Sunday, August 14, 2016

শুভ মহালয়া


১

"আমাৰ সাধ না মিটিলো আশা না পুৰিলো
সকলই ফুৰায়ে যায় মা..."

সায়ন্তনে গীত জুৰিলে। ইমান পৰে নিচা নাই লগা নাই লগা বুলি কৈ থকা কেইটাই পলকতে তাপ মাৰিলে। বিশ্বই বীৰভূমৰ পৰা আহোতে লগতে লৈ অনা দোতাৰাখন সুন্দৰকৈ বজাইছে। বীৰভূমৰ ৰঙামাটিৰ দাগ যে ভালকৈয়ে লাগি আছে সেয়া শুনিলেই বুজা যায়।

অমিতাভৰ জৰুৰী ফোন এটা কৰিব লগা আছিল, সায়ন্তনে গীত জুৰাৰ আগেয়েই কৰি ল'ম বুলি ভাবিছিল যেতিয়া এতিয়া আৰু নহ'ব। অলপ ৰৈ গানটো শেষ হ'লেই কৰিম বুলি সি ভাবিলে। “আমাৰ সাধ না মিটিলো” বুলি গীতটো আৰম্ভ কৰোতেই ভুতুৱে পান্নালাল পান্নালাল বুলি চিঞৰ ধৰিছিল। বিজনে তাক ইংগিতেৰে মনে মনে থাকিবলৈ দিলে।    

“জনমেৰ শোধ ডাকি গো মা তৰে
কোলে তোলে নিতে আয় মা
আমাৰ সকলই ফুৰায়ে যায় মা”
পান্নালালৰ দৰেই কাতৰতাৰে সায়ন্তনে গাই গ'ল শ্যামাসঙ্গীত। এইখন দোতৰাৰে সায়ন্তনৰ মুখত বেছি ভাল শুনি বাউল অথবা ফকীৰি গান। কিন্তু আজি ভুতুৰ ফৰমাইচ আছিল- আজি পান্নালালে গোৱা গানহে গাব লাগিব। গানটোৰ প্ৰথমা শেষ হোৱাই নাই, অমিতাভই ভাবিলে গানটো ইমান দীঘল বুলি আগতে কেতিয়াও দেখোন মন কৰাই নাছিলোঁ। নে মোৰ হে এনে লাগিছে? সি এবাৰ বাকী কেইটালৈ চালে। সি বাকী কেইটাতকৈ বেছি মনযোগেৰে শুনিছে কাৰণে তাৰ গানটো বেছি দীঘল যেন লাগিছে নেকি? নে গানটোৰ এইখিনিলৈকে সি কৰিবলৈ বাকী থকা ফোনটো এতিয়া কৰিম নে পিছত কৰিম, কৰিম নে নকৰিম, সেইখিনি কথা দহ বাৰমান ভাবিলে - সেইকাৰণে এনে লাগিছে? এইবোৰ কাৰণতেই সি গাঞ্জা নাখায়। আজি বহুদিনৰ মূৰত চিলিমত দুটামান টান মাৰিলে। তাৰ দেহাই এইবিধ বস্তু বৰ সহ্য নকৰে। কথাবোৰ জোখতকৈ কিবা বেছিকৈ ভাবিবলৈ লয়। ভবাটোকে ভাবি থাকে। কৰাটোকে কৰি থাকে।

"পৃথিবীৰ কেউ ভালো তো বাসেনা
এ পৃথিবী ভালবাসিতে জানেনা"

গানটোৰ এইখিনিতে অমিতাভৰ মনটো সদায়ে শোকে খুন্দা মাৰি ধৰে। আজি কিন্তু কিবা বেলেগ হে হ'ল। কিবা এক বিমল আনন্দত তাৰ মনটো ভৰি পৰিল। দিল্লীৰ ছত্তৰপুৰৰ একোনত থকা তাৰ এই ঠেক কোঠালিটোত আঠটাকৈ মানুহেৰে ঠাঁহ খাই থকাৰ পিছতো তাৰ কোঠালিটোলৈ চকু ফুৰাই চাই মুকলি মুকলি লাগিল। এয়া গানটোৰ গুণ নে দোতাৰাখনৰ গুণ? সি ভাবি ভাবি পাৰ নাপালে। দোতাৰাখনৰ এটা এটা বোল সি যেন চকুৰ সন্মুখত ভাঁহি ফুৰা দেখিবলৈ পালে। গাঞ্জা খাই এনে অভিজ্ঞতা তাৰ আগতেও হৈছে। সি সঙ্গীত চকুৰে দেখা পোৱা হৈ উঠে। সেয়েহে দোতাৰাৰ তাঁৰ কিডালৰ এটা এটা ধ্বনিৰ দৃশ্যময় ৰূপটোত অবাক হোৱা নাই। সি কেৱল অবাক হৈছে তাৰ এই তেৰ হাজাৰ টকীয়া কোনোমতে মূৰটো গুজি থাকিব পৰা ভাড়াঘৰটোত হঠাতে ইমান স্পেচ আৱিষ্কাৰ কৰিহে। স্পেচ বা স্থান তাৰ প্ৰিয় বিষয়। সি ভাল পেইন্টিং কৰিছিল আৰু ভালেখিনি প্ৰশংসাও বুটলিছিল। কিন্তু স্পেচৰ প্ৰতি থকা তাৰ অদম্য কৌতুহলৰ বাবেই পেইন্টিঙৰ স্পেচিয়েলাইজেচন এৰি ভাষ্কৰ্য কলালৈ আহিছিল- কাৰণ ইয়াত স্পেচে এটা শাৰীৰিক স্পৰ্শ পায়। সেয়াও আধাতে এৰি থৈ সি সকলো আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰি গৈ ৰাজহুৱা স্থানত পৰীক্ষামূলক শিল্প চৰ্চাত মনোনিৱেশ কৰিছিল। স্পেচৰ প্ৰতি থকা আগ্ৰহৰ কাৰণেই সি দিল্লী স্কুল অব আৰ্কিটেক্সাৰত এটা ইন্টাৰ ডিচিপ্লিনেৰী প্ৰজেক্ট কৰিছিল। মাজতে এবাৰ কানাডালৈকো গৈ আহিল। কিন্তু যিমানে দিন গৈছে স্পেচ সম্পৰ্কীয় তাৰ কৌতুহল কমক চাৰি বাঢ়িহে গৈ আছে। স্পেচ মানে কি এটা শৰীৰ? এটা অস্তিত্ব? নে আচলতে অস্তিত্বহীনতা?

কথাবোৰ অলপ বেছিকৈ ভাবিছোঁ বুলি ভাবি অমিতাভে বাকীকেইটালৈ চালে। সকলো গান শুনাত মগন। বিষ্ণুপুৰৰ দুটা নতুন ল'ৰা আহি কালিৰে পৰা সিহঁতৰ লগ লাগিছেহি। সিহঁত দুটাই গোটেই দিনটো ভোডাফোনৰ নে'টৱৰ্ক ভাল নে এয়াৰটে'লৰ নেটৱৰ্ক ভাল সেই বিতৰ্কতে লাগি থাকিল। এতিয়াও গান শুনি মূৰ দুপিয়াই আছে আৰু ফোনৰ বাকলিখন খুলি এবাৰ এয়াৰটেল আৰু এবাৰ ভোডাফ'নৰ চিম সলনাসলনি কৰি লগাই লগাই চাইছে। ভুতুৱে গানৰ তৃপ্তি আৰু অলপ বঢ়াবলৈ বুলি ইটোলৈ এবাৰ চাই সিটোলৈ এবাৰ চাই চকুৰ চেলাউৰী তুলিছে।

 অমিতাভৰ চকুৱে চকুৱে পৰাত সকুৰে চেলাউৰী তুলিলত অমিতাভে ভাবিলে আন এটা- কিজানিবা ভুতুৱে সুধিছে- কি হ'ল? ফোনটো কৰিলি? ধেৎ তেৰি- ফোনটো কৰাই নহ'ল নহয়। ঠিক আছে, আৰু অলপ পৰৰ পিছতেই কৰা যাব। গানটো শেষ হ'লেই হ'ল। গান এটা শেষ হ'বলৈনো আৰু কিমান সময় লাগে। নহয় জানোঁ? তাৰ খেলিমেলিটো আচলতে স্পেচৰ লগত হৈছে নে সময়ৰ লগত হৈছে?    
 

২

যোৱাৰাতি অমিতাভৰ আৰু ফোন কৰা নহ'ল। ফোন কৰিব লগা আছিল উমাক। আজি ৰাতিপূৱাই ফোন নকৰাৰ ভাল সেকাটো পালে। বাকী কেইটা শুই উঠাই নাই। অমিতাভে ভুতুক লগত লৈ ৰেল ষ্টেচন পালেগৈ। বিষ্ণুপুৰৰ পৰা টেৰাকোটাৰ ৰিলিফ কামকেইটা আজি আহি পোৱাৰ কথা। ৰেল অহাৰ বিলম্ব হ'ব বুলি খবৰ পাই ভুতুক তাতে থৈ অমিতাভ চিত্তৰঞ্জন পাৰ্কৰ দূৰ্গোৎসৱৰ স্থলী পালেগৈ। ৰাতিপূৱা শুই উঠি চত্তৰপুৰৰ পৰা এছোৱা খোজকাঢ়ি, এছোৱা ৰিক্সা লৈ, মেট্ৰ' ধৰি ৰেল ষ্টেচন পাই বহুপৰ ৰৈ ৰেল বিলম্বৰ খবৰ পাই সি স্থান ত্যাগ কৰি চিত্তৰঞ্জন পাৰ্ক পোৱালৈকে অমিতাভৰ কাণৰ ফোনটো লাগি থাকিল। সিপাৰে উমা। অনৰ্গল কথাৰ বিষয়- যোৱাৰাতি সি ফোন কিয় নকৰিলে তাৰ কৈফিয়ৎ দিব লাগে। সি প্ৰায় এহেজাৰ এটা কৈফিয়ৎ দিবলৈ চেষ্টা কৰিলে কিন্তু সিও জানে সেইবোৰৰ এটাও গ্ৰাহ্য হ'বলগীয়া নাছিলেই কোনো স্বৰ্ততে।

ৰেইনব' প্ৰ'ৰ অফিচৰ বাহিৰতে সি কিশোৰ দাসক পালে। কিশোৰ দাসে তাক দেখিয়েই আগ বাঢ়ি আহিল-
“হেই অমিতাভ। বহুত দেৰী কৰিলি আহি পাওতে।"
“দেৰী? মই দেখোন ইয়ালৈ এতিয়া অহাৰ কথাই নাছিল।”
“অহ হয় নেকি? বাৰু বাদ দে। এতিয়া অফিচৰ ভিতৰলৈ সোমাব নালাগে। সেই ফুচকাৱালাটো আহি অফিচত হাঙ্গামা লগাই আছে। সি বছৰে বছৰে সেই একেঠাইতে ফুচকাৰ দোকান লগায়। এইবাৰ আঁতৰাই দিয়াত সিও ওপৰৰ পৰা মানুহ লৈ আহিছে।"
“তেনেহ'লে মই দেখোন অফিচলে' যাব লাগে।"
“নালাগে। সেইবোৰ তই মেনেজ কৰিব নোৱাৰিবি। মই যি কৰিব লাগে কৰি থৈয়েই আহিছোঁ। তোৰ চিন্তাৰ কাৰণ নাই। যি হ'ব- তোৰ লে'আউট মতেই হ'ব”।
কিশোৰ আৰু অমিতাভ চিচিডি এখনলৈ গৈ অলপ পৰ তাতে বহিলেগৈ।

চমুকৈ চি আৰ পাৰ্ক বুলি জনাজাত চিত্তৰঞ্জন পাৰ্ক নামৰ ঠাইডোখৰ দক্ষিণ দিল্লীৰ ওচৰৰ এটুকুৰা বঙালী মানুহৰ ঘন বসতি থকা অঞ্চল। ষাঠিৰ দশকৰ আৰম্ভণিৰ ফালেই পূৰ্ব পাকিস্থানৰ পৰা অহা ভগনীয়া মানুহ কিছুমানেৰে এই চুবুৰিটো স্থাপিত হৈছিল আৰু পাছলৈ আশীৰ দশকৰ সময়ছোৱাত দেশবন্ধু চিত্তৰঞ্জন দাসৰ নামেৰে ইয়াৰ নামকৰণ কৰা হয়।  মাছ বজাৰকে ধৰি বঙালী মিঠাইৰ সমাহাৰলৈকে দেখি ঠাইডোখৰ সৰু কলকাতা এখন যেনেই লাগে।  চিত্তৰঞ্জন পাৰ্কৰ দূৰ্গা পূজাৰ সমাৰোহ গোটেই দেশতে বিখ্যাত। শাৰদোৎসৱৰ সময়ত চিত্তৰঞ্জন পাৰ্ক ঠাইডোখৰ এনে জাকজমক হৈ পৰে যে ই কোনোগুণেই কলকাতাতকৈ কম নহয়। পূজা মণ্ডপবোৰৰ মাজতো জাকজমকতাৰ দুৰ্বাৰ প্ৰতিযোগিতা চলে। এইবাৰ চিত্তৰৰঞ্জন পাৰ্কৰ ডি ব্লকৰ মূল চি আৰ পার্ক দূর্গা পূজা সমিটিৰ মূল মণ্ডপখনৰ ডিজাইন কৰাৰ ভাৰ লৈছে অমিতাভে। এই কামটো সহজ নহয়। কামটো হাতত পোৱাটোও সহজ নাছিল কোনো ফালৰ পৰাই।

যোৱা কেইবছৰমান একেৰাহে ইয়াত কাম কৰি অহা অংশুমান বোলা আৰ্টিষ্টজন এইবাৰ বাহিৰলৈ যাব লগা হোৱাত অমিতাভক খবৰটো দিছিল। অংশুমান আৰু অমিতাভ পুৰণি বন্ধু। সেই সূত্ৰে অমিতাভ বিষয়টোত জড়িত হৈছিল যেতিয়া কামটো পোৱাত সহজ হ'ব লাগিছিল। কিন্তু ক্ৰমে ক্ৰমে অমিতাভে বুজি উঠিলে কথাবোৰ ইমান সহজ নহয়। তলৰ পৰা ওপৰলৈকে বহুত বেলনা মৰাৰ পিছতহে সি কাম হাতত পালে।

 

৩

যোৱাবাৰ দিল্লী দূৰ্গোৎসৱ সমিতিৰ কাম কাজ কা'বাটাও কাৰণত বিতৰ্ক আৰু সমালোচনাৰ সন্মূখীন হৈছিল।
দূৰ্নীতি সম্পৰ্কীয় কিছুমান খবৰ মিডিয়াতো ওলাইছিল। ব্যয় আনুপাতে আড়ম্বৰ দৃষ্টিগোচৰ নোহোৱাকে ধৰি সাংষ্কৃতিক অনুষ্ঠানবোৰতো স্বজনপ্ৰীতিকে ধৰি বহুতো গোচৰ উঠিছিল।

“এইবাৰ আমি সাংষ্কৃতিক অনুষ্ঠানবোৰ অলপ কমাই দিছোঁ। এইবাৰ মূল খৰছখিনি কৰিম আৰ্টিষ্টিক পেণ্ডেলত। আৰ্টিষ্টিক মানে একেবাৰে আৰ্টেই। যিমানে অ'থেন্টিক হয় সিমানে ভাল। অৰিজিনেলিটিৰ নামত খৰছ কৰিব পাৰিলে আমাৰেই ভাল লাগিব। আৰু বঙালীৰ গৌৰৱো অক্ষুন্ন থাকিব”।

এইখিনি আছিল পেণ্ডেলৰ ঠিকা লোৱা এজেন্সী ৰেইনব' প্র'ৰ বক্তব্য - অমিতাভৰ সৈতে হোৱা প্ৰথম সাক্ষাতত। মূৰ জোকাৰি জোকাৰি সি শুনি আছিল, আৰু মনে মনে ৰোমাঞ্চিতও হৈছিল। হওক অন্ততঃ - শিল্পৰ নামত খৰছ কৰিবলৈ ইচ্ছুক পৃথিৱীত কোনোবাতো আছে। কিন্তু বাহিৰলৈ ওলাই আহোতেই প্ৰথমটো ধাক্কা খাইছিল কিশোৰৰ কথাত। কিশোৰ দাস এটা লজিষ্টিক এজেন্সীৰ এন্টেৰপ্ৰেনাৰ। কিন্তু তলৰ পৰা ওপৰলৈ হাত থকা মানুহ আৰু বাহিৰে ভিতৰে খা খবৰ ৰাখি চলিব জনা মানুহ।

“তেনেহ'লে অমিতাভ, দেখিলি? এনেকুৱা অফাৰ আগতে কেতিয়াবা পাইছিলি? পাইছিলি ক”।
অমিতাভে সন্মতি সূচক হাঁহি এটা মাৰিয়েই অব্যাহতি লৈ থ'ম বুলি ভাবিছিল যদিও মুখ ফুটাই “নাই পোৱা” বুলি নোকোৱালৈকে অমিতাভে নেৰিলে।
“সেইয়া চা, নহ'লে আজিৰ তাৰিখত শিল্পীক কোনে সোধে? শিল্পীৰ মূল্য কোনে বুজে? তই ইয়াত তোৰ যোগ্য সন্মান পাবি, পইচাও পাবি। কিন্তু সিহঁতে কোৱা সকলোবোৰ কথা মানি লৈ সিহঁতক একেবাৰে ধোৱা তুলসীৰ পাত বুলি ভাবি নল'বি আকৌ”।
“মানে?”
“মানে আৰু কি। দুৰ্নীতি এবাৰ শিপালে তাক উৎখাত কৰা সম্ভৱ নহয়। এইবেলি কালচাৰেল ফাংচন কমাই আৰ্টত খৰছ কৰিব খুজিছে - তাৰ মানেটো হ'ল- সাধাৰণ মানুহৰ মনত আৰ্ট এক্টিভিটিত কিমান খৰছ হয় তাৰ কোনো ধাৰণাই নাথাকে। গতিকে সেই লেচুতে টকা পইচাৰ ঘোটালা কৰিবলৈ ইহঁতৰ সুবিধা হ'ব”।

অমিতাভে মূৰ দুপিয়ালে। বুজিলে জটিলতা সকলো স্তৰতে থাকিব। 
এয়া আঠমাহৰ আগৰ কথা।




Terracotta from Ambika Kalna
৪

ৰেনব' প্র'ৰ ক্ৰিয়েটিভ হে'ড গৰাকী প্ৰিয়ঙ্কা মিশ্ৰই অমিতাভৰ সৈতে পুঙ্খানুপুঙ্খকৈ আলোচনা কৰি পেণ্ডেলৰ প্ৰজেক্টটো সম্পূৰ্ণ কৰাৰ ভাৰ ল'লে। সেয়া আছিল অমিতাভৰ বাবে এটা দুঃস্বপ্ন সদৃশ সময়। মিটিঙৰ উপৰি মিটিং, মিটিঙৰ উপৰি মিটিং।   

“আপোনালোকে কেনে ধৰণেৰে প্লেন কৰিছে?” অমিতাভে সুধিলে।
“সেয়া তুমিহে ক'বা। চোৱা আমি ক্ৰিয়েটিভ মানুহ নহয়। শিল্পী হিচাপে তোমাৰ যি ভিছন থাকিব আমিতো সেয়া কল্পনাও কৰিব নোৱাৰোঁ। গতিকে তুমি তোমাৰ মতে প্লেন কৰা। সম্পূৰ্ণ স্বাধীন ভাবেই প্লেন কৰা। আমি বুজি পাওঁ শিল্পীক কল্পনাৰ স্বাধীনতা নিদিলে কাম ভাল নহয়। নে কি কোৱা?” কল্পনা মিশ্ৰই এনেকৈ উত্তৰটো দিলে প্ৰথমখন মিটিঙত।

প্ৰায় পোন্ধৰ দিন ধৰি পূজা হ'বলগীয়া ঠাইডোখৰ পৰ্যবেক্ষণ কৰি, বিগত বছৰকেইটাৰ সাজ সজ্জাৰ গম লৈ নিজৰ মতে আৰ এণ্ড ডি কৰিলে আৰু এটা লে' আউট তৈয়াৰ কৰি প্ৰিয়ঙ্কা মিশ্ৰক লগ ধৰিবলৈ গ'ল।

“ফেন্টাষ্টিক। কিন্তু অলপমান - মানে তেনেই সামান্য ইফাল সিফাল কৰিব লাগিব” বুলি তাৰ পিছতো প্ৰায় আঠখনমান মিটিং হ'ল আৰু যিমান মিটিং হ'ল সিমান সালসলনি ঘটি গৈ থাকিল। সৃষ্টিশীল পৰিকল্পনাত আমি আমাৰ নাক নুশুমুৱাওঁ বুলি কৈয়ো বাৰে বাৰে কোনটো বস্তু কেনেকৈ হ'ব লাগিব, ক'ত হব লাগিব, কেনেকৈ হ'লে দেখিবলৈ ভাল লাগিব এই সকলোবোৰতে প্ৰিয়ঙ্কা মিশ্ৰৰ একোটা মত আৰু অকাট্য যুক্তি সময়ে সময়ে প্ৰকট হৈ গৈ থাকিল। কিন্তু যেনেকৈয়ে হওক বিষ্ণুপুৰৰ পোৰামাটিৰ স্থাপত্যৰ আৰ্হিৰে এইবেলি পূজাৰ মণ্ডপ সজা আৰু অথেন্টিচিটি বৰ্তাই ৰাখিবৰ বাবে থাৰ্ম'ক'লেৰে ৰেপ্লিকা সজাৰ সলনি পোৰামাটিৰেই পেনেল তৈয়াৰ কৰাৰ প্ৰস্তাৱখিনি শেষত ৰজিলগৈ। অমিতাভে কৰা প্লেনতকৈ যথেষ্ঠ পলমকৈ যদিও এসময়ত কাম আৰম্ভ হ'ল। কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহবানটো আছিল মুকলি ঠাইক লৈ। স্পেচ- যিটো অমিতাভৰ মূল কনচাৰ্ণ। দিল্লীৰ দৰে এখন মেট্ৰ'পলিত মুকলি ঠাইৰ আশা কৰাটোও এটা মূৰ্খামি। কিন্তু তাৰ কল্পনাৰ সজ্জাত ভাঁহিছিল - বিষ্ণুপুৰৰ কেৱল টেৰাকোটা মন্দিৰেই নহয়, তাৰ লগতে তাৰ নিসৰ্গও- লেণ্ডস্কেপ! লেণ্ডস্কেপক বাদ দি একোটা আৰ্হি, বা গঠনৰ কথা সি ভাবিবও নোৱাৰে।

সি তৈয়াৰ কৰা পৰিকল্পনাৰ প্ৰয়োজনৰ তাগিদাতে এইবাৰ ঠাইডোখৰ, মানে মূল মণ্ডপ যি ঠাইত হয় তাৰ ওচৰে পাজৰে বহুখিনি ঠাই মুকলি কৰি উলিওৱা হ'ল। এটা সিদ্ধান্ত ল'বলৈ পাই পূজা কমিটিৰ মানুহেও ভালেই পালে যে এইবাৰ মণ্ডপৰ একেবাৰে ওচৰলৈকে কোনো ফুচকাৱালা বা অন্য খুচুৰা বেপাৰীক সোমাবলৈকে দিয়া নহ'ব। অন্যান্য ব্যক্তিগত যান বাহনতো দূৰৰে কথা। মণ্ডপলৈ একে কোবেই সোমাই নগৈ মানুহে দূৰৰে পৰাই এখন্তেক ৰৈ ৰ লাগি মণ্ডপটো চাওক প্ৰথমতে- এয়াই অমিতাভৰ ইচ্ছা। তাৰ বাবে মুকলি বাবে ঠাই লাগিব। দৃষ্টিয়ে গোটেই অবয়ৱটো সাঙুৰিব পৰাকৈ পৰিপ্ৰেক্ষিত বহল হ'ব পৰাকৈ ঠাই থাকিব লাগিব। তাৰ পিছত মণ্ডপৰ ভিতৰভাগ, গর্ভগৃহত খুব বেছি জাক জমক একো নহ'লেও বিশেষ কথা নাই।

ভাৰতীয় প্ৰাচীন স্থাপত্য শিল্পত অৱশ্যে এই কথাই খাটে। স্থাপত্যৰ বিজ্ঞানৰ বিচাৰেৰে সিবোৰৰ ভিতৰচ'ৰাত বিশেষ স্থান নাথাকে। কিন্তু গোটেই দেহজুৰি যি কাৰুকাৰ্য খচিত থাকে সিয়েই সাংঘাতিক। সেয়েহে কোৱা হয় একো একোটা স্থাপত্যও আমাৰ দেশত একো একোটা ভৰন্ত ভাষ্কৰ্য স্বৰূপ।       


৫

ভাড়াঘৰত থকা মানুহে জানে ভাড়াঘৰৰ মালিক একেটা বিল্ডিঙতে থাকিলে কি যন্ত্ৰনা। প্ৰথমতে যেতিয়া অমিতাভ এই ছতৰপুৰৰ ঘৰটোত থাকিবলৈ আহিছিল তেতিয়া মালিক লগত নাছিল। কিন্তু আজি তিনি মাহ মানৰ পৰা তেখেত ইয়াৰে গ্ৰাউণ্ড ফ্ল'ৰত থাকিবলৈ ল'লে। প্ৰথমতে বেছ ভালেই আছিল, মালিকৰ মাত কথা খুবেই মিঠা। অমিতাভ ল'ৰাটো গম্ভীৰ। শান্ত। জুখি মাখি কথা কয়। সৰু সুৰা কথাত কাহানিও বিচলিত হোৱাৰ নজিৰ নাই। অপৰিসীম ধৈৰ্য, সূক্ষ্ম বিচাৰ বুদ্ধি - এইবোৰৰ বাবে তাক তাৰ কাণ সমনীয়াবোৰেও বেছ সম্ভ্ৰমৰ চকুৰে চায়।

এদিন বৈশাখী আহিছিল তাক লগ ধৰিবলৈ। বৈশাখী অমিতাভ আৰু উমাৰ খুব ঘনিষ্ঠ বন্ধু। কেঁকোৰা আৰু জপৰা একোৰা ছুলিৰে সদাহাস্যময়ী বৈশাখী য'লৈকে যায় ত'লৈকে আনন্দৰ শ্ৰোত বোৱাই নিয়ে। জীৱনৰ কোনো ধৰণৰ জটিলতা তাই নুবুজে। প্ৰেম ভালপোৱাও নুবুজে। সৰু পানী কেঁচুৱাৰ পৰা আদহীয়া বুঢ়ালৈকে তাইৰ সকলো বন্ধু। বন্ধুৰ সীমাসংখ্যা নাই। প্ৰেম ভালপোৱাৰ কথা ক'লেও কেৱল "পৃথিবীৰ কেউ ভালো তো বাসেনা, এ পৃথিবী ভালবাসিতে জানেনা" বুলি হাঁহি এটা মাৰিয়েই প্ৰসঙ্গটো সামৰি থয়। সিদিনা তাই অহাত অমিতাভৰ কোঠালিত অলপ হাঁহি খিকিন্দলি হ'ল। সেইখিনিয়েই কাল হ'ল। কোন আহিছিল? কিয় আহিছিল? ইমানকৈ হাঁহি খিকিন্দালি কৰিবলৈ কি কথা আছিল? হেজাৰটা আপত্তি - সেই যি আৰম্ভ হ'ল হ'লেই আৰু। তেতিয়াৰে পৰা আজি ইটো কালি সিটো কিবা নহয় কিবা এটা ওজৰ আপত্তি ওলায়েই থকা হ'ল।

অমিতাভৰ ওচৰলৈ কোনো নাহেই। আহিবলগীয়াকৈ ইয়াত কোনো নায়েই। উমাও গ'ল কলকাতালৈ। কিন্তু এই কেইদিনমানতে ঢেৰ মানুহ আহি তাৰ ঘৰ ভীৰ কৰিলেহি। সায়ন্তন বীৰভূমৰ। অমিতাভৰ পুৰণা বন্ধু। ধুনীয়া গান গায়। বিশেষকৈ বাউল গান গালে ৰ লাগি শুনিবলগীয়া। অমিতাভৰ যি কোনো কামতে সি ছাঁৰ দৰে আহি লগ লাগেহি। বিশ্ব বা বিশ্বজিৎ বিষ্ণুপুৰৰ। বিষ্ণুপুৰৰ লোকেল আৰ্টিষ্ট গোটাই মেলি টেৰাকোটাৰ কাম আৰম্ভিৰে পৰা শেষলৈকে গোটেইখিনি সিয়েই চম্ভালিলে। ভুতু আঠা। সি সুবিধা পালেই অমিতাভৰ গাত লাগি থাকে। প্ৰায় পোন্ধৰদিনমানেই হ'ল ইহঁতবোৰ আহি অমিতাভৰ লগতে আছেহি। গোবিন্দপুৰিত অমিতাভে পাতি লোৱা ষ্টুডিঅ'টোত কাম কৰে আৰু ইয়ালৈ আহি থাকেহি। এই কেইদিন সেয়েহে ভাড়াঘৰৰ মালিকৰ কোপদৃষ্টিও সঘনে পৰিছে অমিতাভৰ ওপৰত।  

মালিকজনৰ ওজৰ আপত্তিবোৰ নাথাকিলে অমিতাভে গোবিন্দপুৰিত ষ্টুডিঅ' পাতিবলৈ বেলেগে ঘৰ এটা ল'ব নালাগিলেই হেতেন। এইটো ঘৰতেই তাৰ বহুখিনি কাম হৈ গ'ল হেতেন। অৱশ্যে অলপ সুবিধাই হ'ল। গোবিন্দপুৰি আৰু চিত্তৰঞ্জন পাৰ্ক যিহেতু গাতে লগালগি সেয়েহে কিছুমান কামত সুবিধাই বেছি হ'ল। ছতৰপুৰৰ পৰা চিত্তৰঞ্জনলৈ মাল বস্তু কঢ়িয়াওতেই সিহঁতৰ আইধা পৰিলেহেতেন নহ'লে। 


Jor Bangla Temple, Bishnupur
৬

লজিষ্টিকছ বা সামগ্ৰী পৰিবহণ সম্পৰ্কীয় এটা এজেন্সী চলায় যদিও কিশোৰ দাস মানুহজন অলপ বুজন।

"মই আনবোৰ মানুহৰ লগত যিদৰে বেপাৰীৰ দৰে কথা পাতোঁ, অমিতাভ, তোমাৰ লগত তেনেকৈ কথা পাতিব নোৱাৰিম। দিল্লীত চাল্লা এভৰি নেক্সট পাৰছন ইজ এ বেপাৰী। ইয়াত আৰু জীৱন জগতৰ অন্য কথা পতাৰ কোনো সুযোগেই নাই। তোমাৰ বাকী থকা কামখিনিতো যিমান যি পাৰো মোৰ সহায় পাবা।"
"আপোনাক লগ পাই মোৰো মুখলৈ অলপ পানী আহিছে।"
"কিন্তু বাৰে বাৰে কৈ আছো কিন্তু দেই, কামটো ৰিস্কি। চিন্সিয়াৰিটি, সততা আৰু সৰলতাৰ কোনো মূল্য নাই আজিৰ তাৰিখত। এইখন দিল্লী চহৰততো আৰু নাই।
"সেয়া বাৰু ইমান দিনে কাম কৰি বুজিলোঁ। কিন্তু আপুনি এটা কথাত ধ্যান দিব।"
"কি বা?"
"মানে অথেন্টিচিটি বৰ্তাই ৰাখিবৰ বাবেই ইমানখিনি ৰিচাৰ্ছ আৰু ইমান কষ্ট কৰিলোঁ। এতিয়া সেইবোৰৰ উপস্থাপন হওতে যাতে একো বিসঙ্গতি নঘটে।"
"অমিতাভ, সেইবোৰ তুমি কিয় চিন্তা কৰিছা? মহালয়ালৈ তুমি একেবাৰেই ফ্ৰী হৈ যাবা। তোমাৰ ওপৰত আৰু একো ভাৰ নাথাকে"।
"নহয় কিশোৰ দা, মই মোৰ কামৰ ভাৰক লৈ চিন্তা কেতিয়াও কৰা নাই। মই তেনেকুৱা মানুহেই নহয়। মানে আৰ্ট ৱৰ্ক খিনিৰ ইনষ্টলেচনৰ সময়ত, বা পাছত তাক তদাৰক কৰা মানুহখিনিৰো যদি এটা ন্যূনতম নান্দনিক বোধ নাথাকে, মানে এস্থেটিক চেন্স নাথাকে, তেতিয়া বিসংগতি ঘটিব পাৰে।"
"বুজিলোঁ। সেইবাবেইতো এইবাৰ আগৰ দৰে আন কোনো ঠিকাদাৰক ইয়াত জড়িত কৰা নাই। বেপাৰী ঠিকাদাৰ এজেন্সীবোৰৰ ইয়াত কাম নাই।"
"ক'ৰবাৰ বেণ্ডপাৰ্টী, কৰবাৰ অমুক-ভুচুক এইবোৰৰ একো অলাগতীয়াল বস্তু আনি এইবাৰ যাতে আঁৰি নিদিয়েহি।"
"ধেই - ইমানখিনি কষ্ট এনেয়ে কৰিছোঁ নেকি? হেৰা তোমালোকৰ লগতে ময়ো কিন্তু কমখন কষ্ট কৰি থকা নাই দেই। তোমালোকৰ চকুত নপৰিব পাৰে।"
"নাই নাই, সেয়া বাৰু আমি দেখি আছোঁ। দেখোতাই দেখে। মোৰ কথা হ'ল কষ্টখিনি যাতে অথলে নাযায়। আজিকালি সকলোঁ বস্তুৱেই সহজ হৈ পৰিছে। কিন্তু সহজ বাট বা সহজ কাম আমাৰ আকৌ পচন্দই নহয়।"
"ডেট ইজ কল্ড - এটিট্যুড মেন !"

"নহয় কিশোৰ দা, এই ধৰক ফ্লেক্স প্ৰিন্টবোৰলৈকে চাওকচোন। আজিকালি ফ্লেক্স প্ৰিন্ট ইমানেই সহজ আৰু সস্তা হ'ল যে যিকোনো দোকানেই হওক বা আন কিবাই হওক - বচ ফ্লেক্স প্ৰিণ্ট এটা লৈ বেনাৰ এখন আঁৰি দিলে। বিৰক্তি লাগিছে আৰু দেখি দেখি। আমাৰ আগৰ বাংলাৰ হৰফবোৰ মনত আছে নে? হাতেৰে লিখা কি সুন্দৰ সুন্দৰ কেলিগ্ৰাফীবোৰ আছিল। এতিয়া সস্তা আৰু সহজ হোৱাৰ নামত আমাৰ আখৰবোৰৰ সৌন্দৰ্যও শেষ, ভাষাটোতো শেষেই আৰু।"
"ওঁ, মই বুজি পাওঁ। বুজি পাওঁ মানে আমাৰ নিজৰেই খুড়া এজনে আগতে চাইন বোৰ্ড লিখিছিল। মানুহৰ মনতটো তেওঁ এজন মাত্ৰ চাইন বোৰ্ড লিখা মানুহ আছিল। কিন্তু আচলতে তেওঁ এজন আৰ্টিষ্ট আছিল। তেখেতৰ আজৰি পৰত কৰা কিছুমান কাম আছিল, যিবোৰ তেওঁ মৰালৈকে কাকো নেদেখুৱালে। কিন্তু সেইবোৰ যামিনী ৰয়তকৈ কোনোগুণে কম নাছিল।"
"সেয়া চাওক। আপুনি  ঠিক বুজিব পাৰিব মোৰ কথাবোৰ।"
"আমাৰ ইয়াতো- এই চিত্তৰঞ্জনৰ বাকীবোৰ পূজাথলিতকৈ ইয়াৰ বৈশিষ্ট্য অক্ষুন্ন আছে। ইয়াত আমাৰ ট্ৰেডিছনেল দূৰ্গা মূৰ্তিৰ আৰ্হিৰ দেবীহে অনা হয়"।   

চিচিডি খনত কিশোৰ দাসৰ লগত বহি থাকোতেই সায়ন্তনৰ ফোন আহিল। আজি বিষ্ণুপুৰৰ পৰা টেৰাকোটাৰ কামখিনি আহি পাবৰ কথা আছিল, ৰেল ষ্টেচনৰ পৰা ভুতুৱে সেইবোৰ সংগ্ৰহ কৰিলে ঠিকেই, কিন্তু সি পোনে পোনে ছত্তৰপুৰৰ ঘটোলৈ লৈ গ'ল। আচলতে নিব লাগিছিল চিত্তৰঞ্জন পাৰ্কৰ ওচৰতে গোবিন্দপুৰিত সিহঁতে পাতি লোৱা অস্থায়ী কৰ্মশালাটোলৈ। এতিয়া ছতৰপুৰৰ ঘৰৰ মালিকজনে হেনো সেইবোৰ বস্তু বাহানি দেখি চিঞৰ বাখৰ কৰিছে। অমিতাভ খৰধৰকৈ গৈ ছতৰপুৰৰ ফালে ৰাওনা হ'ল। বাটতে আকৌ উমাৰ ফোন আহিল। অশান্তিত সি মুখখন বিকটাই পেলালে। কিন্তু নুঠালেও নহয়।

“ভুতুক তালৈ লৈ যাবলৈ কোনে কৈছিল? মই নাজানোঁ নেকি সি একো কামৰ নহয় বুলি?”
তাৰমানে খেলিমেলিখিনিৰ কথা সি গম পোৱাৰ আগতেই উমাৰ কাণত পৰিলগৈ? ৰাতিপুৱাৰে পৰা কথা পাতি পাতি অলপ আগেয়ে অলপ সকাহ পাইছিলহে সি। ইতিমধ্যেই তাই তাৰমানে বাকীবোৰলৈকো ফোন কৰি কৰি তাই খবৰ লৈ আছিল?
“নাই অলপ খেলিমেলি এটা হ'ল আৰু”।
“সেয়া মই জানো নহয়। তোৰ চিৰিয়াছনেছ কোনোদিনেই নাহিল আৰু। ইমানসোপা মানুহ গোটাই লৈ আড্ডা মৰাৰ বাহিৰে কিবা কামৰ কাম হৈছে জানোঁ? গোটাইছও গোটাইছ আটাইকেইটা গাঞ্জাৰী গোটাই লৈছ। গাঞ্জা খাই লোৱাৰ পিছততো চব হ'লেই আৰু। নে কি কৱ? জগতৰ চব কাম টিলিকিতে হৈ গ'ল বুলি ধৰি ল'লেই হ'ল”।
“এতিয়া অলপ মনে মনে থাকচোন। মূৰটো গৰম হৈ আহিছে আৰু”।
“এতিয়াহে নে? এতিয়াহে মূৰ গৰম হৈছে নে? মোৰ দেখোন মাতটো শুনিলেই তোৰ মূৰ গৰম হয়। ইমানবোৰ গাঞ্জাৰী গোটাই লৈ চাহে ভাতে খুৱাই আলপৈছন ধৰি ধৰি তোৰ হাতৰ প্ৰজেক্টৰ কিবা পইছা বাকী থাকিব জানো? কেতিয়া যে অলপ প্ৰেক্টিকেল হ'বি...”
উমাৰ কথা অনৰ্গল চলি থাকিল। সি ফোনটো কাণৰ পৰা নমাই আনিলে। আৰু শুনি থাকিবৰ ধৈৰ্য তাৰ নোহোৱা হৈছিল।

এই প্ৰজেক্টটোৰ কামত তাক দূৰ্গাপূজাৰ সময়ৰ কলকাতাৰ বজাৰখন এৰি দিল্লীত মূৰ গুজি থাকিবলৈ (উমাৰ ভাষাত) তাই আগতেও মানা কৰিছিল। আঠমাহৰ আগলৈকে উমা আছিল দিল্লীত সি আছিল কলকাতাত। বিধিৰ বিপাক এনেকুৱা, তাই কলকাতালৈ গ'ল আৰু সি আহিব লগা হ'ল দিল্লীলৈ। তাইৰ কথাবোৰত যে যুক্তি নাথাকে সেয়া নহয়। কিন্তু যুক্তি তৰ্কৰ উৰ্ধত যে অভিমান আৰু অভিযোগ বেছি সেইটোও সি বুজি পায়। জে এন ইউৰ পৰা এম ফিল কৰাৰ পিছত ঘৰলৈ গৈ তাইৰ কি পৰিস্থিতি হৈছে সেইটোও চাব লাগিব। আন দহজনী ছোৱালী যি পৰিস্থিতিৰ সন্মুখীন হয় তাইয়ো একে পৰিস্থিতিৰে সন্মুখীন হৈছে। এনেকুৱা এটা সময়তে তাৰ আৰু তাইৰ দুয়োঘৰৰ মানুহৰ লগত মুখামুখিকৈ কথাবোৰ পাতি খোলোচা হৈ ল'ব পাৰিলে পিছলৈ সিঁহতৰে সুবিধা হ'লহেতেন।

ছতৰপুৰৰ ভাড়াঘৰটোৰ ওচৰ পাওতেই ঘৰৰ ছাদৰ ওপৰৰ পৰা তাক দেখি ভুতুৱে চিঞৰি চিঙৰি কিবা বলকিবলৈ ধৰিলে। অমিতাভে একো ধৰিব নোৱাৰিলে।
“কটা নিধক, ইমানেই যদি জৰুৰী কিবা কথা আছে তললৈ নামি আহি ক, নহ'লে মোক ওপৰলৈ আহি ল'বলৈ দে”।
ভুতু দৌৰি নামি আহিল।
“আৰে মই ইমানকৈ তোলৈ ফোন লগাই আছোঁ, তোৰ ফোনটোত লাইন নালাগেহে নালাগে। মই ভোডাফোনৰ চিমখন ঘৰতে এৰি থৈ গ'লোঁ। এয়াৰটেলৰ চিমখনৰ পৰা তোৰ সিটো নম্বৰত ফোন লাগে, তই আকৌ সেইটো নম্বৰ উমাক দি পঠালি...”
“হ'ব হ'ব, বাদ দে এতিয়া তোৰ ভোডাফোন এয়াৰটেলৰ ৰহস্য”।

ঘৰলৈ সোমায়েই অমিতাভই আজি বিষ্ণুপুৰৰ পৰা আহি পোৱা বস্তুবোৰ চাই ল'লে। শেষ মুহূৰ্তত হ'লেও গোটেইখিনি সম্পদ ভালে ভালে আহি পালেহি। বাকীবোৰ বাৰু যিয়েই নহওক। মূল মহিষমৰ্দিনীৰ পেনেলটো যে ঠিকে ঠাকে ফায়াৰিং হৈ ওলাল আৰু পেকেজ হৈ সুকলমে এইখিনি পালেহি তাতেই সি ভগৱানক ধন্যবাদ জনালে। বস্তুবোৰৰ গম গতি লৈ সি লগে লগে পাতি লোৱা সাময়িক ৱৰ্কশ্বপটোলৈ বুলি ওলাবলৈ লৈছিলহে, সায়ন্তনে ক'লে-
“ইমান নাৰ্ভাচ হ'ব নালাগে। দিনটো একো খোৱা নাই, খাই ল আগতে। ভুতুৱে খিছিৰি ৰান্ধি থৈছে। অলপ আৰাম কৰিও ল। গোটেই ৰাতি কাম চলিব, পিছত আৰু আৰাম কৰিবলৈ সময় সুবিধা নাপাবি”।

তাৰ মনে মনা নাছিল যদিও, কিবা এটা খাই লৈ অলপ আৰাম কৰি লোৱাটো বেয়া নহয় বুলিয়েই ভাবিলে। আজি গোটেই ৰাতি কাম চলিব। মূল পেণ্ডেলৰ আধাখিনি কাম হৈছেই। সেয়া তদাৰক কৰিবলৈ তাত বিশ্বহঁত আছে। ৰাতিলৈ শেষ কামখিনি হ'ব। মহিষমৰ্দিনী পেনেলটো লগোৱাটোৱেই একেবাৰে শেষৰ কাম। সেইটো কাইলৈ ৰাতিলৈ কৰিবলগীয়া কাম। তাৰ পিছত আৰু সিহঁতৰ তাত কাম নাই। তাৰ পিছদিনাই মহালয়া। কথা দিয়া মতে মহালয়াৰ আগে আগে মণ্ডপৰ সাজ সজ্জা শেষ কৰি দিব পাৰিলে দূৰ্গাপূজাৰ ইতিহাসতে এয়া প্ৰথম ঘটনা বুলি সিঁহতৰ এটা ৰেকৰ্ডেই থাকি যাবগৈ।

Mahishamardini from Pratpeshwar Temple, Ambika Kalna

৭

উমাক অমিতাভই এটা কথা বুজাব পৰা নাছিল। অংশুমানে যেতিয়া এইবাৰ কামটো কৰিব নোৱাৰিম বুলি কৈছিল তেতিয়া অমিতাভৰো এইটো কাম হাতত ল'বলৈ বিশেষ মন নাছিল। কিন্তু অলপ কথা আগবাঢ়োতেই সি গম পাইছিল আন কিছুমান কথা।

"চোৱা অমিতাভ, তোমাৰ কথা আমাক অংশুমানে কৈছিল। তেতিয়া বুজি পাইছিলোঁ এইবছৰৰ আমাৰ এই প্ৰজেক্টটোৰ কাৰণে তুমিয়েই উপযুক্ত মানুহ। দূৰ্গা পূজাৰ পেণ্ডেল এটা সাজিবৰ বাবে যে আৰ্টিষ্ট বা ক্ৰাফট মেন হিচাপে তোমাক মাতিছোঁ- কথাটো তেনেকুৱা নহয়। আমাক কেৱল আড়ম্বৰ নেলাগে। জাক জমক কিবা এটা কৰিবলৈ ইমান খৰছ নকৰিলেও হয়। তাৰ বাবে তোমাৰ প্ৰয়োজনো নাই। কিন্তু এইবাৰ আমাৰ প্ৰজেক্ট অলপ বেলেগ ধৰণৰ। আমি বিচাৰো বাংলাৰ গ্ৰাম, বাংলাৰ আকাশ বতাহ এইবোৰৰ গোন্ধ থকা এটা শিল্প প্ৰকল্প হৈ উঠক এইবাৰৰ দূৰ্গোৎসৱ। আমাৰ এই সমিতিখন ১৯৭৬ চনত স্থাপিত হৈছিল। এটা নন প্ৰফিট অৰগেনাইজেছন হিচাপে আমি যিমান নিষ্ঠাৰে সৈতে সংস্কৃতিৰ চৰ্চা কৰি আহিছোঁ সেয়া সকলোৱে জানেই, নতুনকৈ আৰু কি ক'ম।  অংশুমান জড়িত হৈ থকা আৰ্ট ফাইণ্ডেচনৰো চাপ'ৰ্ট আছে এইবাৰ। আমাৰ পূজা সমিতিখনৰ দূৰ্গোৎসৱ কেৱল ক খ গ দূৰ্গোৎসৱ হৈ নাথাকি এটা আৰ্ট হেৰিটেজ চাইট হৈ উঠক"।

পূজা সমিতিৰ সভাপতি দাশগুপ্তই কৈছিল। সভাপতি দাশগুপ্ত, ৰেইনব' প্ৰ'ৰ ক্ৰিয়েটিভ হে'ড প্ৰয়ঙ্কা মিশ্ৰ আৰু অমিতাভৰ সেয়াই প্ৰথম মুখামুখি বাৰ্তালাপ। অমিতাভৰ মুখখন জিলিকি উঠিছিল। কথাখিনি শুনি থাকোতেই তাৰ মনত বহুত কথা খেলাই গৈছিল। এবছৰৰ আগতেই অ'কলেণ্ডৰ ইকনমিক আৰু ৱৰ্কফ'ৰ্ছ উন্নয়ন বিভাগৰ সৈতে এটা পাব্লিক আৰ্ট প্ৰজেক্টৰ বাবে তাৰ কথা হৈছিল। সেই সূত্ৰে সি কিছুমান পাব্লিক আৰ্টৰ প্ৰজেক্ট হাতত লৈ আহিছে। এইটো তাৰ কাৰণে এটা মাইলৰ খুটি হৈ উঠিব পাৰে।

"বাহ ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে! কেৱল গতানুগতিক এটা উৎসৱৰ আয়োজনৰ নামত যিমানখিনি ধন আৰু শ্ৰমৰ ব্যয় কৰা হয় সেইখিনিক যদি এটা এটা ভৱিষ্যৎ মুখী গতি দিব পাৰি ইয়াতকৈ ডাঙৰ কথা আৰু একোৱেই হ'ব নোৱাৰে"।
"আমি জানোঁ, অমিতাভ। সেইবাবেই এইবাৰ আমি আন আড়ম্বৰ আৰু একো নকৰোঁ। এইবাৰ আমাৰ ইয়াত আৰু কোনো সাংস্কৃতিক প্ৰতিযোগিতাও নহয়। ভোজ-ভাতটো কেৱল বাদ দিব পৰা নাযাব। নহ'লে মানুহেই নাহিব। নে কি কোৱা?"
দাশগুপ্তই ঢেকঢেককৈ হাঁহিছিল।

"সেইটো বাৰু হয়।"
"কিন্তু অমিতাভ। কোৱাচোন। কথাখিনি তোমাৰ কেনে লাগিছে?"
"ক'লোৱেই দেখোন। চমৎকাৰ। অসাধাৰণ।"
"কিন্তু দূৰ্গাপূজাৰ সময়ত মানুহৰ মন মেজাজবোৰ অলপ বেলেগ ধৰণৰ হৈ থাকে। এটা ফেষ্টিভ মুড চলি থাকেতো গোটেই এনভাইৰনমেন্টটোত। তেনেকুৱাসময়ত ইমান চিৰিয়াছ কাম এটাই সঠিক মূল্যায়ণ পাব বুলি ভাবা নে?"
"নিশ্চয়। দিল্লীত ফেষ্টিভেলৰ কোনো আকাল নাই। বাৰটা মাহত তেৰটা পাৰ্বন অকল বেঙ্গলতেই নহয়, দিল্লীতো হয়। তদুপৰি সেই সময়চোৱাত সিফালে চলিব ৰামলীলা। তাৰ পিছত দছেৰাৰ উত্তাজনা আছেই। গতিকে এইবোৰৰ মাজত আপোনাৰ উৎকন্ঠা অমূলক নহয়।"
"তেনেহ'লে কি আমাৰ প্লেনটো ড্ৰপ কৰা যাওক নেকি?"
"না না নহয় নহয়। মই সেইটো ক'ব খোজা নাই। ইমানবোৰ কিবা কিবি চলি থাকিব সকলো ফালে তাৰ মাজত একেবাৰেই অগতানুগতিক এনেকুৱা চিন্তা এটাইহে মানুহক কিবা এটা নতুন সোৱাদ দিব পাৰিব।"
দাশগুপ্তই প্ৰিয়ঙ্কা মিশ্ৰৰ ফালে চালে।

"এইটোৱেই কথা", প্ৰিয়ঙ্কা মিশ্ৰই সঁহাৰি দিলে। "নহ'লে ইমানবোৰ উৎসৱকেন্দ্ৰিক অনুষ্ঠানৰ মাজত দুটা লাইট বেছিকৈ বা কমকৈ জ্বলাই, অথবা কেইটামান আতচবাজী বেছিকৈ ফুটাই একো লাভ নাই।"
অমিতাভই হয় ভৰ দিলে।
"হয় বাইদেউ। লগতে মোৰ অভিজ্ঞতাই আৰু এটা কথা কয়। মেট্ৰ'পলি হিচাপে দিল্লীৰ আৰু এটা চৰিত্ৰ আছে। ইয়াত সকলো ধৰণৰ মানুহেই আছে। চিৰিয়াছ কলাৰসিকৰ সংখ্যা ইয়াত কম নহয়। তেওঁলোকে যি কোনো এটা পৰিস্থিতিতেই চাবলগীয়া বস্তু এটা চাবই। যেনেকৈয়ে হওক। পূজাৰ উৎসৱৰ ধামখুমীয়াৰ মাজত দেখোন ৰবীন্দ্ৰসঙ্গীতৰ অনুষ্ঠানো হয়, চিৰিয়াছ বা মানুহে সাধাৰণতে বিৰক্তিকৰ বুলি ভাবি থকা ধ্ৰুপদী সঙ্গীতৰ অনুষ্ঠানো হয়। মানুহে দেখোন আটাইবোৰেই আদৰি লয়।"
"ইউ নেইল্ড ইট। এই যুক্তি অকাট্য। ডান। এইবাৰ আমি কৰি দেখুৱাম তেনেহ'লে। কৰি দেখুৱাবই লাগিব।"
"অন্য অলপ ৰিস্ক থাকিব। মানে মইতো কামটো কৰি ভালেই পাম। কামত মইয়ো কোনোফালৰ পৰাই আপোনালোকক অসন্তুষ্ট নকৰোঁ। কিন্তু টিপিকেল দূৰ্গাপূজাৰ সময়ৰ মানুহৰ চাহিদাবোৰৰ লগত যুঁজিবলৈ আপোনালোকে অসুবিধা পাব পাৰে।"
"হে হে হে ডেকাল'ৰা। সেয়া কথাতো আমি জানোৱেই।" দাশগুপ্তই ক'লে, "এয়া চোৱা- এনেয়ে মোৰ ইমানখিনি ছুলি পকিল নেকি? মই মানুহটো সদায়ে সোঁতৰ বিপৰীতে যোৱা মানুহ বুলি সকলোৱে জানে। আৰু কিবা চিন্তাৰ বিষয় পাইছা নেকি?"
"এটা চিৰিয়াছ আৰ্ট প্ৰজেক্ট হিচাপে এইটো ডেভেলপ কৰিবলৈ গৈ আপোনালোকে স্পনচৰ হেৰুৱাব নেকি? মোৰ এই বিষয়ে বিশেষ ধাৰণা নাই। জাস্ট- মনলৈ অহাত সুধি পেলালোঁ। মানে ধৰক প্ৰজেক্টটোৰ গায়ে বেৰে বা ওচৰে পাজৰে যদি এডভাৰ্টাইজমেন্ট বা প্ৰমোচন অঁৰাৰ সুবিধা নেথাকে..."
অমিতাভৰ কথা শেষ হ'বলৈকে নিদি দাশগুপ্তই ক'লে, "সেইবোৰত তুমি নিশ্চিন্ত থাকা। তুমি আৰ্টিষ্ট মানুহ। ক্ৰিয়েটিভ মানুহ। তুমি পূৰ্ণ স্বাধীনতাৰে  কাম আৰম্ভ কৰা। কৈছোৱেই নহয় আমাৰ হাতত দুই তিনিটা ফাউণ্ডেচনৰ আর্থিক সহযোগ আছে। টকা পইচাৰ ক্ষেত্ৰত আমাৰ একো অভাৱ নাই। তুমিও কোনো স্তৰতেই একো অসুবিধা নোপোৱা। তুমি যেনেদৰে প্লেন কৰা, কামবোৰ তেনেদৰেই হ'ব। তোমাৰ দৰে এজন স্পেচ আৰ্টিষ্টক আমাৰ মাজত পাই আমি যদি তাৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰোঁ তেনেহ'লে কাইলৈ মানুহে আমাকে হাঁহিব। নে কি কোৱা?" 

এয়া প্ৰিয়ঙ্কা মিশ্ৰই অমিতাভক লগত লৈ যেতিয়া সমিতিৰ সভাপতি দাশগুপ্তক লগ কৰাবলৈ গৈছিল তেতিয়াৰে কথা। আজি প্ৰায় আঠমাহেই হ'ল।

এইখিন আলোচনাৰ সাৰমৰ্মখিনিকে অমিতাভই উমাক বুজাইছিল।
কিন্তু কোনোপধ্যেই উমা বুজিবলৈ মান্তি নহয়।
"তই মানুহটো বুৰ্বক বুৰ্বকেই থাকিবি। এইবোৰ চব সিহঁতৰ মুখৰ কথা। শেষত দেখিবি গৈ থৈ গতানুগতিক দূৰ্গা পূজা এখনেই হ'ব গৈ।"
"নহয়, তই বুজি পোৱা নাই। এইবাৰ গোটেই কাৰবাৰটোৱেই বেলেগ। ইন ফেক্ট, এইবাৰ এইখন দূৰ্গাপূজা নহয়েই। এইটো এটা আৰ্ট প্ৰজেক্ট।"
"ধূৰ। এইবোৰ বিৰাট টকাৰ খেল। যিয়েই বেছি ডনেছন দিব তাৰ কথামতেই সমিতি উঠিব বহিব। পিছত গৈ তই হে মিছা মিছি শ'লঠেকত পৰিবিগৈ। বঙালীৰ দূৰ্গাপূজা দূৰ্গাপূজাই আৰু। তাতকৈ একো বেছি নহয়, তাতকৈ একো কম নহয়। দিল্লীত থকা বঙালীমখা আৰু এখাপ চৰা। ইমান বছৰে দিল্লীত থাকি চব জনা আছে। গোটেইবোৰ আগে গছত তুলি পিছত গুৰি কটা মানুহ।"
"তেনেহ'লে কলকাতাৰ বঙালীতকৈনো কি কথাত বেলেগ?"
"সেইটোৱেইতো কৈ আছোঁ, বুৰ্বক। বঙালী বঙালীয়েই। সি য'তেই নাথাকক লাগিলে। স্বৰ্গলৈ গ'লেও ঢেকীয়ে ধানেই বানে। মই কৈছোঁ তই ঘৰৰ ল'ৰা ঘৰলৈ আহ। শুদাই নিকাই ঘৰৰ ভাত এসাঁজকে খাহি কিন্তু পূজাৰ বতৰত ঘৰৰ মানুহখিনিৰ ওচৰত থাক হি। কাকুৰ গাটো কিমান দিন হ'ল ভালে নাই। সেইপিনে তই চকু নিদিলে কোনে দিব... "

এই শেষৰ কথাখিনিৰ পিছত আৰু কথা আগবঢ়াবলৈ অমিতাভৰ মন নগৈছিল। কাৰণ অমিতাভে ভালকৈয়ে জানিছিল- কথাখিনিৰ মানে আছিল বেলেগ। 


৮

হাজাৰটা ওজৰ আপত্তি থাকিলেও, বাক বিতণ্ডা থাকিলেও উমা কিন্তু অমিতাভৰ সকলো কামতেই লগে লগে থাকিল। প্ৰতিটো পৰ্যায়তে। অমিতাভে সেইটো বুজি পায়। দিল্লীত এতিয়া কাম শেষ পৰ্যায়ত। এতিয়া বিজনৰ বিশেষ কাম নাই। কিন্তু আৰম্ভনিৰ সময়খিনিত যেতিয়া জল্পনা কল্পনা চলি আছিল, বিজনৰ এটা বিৰাট ভূমিকা আছিল। গৱেষণাৰ কামত সহায় কৰাৰে পৰা থ্ৰি-ডিত আৰ্কিটেক্সাৰেল ৱাক-থ্ৰু তৈয়াৰ কৰি প্ৰেজেন্টেচন সাজু কৰালৈকে সি বহুত সহায় কৰিছিল। আৰ্বান আৰ্কিটেক্সাৰ ফাৰ্ম কিছুমানৰ কাৰণে বিজনে থ্ৰি-ডি এনিমেচনৰ কাম কৰে। মধ্যস্থলত এটা অষ্টভূজাকৃতিৰ গম্বুজ বা শিখৰেৰে এটা উত্তলাকৃতি একচালা ঘৰৰ আৰ্হিৰে সিহঁতে প্ৰথমটো নক্সা তৈয়াৰ কৰিছিল- বিষ্ণুপুৰীয়া স্থাপত্যৰ নিদৰ্শন চকুৰ সন্মুখত ৰাখি।

"পাখী লাল পাহাড়িৰ দেশে যা, ৰাঙা মাটিৰ দেশে যা” বুলি গান জুৰি এদিন সিহঁত দুটা, বিজন আৰু অমিতাভ ৰঙা মাটিৰ দেশৰ ফালে ৰাওনা হৈছিল।

বংগীয় স্থাপত্য কলাৰ আৰ্হিৰে এইবাৰৰ প্ৰকল্পটো কৰিম বুলি ভাবি লোৱাৰ পিছতহে অমিতাভই বুজিলে যে কামটো নিষ্ঠা সহকাৰে আৰু সততাৰে কৰিবলৈ আচলতে ইমান সহজ নহয়। বিষ্ণুপুৰৰ জোড়বাংলা আৰু ৰাসমঞ্চ দুয়োটা স্থাপত্যকে ভিত্তি আৰ্হি হিচাপে লোৱা হ'ল। কিন্তু মহিষমৰ্দিনীৰ টেৰাকোটা ৰিলিফ পেনেলৰ ক্ষেত্ৰত সি দেখা পালে বৰ্ধমান জিলাৰ অম্বিকা কালনাৰ মন্দিৰসমূহৰ কাম আৰু বেছি চকুত লগা।

ভাগীৰথী নদীৰ পশ্চিম পাৰত কালনাৰ মন্দিৰবোৰৰ, বিশেষকৈ প্ৰতাপেশ্বৰ মন্দিৰৰ ৰিলিফৰ কাম আৰু বেছি ত্ৰিমাত্ৰিক। পৃষ্ঠভূমিও নিমজ আৰু নিখুত। অৱশ্যে বিষ্ণুপুৰৰ আৰ্হিবোৰৰ তুলনাত যথেষ্ঠ নতুন, অষ্টদশ শতিকাৰ মাজভাগৰ হ'ব।  প্ৰতাপেশ্বৰ মন্দিৰৰ কাষৰ দেৱালৰ ধেনুভেৰীয়া আৰ্চৰ ওপৰভাগতে নাটকীয় উপস্থাপনাৰে মহিষমৰ্দিনীৰ এটা পেনেল আছে। তাৰ দুয়োকাষ আগুৰি আছে ৰাম আৰু ৰাৱণৰ যুদ্ধৰ দৃশ্যৰে। বৰ্ধমান জিলাৰেই বিশ্বেশ্বৰ মন্দিৰ, হুগলীৰ বালি দেবানগঞ্জ মন্দিৰ, আঁতপুৰৰ ৰাধাগোবিন্দ মন্দিৰ, গুপিতৰাৰ ৰামচন্দ্র মন্দিৰ, কতুলপুৰৰ ৰাজৰাজেশ্বৰ মন্দিৰ এইবোৰৰ লগত তুলনা কৰি চালে এইবোৰত মহিষমৰ্দিনীৰ উপাস্থাপনত নাটকীয়তা কম।

বাঁকুৰাৰ সোণামুখিৰ শ্ৰীধৰ মন্দিৰ, নাৰায়ণপুৰৰ মণ্ডল পৰিয়ালৰ ৰাধাগোবিন্দ মন্দিৰ, ৰাধাদামোদৰ মন্দিৰ, ৰাসমঞ্চ, কোটলপুৰৰ গিৰিগোৱৰ্ধন আদি সকলোতে দূৰ্গাৰ মহিষাসুৰমৰ্দিনী ৰূপ আছে। সেই আটাইবোৰৰ সমল অমিতাভই সংগ্ৰহ কৰিলে। ঝাৰখণ্ডৰ মালুটি দুমকা মন্দিৰবোৰৰ পৰাও সমল গোটালে। উৎকীৰ্ণ নতোন্নত শিল্পৰ কুশলতাৰ ফালৰ পৰা এইবোৰত বহুখিনি ভিন্নতা চকুত পৰে। 

প্ৰত্নত্বত্ত্ব সমীক্ষা বিভাগৰ পৰা বিচৰা মতে সহায় সুবিধা সিহঁতে নাপালে। আচলতে বহুখিনি সুবিধা পোৱা গ'ল হেতেন, কিন্তু বহুখিনি চৰকাৰী মেৰপেচ আছে। তাৰ বাবে বহু সময় লাগিব। কিন্তু একে সময়তে আন এটা সুবিধাৰ বাট দেখা পালে বিজন আৰু অমিতাভই। গৱেষণা আৰু প্ৰস্তুতিৰ সমলবোৰ উজুতে হাততে পোৱাহেতেন হয়তো সিহঁতৰ এই অভিযান ইমান বেছি ৰোমাঞ্চকৰ হৈ নুঠিলেহেতেন। এতিয়া হৈছে কি - প্ৰতি পদে পদে সিহঁতে পাইছে নতুন আৱিষ্কাৰৰ উত্তেজনা।

পশ্চিমবঙ্গৰ বাঁকুড়া জিলাৰ সৰু চহৰ বিষ্ণুপুৰ টেৰাকোটা বা পোৰামাটিৰ ভাস্কৰ্যৰ বাবে বিখ্যাত, যি বোৰ অগণন মন্দিৰ স্থাপত্যৰ গায়ে গায়ে শোভিত হৈ আছে। বাঁকুড়া, বীৰভূম আৰু পুৰুলিয়া জিলাকেইখনৰ মাটিৰ ৰঙ ৰঙা। সেয়াই ৰঙা মাটিৰ দেশ। লেটেৰাইট ধৰ্মী এই ৰঙা মাটি পুৰিয়েই বিষ্ণুপুৰৰ বিখ্যাত টেৰাকোটাৰ কাম হয়। এইখিনি অঞ্চল মল্লভূমি বুলিও জনা যায় আৰু মল্ল ৰজা সকলে এইবোৰ স্থাপত্যৰ পৃষ্ঠপোষকতা কৰিছিল। ইয়াৰ বিশিষ্ট স্থাপত্যৰীতিৰ কথা বিশ্ববিশ্ৰুত। মল্লৰজাসকল বৈষ্ণৱআছিল কাৰণে এইবোৰত কৃষ্ণৰ জীৱনৰ কাহিনীৰ প্ৰাধান্য দেখা যায়। শ্ৰীমদ্ভাগৱতৰ দশম অধ্যায়ত বৰ্ণিত কৃষ্ণলীলা ইয়াৰ প্ৰধান উপজীব্য। কিন্তু লগতে পুৰাণৰ বিভিন্ন আখ্যানৰ পৰা আৰম্ভ কৰি যুদ্ধবিগ্ৰহৰ ইতিহাস, ৰোমাঞ্চকৰ চিকাৰ কাহিনী আদি সকলোবোৰৰ বৰ্ণনাৰে এইবোৰ অলংকৃত হৈ আছে।

আদি অস্ট্ৰিক আৰু দ্ৰাবিড় জাতিৰ মিলনক্ষেত্ৰ এই বাঁকুড়াত বৰ্তমানে ধীবৰ, ডোম, বাইৰী, সাঁওতাল আদি জাতিত জনজাতিৰ বাস। ইংৰাজ সকলৰ আগমনৰ কালত ক্ৰমে মল্ল ৰজাসকুৰ প্ৰতিপত্তি কমি আহিছিল। মল্লৰজা সকলৰ যুদ্ধজয়ৰ কাহিনী জনশ্ৰুতিত আছে। বাঁকুড়া জিলাই ইতিহাসত বহুত কিবাকিবি দেখিছে। তাৰেই জলজল পট পট প্ৰমাণ হৈ ঠিয় দি আছে ইয়াৰ টেৰাকোটা কম্পোজিছনবোৰৰ মাজত ধৰা দিয়া এই নাটকীয়তা, শব্দময়তা আৰু ছন্দ। অশ্বাৰোহী আৰু ধনুদ্ধৰ মল্লৰজাসকলৰ গৰিমাময় কাহিনী ইয়াত পুৰাণৰ কথাৰ সমান্তৰাল ভালে উপস্থাপিত হৈ ৰৈছে, চাৰিশ বছৰ ধৰি সেইবোৰ বাংময় হৈ আছে।

“এয়াতো মন্দিৰ নহয়, এয়া যাদুঘৰ। একো একোটা ঐশ্বৰ্যশালী মিউজিয়াম। ইয়াত প্ৰতিখন দেৱালে ইতিহাসৰ কথা কয়”- বিজনৰ উচ্চাসিত কন্ঠ।

যাত্ৰা বা ভ্ৰমণৰ ক্ষেত্ৰত কেৱল গন্তব্যস্থানৰ দিশ বা স্থিতি আৰু উদ্দেশ্যই শেষ কথা নহয়। যাত্ৰাপথৰ উপসৰ্গ স্বৰূপ অভিজ্ঞতাৰো মূল্য বহুত। এই ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্টৰ পৰ্যায়তে বিজনে এটা মোবাইল এপ প্ৰস্তুত কৰি উলিয়ালে যিটো পৰৱর্তী কালত ৰাষ্ট্ৰীয় যাদুখৰত শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকৰ বাবে প্ৰয়োগ কৰিব পৰা যাব। আজিকালি মিউজিয়াম আৰু প্ৰত্নতাত্বিক তথা নৃত্বাত্বিক বিষয়বোৰলৈ সাধাৰণ মানুহকো যাতে আকৰ্ষিত কৰিব পৰা যায় তাৰ বাবে ৰাষ্ট্ৰীয় যাদুঘৰবোৰত মাল্টিমেডিয়া ভিত্তিক আয়োজন প্রয়োগৰ বাবে নতুনকৈ প্ৰস্তাৱ উত্থাপন হ'ব লাগিছে। এয়া বিজনে আৱিষ্কাৰ কৰা নতুন কাম কৰাৰ সুযোগ।

মিউজিঅ'ল'জি সম্পৰ্কে উমাৰো অলপ ধাৰণা আছে। তাইয়ো সিহঁতক দিহা পৰামৰ্শ দি আহিছিল। কিন্তু যোৱা সাত বছৰে এটা সম্পৰ্কৰ মাজত থকা স্বত্বেও অমিতাভ আৰু উমাৰ সম্পৰ্কৰ স্তৰ এনেকুৱা যে সি কোনোদিনেই বুজি নাপালে ই কোন দিশে গতি কৰিছে। একাণপতীয়াকৈ সি কামত লাগি থাকে, তায়ো যিমানে পাৰে উৎসাহ উদ্দীপনা যোগোৱাই নহয়, পৰ্যমানে সহায়ো কৰে। কিন্তু সকলো কথাৰে শেষটো কাহানিও সুখদায়ক হৈ নাথাকেগৈ। বাঁকুড়াৰ পৰা কাম শেষ কৰি উভটিবৰ দিনাও উমা আৰু অমিতাভৰ কাজিয়া হৈছিল। কথাৰ গুৰি আন একো নহয়, উমা এতিয়াও সেই একেটা কথাতেই লাগি আছে-
"কিন্তু এট দা এণ্ড অফ দা ডে' এইবোৰ আৰ্ট প্ৰজেক্ট, মিউজিয়াম প্ৰজেক্ট একো নহয়। ভুল ঠাইত তহঁতে নিজৰ শক্তি আৰু সময় অপচয় কৰি আছ"।
"কিন্তু উমা, আমাৰ প্ৰাপ্তিখিনিলৈ চা। ইমান ডাঙৰ কাম এটা যে আমাৰ হ'ল- এইখিনি কৰিবলৈ এটা যে বাহানা পালোঁ- সেয়া কি ধেমালী কথা নেকি?"
"সেয়া বাৰু ঠিকেই আছে, কিন্তু সকলোৰে শেষত তই পূজাৰ পেণ্ডেল সজা এটা ক্ৰাফটছ্‌ মেনহে হৈ থাকিবি। নে কিবা ভুল কৈছোঁ, তয়েই ক।"
"উমা, বচ। এটা পাব্লিক আৰ্ট প্ৰজেক্টৰ মূল্য পঢ়া লিখা হৈ তয়ো যদি দিব নাজান ইমান পঢ়ি শুনি কি লাভটো হ'ল ক চোন।"
"অ' এতিয়া সেইটোহে বাকী আছিল? মইহে এতিয়া অশিক্ষিত হ'লোঁ, নহয় জানোঁ? তাৰমানে এতিয়া বিজনহে তোৰ গাইড?"
"কিবা এটা ক'লে কিবা এটাহে হয় গৈ কথাবোৰ। বহুত শুনিলোঁ পূজাৰ পেণ্ডেল, পূজাৰ পেণ্ডেল। এইটো পূজাৰ পেণ্ডেল পেণ্ডেল বুলি কৈ কৈ মোৰ মূৰটো গৰম কৰি নাথাকিবি।"
"এতিয়াহে মূৰ গৰম হ'লনে? মই দেখোন মুখ খুলিলেই তোৰ মাথা গৰম হয়..."
এই কাজিয়াৰ অন্ত নাই।


৯
    
সিহঁতেনো কেনেকৈ কাম কৰিছে চাবলৈ আহিম আহিম বুলিও শেষলৈকে বৈশাখীয়ে পাক এটা নামাৰিলে। কিন্তু দিল্লীৰ দৰে ঠাইৰ এঠাইৰ পৰা আন এডোখৰ যাবলৈকো যি অসুবিধা সেয়া সিহঁতে বুজি পায়। তাই দিনটোত ৰাতিপূৱা এবাৰ গধূলি এবাৰ ফোন কৰি খবৰ লৈ থাকে। কাম শেষ কৰি মহালয়াৰ কাহিলি পূৱাতেই আটাইবোৰ লগ হৈ মহালয়া পালিব - সেইটো কিন্তু তাইৰ পাক্কা প্লেন। মহালয়াৰ পুৱতি নিশাতেই যদি বীৰেন্দ্ৰকৃষ্ণ ভদ্ৰৰ কন্ঠত আগমনী গান শুনা নহয় তেনেহ'লে আৰু কিহৰ মহালয়া!  ৰেডীঅ'ত চণ্ডীপাঠ নুশুনিলে কেনেকৈ হ'ব! তাকেইতো, দিল্লীততো আৰু কহুৱা ফুলৰ সমাহাৰ দেখিবলৈ পোৱা নাযায়, শেৱালী ফুলৰ গোন্ধ পোৱা নাযায়।

সিহঁতৰ ভুল ভাঙে বৈশাখীয়ে। যমুনাক প্ৰদূষিত এটা গেলা নৰ্দমা বুলি মানুহে যিমানেই নাহাঁহক, যমুনা নদী দিল্লীৰ বাবে এক আশীৰ্বাদ স্বৰূপ। যমুনাৰ তীৰে তীৰে বিস্তৰ এলেকা জুৰি কহুৱানি চাপৰি এতিয়াও দৃশ্যমান। পিছে মহালয়াৰ ৰাতিপূৱা চণ্ডীপাঠ শুনাৰ নামত যমুনাৰ গেলা গেলা গোন্ধ ল'বগৈ নোৱাৰি দে! তেনেহ'লে সিহঁত যাব ক'লৈ। সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই। 

মহালয়ালৈ আৰু দুদিন থাকোতেও ফুচকাৱালাটোৰ হৈ ওকালতি কৰিবলৈ মানুহ এটা আহিছিল। ভুতুৱে অলপ সময় তৰ্কাতৰ্কি কৰিলে। তাৰপিছত মানুহটোক চম্ভালিবলৈ সায়ন্তনক দায়িত্ব দিলে। সাংঘাটিক টিমক মানুহ নহ'লে সায়ন্তনৰ কথাৰ মেৰ পেচ বুজি পোৱাটো এলা পেচা মানুহৰ পক্ষে টান। এটা কথাও সি চিধাকৈ নকয়। প্ৰতিটো কথাতে সাঁথৰ আৰু জটিল পাক। উদ্দেশ্যত সফল নহওঁ বুলি বুজি মানুহটো গ'লগৈ।

কামত লাগি থকাৰে পৰাই ভুতুৱে অমিতাভক ক'লে-
"কিন্তু অমিতাভ, তই এই ফুচকাৱালাটোৰ ভাত মাৰিছ। সি খাটি খোৱা মানুহ। সেইখিনি ঠাইতে তাৰ খোপনি। ইয়াৰ পিছত তই সৰু মানুহৰ অধিকাৰৰ কথা ক'লে শুৱাবনে?"
"ভুতু, তই যি ভাবিছ, ঠিকেই ভাবিছ, কিন্তু একেবাৰে ঠিক নহয়। মানুহটো খাটি খোৱা মানুহ যদিও এই চিত্তৰঞ্জন পাৰ্কৰ চ'চাইটিখনৰ সি এটা খাচ মানুহ। দেখাতহে সাধাৰণ বিজনেছ। ইয়াত কিন্তু পলিটিক্স আছে। বহু বছৰ ধৰি তাৰ মন'পলি চলি আহিছে। অঁ, যদি বোলে যিকোনো মানুহে আহি ইয়াত বিজনেছ কৰিব পৰা সুযোগ এটা থাকিলে হেতেন তেতিয়াহ'লে ক'লো হেতেন যে এইটো এটা ডেমক্ৰেটিক স্পেচ। কিন্তু সেয়া নহয়।"
"তোৰ কথাত পইন্ট আছে।"
"তাতে এইবাৰ এই ঠাইডোখৰত ভিডিও'কন, এয়াৰটেল - এইবোৰ প্ৰকাণ্ড প্ৰকাণ্ড ব্ৰেণ্ডকো সোমাবলৈ দিয়া হোৱা নাই। ইমানবোৰ যুঁজবাগৰ..."
"ঠিকেই তাৰ মাজত এটা ফুচকাৱালা কোন কূটা।"
"আৰু এট কথা মন কৰিবি। পূজাৰ সময়ৰ চি আৰ পাৰ্ক এখন সৰু সুৰা কলকাতাই। ইয়াত যি কোনো ঠাইতেই তাৰ বিজনেছ সমানেই চলিব। বাৰে বাৰে আহি তাক আগৰ ঠাইৰ পৰা আঁতৰাই দিয়া হ'ল বুলি কৈ আমাক অশান্তি কৰাটো আন একো নহয়- তাৰ ডেমাকি দেখুওৱাৰ এটা বাহানা মাত্ৰ।" 
"বাৰু বিশ্ব ক'ত?"
"ক'ত হ'ব আৰু। কৰবাত চুকে কোনে গাঞ্জা মাৰি আছেগৈ ছাগৈ। বাকী কেইটাকো ওচৰে পাজৰে দেখা নাই নহয়...।"

এই গাঞ্জা খাই য'তে ত'তে পৰি থকা ল'ৰাকেইটাক লৈ কি কাম হ'ব বুলি ভাবি মাজে মাজে অমিতাভ হতাশ হৈছিল। “বড় দাগা পেয়ে বাসনা ত্যজেছি বড় জ্বালা সয়ে কামনা ভুলেছি” বুলিয়ে সি তাৰ ইচ্ছা অভিৰুচি চব বাদেই দিলে আৰু। “অনেক কেঁদেছি কাদিতে পাৰিনা” বুলি এটা সময়ৰ পিছত সি কামত লাগি থকা তাৰ লগৰ ল'ৰাকেইটাক আৰু হাজিৰাত অনা মানুহকেইটাক জোৰ কৰি কথা ক'বলৈকো বাদ দিলে। কিন্তু ৰাতিলৈকে সিহঁতৰ তৎপৰতা দেখি সি তবধ মানিলে। ৰাতিটোৰ ভিতৰতে সকলো কাম নিয়াৰিকৈ হৈ গ'ল। যোৱা গোটেই ৰাতি কাম কৰিও আজি গোটেই দিনটো আটাইকেইটা কামত লাগি থাকিল। গোটেই দিনটো ঘৰলৈ কোনো নগ'লেই। কাইলৈ মহালয়া। কাইলৈৰ কাৰণে একো কামেই পেলাই থ'ব নোৱাৰি।

শেষ ৰাতিলৈকে কাম কৰি অঁতাই সায়ন্তন, ভুতু, বিশ্ব, অমিতাভ আটাইকেইটা গৈ মুনিৰ্কাত থকা বৈশাখীৰ ঘৰ পালেগৈ। সেয়া আছিল বৈশাখীৰেই প্লেন। পাৰ্থসাৰথি ৰক বুলি জে এন ইউ কেম্পাছৰ ভিতৰত থকা সৰু টিলাটোতে বহি সিহঁতে মহালয়া শুনিব। যমুনাৰ পাৰলৈ যোৱাৰ মানে নাই। যথাস্থান পাওতে ঢলফাট দিবৰ হৈছে। ঠিক দিয়া নাই। দিল্লীত আমাৰ ফালতকৈ অলপ দেৰীকৈ বেলি উঠে।
"আজ শুভনিশি পোহাইল তোমাৰ।
এই যে নন্দিনী আইল, বৰণ কৰিয়া আন ঘৰে..."।

মহালয়া শুনি শুনি অমিতাভ শিল এছটাৰ ওপৰতে শুই পৰিল। টোপনিত লালকাল হৈ কিমান সময় পৰি থাকিল সি নাজানে। ৰ'দটো প্ৰখৰ হৈ তাৰ গালে মুখে পৰিছে। তাতো সি সাৰ পোৱা নাই। ভুতু অলপ আগেয়ে উঠিল। ভোকে তাৰ পেটটো কলমলাই ধৰাত অমিতাভক হেঁচুকি জগালে। চকু মোহাৰি উঠি কাষৰ ঘাঁহনি ডৰাতে আকৌ অলপ সময় অমিতাভ পৰি থাকিল। চেঙেলীয়া ল'ৰাৰ গালত দাঁড়িয়ে থুটিওৱাৰ দৰে অ'ত ত'ত দুই এডাল কহুৱা ফুলিছে। আকাশ মুকলি। বৈশাখী, বিজন, বিশ্ব - আটাইবোৰ বহু আগতেই উঠি গ'লগৈ। ভুতু আৰু সি হে থাকিল।

কাম শেষ। মন ফৰকাল লাগিব লাগিছিল শৰতৰ আকাশখনৰ দৰেই। কিন্তু অমিতাভৰ মনটো ভাল নালাগিল। কাম এটাৰ শেষত প্ৰতিবাৰেই তাৰ এনে হয়। কিবা এটা শূণ্যতাই আগুৰি ধৰে। যেন সকলো শেষ হৈ গ'ল- 'সকলি ফুৰায়ে যায় মা...'। ইমান দিনে এই কামটোকে লৈ জীয়াই আছিলোঁ, এতিয়া কি লৈ জীয়াই থাকিম? ঠিক এনেকুৱা এটা ভাবেই ক্ৰিয়া কৰে নেকি বাৰু? আজিতো পাৰ্বতিৰো ওভতনিৰ দিন। সি হে ইমান অকলশৰীয়া কিয়?

গঙ্গা ধাবালৈ গৈ চাহ একাপ খাই থাকোতেই বৈশাখীৰ ফোন আহিল।
“শুভ মহালয়া”
“শুভ মহালয়া”
“হেই ক'ত?” বৈশাখীৰ প্ৰশ্ন।
“এহ নক'বি আৰু। গোটেই গাতে বিষ উঠিছে এতিয়া। ইমানপৰে য'ত এৰি থৈ গৈছিলি ত'তেই পৰি থাকিলোঁ। এতিয়াহে উঠি আহি চাহ একাপ খাইছোহি”।
“সেইটো বাৰু ঠিকেই আছে। কিন্তু তোৰ চাৰপ্ৰাইজটো ক'ত? মই ৰাতিপূৱাই আহি চামহি বুলি ভাবি ইমান এক্সাইটেড হৈ আছিলোঁ। কিন্তু ক'ত, কোনখিনিত আছে দেখাই নাই দেখোন”।
“তয়ো যে আৰু। তোক পাগলী বুলি এনেয়ে নকওঁ। গ'লেই দেখিবি...”
“ভালকৈ লোকেচনটো বুজাই দে”  
“লোকেচন বুজাবলৈ আৰু কিডাল আছে? বাৰু ক, তই কোনখিনিত আছ সেয়া ক”
“মই চি আৰ পাৰ্কতেই আছোঁ সেই তেতিয়াৰে পৰা”
“প্ৰথম মাৰ্কেটখনৰ পৰা দ্বিতীয় মাৰ্কেটখনৰ ফালে গৈ থাকিলে সেইখিনিতে বাটতে পাবি। একো সমস্যাই নহয়। সেইটোৱেই চি আৰ পাৰ্কৰ আটাইতকৈ ডাঙৰ পূজা মণ্ডপ”
“সেইটোতো জানোঁ। মানে সেই যে বগা বগা ডাঙৰ ডাঙৰ ভোডাফোনৰ গে'ট দুখন লগোৱা আছে সেইখিনিত নেকি?”
“নহয়, তই বেলেগ কেনিবাহে গ'লিগৈ যেন পাইছোঁ। বি ব্লক পূজা গ্রাউণ্ড।”
“সেইখিনিত তেনেকুৱা একো নাই। দূৰৰ পৰাই দেখিবি টেৰাকোটাৰ কাম দেখিলেই চিনি পাবি”।
“বাৰু এটা কথা কচোন। তহঁতে কাম কৰা সমিতিখন চি আৰ পাৰ্ক পূজা সমিতি বুলিয়ে কয় নেকি?”
“অঁ অঁ সেইখনেই।“
“তেনেহ'লে মই দেখোন তাতেই আছোঁ। অঁ... ওৱাও দেখিলোঁ দেখিলোঁ... কি ধুনীয়া। তই হে মোক ভুল ঠিকনা দি ভুল কৰাই আছ”।
“কিনো ভুল ঠিকনা দিলোঁ”
“এই ভোডাফোন আৰু এয়াৰটেলৰ গে'ট দুখনৰ কথা কৈ দিলেই হ'লহেতেন দেখোন। ইমান সময় মই পাক ঘূৰণি খাই থাকিব লগা নহয় নহয়”।
“মানে? তাততো তেনেকুৱা একো গে'ট নাই”।
“কিয় নাই? অ'... হয়তো শেষ ৰাতিহে এই গে”টখিনি ইয়াত ইনষ্টল কৰিলেহি”।
“কি? কি? কি ক'লি? কোনখিনিত? পেণ্ডেলৰ পৰা কিমান দূৰত?”
“ওচৰতে”
“কিমান ওচৰত?”
“মানে প্ৰথমতে বগা ৰঙৰ এখন প্ৰকাণ্ড ভোডাফোনৰ এডভাৰটাইজমেন্ট থকা গে'ট। তাৰ পৰা অলপ আগলৈ আন এখন এয়াৰটেলৰ গে'ট। তাৰ গাতে লাগি মণ্ডপটো আকৌ”।
“ঠিক কৈছতো?”
“অঁ, মানে সেই যে আমি ফুচকা খাইছিলো...।

অমিতাভৰ মূৰটো গৰম হৈ আহিল। বাৰু পিছত কথা পাতিম বুলি সি ফোনটো ভুতুৰ ফালে আগবঢ়াই দিলে।



১০

মহালয়াৰ দিনাই অমিতাভে এহেজাৰ টকা বেছিকৈ দি তাৰ চিনাকি টিকটৰ দালাল এজনৰ পৰা ৰেলৰ টিকট এটা কোনোমতে যোগাৰ কৰি ৰেলত উঠিল। পূজাৰ বতৰত দিল্লী কলকাতাৰ ৰেলৰ টিকত পোৱাটো অসম্ভৱ, তাতে মহালয়াৰ দিনাইতো আৰু নাভূত নাশ্ৰুত কথা। তথাপি ভাগ্যৰ বলতে বুলিয়ে ক'ব লাগিব, কোনোমতে সি আৰ এ চি-ত এটা টিকট যোগাৰ কৰি ৰেলত উঠিল।

বৈশাখীয়ে কোৱা কথা তাৰ বিশ্বাস হোৱা নাছিল। জে এন ইউৰ গংগা ধাবাত চাহ খাই উঠিয়েই সি ভুতুক লৈ পোণে পোণে চিত্তৰঞ্জন পাৰ্ক পাইছিলগৈ। কথাটো হয়। মণ্ডপটো ঢাকি ধৰি দুখনকৈ প্ৰকাণ্ড প্ৰকাণ্ড গে'ট। তুলসী মঞ্চটোৰ একাংশহে দেখা যায়, মূল উত্তলাকাৰ স্থাপত্য আৰ্হি চকুতেই নপৰে। চাৰি চুকীয়া প্ৰকাণ্ড গঠণ দুটাৰ ওপৰতে ফ্লেক্স প্ৰিণ্টেৰে লিখা আছে - শাৰদোৎসৱৰ শুভাশীস বাণী।

"বইজ্জাতমখাৰ কাম দেখিলি? দেখিলি সিহঁতৰ ঔকাত? মই এতিয়াই গৈ পূজা সমিতিৰ অফিচ লণ্ডভণ্ড কৰিমগৈ। চিনি পোৱা নাই সিহঁতে কাৰ লগত পাঙ্গা লৈছে।" ভুতুৱে চিঞৰ বাখৰ আৰম্ভ কৰি দিলে।

অমিতাভ তাৰ স্বভাৱসুলভ প্ৰশান্ত মূৰ্তি ধৰিয়ে ৰৈ থাকিল অলপ পৰ। সি জানে, এই দুখন গে'ট দুটা প্ৰকাণ্ড দৈত্য। মহিষাসুৰতকৈয়ো শক্তিশালী। ইহঁতক বধ কৰা আৰু সম্ভৱ নহয়। মা দূৰ্গায়ো নোৱাৰে। তাৰ সন্মুখত আস্ফালন কৰি লাভ নাই। বিজ্ঞাপনৰ ৰাক্ষসৰ হাতোৰা আঁহে আঁহে সোমাই পৰিছে আমাৰ জীবনবোৰত। লাভ নাই।

অমিতাভে ভুতুক মনে মনে থাকিবলৈ ক'লে। কিন্তু ভুতু মনে মনে নেথাকিল।
"তই ভোলা বাবা হৈ হৰি ঔম হৰি ঔম জপি থাক। মই নেথাকোঁ। পূজা সমিতিক পিছত চাই ল'ম। আগতে এসেকা দিব লাগিব প্ৰ' এজেন্সীক। ৰ'বি ৰ'বি, তাৰো আগতে সেই অপদাৰ্থটোৰ কি নাম আছিল- কিশোৰ দাস। তাক ফোন লগাওঁ ৰ।"
ভুতোৱে কিশোৰ দাসক ফোন লগালে। প্ৰ'ৰ অফিচলৈ ফোন লগালে। পূজা সমিতিলৈ ফোন লগালে।

অমিতাভই তাৰ স্বভাৱ সুলভ শান্ত শিষ্ট মুখাবয়ৱ তেনেকৈয়ে ৰাখিলে। তাৰ গুৰু গম্ভীৰ খোজ কাটলতো একো পাৰ্থক্য ধৰা নপৰিল। মাথোঁ সকলোকে আচৰিত কৰি দি কোনো পৰিকল্পনা নকৰাকৈ, কাকো যোগাযোগ নকৰাকৈ ৰেলত উঠিলেহি।

যদি এই দুখন গে'ট ইয়াত এনেকৈ ইনষ্টল কৰিবলগাই আছিল, তেনেহ'লে স্পেচ মেনেজমেন্টৰ নামত ইমানবোৰ উচ্চবাচ্য কিয় কৰিব লগা হ'ল? কিয় সেই ফুচকাৱালাটোক ইয়াৰ পৰা উঠাই দিয়া হ'ল? আৰ্বান প্লেনিং আৰু লেণ্ডস্কেপ ডেভেলপমেন্টৰ বিভাগবোৰক কি কাৰণত জড়িত কৰা হৈছিল? কি কাৰণত দম্ভালি মাৰি প্ৰিয়ঙ্কা মিশ্ৰই কৈছিল যে আমাক ক্ৰাফট্ মেন নালাগে, কন্টেমপৰেৰী স্পেচ ডিজাইনাৰহে লাগে? বিষ্ণুপুৰৰ পৰা টেৰাকোটা শিল্প আৰু শিল্পীবোৰ মাতি আনি ইমানবোৰ টকা পইচাৰ শৰাধ পতা হ'ল কিয়?  কেলিফৰ্নিয়াৰ অকলেণ্ডৰ ইক'নমিক এণ্ড ৱৰ্কফ'ৰ্ছ ডেভেলপমেন্টৰ লগত তাৰ প্ৰস্তাৱিত কামটোৰ কথা ভাবিবলৈ আৰু এতিয়া তাৰ শকতি নাই। নাভাবোঁ নাভাবোঁ বুলি ভাবিলেও কথাবোৰ তাৰ মূৰৰ ভিতৰত পাক ঘূৰণি খাই থাকিল। উমালৈ তাৰ বৰকৈ মনত পৰিছে। এইবাৰ গৈয়েই পৰিয়ালৰ লগত কথা পাতিব লাগিব। কিন্তু সি পাতিবনে? সৎসাহস তাৰ আছে নে? নহয়, কথাটো সৎসাহসৰ নহয় - তাৰ সদিচ্ছা আছেনে? তাৰ এতিয়াও লগা নাই যে উমাৰ লগত সি গোটেই জীৱনটো ক'তো একো খতি-খুন নোহোৱাকৈ চলাই নিব পাৰিব। সেইবোৰ যিয়েই নহওক। এই মুহূৰ্তত তাইৰ অভাৱ সি বৰকৈ অনুভৱ কৰিছে।

ৰেলৰ গোটেই দবাটোতে বঙালী মানুহে ভৰি আছে। চিনাকি অচিনাকি বুলি কথা নাই, যিয়ে যাৰ স'তেই ভেটা ভেটি হয় সিয়েই কয় "শুভ মহালয়া"। কোনো মানুহৰ স'তেই অমিতাভৰ মুখামুখি হ'বৰ মানসিক প্ৰস্তুতি নাই। সি আহি প্ৰস্ৰাৱগাৰৰ কাষৰ খালী ঠাইডোখৰতে থিয় দি থাকিল অলপ সময়। কোনোবা এজন যাত্ৰিয়ে মোবাইলত পান্নালালৰ গান বজাই থৈছে। চলমান ৰেলৰ ছন্দে ছন্দে ভাঁহি আহিছে পান্নালালৰ কন্ঠৰ শ্যামাসঙ্গীত-

... যেথা আছে শুধু ভালবাসাবাসি
সেথা যেতে প্ৰাণ চায় মা
আমাৰ সকলই ফুৰায়ে যায় মা

বড় দাগা পেয়ে বাসনা ত্যজেছি
বড় জ্বালা সয়ে কামনা ভুলেছি
অনেক কেঁদেছি কাদিতে পাৰিনা
বুক ফেটে ভেঙ্গে যায় মা
আমাৰ সকলই ফুৰায়ে যায় মা...

Shyam Ray Temple, Bishnupur


সমুদ্ৰ কাজল শইকীয়া

ঠিকনা-
Samudra Kajal Saikia
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001


email- kankhowa@gmail.com, mobile- +91 9811375594