Saturday, December 13, 2014

জে আৰ পি ৭৯ ওৰফে জ্যোতিৰূপা ৭৯

[Published in Mahekiya Anubhuti, December, 2014]
  
Art: Mahan J Dutta
১
২২ জুন, ২০২৪

তিনিদিন ধৰি সকলো নিউজ চেনেলতে এটাই ব্ৰেকিং নিউজ।
জাপান চাইঞ্চ চাম্মিট-ৰ বাবে ভাৰতৰ পৰা যাব লগীয়া জে আৰ  পি ৭৯ নামৰ হিউমেনইড ৰবট আৰু তাৰ নিৰ্মাণকৰ্তা বিজ্ঞানী দম্পতি ডঃ ৰূপ আৰু ইতিভেনৰ ষ্টুডিঅ’ “খনিকৰ” শেষ মুহূৰ্তত কোনোবা আততায়ীয়ে লণ্ড ভণ্ড কৰি থৈ গৈছে। ডঃ ৰূপৰ প্ৰায় দুই দশক জোৰা সাধনাৰ ফচল, বিশ্বৰ প্ৰযুক্তিৰ নৱতম সংযোজন বুলি ইতিমধ্যেই খ্যাতি লাভ কৰা এই অত্যাধুনিক মানৱীয় ৰবটটো ধংস কৰাৰ ঘটনাৰ পিছত ডঃ ৰূপে যোৱা তিনিদিন ধৰি কতো টু শব্দ এটাও মুখেৰে উচ্চাৰণ কৰা নাই। ঘটনাটো স্থানীয় পুলিচৰ নজৰলৈ অহাৰ দুঘন্টাৰ ভিতৰতে ই এক আন্তৰাষ্ট্ৰীয় ইছ্যু হৈ পৰিছিল।

২
মজিয়াতে ওপৰমুৱাকৈ চিৎ হৈ পৰি থাকি ইতিভেনে ক্ষণ গণিলে।
"কিবা শত্রুতা থাকিলে কৈ দিয়া। মোৰ কিন্তু ভয় হে লাগিছে।"
তাইৰ কথাত ৰূপে একো প্ৰতিক্ৰিয়াই নেদেখুৱালে। আন একো নহলেও অন্ততঃ সি ঢেকঢেকাই হাঁহিব পাৰিলে হেতেন। সি নিজৰ কামত মগ্ন। প্লাষ্টাৰ অব পেৰিছৰ মিশ্ৰণখিনি হাতত লৈ সি তাইৰ কাষলৈ আহিল আৰু তাইৰ কপালত এটা প্ৰলেপ সানি দিলে। একো উত্তৰ নাপালেও তাই কথা কৈ গৈ থাকিল। কপালৰ পৰা ক্ৰমে নাকৰ ওচৰলৈকে প্ৰলেপ দিয়াৰ পিছত সি ক'লে-
"চুপ। আৰু কথা নহয়। এতিয়াৰ পৰা কথা বন্ধ। নহ'লে মুখৰ ৰিংকল পৰিব। মুখৰ ছালখন সোতোৰা সোতোৰ হৈ সাইলাখ বুঢ়িজনী হ'লে কোনেও আৰু ঘূৰিকে নাচাব।"

ৰূপে ইতিভেনৰ গোটেই মুখখন প্লাষ্টাৰেৰে ঢাকি দিলে। নাকৰ ফুটা দুটাৰ বাহিৰে গোটেই মুখখন ঢাক খাই পৰিল। ৰূপে হাতৰ পাত্ৰটো আৰু আচবাববোৰ পানীৰে ধুই আনে মানে প্লাষ্টাৰখিনি শুকালেই। ইতিভেনৰ মুখৰ ওপৰত থকা আৱৰণটো ৰূপে এবাৰ টুকুৰিয়াই চালে।

ৰূপে আলফুলে সেই আৱৰণটো ইতিভেনৰ মুখৰ ওপৰৰ পৰা আঁতৰাই আনিলে। ইতিভেনৰ মুখখন এই অলপ সময়ৰ ভিতৰতে পৰিষ্কাৰ হৈ সুকোমল ফুলৰ কলিটো হেন হৈ পৰিল। তাই লাহেকৈ চকু খুলিলে।
"কেনে লাগিছে এতিয়া?"
"উৱা। মোৰ একো নহ'ল দেখোন!" তাই আচৰিত হৈ ক'লে।
"কি হ'ব লগা আছিল নো? মই কৈছিলোৱেই দেখোন এয়া তোমাক স্পা কৰি দিয়াৰ নিচিনাহে হ'ব।"
ইতিভেনে হাঁহিলে।
ৰূপে তাইৰ ওঁঠতে তাৰ ওঁঠজুৰি থ'লে। অলপসময় তেনেকৈয়ে ৰৈ থাকিল।
তাইৰ ছুলিৰ কাষে কাষে গোট মাৰি লাগি ধৰা প্লাষ্টাৰৰ লদা কেইটুকুৰামান লাহেকৈ আঁতৰাই আঁতৰাই এসময়ত সি ধৰিব নোৱাৰা হ'ল, সি আচলতে তাইৰ ছুলিখিনি পৰিষ্কাৰ কৰি আছে নে তাইৰ ছুলিত আঙুলি বুলাই মৰম কৰি আছে। তাই তাক সাবটি ধৰি বগৰাই দি তাৰ গাৰ ওপৰত উঠিল। সি ক'লে,
"দেখিলা, ভেচলিনখিনি মুখত সানি লোৱাৰ কাৰণে কিমান ধুনিয়াকৈ প্লাষ্টাৰখিনি আঁতৰি গ'ল। তুমিহে ভেচলিন মুখত নাসানো বুলি কৈছিলা।"
"ভেচলিনৰ গোন্ধে তোমাৰ কামনাও এনেকৈ জগাই তুলিব পাৰে বুলি ভবা নাছিলোঁ নহয়। জনা হ'লেতো কাহানিও মানা নকৰোঁ"।

সিহঁতৰ বগৰা- বাগৰিৰ কোবত কোনমতেহে তাইৰ প্ৰতিৰূপ কৰিবলৈ লোৱা প্লাষ্টাৰৰ সাঁচটো নভঙাকৈ থাকিল। 

৩
ৰূপ আৰু ইতিভেন যুটিৰ সাফল্যৰ কাহিনী এতিয়া তুঙ্গত।
২০১২ চনত কমনৱেলথ গেমচৰ সময়ত তেওলোকে প্ৰথমবাৰৰ বাৱে ভাৰ্চুৱেল ৰিয়েলিটিক ফিজিকেল ৰিয়েলিটিৰ সমান্তৰালকৈ উপস্থাপন কৰাৰ প্ৰথম কৌশলটো প্ৰদৰ্শণ কৰিছিল। ডঃ ৰূপ বিজ্ঞানী হিচাপে বিশ্বমঞ্চত স্বীকৃতি পোৱাৰ সেয়ে আছিল প্ৰথম ঘটনা। ডঃ ৰূপৰ পত্নী ইতিভেনৰ আচল নামটো আছিল শেৱালী, শেৱাকী পেগু। ইতিভেন তেখেতে নিজে পাছলৈ গ্ৰহণ কৰি লোৱা এটা নাম। এতিয়া মানুহে ইতিভেন বুলিয়েই তেঁওক জানে।

ডঃ ৰূপ একাধাৰে বিজ্ঞানী, শিল্পী আৰু দাৰ্শনিক। বাস্তৱতাৰ নতুন সংজ্ঞা নিৰূপনত যেনেকৈ তেওঁৰ দাৰ্শনিক অৰিহণা আছে, 'লাইভ' সম্পৰ্কীয় ধাৰণাতো তেখেতৰ দাৰ্শনিক যুক্তিযুক্ততা আছে। তেওঁলোকৰ যুটীয়া আৱিষ্কাৰে মানুহক চমক দেখুৱালে- কেনেকৈ যান্ত্ৰিক পদ্ধতিৰে সন্মুখত ঘটি থকা ঘটনা এটাৰ তৎকালীন ভাষ্য তৈয়াৰ কৰিব পাৰি।

প্ৰায় এটা দশকৰ আগতেই হোমেন বৰগোহাঞিৰ সৈতে হোৱা এটা কথা বতৰাৰ  অনুষ্ঠানত ডঃ ৰূপে অংশগ্ৰহণ কৰিছিল  ভাৰ্চুৱেল হল'গ্ৰামেৰে জৰিয়তে। ডঃ ৰূপ আছিল নিজৰ ষ্টুডিঅ’ 'খনিকৰ'ত, কিন্তু মানুহে দেখা পাইছিল তেওঁক টেলিভিচন ষ্টুডিঅ'ত। আৰু সকলো কথা বতৰাই আছিল লাইভ। থুলমূলকৈ সেই তেতিয়াৰ দিনতেই যি খিনি কথা পতা হৈছিল আৰু যি খিনি আজি ২০২৪ চনতো সমানে প্ৰাসঙ্গিক হৈ আছে সেয়া এনেধৰণৰ-

একোটা নতুন আৱিষ্কাৰৰ বাবে সকলো সময়তে বিৰলা প্ৰতিষ্ঠান বা আন ধৰণৰ ব্যৱসায়িক প্ৰযুক্তি সম্পৰ্কীয় প্ৰতিষ্ঠানৰ সহযোগিতাৰ প্ৰয়োজন থাকে নে নাথাকে? টপিঅ' নামৰ ৰবটে ইৰেক্স বা ইন্টাৰনেচনেল ৰবট এক্সিবিচনত টকিঅ'ত পিং পং বল খেলি দেখুৱাৰ পিছত, নাও (এন এ অ') ৰবটে ফুটবল খেলি দেখুৱাৰ পিছতো ইন্টেলিজেঞ্চৰ ইতিহাস লেহেমীয়া হৈ পৰাৰ কাৰণ কোনখিনিত? 'অচ্যুত' নামেৰে ভাৰতত তৈয়াৰ কৰা ৰবটটোকো ভাৰতৰ প্ৰথম ইন্ডিজিনিয়াছ বুলি কোৱা হৈছিল। কিন্তু যদি ইণ্ডিজিনিয়াছেই হ'ব লাগে কিয় এটা সংস্কৃত মূলৰ নাম সদায়ে আমাৰ মনলৈ আহে, এটা মিচিং বা এটা বড়ো ভাষাৰ শব্দ আমি কেতিয়া কল্পনা কৰিব পাৰিম? সেই সময়তেই ডঃ ৰূপে জ্যোতিৰূপা নামেৰে এটা ইণ্ডিজিনিয়াছ হিউমেনইড ৰবট প্ৰস্তুত কৰি উলিওৱাৰ সপোন দেখিছিল আৰু সেই কথা প্ৰকাশ কৰিছিল।  

আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক সেই অসমীয়া বিজ্ঞানী দম্পতিয়ে কালক্ৰমত এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে এটা অটো-জেনেৰেটেড যান্ত্ৰিক পদ্ধতিয়ে মানুহৰ সহায় নোলোৱাকৈ এখন খেলাৰ ধাৰাবিৱৰণীও দি থাকিব পাৰে। সাময়িক এটা সংঘটনক ডকুমেন্ট কৰাই নহয়, তাৰ আদ্যোপান্ত ভাল বেয়া সহিতে বৰ্ণনা কৰাৰ ক্ষমতাও এই পদ্ধতিৰ মাজত আছে।

এইবেলি জাপানত আয়োজিত আন্তৰ্জাতিক বিজ্ঞান সমাৰোহত তেওঁলোকে পৰিবেশন কৰিব তেওঁলোকৰ নৱতম আবিষ্কাৰ হিউমেনইড ৰবট- জ্যোতিৰূপা ৭৯, অথবা জে আৰ পি চেভেন্টি নাইন।  হিউমেনইড ৰবটৰ ইতিহাসত এয়া এক নতুন সংযোজন। সকলো ধৰণৰ মানৱীয় অনুভূতিয়েই এই ৰবটৰ মাজত আছে।

ইতিভেনৰ প্ৰতি থকা ভালপোৱাৰ বাবেই ডঃ ৰূপে জ্যোতিৰূপাক ইতিভেনৰ হুবহু ৰূপ দি সজাই তুলিছিল। তাৰ বাবেই তেওঁ ইতিভেনৰ মুখৰ সাঁচ লৈ চিলিকনেৰে মুখাৱয়ব তৈয়াৰ কৰিছিল। প্ৰথমে যেতিয়া ৰবটটো (আচলতে ৰবট জনী) তৈয়াৰ হৈ আহিছিল ইতিভেনে মুখ বিকটাই কৈছিল- "এইজনী নো কোনফালৰ পৰা মোৰ নিচিনা?"

ইতিভেনৰ দেহৰ ভিভিন্ন অংশত তিনিশ বাসত্তৰটা কেমেৰাৰ দৰে ডিভাইচ লগাই ইতিভেনৰ গতি বিধি ভাৰ্চুৱেল মেপত ধৰি ৰখা হৈছিল। লে' আউট কৰিবৰ বাবে এটা ত্ৰিমাত্ৰিক মডেল কৰা হৈছিল। ৰিগিং নকৰা এটা জঠৰ মডেল দেখুৱাই ইতিভেনক ৰূপে কৈছিল, "চোৱা, এই জঠৰ মূৰ্তিটো দেখি তুমি বিশেষ একো ধৰিব নোৱাৰা। কিন্তু এইটো চোৱা ৰিগিং কৰাৰ পিছত কি হ'ল"। ৰিগিং কৰাৰ পিছত যেতিয়া জঠৰ মডেলটোৱে প্ৰাণ পাই উঠিল ইতিভেনে প্ৰায় জাপ মাৰিয়েই উঠিছিল।

ইতিভেনৰ অনুৰূপ ৰবটজনীয়ে যেতিয়া হাত ভৰি লৰাব পৰা হ'ল আৰু মুখৰ অভিব্যক্তি প্ৰকাশ কৰিব পৰা হ'ল, ইতিভেনে তাইক আইনাৰ সন্মুখলৈ লৈ গ'ল বহু সময় পৰীক্ষা কৰি চালে। হয়, এইজনীয়েই তাইৰ ডাবল্। ইতিভেন এইকেইদিনত অলপ বেছি শকত হৈছে মাথোঁ। তাৰ বাদে আন একো পাৰ্থক্য নাই।

এদিন ৰাতিৰ সাঁজ ভাত খোৱাৰ সময়ত তেওঁলোকৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিবৰ বাবে ৰবট জ্যোতিৰূপাক সক্ৰিয় কৰি ডাইনিং ৰুমতে থোৱা হৈছিল। সেইদিনা আঞ্জা ডঃ ৰূপে ৰান্ধিছিল। আঞ্জাখিনি আনি টেবুলত থোৱাৰ পিছত ইতিভেনে এচামুচ জিভাত লৈ চাকি চালে। ৰূপে সুধিলে, "কেনেকুৱা হৈছে?"

ইতিভেনে কিবা কোৱাৰ আগতেই জ্যোতিৰূপাই কৈ উঠিল, "নিমখটোহে আচল"।
ইতিভেন আচৰিত হ'ল। তাই তধা লাগি জ্যোতিৰূপালৈ চালে। জ্যোতিৰূপাই কৈ গ'ল, "অ, নিমখটোহে আচল। চকুপানীতো নিমখ, তেজতো নিমখ। বাকীবোৰনো আৰু কি?"

ইতিভেন হতবাক হৈ জ্যোতিৰূপালৈ চাই থকা দেখি ৰূপে হাঁহি দিলে। "একেবাৰে তোমাৰ মুখৰ কথা নহয় নে? সাইলাখ। সাইলাখ। এতিয়াৰ পৰা মোৰ দুজনী ইতিভেন হ'ল।"

সেই ৰাতি ইতিভেনে মুখ ওফন্দায়েই থাকিল। ৰাতি শুবৰ পৰত মাথোঁ ক'লে, "এতিয়াৰ পৰা মোৰ নো আৰু কি কাম?" ৰূপে একো নকৈ হাঁহিলে। ইতিভেনে মাথোঁ এষাৰ কথাই ক'লে, "মোৰ কথা হ'ল, তাই কিয় মোৰ নিচিনাকৈ কথা ক'ব?"

৪
ডঃ ৰূপৰ লেবৰেটৰীটোক ষ্টুডিঅ’ বুলিয়েই কোৱা হয় আৰু এই ষ্টুডিঅ'ৰ নাম ৰখা হৈছিল “খনিকৰ”। প্ৰসিদ্ধ সাংবাদিক  আৰু লেখিকা অনুৰাধা শৰ্মা পুজাৰী এদিন 'খনিকৰ'লৈ আহিছিল। ডঃ ৰূপে ব্যস্ততা দেখুৱাই দেখা নকৰিলে। পিছলৈ ইতিভেনে আপত্তি কৰিছিল, সেয়া বৰ ভাল কথা  নহ'ল হেনো। কিন্তু ডঃ ৰূপৰ আপত্তি এইখিনিতেই যে, অনুৰাধাই হেনো শিল্পী, বিজ্ঞানী এই সকলক লৈ অলপ বেচিকৈয়েই ফেন্টাচাইজড কৰে। শিল্পী মানেই যেন খেয়ালী মনৰ মানুহ, অলপ বেলেগ ধৰণৰ এনে ধৰণৰ ধাৰণা এটা তেওঁ পোষণ কৰে যি টো ডঃ ৰূপে একেবাৰেই ভাল নাপায়। এনেবোৰ কাৰণতেই ভেন গঘৰ ছবি সম্পৰ্কে আমি একো নাজানো, কিন্তু তেঁও বলিয়া হৈ গৈছিল  আৰু নিজৰ কাণখনকেই কাটি পেলাইছিল - এইখিনি কথা হ'লে আমি সকলোৱে জনোঁ। এইবোৰ ৰূপে একেবাৰেই ভাল নাপায়।

ডঃ ৰূপৰ শিল্পী সত্বা দেখি ইতিভেনে মাজে মাজে কয়, তুমি বিজ্ঞানী নহৈ শিল্পী হ'ব লাগিছিল। তেওঁৰ একেটাই উত্তৰ- “শিল্পী আৰু বিজ্ঞানীৰ মাজত পাৰ্থক্য একো নাই। প্ৰতিজন শিল্পীয়েই বিজ্ঞানী, আৰু সকলো বিজ্ঞানীয়েই শিল্পী। শিল্প আৰু বিজ্ঞান আচলতে একেটাই ডিচিপ্লিন। মই ক্ষীৰধৰ বৰুৱাৰ স্কেচ্চ দেখিহে ছবি আঁকিবলৈ অনুপ্ৰেৰণা পাইছিলোঁ, আৰু তুমি ভালকৈয়ে জানা, তেওঁ আচলতে কোন”।

তেনেকৈয়ে তেওঁলোকৰ কথা বতৰা আগবাঢ়ি শিল্প আৰু বিজ্ঞানৰ পৰা দৰ্শন পায় গৈ। তাৰ পিছত ৰাজনীতি। খ্ৰীষ্টপূৰ্ব আঢ়ৈ শ বছৰতে 'লাই যি'ৰ আৱিষ্কাৰক প্ৰথম আটোমেচন বুলি কোৱা নহয় জানো? লিওনাৰ্ডো দা ভিঞ্চিয়েও এটা হিউমেনইড অটোমেচনৰ ডিজাইন কৰিছিল। বৰ্ম পিন্ধি থকা যোদ্ধা এজনৰ দৰে দেখিবলৈ। সেই এজন মানুহ, মানৱ শৰীৰৰ অন্তৰ্ভাগৰ পুঙ্খানুপুংখ অধ্যয়ণৰ পৰা আৰম্ভ কৰি এৰোপ্লেনৰ ডিজাইনলৈকে কত কি যে কৰি থৈ নগ'ল। কি বুলি ক'বা তেওঁক? ফিজিচিষ্ট নে ফিজিচিয়ান? এষ্ট্ৰলজিষ্ট নে এষ্ট্ৰনমিষ্ট? বিজ্ঞানী নে শিল্পী?  

৫

জ্যোতিৰূপাই তেৰটা ভাষা বুজিব আৰু ক'ব পাৰে।
তাইক ৰূপে গুণে দেখনীয়াৰ কৰি তুলিবলৈ অলপো কাৰ্পণ্য নকৰিলে এই বিজ্ঞানী দম্পতীয়ে। জ্যোতিৰূপা একে সময়তে আন্তৰাষ্ট্ৰীয় খেলাৰ ধাৰাভাষ্যকাৰ, চিয়েৰ গাৰ্ল আৰু ডাটা এন্ট্ৰি অপাৰেটৰ। তাই ইতিভেনৰ আটাইবোৰ গুণেই পালে। ইতিভেনৰ চকু, ইতিভেনৰ নাক, ইতিভেনৰ ওঁঠ। অলপতে দিল্লীৰ ভাৰত বিজ্ঞান অভিযানৰ তৰফৰ পৰা অনুষ্ঠিত হোৱা এখন সমাবেশত তেওঁলোকে এটা পৰিবেশন কৰি জ্যোতিৰূপাৰ প্ৰতি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু তাৰ পিছতেই এলানি বিতৰ্কৰো সূত্ৰপাত হয়। স্বয়ং প্ৰধান মন্ত্ৰীৰ সচিব-ভাষ্যই ৰাজহুৱাকৈ প্ৰকাশ কৰিলে এটা আপত্তি। সেই সূত্ৰ মতে যিহেতু আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই ৰবট-চৰিত্ৰটো প্ৰেৰণ কৰা হ'ব, এই চৰিত্ৰটোৰ গঢ় গতি তথা লুক-এণ্ড-ফীল ভাৰতীয় মূলৰ হ'লে ভাল আছিল। এই ভাষ্য শুনি ৰূপ আৰু ইতিভেন হতবাক হৈছিল। জ্যোতিৰূপা ষোল অনাই ভাৰতীয়। কোনফালৰ পৰা তাইক অন্য মূলীয় যেন লাগিছিল বাৰু। আচলতে কথাটো এনেকুৱা যে ইতিভেনৰ অসমীয়া চেহেৰাৰ অনুৰূপটো নিজকে মূলসূতিৰ বুলি দাবী কৰি অহা উত্তৰ ভাৰতীয় অৱয়বৰ ধাৰণাখিনিৰ পৰা সামান্য পৃথক।

ডঃ ৰূপৰ ষ্টুডিঅ’ মূৰব্বী সুনীল দত্তই কেইবাটাও চেম্পল ত্ৰি-ডি মডেল প্ৰস্তুত কৰিছিল আৰম্ভণীতে পৰীক্ষামূলক ভাবে। তাৰে বগা চামৰাৰ সোণালী ছুলিৰ এটা চৰিত্ৰ আছিল। প্ৰেজেন্টেচনত সেই চৰিত্ৰটোৰ কেইটামান প্ৰিন্ট স্ক্ৰিণ যেতিয়া শ্লাইড শ্ব'ত দেখুওৱা হৈছিল- সেইকেইখন ছবি কিন্তু সকলোৰে মাজত সমাদৃত হৈছিল। এইখিনিতেই বিজ্ঞানী দম্পতিৰ আপত্তি আৰু বেছি গাঢ় হ'ল। এই কেইটা চৰিত্ৰ দেখোন ইউৰোপীয় গঢ়ৰ- বগা চামৰা, সোণালী ছুলি। সেইবোৰ জানো ভাৰতীয়? কিন্তু বিজ্ঞানী দম্পতিৰ আপত্তি শুনে কোনে? বৈদেশিক মন্ত্ৰণালয়েতো কৈয়েই পেলালে- প্ৰাচ্যমূলীয় এখন দেশলৈ প্ৰেৰণ কৰিব লগীয়া ভাৰতীয় নমুনা এটাকো প্ৰাচ্যমূলীয় ৰূপ-লাৱণ্যৰ ধাৰণাৰে সজাই তোলাটো মূৰ্খামী। বিশেষকৈ এই কথাৰ ইতিভেন আৰু ৰূপ মৰ্মাহত হ'ল। এই আঞ্চলিক বৈষম্য আৰু ষ্টেৰিঅ'টাইপ মানসিকতাৰ প্ৰতিবাদ হিচাপে ভাৰত চৰকাৰৰ পৰা আহিব লগীয়া অনুদানখিনিও ডঃ ৰূপে নিজে অলপ মৰসাহ কৰি নাকচ কৰিলে। 

এতিয়াৰ পৰা বিজ্ঞানী দম্পতীৰ সন্মুখত প্ৰত্যাহবান বাঢ়িল।

ইতিভেনৰ দৈনন্দিন জীৱন এতিয়া চাৰভেইলেঞ্চৰ মাজত থাকে। তাইৰ সকলো গতি বিধি মো-কেপ বা মচন-কেপচাৰৰ বাবে ৰখা হৈছে। তাই কেনেকৈ খোজ কাঢ়ে, কেনেকৈ উঠে বহে, কেনেকৈ শোৱে সকলো চাল চলনেই মো-কেপৰ জৰিয়তে জ্যোতিৰূপাই আয়ত্ব কৰিছে। ইতিভেনে যৎপৰোনাস্তি চেষ্টা কৰিছে জ্যোতিৰূপাক স্বচ্চল স্বয়ংক্ৰিয় এক মানৱী কৰি তুলিবলৈ। জ্যোতিৰূপা হৈ উঠিছে ইতিভেনৰ ডাবল্।

ইতিভেনৰ অসহনীয় নিঃসঙ্গতাৰ প্ৰতিষেধক হৈ উঠিছে জ্যোতিৰূপা। কিন্তু একে সময়তে আন কিছুমান সমস্যাও হৈছে। মাজে মাজে তাই বহুপৰ ধৰি আইনাৰ সন্মুখত ৰৈ নিজলৈকে থৰ লাগি চাই থাকে। মই কোন? কোন মই? গা ধুবৰ পৰত তাই বহুপৰ উলঙ্গ হৈ নিজৰ শৰীৰটো চুই থাকে। মাজে মাজে তাইৰ এনেকুৱা লাগে যেন নিজৰে ছাল বাকলিবোৰ আকুহি বাকুহি নিজকে ঘূণীয়া কৰি ল'ব। নিজকে নিজে যেন যিমান পাৰে সিমান বিকৃত কৰি ল'ব।  

৬
জ্যোতিৰূপাৰ মাত কথাখিনি নিৰ্ধাৰণ কৰোতেই আটাইতকৈ বেছি সমস্যাই দেখা দিছিল।
ওঁঠ আৰু জিভাৰ চাল চলন সাইলাখ মানুহৰ নিচিনা নহ'লে তাত অলপ হ'লেও কৃতিমতা থাকেই, আৰু সি তৎক্ষণাত চকুত পৰে। সেয়া ঠিক নহ'লে যিমানেই দেখাত ধুনীয়া নহওক সি আকৰ্ষণীয় হৈ নুঠে। বহুদিনলৈকে তাই নিজাকৈ কথা ক'ব পৰা হৈ নুঠা বাবে আৰম্ভণীতে ইতিভেনে তাইক “নিমাতী কইনা” নাম দিছিল। নিমাতী- এই শব্দটোৱেই পাছলৈ জ্যোতিৰূপাৰ মুখত ফুটা প্ৰথম শব্দ হ'লগৈ। প্ৰথমবাৰৰ বাবে জ্যোতিৰূপাই নিমাতী শব্দটো উচ্চাৰণ কৰোতে তাইৰ কোৱাৰি ফাটি গৈছিল। শব্দটো আমাৰ বাবে সহজ যেন লাগিলেও ইয়াৰ ভিতৰতে স্বৰবৰ্ণ বা ভাৱেলৰ এটা সম্পূৰ্ণ চক্ৰ আছে। নি বুলোতে ই কৰি মুখখন বহলাব লগা হয় আকৌ মা-ৰ আ কৰোতে গোতেই মুখখনেই গোলাকাৰকৈ মেলিব লগা হয়। ম ব্যঞ্জণবৰ্ণটো উচ্চাৰণ কৰিবলৈ ওঁঠ দুপাৰি নজপালেও নহয়। তাৰ পিছত তী-ৰ বাবে আকৌ ই-ৰ অৱস্থানলৈ নিব লগীয়া হয়। এনেকৈ ই ৰ পৰা ঈ-লৈ এটা চক্ৰ সম্পূৰ্ণ কৰোতে তাইৰ কোৱাৰিত ফাঁট মেলিছিল। ২০২৪ চনৰ ১৭ জানুৱাৰীৰ দিনা তাই প্ৰথম নিজাকৈ কথা ক'ব পৰা আৰু গান গাব পৰা হ'ল। তাই প্ৰথম গানটো সমজুৱাকৈ গাই শুনালে-
                   “আমাৰে নিমাতীক কোনে মাত ফুটাব, মুখতে হাঁহিটি দিব ফুলাই...”

সেই পৰিবেশনটোতো অলপ আঁসোৱাহ ৰৈ গৈছিল। ডঃ ৰূপে তাইৰ আলজিভাৰ সংযোজন কৰিছিল। জিভা আৰু আলজিভাৰ বাবে প্ৰয়োজনীয় নমনীয় উপাদান চীনৰ পৰা আমদানী কৰিবলগীয়াত পৰিছিল। ইতিভেনৰ মতে মুখৰ ভিতৰৰ অংশত ইমান ডিটেইল নকৰিলেও হ'লহেতেন। কিন্তু ডঃ ৰূপ হ'ল পাৰ্ফেকচনিষ্ট। তেওঁ নেমানিলে।

৭

জাপানৰ সমাৰোহৰ বাবে জ্যোতিৰূপা ৭৯ সম্পূৰ্ণ হৈ উঠিছে। অহা ২০ জুন তাৰিখে জ্যোতিৰূপা জাপান অভিমুখে ৰাওনা হ'ব। জাপানৰ নেচনেল ইনষ্টিটিউট অফ এডভাঞ্চড্ ইন্ডাষ্ট্ৰিয়েল চাইঞ্চ এণ্ড টেকনোলজিৰ ৰবট এইচ আৰ পি ফ'ৰ চি-ৰ স'তে আমাৰ জ্যোতিৰূপাৰ সাক্ষাৎ প্ৰৰিকল্পনা কৰা হৈছে। কেইদিনমানৰ আগতে, ৬ জুন তাৰিখে জ্যোতিৰূপাই বিশ্ব পৰিবেশ দিবসৰ লগত সঙ্গতি ৰাখি যাদব পায়েঙৰ লগত এটা বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। মাত্ৰ কেইদিনমান আগতে যাদব পায়েং আঞ্চেল আডামচ বঁটাৰে সন্মানিত হোৱাত সেই ঘটনাই আৰু বেছি জনপ্ৰিয়তা আৰ্জন কৰিছিল।

সকলো প্ৰস্তুতি হৈ উঠাৰ পিছতো কিছুমান কাম থাকে।  জাপান ভ্ৰমণৰ দুদিন আগতে শেষ ৰাতিলৈকে ডঃ ৰূপে ষ্টুডিঅ'ত কাম  কৰিলে। ইতিভেনে তেওঁক অকলশৰীয়াকৈ এৰি দিলে- শেষ মুহূৰ্তৰ তাচ্চ-আপৰ বাবে।

ইতিভেন মগ্ন হৈ থাকিল তাইৰ অডিঅ' ভিজুৱেল লেবৰেটৰীত। তাই "মেকিং অব্ জে আৰ পি ৭৯" বুলি এটা প্ৰজেক্ট তৈয়াৰ কৰি উলিয়াইছে। কেনেকৈ এই জ্যোতিৰূপা নামৰ স্বয়ংক্ৰিয় হিউমেনইড ৰবটটোৰ ধাৰণা তেওঁলোকৰ মনলৈ আহিল, কেনেকৈ তাৰ কাম কাজ আৰম্ভ হ'ল আৰু ক'ত কেনেকৈ তাৰ পৰিবেশণ হৈছিল সকলো নথি পত্ৰ যুগুতাই তাই ডকুমেন্টেড ভিডিঅ' প্ৰেজেন্টেচন এটা প্ৰস্তুত কৰি উলিয়াইছে। তাৰেই শেষ পৰ্যায়ৰ এডিটিঙত তাই ব্যস্ত। কেৱল তথ্য সমৃদ্ধিয়েই শেষ কথা নহয়, ভিডিঅ' ফিল্ম হিচাপে সি অসম্পূৰ্ণ হৈ থাকিব যদিহে তাত এটা পাৰ্চনেল আৰু আবেগিক পৰশ নাথাকে। ইতিভেনে সেয়ে ৰূপ আৰু তাইৰ যুগ্ম জীৱনৰ কিছু ডিটেইল আৰু দৈনন্দিন জীৱনত জ্যোতিৰূপাৰ সৈতে হোৱা কিছু খুটি নাতিও তাত সন্নিবিষ্ট কৰি গৈছে।

শেষ ৰাতি, ডঃ ৰূপৰ ষ্টুডিঅ'ত নিমগ্ন থকাৰ মুহূৰ্তটো তাই গোপনে ধৰি ৰখাৰ ইচ্ছা কৰিলে। তাই চি চি টি ভি কেমেৰাৰে ধৰি ৰখা ফুটেজবোৰ নিজৰ হাৰ্ড-ডিস্কলৈ আনিলে।

এডিট কৰাৰ আগতে এবাৰ গোটেইলানি ডকুমেন্টেড ফুটেজ চকু ফুৰাই লওঁ বুলি স্ক্ৰিন-খন অন কৰি ইতিভেনে আৰামী চকীখনত আওজি বহিল। ভৰি দুখন দীঘলকৈ মেলি দি সন্মুখত টুলখনৰ ওপৰত থ'লে। সন্মুখত স্ক্রিনত চলি আছে ডঃ ৰূপৰ কাণ্ড কাৰখানা।

বহুপৰ ধৰি ডঃ ৰূপে একো কৰা নাই। তেওঁ ৰ লাগি কেৱল জে আৰ পি ৭৯ অর্থাৎ জ্যোতিৰূপাৰ ফালে চাই আছে। ডঃ ৰূপৰ কোচত থৈ দিয়া সোঁ হাতখন লাহে লাহে উঠা নমা কৰিছে। হাতখন ঘনাই ঘনাই উঠা নমা কৰিছে। কি হৈছে ৰূপৰ? তেওঁ দেখোন কঁপিছে। ইতিভেনে ঠিক ধৰিব পৰা নাই। তেঁও কেমেৰাটো সলনি কৰি আৰু অলপ জুম কৰি দেখিলে, ৰূপ ইতিপূৰ্বে বহি থকা চকীখনত নাই। আৰু অলিপ জুম কৰি চাওতে ইতিভেনৰ চুকু কপালত উঠিল। তাই দেখিলে, ৰূপে তেওঁৰ পুৰুষাঙ্গটো উলিয়াই জ্যোতিৰূপাৰ মেলি থকা মুখখনত ভৰাই দিছে। জ্যোতিৰূপা নিৰ্লিপ্ত। তাইৰ পাৱাৰ লগ অফ কৰি থোৱা আছে।

কি কৰিব কি নকৰিব ভাবি নাপাই ইতিভেনে স্ক্রিনখন বন্ধ কৰি থ'লে।
তাই শিল পৰা কপৌৰ দৰে জঠৰ হৈ ৰ'ল। কিমান সময় তাৰ ঠিক নাই। ডঃ ৰূপ দুৱাৰখন খুলি সোমাই আহোতেহে তাইৰ সম্বিৎ আহিল। “আজিলৈ শুই থাকা। কাম যিমান হ'ল হ'ল আৰু। কাইলৈ ধেৰ দৌৰাদৌৰি আছে। পূৱা আঠ বজাতেই প্ৰেছ-মিটৰ বাবে আটাইবোৰ নিউজ চেনেল আহি পাবহি। আলপ আৰাম কৰি নল'লে কাইলৈ তোমাৰ কষ্ট হ'ব”।
কথাখিনি কৈয়েই ৰূপ শোৱনিকোঠাৰ ফালে আঁতৰি গ'ল।

ইতিভেনৰ গাত কঁপনি উঠিল।
তাই এখোজ দুখোজকৈ খনিকৰ ষ্টুডিঅ'ৰ ফালে আগুৱালে। জ্যোতিৰূপাৰ সন্মূখত আধা পোহৰ আধা ছাঁত তাই ৰৈ থাকিল। কিছু সময় ৰৈ থকাৰ পিছত তাই হাতুৰি এটা আনি জ্যোতিৰূপাৰ মুখত মৰিয়াবলৈ আৰম্ভ কৰিলে। জ্যোতিৰূপাৰ মুখলৈ হাতখন ভৰাই তাইৰ জিভাখন ছিঙি আনি ইতিভেনে ভৰিৰে গছকি থেতেলিয়াই পেলালে। তাৰ পিছতো ক্ষান্ত নাথাকি তাই আকৌ হাতৰ ওচৰত যিহকে পায় তিহকে তুলি মৰিয়াই মৰিয়াই জ্যোতিৰূপাৰ গোটেই দেহটো ক্ষত বিক্ষত কৰি পেলালে। 

৮

ৰাতিপূৱা  ছয় বজাতেই খনিকৰ ষ্টুডিঅ'ৰ দায়িত্ব লোৱা মূৰব্বী দত্ত আহি ওলালহি। ইতিভেন গোটেই ৰাতি শোৱা নাছিল। তাই দুৱাৰ মুখতে বহি আছিল। দত্তই দুবাৰ মান মাত দি উত্তৰ নাপাই ভিতৰলৈ সোমাই গ'ল। এয়া কি? গোটাই ষ্টুডিঅ’ লণ্ড ভণ্ড।

ইতিভেনে দত্তক একো কথাই নক'লে। দত্তয়ো পৰিস্থিতিটোলৈ চাই আৰু একো সুধিবলৈ সাহস নকৰিলে। নিজকে অলপ প্ৰকৃতিস্থ কৰি লৈ ইতিভেনে পুলিচলৈ ফোন কৰিলে। তাৰ পিছত ফোন কৰিলে অসম বিজ্ঞান সমিতিলৈ।

পুলিচ আহি পাওতে যিমান সময় লাগিল, সেইখিনি সময়তে নিউজ চেনেলৰ মানুহবোৰো আহি সেইখিনি পাইছিলহি।

তিনিদিনলৈকে এয়াই সকলোতে ব্ৰেকিং নিউজ হৈ থাকিল। ডঃ ৰূপে তিনিদিন ধৰি মুখেৰে টু শব্দ এটাও কৰা নাই। খোৱাও নাই, শোৱাও নাই। ইতিভেনে দত্তক লগত লৈ তদন্তকাৰী কমিটিক সহযোগ কৰি গ'ল। তদন্ত খৰতকীয়া হ'ব লাগে বুলি তেওঁ ক্ৰাইম ব্ৰাঞ্চকো হেঁচা দিলে।



সমুদ্র কাজল শইকীয়া
Samudra Kajal Saikia
A 31, 3rd Floor, Gali No. 10
West Vinod Nagar, Patparganj
New Delhi 110092

email: kankhowa@gmail.com
mobile: +91 9811375594