালে লাইট অহাৰ আশা দেখা নাই”
“চিনেমা চোৱাৰ গোটেই মজাটোৱেই বৰবাদ হৈ গ’ল” মানুহবোৰে কথা পাতিছে।
কথাৰ মাজতে কোনোবা এজনে ক’লে, “আজি সাহিত্য সভাৰ শোভাযাত্রা ওলোৱাৰ কথা আছিল নহয়। চিনেমা চোৱা নহ’ল যেতিয়া শোভাযাত্রাকে চাবলৈ যাওঁ নেকি?”
কাজুৰ তেতিয়াহে সম্বিত ঘুৰাই আহিল, সি যে নয়নীয় কাৰণে ছুলি নিবলৈহে আহিছিল। কঁকালৰ খোচনিত চোলাৰ তলত লুকুৱাই থোৱা বস্তুবোৰ সি এবাৰ ছুই চালে। সি এক মুহূর্তও পলম নকৰাকৈ তাৰ পৰা ওলাল।

ভাইটিখুৰাহঁতৰ ঘৰৰ পৰা ওলাই প্রথম যিটো আলি কেকুৰি পাই, তাতে দেখিলে এটা মানুহৰ জুম। কাষ চাপি গৈ কাজুৱে দেখিলে অদ্ভুত পোছাক পৰিচ্ছদ পিন্ধা মানুহ এটাই চিঞৰি চিঞৰি মানুহ গোটাই আছে আৰু হাতেৰে ডম্বৰু বজাই বজাই বান্দৰ এটা নচুৱাই আছে। মানুহটোৱে বান্দৰ নচুৱাব জানে আৰু  যাদুও দেখুৱাব জানে। মানুহটোৱে গাঁৱে গাঁৱে যাদু দেখুৱাই, বান্দৰ নাচ দেখুৱাই পুতলা বেচি ফুৰে। মানুহটোৰ কথা এবাৰ শুনিলে শুনি থাকিবলৈ মন যোৱা। কাজুৱেও ভাবিলে এখন্তেক ৰৈ চাই যোৱা যাওক।

মানুহটোৱে অনর্গল কথা গৈ আছে আৰু হাতেৰে অনর্গল যাদু দেখুৱাই আছে। মানুহটোৱে বৰ ধুনীয়াকৈ গান এটাও গালেঃ
“আমাৰ এই ছোট্টঝুড়ি, এতে ৰাম ৰাবণ আছে,
দেখে যা নিজেৰ চোখে হনুমান কেমন নাচে।
এ সুযোগ পাবে নাই আৰ বলো ভাই কি দাম দেবে
পুতুল নেবে গো পুতুল নেবে...”

বান্দৰটো সাইলাখ মানুহৰ দৰেই। কথা কোৱাৰ বাহিৰে সি মানুহে কৰা আটাইবোৰ কামেই কৰিব পাৰে। যাদুকৰটোৱে মাজে মাজে বান্দৰটোৰ লগতো কথা পাতে। বান্দৰটোৱে কিছুমান যাদু ভাল পায় কিছুমান বেয়া পায়। ভালপোৱা খেলা দেখুৱালে সি হাত চাপৰি বজাই আৰু এটা আৰু এটা বুলি কয়। বেয়া পোৱা যাদু দেখুৱালে মুখ ওফোন্দাই বহি থাকে। এটা সময়ত বান্দৰটোৱে একেৰাহে মুখ ওফোন্দাই বহি থকা হ’ল। যাদুকৰটোৱে তাক সুধিলে, কি হ’ল, মোৰ খেলা তই বেয়া পাইছ নেকি? বান্দৰটোৱে নিজৰ পেটত চপৰিয়াই আৰু হাতখন মুখৰ ওচৰলৈ নি তাৰ ভোক লাগিছে বুলি দেখুৱালে। যাদুকৰটোৱে দর্শকক ক’লে, “চাওক ৰাইজ, ইয়াৰ ভোক লাগিছে। ভোকাতুৰ পেটেৰেতো আৰু মনোৰঞ্জন কৰিব নোৱাৰি। আপোনালোকে যিয়ে যিমান পাৰে অলপ দান দক্ষিণা আগবঢ়াই...”।

কাজুৱে মন কৰিলে, তাৰো ভোক লাগি আহিছে। হঠাত তাৰ মনত পৰিল সি যে নয়নীক ঘৰ এটাত বাহিৰৰ পৰা বন্দী কৰি থৈ আহিছে। নয়নীয়েও তাক খাবৰ কাৰণে কিবা লৈ আনিবলৈ কৈছিল। সি দৌৰিবলৈ আৰম্ভ কৰিলে। সি বুজিলে ইতিমধ্যেই বহু দেৰী হৈ গৈছে। কঁকালৰ খোঁচনিত থকা নকল ছুলি আৰু খোপাটো হাতেৰে খামোচ মাৰি ধৰি সি প্রাণপণে দৌৰিবলৈ আৰম্ভ কৰিলে। সময় কিমান হ’ল? সময় বহুত হ’ল, এতিয়া সি ধুতি পিন্ধিব কেতিয়া আৰু নয়নীয়ে খোপা বান্ধিব কেতিয়া? সি দৌৰি থাকোতেই স্কুলখনৰ সিপাৰে ৰাস্তাত ঢোল-তালৰ মাত শুনিবলৈ পালে। ঢোল তালৰ মাত শুনিয়েই তাৰ বুকুখন কঁপি উঠিল।

১১
ধনখুৰাহঁতৰ আধা সজা ঘৰটো পায়েই কাজুৱে মাত দিলে, “নয়নী!” নয়নীৰ কোনো সাৰ সুৰ নাই। বেছেৰী ছাগৈ ভোকত লেবেজান হৈ পৰিছে। কাজুৰ বৰ বেয়া লাগিল। নিজৰ ওপৰতে খং উঠিল। সেই যাদুকৰটোৰ ওপৰতো খং উঠিল। তাৰ খেলা চাই থাকোতেহে ইমান দেৰী হৈ গ’ল! অৱশ্যে তাৰ ওপৰত খং কৰি কি লাভ, দোষ তো কাজুৰেই। মানুহে ইমান কথা পাহৰিব লাগেনে? দুৱাৰত বাহিৰৰ পৰা ভেঁজা দি থোৱা ঢোকাডাল আঁতৰাই কাজু ভিতৰলৈ সোমাই গ’ল।

নয়নী, মুগাৰ চাদৰ মেখেলা পিন্ধি, মুখত ৰং-বৰণ সানি, বুকুত আইনাখন সাবটি ধৰি মাটিত লেটি পেটি খাই শুই আছে। আৰুনো কৰিব কি, তাইৰ যে কৰিব পৰা আৰু একোৱেই নাছিল। কাজুৱে হেচুকি দি তাইক জগালে, “নয়নী, ঐ নয়নী, উঠ, বহুত দেৰী হৈ গ’ল”।

নয়নী আধা টোপনিত উঠি বহিল। কাজুৱে ভাবিছিল, নয়নীয়ে চিঞৰ বাখৰ কৰিব, তাৰ লগত কাজিয়া কৰিব। তাক ভুকুৱাব, নহ’লে কান্দিব। কিন্তু তাই একো নকৰিলে। নয়নীৰ চকুত টোপনিৰ জাল। সেমেকি থকা চকুদুটা মোহাৰি দিওতে তাইৰ চকুৰ কাজল বিয়পি গ’ল। ওঠৰ লিপষ্টিকো গাললৈকে বিয়পি পৰিছে। সিহঁতে শুনিলে স্কুলৰ ফালে শুনিবলৈ পোৱা ঢোল তালৰ মাতটো ক্রমান্বয়ে আগবাঢ়ি আহিছে।

ধনখুৰাৰ আঘা সজা ঘৰটোৰ খিৰিকীবোৰ গজাল মাৰি বন্ধ কৰি থোৱা আছিল। কাজুৱে কাঠৰ মুঢ়া এটাত উঠি গজাল এডাল এৰুৱাই খিৰিকী এখন খুলি দিলে। বাহিৰৰ শব্দবোৰ এতিয়া তেনেই ওচৰ পাইছেহি।

খিৰিকীৰে সিহঁতে দেখা পালে, সুসজ্জিত হাতীৰ পিঠিত উঠি সাহিত্যিক কবি নৱকান্ত বৰুৱা আৰু পিছে পিছে বহুতো মানুহৰ সমদল। গায়ন বায়ন আৰু পাটৰ সাজ পিন্ধি সত্রীয়া নাচি গৈ থকা এদল মানুহ। তাৰ পিছে পিছে সিহঁতে দেখা পালে এদল বিহুৱা নাচনী। যুগলদাই ঢোল বজাইছে। নাচনীৰ দলটোত সিহঁতে দেখিলে পঙ্খীবায়ো নাচিছে।

কাজু আৰু নয়নীয়ে থৰ লাগি সমদলটোৰ ফালে চাই আছে।
মুখত কথা নাই।
চকুত পানী নাই।     

এইটো যেন আন এটা সপোন। ইয়াতকৈ সেই খৰা শিয়ালৰ বিয়াৰ সপোনটোৱেই বেছি ভাল আছিল নেকি বাৰু!


  

   
সমুদ্র কাজল শইকীয়া