"When I meet God, I am going to ask him two
questions: Why relativity? And why turbulence? I really believe he will have an
answer for the first."
Werner Heisenberg
চাহন [Seeing]
¾
সন্মুখলৈ
চাই কি দেখিছা?
¾
কেনেকুৱা
প্ৰশ্ন এইটো? দ্ৰোণাচাৰ্যই অৰ্জুনক সোধাৰ দৰে নে বকে যুধিষ্ঠিৰক সোধাৰ দৰে।
¾
মই
তোমাক সোধাৰ দৰেই বুলি ভাবি লোৱা। অথবা নিজকে নিজেই সোধাৰ দৰেই কোৱা।
¾
গছ।
পথাৰ। দূৰণিত বাঁহনি আৰু গাও খনে সৃষ্টি কৰিব খোজা এটা দিগন্ত ৰেখা।
¾
হুঁ।
¾
এতিয়া
তুমি কোৱা। কি চাই আছা?
¾
এখন
কঁপি থকা পথাৰ। এটা কঁপনি। কঁপনি এটাৰ সিপাৰে দূৰৈৰ আকাশ।
¾
ৰ'দ
য'ত বৰষুণ অনুমান হয়, সেই মান দূৰলৈ চাইছানে কেতিয়াবা অপাৰ পথাৰত?
¾
হুঁ।
চেনৰ পাৰত।
¾
বাৰু
এই যে হঠাৎ মোৰ মনলৈ আহিল (হঠাত যেনেই লাগিল) অজিৎ বৰুৱা, তোমাৰ মনলৈ বাৰু কোন আহিল।
¾
হঁ
ৰ'বা। একেলগতে দুটা নাম মনলৈ আহিছে। এই যে তুমি আৰু মই ক্ষন্তেকৰ বাবে এই পাহাৰটোৰ
ওপৰত শিলছটাত বহি আছোঁ, তেনেকৈয়ে এদিন তেওঁলোকেও হয়তো ব্ৰহ্মপুত্ৰৰ পাৰৰ, অথবা ৰ'ণ
নদীৰ পাৰৰ শিল এছটাত বহি আছিল একেলগে। মাধৱ আৰু ভিন্।
¾
কোন
বুলি ক'লা?
¾
মাধব,
মাধৱ দেৱ। আৰু ভিনচেন্ট। ভিনচেন্ট ভেন গঘ।
¾
হুঁ-
একো সঙ্গতি নাপালো দেখোন।
¾
দুয়োৰে
প্ৰিয় ৰঙ আছিল নীলা আৰু হালধীয়া। দুয়োৰে চকুত ভাঁহিছিল কম্পিত সত্য।
কলাঘুমটি [Siesta]
মাজে মাজে মাধৱ আহি শিলছটাৰ ওপৰতে অকলে অকলে বহি থাকেহি।
দুপৰৰ ৰ'দত দূৰৈৰ পথাৰখন কঁপিছে। ভৰা লুইতখন বৈ গৈছে। শান্ত সমাহিত লুইতখনৰ বিশালতাৰ
পৰা চকু নমাই মাধৱে পানীৰ
লহৰবোৰলৈ মনোনিৱেশ
কৰিলে। বহল দৃষ্টিত যিমান শান্ত সৌম্য যেন দেখোঁ, লুইতৰ পানী দেখোন তাৰ বিপৰীতে নিৰন্তৰ
চঞ্চলতাৰে ভৰা। পানীযুঁৱলিৰ অভিজ্ঞতা অন্য। কঁপি থকা পানীখিনিলৈ একেথৰে চাই থাকি সি
গুণগুণালে ৰাগ বিলোৱাৰ-
“আৰে কম্পিত মাধৱ
নয়ন জুৰায়...”।
তেনেতে ওলাইছিলহি ভিনচেন্ট। একেথিৰে
বহি থকাৰ স্বভাৱটো
তাৰ নাই। এক প্ৰকাৰে ৱৰ্কেহলিক বুলিলে যি বুজায় - সি অলপ তেনেকুৱাই। ইটোৰ পিছত সিটো
কাম। কিবা এটা অতৃপ্তিত সি ছটফটাই ফুৰে।
এদিন মাধৱে তাক যিমান পাৰে বুজাবলৈ চেষ্টা কৰিছিল,
শান্তিৰে অলপ বহি থকাটোও যে আচলতে এটা কামেই। অলপ সময় তাপ মাৰি শুনিলে। তাৰ পিছত,
“তই বহি গুণা গঁথা কৰি থাক, মই পথাৰৰ ফালে যাওঁ, মানুহবোৰে বা কি কৰিছে চাওঁগৈ” বুলি
সি পলকতে পথাৰৰ ফালে ঢপলিয়ালে।
বিয়লি ভিনচেন্ট যেতিয়া আকৌ একেটা বাটেৰে উভটিল মাধৱ তেতিয়াও তাতে তেনেকৈয়ে বহি আছিল। দুপৰীয়া
খেতিৰ পথাৰৰ দাঁতিতে ভাত মুঠি খাই টোপনিত লালকাল দিয়া মানুহ কেইজনমানৰ ড্ৰয়িং কিছুমান
সি লৈ আনিছিল। মাধৱক
দেখুৱালে।
“আৰে ভাই তই সদায়ে পৰিশ্ৰমী মানুহবোৰৰ
কথা ক'বলৈ গৈ সিহঁতৰ ভাতঘুমটিবোৰহে ধৰি আন। কথাটো কি?”
“এটা লালকাল টোপনিতকৈ লোভনীয় কি আছে
ক?”
“নহয়, আমাৰ মানুহবোৰ এনেয়ে সোৰোপা।
তাতে আকৌ সোৰোপালিকে এনেকৈ জহাই থাকি কি লাভ। কেইদিনমানৰ আগতে মই এটা নতুন গীত কৰিছিলোঁ।
ৰাতিপূৱাৰ বৰ্ণনা। কিন্তু মানুহক মই এনেকৈ জগালোঁ- সুৰভি চাৰিতে লাগে হেম্বেলাৱে ধেনু... চৌদিশ শুৱনি কৰি ৰাতিপূৱা হ'ল, কিন্তু কামৰ
দায়িত্বৰ প্ৰতিও যাতে মানুহ সজাগ হয়”।
“ঠিকেই কৰিলি দে।”
“অৱশ্যে তোৰ ছবিৰ মানুহবোৰৰ ভাতঘুমটি
দেখি ভালেই লাগে। সিহঁতৰ লেবেজান শৰীৰবোৰেও পৰিশ্ৰমৰ কথাই কয়”।
“শ্ৰম আৰু বিশ্ৰাম ইপিঠি সিপিঠি নহয়
জানোঁ?”
“হয়, কিন্তু...”
“ভাগৰে জুৰুলা কৰা এটা দেহা যেতিয়া
লেবেজান হৈ পৰি থাকে তাতকৈ মানবীয় আৰু কি আছে তয়েই ক”।
তাৰ পিছত মাধৱৰ ওপৰত পোটক তুলিবলৈ বুলি ভিনচেন্টে
এটা কাম কৰিলে যিটো অলপ নাছিৰুদ্দিন মোল্লাৰ কাহিনীৰ গতেহে হ'ল। মানে সেই যে হগাৰ সমান
সুখ নাই বুলি কৈ ৰোষত পৰি এদিন যে জহাপনাক বহুদূৰ খোজ কঢ়াই নি নি বহুবেলিৰ মূৰতহে মলত্যাগ
কৰিবলৈ সুবিধা দিছিল- তেনেকুৱাই। বহু কষ্টেৰে কোনোমতে সহ্য কৰি থাকি থাকি শেষত মলত্যাগ
কৰি জাহাপনাই স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল- এৰা, হয় হয়, হগাৰ সমান সুখ নাই।
ভিনচেন্টে কৰিলে কি খুব মজা হ'ব বুলি কৈ মাধৱক এদিন পাহাৰ বগাবলৈ যোৱাৰ প্ৰস্তাৱ দিলে।
অভিযাত্ৰী [Explorer]
¾
ব'লা
আৰু অলপ ওপৰলৈ উঠোঁ। নে কি কোৱা? ভাগৰ লাগি আছে নেকি।
¾
নাই, ব'লা ব'লা। এনেকৈ বহি থাকিলে আৰু সেয়া
পাহাৰ বগোৱা হ'ল নে?
¾
এবাৰ
হ'ল কি জানানে। পাহাৰ বগাম বুলি বহুদিন জল্পনা কল্পনা কৰি ওলালোঁ আমি। আমি মানে মই
আৰু গৌৰী। গৌৰীৰ কথা তোমাক কৈছোঁ আগতে। বৰ মন আছিল এদিন তাইকো পাহাৰ বগাবলৈ লৈ
যাম। আশা আছিল যাওতে
বহুত কথা পাতিম, বহুদিন ধৰি মনতে পুহি ৰখা কাহানিও নোকোৱা কথাবোৰ ক'ম।
¾
মানে
সৌৰভ চলিহা কেছ? সিহঁতেও পাহাৰ বগালে?
¾
এক্সেক্টলি।
পিছে সৌৰভ চলিহা কেছটো শেহত গৈ থৈ ‘কেছটো নগেন’হে হৈ থাকিলগৈ।
¾
কিয়,
কি হ'লনো? ৰ'বা, সেইফালে নহয়। এইটো ৰাস্তা চমু যেন লাগিছে।
¾
ঠিকে।
চমুতকৈও মজাৰ যেন লাগিছে। সিটো ৰাস্তা কিবা ৰেগুলাৰ ৰাস্তা এটাই হৈ পৰিছে। ধূৰ! সেইফালে
আৰু কোন যায়। অঁ, এতিয়া কি হ'ল জানানে?
¾
নক'লে
কেনেকৈ জানিম বাৰু?
¾
বহুত
দিন ধৰি তাইক মই পাহাৰ বগোৱাৰ অভিজ্ঞতাৰ কথা খুব ৰহন সানি সানি ক'লোঁ। যেনেকৈয়ে যিমান
পাৰো তাইক ইনস্পায়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। লগতে পাহাৰটোৰ লগত মোৰ পুৰণি সম্পৰ্ক, অন্তৰঙ্গতা
সেইবোৰো ক'লোঁ।
¾
তাইৰ
এনেকুৱা এডভেঞ্চাৰ টাইপ কামবোৰলৈ বৰ আগ্ৰহ নাছিল নেকি?
¾
আছিল
আছিল, কিয় নাথাকিব? কাৰ নো নাথাকিব? কিন্তু তাইৰ গেছ আছিল
¾
মানে?
¾
মান
গেছ।
¾
গেষ্ট্ৰিক
আলচাৰ?
¾
নক'বা
আৰু। অসমীয়া মানুহৰহে থাকে এই গেছ। তাই, গেছৰ কাৰণেই য'ত যিয়ে যি প্লেনেই নকৰক কিয়
বাকী সকলো কথা পাছ পেলাই আগতে খোৱাৰ কথাটো ভাবে। মানে বেছি সময় পেট খালী কৰি থ'লে গেছ
থকা মানুহৰ সমস্যা হয়। বাহিৰৰ তেলত ভজা বস্তু খালে গেছ থকা মানুহৰ প্ৰব্লেম হয়।
¾
ঠিকেইতো।
কিনো বেয়া কথাটো?
¾
বেয়া
কথা বুলিনো কেতিয়া ক'লোঁ? তাৰ পিছত কথাটো এনেকুৱা হ'ল- আমিতো আৰু সঁচা সঁচিকৈ পাহাৰ
বগোৱা মানে ৰক-ক্লাইম্বিং কৰা স্পৰ্টছ-মেনবোৰৰ দৰে নহয়। আমাৰ দৰে মানুহৰ
এয়া এটা পিকনিকৰ দৰেই।
মানে এদিন আমি পাহাৰটোৰ ওপৰলৈ গৈ অলপ ঘূৰিম, ফুৰিম, তাৰ পিছত হাতত লৈ যোৱা টিফিন খাম আৰু সুখ দুখৰ কথা পাতি
সন্ধিয়া হোৱাৰ আগে আগে ঘূৰি আহিম। তাৰ পিছত, ইবাৰ প্লেন কৰোঁ, কিবা এটা লেঠা ওলায়,
সিবাৰ প্লেন কৰোঁ, কিবা এটা লেঠা ওলায়। মুঠতে দিন বাৰ আৰু ঠিক নহয় হে নহয়। মোৰ ইণ্টাৰেষ্ট
শেষেই হৈছিলগৈ আৰু।
¾
বেছিকৈ
প্লেন কৰিলে তেনেকুৱাই হয়।
¾
এহ,
নক'বা আৰু। গেছ থকা প্ৰেমিকা থাকিলে কি অৱস্থা হয় সেয়া বুজোতাই হে বুজিব। তাৰ পিছত
জানিবা এদিন কেনেবাকৈ
প্লেনটো হ'ল। সেইদিনা তাই আহিল নহয় টেক্সি এখন ভাড়া কৰি লৈ।
¾
টেক্সি?
¾
অঁ।
মই বোলোঁ এই
টেক্সিখন আকৌ কিহলৈ? তাই বোলে এই টেক্সিখনে আমাক চানৰাইজ পইণ্টলৈকে লৈ যাব। আৰে বাবা,
চানৰাইজ পইণ্টলৈকে যদি আমি টেক্সিতে যাওঁ, পাহাৰ বগাবলৈ আৰু থাকিল কি? তাই ক'লে মাকে
হেনো জোৰ কৰি টেক্সিখন বুক কৰাই দিছিল। কি মস্কিল! পিছত মই জানিবা খোজকাঢ়ি যাবৰ বাবে
সৈমান কৰালোঁ।
¾
হওক
দিয়া। শেষ ভালেই সকলো ভাল।
¾
থোৱা
হে। তেনেকুৱা একো নাই। পাহাৰটোৰ তলতে যে আছে ৰিজৰ্টটো। সৰু ল'ৰাছোৱালীৰ খেল ধেমালীৰ
পাৰ্ক এখন যে আছে। তাতে বহি টিফিন খাই আমি উভটি আহিলোঁ।
¾
হা
হা হা। তেনেতে সেয়াই আছিল তোমালোকৰ পাহাৰ বগোৱা?
¾
‘কেছটো নগেন’ বুলি এনেয়ে কৈছিলোনে?
¾
তেনেহ'লে
তুমি গল্প লিখিলে তাৰ নাম হ'লহেতেন “যিটো পাহাৰ আৰু বগোৱা নহ'ল”।
চাকনৈয়া [Turbulence]
গছ লতা ভাঙি শিল বগাই পাহাৰ বগাই প্ৰায়
শিখৰ পাওঁ পাওঁ হওতে সিহঁতে ভাবিলে অলপ বহি জিৰাই লোৱা যাওক। ভিনচেন্টে ফোঁপাইছিল। ভিনচেণ্ট ঘাঁহনি এডৰাতে বাগৰি পৰিল।
মাধৱ বহিল গছৰ ডাল এটাত। ভিনচেন্টৰ অৱস্থা দেখি মাধৱে মিচিকিয়াই হাঁহিলে।
“বোপাই, মই তোৰ বুধি বুজি নাপাওঁ বুলি
ভাবিছ? মোক ইমান সহজে ভাগৰাব নোৱাৰ। সেয়া চা, তোৰ অৱস্থাটোহে কাহিল হ'ল”।
“বৰাৰ পো, ভাগৰত বাগৰ এটা মৰাৰ কি
মজা!”
“কিন্তু তই কৱ এটা, কৰ এটা। তোকতো মই এনেয়ে বহি থকা
কেতিয়াও দেখা নাই”।
“বৈপৰীত্য প্ৰকৃতিৰেই নিয়ম। আমিতো
আৰু তাৰ বাজত নহয়। সৌ চাইপ্ৰেছজোপালৈকে চা। অসমীয়াত সেইজোপাক কি বুলি ক'বি?”
“সৰল। সৰলেই হ'ব ছাগৈ”
ভিনচেন্ট জাঁপ মাৰি উঠিল।
“নামটোহে সৰল। কিন্তু গা গছডাল ভালকৈ
চা-চোন। কিমানবোৰ ওপৰা উপৰি ৰেখাৰ কটা-কটি। কিমান জটিল টেক্সাৰ। পাতবোৰো চা চোন। একেৰাহে
চাই থাকিলে কিবা চকু জ্বলক তবক লাগি যোৱাৰ দৰে লাগে”।
“ময়ো তেনেকুৱা কিবা এটাই চাই আছোঁ।
সৌ পথাৰখন কেনেকৈ ৰ'দত
কঁপি আছে”।
“এই কঁপনিটোৱেই আচল। এই চঞ্চলতাটোৱেই প্ৰকৃতিৰ এটা চূৰান্ত সত্য”।
"কিন্তু কিজানিবা আমিহে দেখিছোঁ-
পথাৰখন তেনেকৈ কঁপি থকা"।
"হ'বই পাৰে”।
তেনেতে সৰু ল'ৰা এটা আহি থকা দেখি
ভিনচেন্ট আচৰিত হ'ল।
“অহ্, সেই অকণমানি ল'ৰাটো ক'ৰ পৰা আহি
আছে"?
"কিজানিবা এই পাহাৰতে তাৰ ঘৰ।
খৰি লুৰিবলৈ আহিছে, _ অথবা ... অথবা বাট হেৰুৱাই ঘূৰি ফুৰিছে"।
"হে'ৰা ভাইটি। এইফালে আহাঁচোন"।
"কওক", কাষলৈ নাহি অলপ দূৰৰ
পৰাই ল'ৰাটোৱে উত্তৰ
দিলে।
"কোৱাচোন সেই পথাৰখন কঁপি থকা যেন দেখিছা
নেকি"?
"অঁ কঁপি থকা যেন লাগিছে। মই
ৰাতিপূৱাও এইফালে আহিছিলোঁ। তেতিয়া কিন্তু ৰ'দ বৰষুণ একেলগে দি আছিল। ৰ'দো দিছিল, বৰষুণো
দিছিল"।
"অ' হয় নেকি, তেনেহ'লে দেখোন
আজি খৰা শিয়ালৰ বিয়া হোৱাৰ কথা", মাধৱে ক'লে।
"মায়ে মোকো তেনেকৈয়ে কৈছিল"।
"ইমান দূৰতে কিয় ৰৈ আছা? অলপ
ওচৰলৈ আহা। তোমাৰ নামটো কি?" মাধৱে সুধিলে।
"আকিৰা", ল'ৰাটো ওচৰলৈ নাহিল,
সি নামটো দূৰৈৰ পৰাই ক'লে।।
"আকিৰা- বাহ, বৰ ধুনীয়া নাম দেই"।
হঠাতে কি হ'ল জানোঁ, ল'ৰাটোৱে কোনোবাই দূৰৈৰ পৰা তাক ৰিঙিয়াই মতা যেন পালে।
সি ঢপলিয়াই আঁতৰি গ'ল।
সি তেনেকৈ লৰি যোৱাৰ ফালে চাই ভিনচেন্ট
আৰু মাধৱে হাঁহিলে।
"অলপ আগতে আমি কি কথা পাতি আছিলোঁ?” মাধৱে মনত পেলাবলৈ চেষ্টা কৰিলে। কিবা মনত
পৰাৰ দৰে ক'লে, “ভুল”।
“কিয়? কি ভুল?”
"সত্য মানে এক। চূড়ান্ত সত্য
বুলিলি যেতিয়া সেয়াতো আৰু বেছি - এক। কিন্তু তই আকৌ ক'লি- এটা চূড়ান্ত সত্য। এয়া তৰ্কশাস্ত্ৰৰ ফালৰ পৰা
এটা ভ্ৰান্ত বচন”।
“সেইবোৰ নাজানো। কিন্তু সত্য এক নহয়।
একে সময়তে বহুতো সত্য থাকিবই পাৰে। থাকিবই পাৰে মানে কি, আছে। কাৰোবাৰ বাবে সেই পথাৰখন
সঁচা, মোৰ বাবে ৰ'দখিনিহে সঁচা। ৰ'দতকৈয়ো সেই কঁপি থকা ধূলিকণাবোৰ সঁচা। ধূলিকণাবোৰ যিমান সঁচা তাতোকৈ
সিহঁতৰ কঁপনিটোহে সঁচা।
মই দেখিছোঁ এখন চিৰ ঘূৰ্ণায়মান, দুদোল্যমান, অহৰহ কম্পিত, চঞ্চলতাৰে ভৰা এখন জগত। কেতিয়াবা
কিবা কাৰণত জগতখনেই ভুল প্ৰমাণিত হ'ব পাৰে, কিন্তু এই টিউবাৰলেন্স ভুল নহয়। বস্তু নেথাকিলেও
তাৰ ধৰ্ম থাকি
যাব। টিউবাৰলেন্স"।
"মানিছোঁ বাৰু। কিন্তু এটা প্ৰশ্ন
আছে"।
"কি?"
"পথাৰখন জানো সঁচাকৈয়ে কঁপি আছে?
ৰ'দৰ বাবে, ৰ'দত বাষ্প
হোৱা জলকণাৰ
বাবে অথবা ধূলিত প্ৰতিফলিত ৰশ্মিৰ বাবে আমি দেখিছোঁহে মাথোঁ। ৰমণ বা
সত্যেনক সুধিব লাগিব"।
"যিটো দেখিছোঁ সেয়াই সঁচা নহয়
জানোঁ?"
"কিন্তু সেয়া প্ৰপঞ্চ। প্ৰপঞ্চ
আৰু সত্বাৰ প্ৰভেদ নাই জানো? কথাটো ফেন'মেনালিষ্টবোৰৰ দৰে নহ'লনে?"
"তথাপি মইতো কোৱা নাই 'ৰ'দ য'ত
বৰষুণ অনুমান হয়'”।
"কিন্তু তাতো নো কি অসুবিধা আছিল?
বৰষুণ বুলি কওঁতে সঁচাকৈ আকাশে পানী ঢলাৰ কথা জানো তুমি ভাবিছিলা? এইজাক ৰ'দৰ বৰষুণ
দেখোন তাৰ নিজৰ মাজতেই সঁচা। সোণৰ অসম জানো মিছা কথা? যদি মিছায়েই হ'ল হেতেন ইমানবোৰ
মানুহ মৰিল কিয়? অসামঞ্জস্যই অসামঞ্জস্যৰ সৈতে অসামঞ্জস্যৰ জৰিয়তেই সম্পৰ্ক ৰাখে।"
"এই যে ভাল দিনৰ সংজ্ঞা। সেয়া
নিজেই নিজৰ মাজতে সম্পূৰ্ণ এটা ধাৰণা নহয় জানো? যুক্তিযুক্ততাৰে তাক দৰ্শাবলৈ যোৱাটো মানুহক আভূৱা
ভৰা নহয়নে?"
"চিমুলাক্ৰা।"
"কিন্তু মই এইটোওতো কোৱা নাই
যে মই দেখিছোঁ কাৰণেহে সেয়া আছে। তদুপৰি মই দেখোন ওলোটাটোহে কৈছোঁ- সেই অশান্তি, অস্থিৰতা,
সেই তুমূল ধূসৰিত বিপ্লৱ- সেয়াহে সত্য। তই মই নেথাকিলেও সেয়াই থাকিব, সেয়াই ৰৈ যাব।"
“ভোক লাগিছে”।
“ভোক সঁচা। এতিয়া চা, পথাৰখন নাই,
গছজোপা নাই, এই পাহাৰটো নাই বুলি যদি ধৰি লওঁ, এই ভোকটো নাই বুলিনো কেনেকৈ মানি লওঁ?”
“তাকেইতো।” মাধৱে হাঁহিলে।
"ব'ল পাহাৰ খহাবলৈ যাওঁ।"
"মানে?"
"আমাৰ হোস্টেলত এদ'মকৈ একাঁহী
ভাত খোৱাটোকেই পাহাৰ খহোৱা বুলি কয় ল'ৰাবোৰে।"
প্ৰত্যাৱৰ্তন [Homecoming]
¾
এইডোখৰ
ঠাই অলপ বেলেগ নহয় নে?
¾
তাকে চাইছোঁ।
¾
এই
পাহাৰটোৰ বৈশিষ্ট্যই সেইটো।
¾
তুমি
পাহাৰ বগোৱাৰ
আন এটা কাহিনী ক'ম বুলি কৈছিলা যে?
¾
বামুণ
পাহাৰ। তেজপুৰৰ বামুণপাহাৰলৈ গৈছিলোঁ এদিন। মই আৰু তাই।
¾
তাই
মানে?
¾
আছিল
আৰু। বামুণ ছোৱালী এজনী। তেতিয়া মই দৰং কলেজত পঢ়ি আছিলোঁ। আজিকালি যেনেকৈ আমি গাৰ্ল
ফ্ৰেণ্ড বা বয় ফ্ৰেণ্ড বুলি সহজতে কৈ দিওঁ, তেতিয়া আমি তেনেকৈ ক'ব পৰা হৈ উঠা নাছিলোঁ।
প্ৰেমিক প্ৰেমিকাও নাছিলোঁ। অথচ সহজ বা সাধাৰণ বন্ধুও নাছিলোঁ।
¾
তেনেহ'লে?
¾
নাজানোঁ।
কিনো আছিল আমাৰ মাজত নাজানিছিলোঁ। নাজানিছিলোঁ মানে আজিও নাজানিলোঁ- সঠিককৈ।
¾
পাহাৰ
বগাই বগাই কি কথা পাতিছিলা?
¾
কি
জানো পাতিছিলোঁ! এতিয়া মনত
পেলাবলৈ চেষ্টা কৰিলেও একো মনতেই নপৰে দেখোন। বেছিভাগ সময় আমি সম্ভৱ কথাই পতা নাছিলোঁ।
¾
বুজি
পাওঁ।
¾
তাৰ
পিছত মই অসমৰ বাহিৰলৈ গুছি আহিলোঁ। তাই বামুণ ছোৱালী আছিল, আৰু সেইখিনি সময়তে মই উপলব্ধি
কৰিছিলোঁ - জাত পাতৰ
কথাবোৰ আমাৰ অসমীয়া সমাজখনতো একেবাৰে নোহোৱা নহয়।
¾
তাৰপিছত?
¾
তাৰপিছত
বুলি সুধিলে আচলতে ক'বলৈ একোৱেই নেথাকিল। সাতবছৰমানৰ পিছত এদিন তাইৰ পৰা এখন চিঠি
পাইছিলোঁ। তাই সুধিছিল- বিয়া হওনে?
¾
মানে?
¾
এক্সেক্টলি।
মোৰো আচৰিত হোৱাৰ পাল। ইমানদিনে মই পাহৰিয়েই পেলাইছিলোঁ। আমাৰ আৰু কোনো যোগাযোগ নাছিল
ইমান বছৰে। তাইৰ কেনেবাকৈ কাৰোবাৰ লগত বিয়া হৈ গ'ল বুলিয়েই মই ভাবি লৈছিলোঁ। কাৰণ আমি
সেই গ্ৰেজুৱেচন
কৰি থাকোতেই তাইৰ বিয়া বাৰুৰ কথা ঘৰত ওলাইছিল।
¾
মানে
কথাটো এনেকুৱা নেকি যে তাই তোমাৰ বাবে অপেক্ষা কৰি ৰৈ আছিল ইমান বছৰে?
¾
ডু
ইউ থিঙ্ক দেট?
¾
মহয়,
মই সুধিছোহে।
¾
নাজানোঁ।
¾
তেনেহ'লে
তুমি আকৌ এবাৰ উভটি যাব পাৰিলা হেতেন। সেই একেটা পাহাৰলৈকে তাইক লৈ গ'লা হেতেন। এইবাৰ
হয়তো মৌনতা ভংগ কৰি অলপ কথা হ'লহেতেন তোমালোকৰ মাজত।
¾
এবাৰমান
নভবাও নহয় কথাটো। ভাবিছিলোঁ। কিন্তু আকৌ ভাবিলোঁ- ইমানবছৰৰ পিছত সেই পাহাৰটো জানো সেই
একে ঠাইতে আছে ছাগৈ?
¾
এৰা,
পাহাৰোতো সলনি হয়, বছৰে বছৰে, মাহে মাহে, দিনে দিনে।
¾
আজিলৈকে
নিজকে নিজে সেই প্ৰশ্নটোকেই কৰি থাকিলোঁ- এজন মানুহে একেটা পাহাৰকে দুবাৰ বগাব পাৰে
নে নোৱাৰে? সম্ভৱতঃ নোৱাৰে। বগালেও সেইটো আৰু আগৰ পাহাৰটো নহয়।
সাঁচ [Impression]
ৰ'ণ নদীৰ পাৰত, মাধৱ আৰু ভিনচেন্ট।
ভিনচেন্টে ক'লে, "কোনোটো বস্তুৱেই এবচল্যুট নহয়। এই যে শব্দ এটা। গান
গাওতে তোৰ মাতটো- সদায়ে একেধৰণে
শুনো জানোঁ।"
"তেনেকৈয়ে ৰং। সেয়া মোতকৈ তই হে ভালকৈ জানিবি।"
"অঁ। ৰঙকতো সেই কাৰণেই কমপ্লিমেন্টৰী
বুলি কোৱা হয়। ৰঙৰ কোনো পৰম সত্বা নাই। ই সদায়ে নিৰ্ভৰ কৰে আশে পাশে থকা অন্যান্য ৰং
আৰু পৰিবেশৰ ওপৰত। তাতোকৈ ডাঙৰ কথা পোহৰৰ ভূমিকা ইয়াত অন্যতম।"
"সৌৱা চা সৰিয়হ ডৰা।"
"আৰু আকাশখন।"
"নীলা আৰু হালধীয়া।"
"হালধীয়া আৰু নীলা।"
"সুনীল অনবতপ্ত। অনোতত্ব।"
মাধৱে কিবা এটা ভাবি ক'লে, "এনে লাগে যেন এই দুটা ৰঙৰ মাজতে কিবা এটা
পৰম সত্য যেন বিচাৰি পাওঁ।
চা চোন কেনেকৈ ইটোৱে সিটোক তুলি ধৰিছে।"
"চকু চাৎ মাৰি ধৰিছে। জলক তবক
কৰিছে। জিলিক মিলিক ৰঙৰ সমাহাৰ।"
"সৰিয়হ ফুলখিনিলৈ একেথৰে চাই
থাকচোন। চকুত জলক তবক লাগি যাব।"
"সেইকাৰণেইতো অসমীয়াত এষাৰ কথা
আছে। চকুৰে সৰিয়হ ফুল দেখা বুলি।"
ভিনিচেন্টে হাঁহিলে। মাধৱৰ কিবা এটা
গুণগুণাবলৈ মন গ'ল।
"ৰাগ কামোদেৰে এইটো শুন- 'শ্যাম
শৰীৰে পীতাম্বৰ শোহে...' "
"ওঁ। নীলা শৰীৰ। তাতে
হালধীয়া সাঁজ
শোভে।"
“তই
সিদিনাও গাইছিলি- থিৰ বিজুৰী উজ্জ্বৰ ঘন যৈছন শ্যাম শোভিত পীতাবাসে...”
হঠাৎ
কিবা এটা ভাবি ভিনচেন্টৰ মুখত এটা ঈষৎ দুষ্টালিৰ হাঁহি খেলাই গ’ল-
“এটা কথা ক চোন”।
“কি?”
“তোৰ গীতবোৰত এই যে পুৰুষদেহৰ ইমান অনুপম বৰ্ণনা, কাৰণটো কি বাৰু? এটা পুৰুষ শৰীৰৰ বৰ্ণনা দিবলৈ পালেই তোৰ উপমা পানীত পৰা সূর্যৰ পোহৰৰ দৰে জিলিকি উঠে। আনহাতে নাৰী বিদ্বেষৰ কথা নো আৰু কি ক'ম?”
“নাৰী বিদ্বেষ বুলি কিয় ক'লি?”
“বিষ্ণুপ্ৰিয়া...”
“সেইবোৰ বাদ দে, তই নুবুজিবি...”
“নেলাগে বাৰু, নুবুজোঁ। তোৰ অৰিয়েণ্টেচন সম্পৰ্কেহে মোৰ সন্দেহ আছে"।
“তোৰ কথা মই কিবা উলিয়াইছোঁ নেকি? গঁগাৰ লগত তোৰ কি চলিছিল?”
“আৰে দিল পে মত লে য়াৰ...”
অলপ
সময় মনে মনে থাকি মাধৱে গুণগুণালে-
"শ্যাম শৰীৰে পীতাম্বৰ শোহে, লাৱণ্য কোটি মন্মথ মোহে..."
"মন্মথ মানে?"
"মৌমাখি।"
"briljant, verlichtings... কোটি
মৌ-মাখি। ভাবিয়েই চকুত জলক তবক লাগিছে। এক কোটি মৌমাখি উৰি ফুৰিছে চকুৰ সন্মুখত।"
ভিনচেন্টৰ
চকুদুটাও জলমলাবলৈ ধৰিলে।
কণিকা [Particles]
¾
ৰঙৰ
কোনো সুকীয়া অস্তিত্ব নাই।
¾
একোৰে
নাই।
¾
অথচ
সকলোৰে আছে।
¾
আছে
তো।
¾
এই
ধৰা পাহাৰৰ ৰং কি?
¾
নীলা।
¾
সৰুতে
ছবি আঁকিছিলানে- প্ৰাকৃতিক দৃশ্য? পাহাৰ আঁকিছিলা, পাহাৰ?
¾
অঁতো
আকৌ।
¾
সকলো
শিশুৱেই
পাহাৰ আঁকি ডাঙৰ হয়। এনে কোনো শিশু নাই যি পাহাৰ আঁকি পোৱা নাই।
¾
যিবোৰ
স্কুললৈ নাযায় সেইবোৰ?
¾
সিহঁতেওতো
আঁকে। মাটিয়ে বালিয়ে, ভৰিৰ নখেৰে, এঙাৰেৰে, বেৰত নখেৰে। আৰু কেৱল প্ৰাকৃতিক দৃশ্য বুলিয়ে জানো কথা? ঘৰ এটা আঁকিবলৈ দিলেও
দেখোন বেকগ্ৰাউণ্ডত পাহাৰ একোটা আঁকি দিয়েই দিয়ে।
¾
পাহাৰৰ
প্ৰতি মানুহৰ কিমান যে হাবিয়াস।
¾
হাবিয়াস বোলোতেই আলম’ডোভাৰৰ “টক টু হাৰ” চিনেমাখনৰ এটা দৃশ্যলৈ মনত পৰিল।
¾
অঁ, চাইছোঁ চিনেমাখন। কোনটো দৃশ্যৰ কথা কৈছা?
¾
সেই যে হাস্পাতলৰ নার্ছৰ কাম কৰি থকা ল'ৰাটোৱে ক'মাত থকা ছোৱালীজনীক কাহিনী এটা কৈছিল। সেই কাহিনীৰ মানুহটো যে আকাৰত তেনেই সৰু হৈ পৰিছিল। আৰু ছোৱালীজনীৰ স্তনৰ ওপৰেদি যে পাহাৰ বগোৱাদি বগাইছিল, বাগৰি পৰিছিল...
¾
হ'ব হ'ব আৰু ক'ব নেলাগে, ভালকৈয়ে মনত আছে চিকুৱেন্সটো।
¾
আৰু এটা কথা কও ৰ’বা। সেই যে আমাৰ বিহু
গাওঁতে - পাহাৰ বগাই বগাই চেনিমাই, কপৌফুল আনি
দিম বুলি গায়, সেইটো শুনিলে সৰুতে মই সদায়ে ভাবিছিলোঁ- আমাৰ দেখোন ঘৰৰ সন্মুখত তামোলজোপাতে কপৌফুল আছে। মই আকৌ
পাহাৰ বগাই বগাই কপৌফুল আনিবলৈ যাম কিয়?
¾
তুমিও
যে আৰু!
¾
নহয়।
সঁচা।
¾
তুমি
বাৰু মোক ঠিক এইটো পাহাৰলৈকে কিয় মাতিলা?
¾
কাৰণ
এইটো চিনি পাওঁ। এইটো মোৰ চিনাকি পাহাৰ। তোমাক মই এইটো পাহাৰলৈকে লৈ আনিলো কাৰণ মোৰ
বাবে এই পাহাৰটো বগোৱা সহজ। অৱশ্যে সদায়ে নহয়। সকলো সময়তে পাহাৰ একে হৈ নাথাকে।
¾
পাহাৰো
মানুহৰ দৰেই।
¾
এৰা।
¾
পিছে সহজ? কেনেকৈ সহজ? পাহাৰ বগোৱা কেনেকৈ সহজ হ'ব পাৰে।
¾
তেনেকৈ চালেতো একোৱেই সহজ নহয়। 'জীৱনটো পথাৰ এখন খোজকাঢ়ি পাৰ হোৱাৰ দৰে সহজ নহয়'- এয়া এটা ৰাছিয়ান প্ৰবচন।
¾
তুমি আকৌ ৰাছিয়ান প্ৰবচন, জতুৱা ঠাঁচ এইবোৰো জানা নেকি?
¾
নহয়, বৰিছ পেষ্টাৰনাকৰ কবিতা এটাত পাইছিলোঁ।
¾
নহয় মোৰ কথা হ'ল... এই পাহাৰটো বগোৱা সহজ বুলি বিলাসিতা
কৰি যি খিনি মানুহ পাহাৰত থাকি দৈনন্দিন জীৱনৰ দুৰ্ভোগ ভূগি আছে তুমি তেওঁলোকৰ জীৱন
সংগ্রামক উপলুঙা কৰা নাই নে?
¾
তুমি
বাৰু বাৰে বাৰে মোৰ পৰা পলিটিকেল কাৰেক্টনেছ দাবী কৰি আছা নেকি?
¾
তেনেকুৱা
একো নাই।
¾
বাৰু
কোৱাচোন, পাহাৰ কেনেকুৱা নীলা? কিমান দূৰৰ পৰা পাহাৰ নীলা দেখি? শাৰী শাৰী পাহাৰলানিলৈ
যেতিয়া দূৰৈৰ পৰা চাই পঠোৱা, তেতিয়া জানো সকলো পাহাৰৰ ৰং নীলা দেখা? দেখিলেও সকলো নীলাৰ তীব্ৰতা
জানো একে? কিমান দূৰত্বই এটা পাহাৰক কিমান নীলা কৰি তুলিব পাৰে।
¾
ছাঁই
বৰণীয়া পাহাৰো দেখোঁ। ঘন নীলা। আকাশী। ওচৰ চাপিলে আকৌ সেউজীয়া।
¾
আৰু
ওচৰ চাপিলে?
¾
সেউজীয়াৰো
হাজাৰটা প্ৰকাৰ। ৰঙা মাটি, ক'লা মাটি, ৰঙা শিল, ক'লা শিল। মটিয়া গা গছ। কুমলীয়া পাতৰ
কোমল সেউজীয়া। সৰা পাতৰ হালধীয়া। অহ, ... ইমান দিনে ভাবি চোৱাই নাছিলোঁ। পাহাৰৰ কিমান
যে ৰং!
¾
এক্সেক্টলি।
আৰু আমি দূৰৈৰ পৰা পাহাৰ এটা দেখি কৈ থৈ দিওঁ- পাহাৰ নীলা বুলি।
¾
ইমানবোৰ
ৰঙৰ প্ৰতি ইমান বেছি অন্যায়! পেথেটিক!
¾
আকৌ ধৰা, আকাশৰো কত ৰং! কিন্তু আমিতো আকাশ নীলা বুলিয়েই
কৈ থৈ দিওঁ।
¾
কি
দুৰ্ঘোৰ অন্যায়!
¾
সেই
যে সকলো ছায়াৰেই কায়া ক'লা বুলি গালে ৰাণাদাই। সকলো ছায়াৰেই কায়া ক'লা নহয়। তুমি জানানে?
¾
তুমি
ইম্প্ৰেছনিষ্টবোৰৰ দৰে কথা কৈছা।
¾
ওঁ।
ৰাতিৰ আকাশতো বহুত ৰং, জানানে। চাব জানিব লাগিব। ভিতৰলৈ সোমাব পাৰিব লাগিব। তাকেই
চাবলৈ ভেন গঘে দক্ষিণ ফ্ৰান্সলৈ প্ৰকৃতিৰ সান্নিধ্য বিচাৰি গৈছিল। এইখিনি
তেওঁৰে কথা- মোৰ প্ৰায়ে এনে লাগে যেন ৰাতিৰ আকাশখন দিনৰ আকাশতকৈও বেছি ৰঙৰ প্ৰাচুৰ্যৰে ভৰা- তাত আছে তীব্ৰ বেঙেনাবুলীয়া, নীলা আৰু সেউজীয়া। যদি তুমি অলপ মন দি চোৱা, তুমি দেখিবা কিছুমান তৰা কেঁচা সুমথিৰাৰ দৰে, কিছুমানৰ আছে গোলাপী আভাস, সেইজীয়া, ফৰগে”ট মি নটৰ দৰে নীলাভ আভা। বিশেষ আৰু কি নো ক'ম, এখন তৰা ভৰা আকাশ আঁকিবলৈ মই ভাল পাম- কেৱল ক'লাৰ ওপৰত বগা বিন্দু কেইটামান বহুৱাই দিলে সেয়াই যথেষ্ঠ হ'ব নোৱাৰে।
¾
তুমি এনেকৈ কৈছা যেন ভেন গঘে তোমাকহে
কৈছিল।
¾
নহয় হে, ভায়েক থিওলৈ তেওঁ চিঠিত
লিখিছিল। আৰু জানানে?
মেক্সিকোৰ নেচনেল অট'নমাচ উনিভাৰ্ছিটিৰ অধ্যাপক হ'জে লুই আৰাগনৰ মতে ভেন গঘৰ সেই পকনীয়াৰ
দৰে আঁচোৰবোৰ হেনো গাণিতিক ভাবে সঠিক। তেওলোকে ভেন গঘৰ বলিয়ালিৰ সময়চোৱাৰ ছবিবোৰৰ ডিজিটেল
ছবি তুলি তাক অনুধাৱন কৰোতে সেয়া পোহৰলৈ আহিল। ভেন গঘৰ বলিয়ালিৰ সময়ৰ তেওঁৰ মানসিক
অশান্তিখিনিও যেন কিবা এক আশীৰ্বাদ স্বৰূপহে আছিল। আৰাগনে দেখুৱালে যে ভেন গঘৰ পকনীয়াৰ
দৰে পাক খাই উঠা তুলিকাৰ আঁচোৰবোৰ... বিখ্যাত কল্ম'গৰভৰ পৰিসাংখ্যিক আৰ্হিৰ সৈতে বহুখিনি
মিলি যায়। ধ্ৰুপদী পদাৰ্থ বিজ্ঞানত এতিয়ালৈকে এই পকনীয়াৰ ৰহস্যটোৱেই সমাধান নোহোৱাকৈ থাকি যোৱা শেষ প্ৰশ্ন
বুলি ধৰা হয়।"
¾
কিমান আচৰিত লাগে নহয় নে?
¾
ৰঙৰ লগত পোহৰৰ সম্পৰ্ক আৰু ইল্যুমিনেচন, প্ৰদীপ্তি, তাৰ লগতে অপ্টিকেল প্ৰত্যক্ষকৰণ- এইবোৰ যেনেকৈ ইম্প্ৰেছনিষ্ট চিত্ৰকৰ সকলে অনুধাৱণ কৰিছিল, তালৈ চাই আচলতে ইম্প্ৰেছনিজমক বিজ্ঞানৰ এটা মতবাদ বুলিয়ে ক'ব লাগিব। একেলগতে, প্ৰতিভাসৰ মাধমেৰে আমি প্ৰত্যক্ষ কৰা জগতখনৰ কথা তেওঁলোকে যেনেকৈ চাবলৈ চেষ্টা কৰিছিল- সেইফালৰ পৰা এয়াতো এটা দাৰ্শনিক মতবাদো। এটা শিল্প আন্দোলন কেৱল এটা শিল্প আন্দোলনেইতো নহয়।
¾
ঠিকেই কৈছা। প্ৰায়ে এনেধৰণেৰে ভবাই নহয়।
¾
২০০৪ চনত হাবল স্পেচ টেলিস্কোপ ব্যৱহাৰ কৰি বিজ্ঞানী সকলে দুৰণিৰ তৰা এটা পৰ্যবেক্ষণ কৰি ধূলি আৰু গেছৰ কিছুমান মেঘে তৰাটো আগুৰি থকা দেখিলে আৰু ততালিতে তেওঁলোকৰ মনলৈ আহিল ভেন গঘৰ “ষ্টাৰী নাইট” নামৰ পেইন্টিং খন। এই ঘটনাটোৱে সেই মেক্সিকো, স্পেইন আৰু ইংলেণ্ডৰ বিজ্ঞানীসকলক ভেন গঘৰ ছবিৰ প্ৰদীপ্তি পুঙ্খানুপুঙ্খভাবে অধ্যয়ণ কৰিবলৈ অণুপ্ৰাণিত কৰিলে। তেতিয়া তেওঁলোকে দেখা পালে যে ভেন গঘৰ ছবি সমূহত, বিশেষকৈ তেওঁ মানসিক ভাবে অস্থিৰ হৈ থকাৰ সময়ছোৱাৰ কামখিনিত, ঘূৰ্ণিয়মান কিছুমান বিশেষ গতি বিধি বৈজ্ঞানিকভাবে সঠিক ৰূপতে দৰ্শোৱা আছে। ভেন গছৰ এই আৰ্হিবোৰ কল্মগৰভৰ গতিবিজ্ঞানৰ সমীকৰণ সিদ্ধ হৈ আছে। আমনি
পাইছা নেকি, কথাবোৰ যে এনেকৈ কৈ গৈছোঁ?
¾
নাই পোৱা। শুনি ভাল হে লাগিছে।
¾
তাৰপিছত গৱেষকসকলে ছবিখিনিক ডিজিটেলাইজড কৰিলে আৰু খুটি নাটি মাৰি চালে কেনেকৈ যি কোনো দুটা পিক্সেলৰ মাজত উজ্জ্বলতাৰ তাৰতম্য ঘটিছে। পিক্সেলৰ মধ্যৱৰ্তি বক্ৰগতিৰ পৰা তেওঁলোকে দেখিলে যে সেই ছবিসমূহত জলীয় দ্ৰব্যৰ ঘূৰ্ণীয়মান তৰংগগতিৰ অধ্যয়ণৰ বিস্তৰ সমল সোমাই আছে।
¾
মানে সেইটোও এটা কেছ ষ্টাডিৰ দৰে
হ’ল?
¾
ওঁ। ভেন গঘৰ মানসিক অস্থিৰতাই প্ৰকৃতিৰ মাজত থকা কণিকাৰ অস্থিৰ গতি বিধি উপস্থাপনৰ সহায়ক হৈছিল বুলি চকুতে কৈ থ'বলৈ সহজ। কিন্তু একে সময়তে এইটো ভাবি আচৰিত হ'বলগীয়া যে যিটো সময়ত তেওঁক মানুহে পগলা বা বলিয়া বুলি ক'বলৈ লৈছিল সেই সময়তেই তেওঁ প্ৰকৃতিৰ মাজত সোমাই থকা ইমান এটা ডাঙৰ ৰহস্যক অধ্যয়ণ কৰি তাক দৰ্শাব পাৰিছিল। গতি, তৰংগ আৰু পোহৰৰ এই প্ৰাকৃতিক বৈশিষ্ট্য পদাৰ্থ বিজ্ঞানৰ সন্মুখত আজিও এক বিৰাট সাঁথৰ।
¾
জানো
পাই। কেতিয়াবা শিল্পীতকৈ এই বিজ্ঞানী বোৰহে বেছি বলীয়া যেন লাগে। ভেন গঘৰ সেই চাকনৈয়াৰ দৰে ৰেখাবোৰ কিন্তু
তেওঁ পুৰণি উড কাট ছবিবোৰৰ পৰা অণুপ্ৰাণিত হৈ হে কৰিছিল। সেইবুলি তেওঁ নিজেই কৈ থৈ গৈছে। মানুহে যিমানেই পাগল নসজাওক,
শেষ মুহূৰ্তলৈকে ইমান পদ্ধতিগতভাবে আৰু ইমান সচেতনভাবে কাম কৰি যোৱা মানুহ এজনক পগলা
বা বলিয়া বুলি ক'লে মোৰ কিবা ভাল নালাগে।
¾
মাজে
মাজে ময়ো তেনেকৈ ভাবোঁ।
¾
আৰু
আমাৰ সমাজত ধাৰণা এনেকুৱাই যে যি পাহাৰ নীলা নহয়, সেই পাহাৰ পাহাৰেই নহয়।
¾
বৃষ্টিলৈ মনত আছে নে? মনমীতৰ জীয়েক? এবাৰ বৃষ্টিয়ে তাই পাঁচ বছৰীয়া হৈ থাকোতেই খুব ৰিয়েলিষ্টিকেলি
পাহাৰ আঁকিছিল। স্কুলৰ ছবিৰ শিক্ষকে সেইবোৰ কাটি দি কেইটামান ত্ৰিভূজৰ দৰে পাহাৰ বহুৱাই
দিলে।
¾
তেনেকুৱাই
হয়।
¾
দূৰৈৰ
পৰা দেখা আৰু ওচৰৰ পৰা দেখাৰ মাজত পাৰ্থক্যতো থাকিবই। নে কি কোৱা। যিমানে ওচৰৰ পৰা
চাবা - যি কোনো
বস্তু- সিমানে ভিন্নতা দেখিবা। দেখিবা বিচিত্ৰতা। দেখিবা সংঘাত, বৈষম্য, তাৰ মাজতো
এক ঐকতান। সমাজখনৰ ক্ষেত্ৰতো একেই কথা। কোনোবাই দূৰৈৰ পৰা চাই আমাৰ সমাজখনক একেটা ৰঙেৰে
বুলাই দিলে ভাল পাবা জানো? মানে ধৰা কোনোবাই ব্ৰাছ এডাল লৈ গেৰুৱা ৰঙ বুলাই দিলে...
¾
নাহ।
ওহোঁ।
¾
বহুত
দূৰ খোজ কাঢ়িলোঁ। আৰু অলপ জীৰাই লওঁ আহা।
¾
এৰা। অলপ বহি লওঁ। পিছে মই এতিয়াও ভাবি আছোঁ...
¾
কি
¾
ইমানবোৰ
বিচিত্ৰ ৰঙৰ সমাহাৰ এই পাহাৰ। কিন্তু দূৰণিৰ পৰা কেনেকৈ নীলা হৈ পৰে।
¾
নীলা
ৰংটোত কিবা এটা সমগ্ৰতা
আছে। সম্ভৱ- নীলা ৰং এটা
অন্য সত্য।
¾
কিন্তু
কেতিয়াবা ভাষায়ো
ৰঙৰ মৰ্ম নির্ধাৰণ কৰে।
¾
যেনে?
¾
সন্ধিয়াৰ
ৰঙচুৱা আকাশৰ সন্মুখত
ৰৈ এদিন নীলমণিয়ে ক'লে - কিন কিন হেঙুলীয়াৰ মাজত হঠাত উধাও- তই মোৰ সৰু চৰাই...
¾
বাহ
- কিন কিন হেঙুলীয়া!
¾
এতিয়া
এই হেঙুলীয়া আৰু গেৰুৱা একে ধৰণৰ নহয় জানো দেখাত? সেই বুলিয়ে হেঙুলীয়াৰ ঠাইত গেৰুৱা বুলি কৈ দিব পাৰিবা
জানোঁ?
¾
লাখটকীয়া
প্ৰশ্ন!
¾
ৰ'বা
ৰ'বা, কৈ থাকোতেই মনত পৰিল। হীৰেন গোঁহায়ে যে ৰিজাইছিল জগদীশ স্বামীনাথনৰ সেই হেঙুলীয়া পেইন্টিংখন- তাতো
দেখোন শিলটো শূণ্যত ওপঙি আছিল।
¾
এই,
কিবা এটা হৈছে। পাহাৰটোও কঁপিছে যেন লাগিছে।
¾
মোৰো
লাগিছে। পাহাৰটোৰ পাখি আছে যেন লাগিছে।
¾
এবাৰ
সপোনত দেখিছিলোঁ- পাখি লগা পাহাৰ এটা উৰি যোৱা।
¾
ময়ো
দেখোঁ। শূণ্যতে ওপঙি থকা শিল। ওপঙি থকা পাহাৰ।
¾
জগদীশ
স্বামীনাথনৰ
পাহাৰ?
¾
সঁচায়ে
কঁপিবও পাৰে কিন্তু দেই- পাহাৰটো। তাজমহলোঁ কঁপে- যমুনাত তুলি শত-ধুমুহাৰ কোলাহল
... কঁপি উঠে কিয় তাজমহল...
¾
lee waves , লী তৰঙ্গ- পাহাৰৰ সৃষ্টি, নে লী তৰঙ্গইহে পাহাৰৰ গঢ় গতি নিৰ্ধাৰণ কৰে?
¾
এতিয়া
মই কিন কিন কথষাৰ হে ভাবি আছোঁ।
¾
কি
ভাবিছা?
¾
কিন
কিন। কিন কিন কৈ বৰষুণহে দিয়ে। কিনকিনিয়া বৰষুণ বুলি নকওঁ জানো?
¾
সেইটোৱেইতো কবিৰ চমৎকাৰিতা। ৰ'দ য'ত বৰষুণ অনুমান হয় বুলি
অলপ আগতে তুমিয়েই কোৱা নাছিলা জানোঁ?
¾
কিন
কিন হেঙুলীয়া বৰষুণৰ পাৰ্টিকল্। জলকণা। ধূলি কণা হেন। আকাশখন কঁপিছে।
¾
পাৰ্টিকল্। বিশ্বখনেই পাৰ্টিকলৰ। পাৰ্টিকলৰেই
ভগৱান!
¾
জানো
পাই, কিনো ভাবি কাঞ্চন বৰুৱাই লিখিছিল - এখন কঁপি থকা ৰামধেনু... ভূপেনদাই লিখিছিল – কঁপি উঠে
তাজমহল...
ঘূর্ণাৱর্ত
[Eddy]
পাহাৰৰ পৰা নামি আহি ভিনচেন্ট আৰু
মাধৱ জুলাহীৰ ঘৰতে পানী খাবলৈ সোমাল। পানীৰ লগতে হোকা এটা আগবঢ়াই জুলাহীয়ে ভিনচেণ্টক
তাৰ দিহা লগাবলৈ ক'লে। ভিনচেন্টেও বৰ মনপুতি তাত আঙঠা দিলে। মাধৱক মাহ ফলা জাতটোৰ
ফালে দেখুৱাই মাহ অলপ ফালি দিবলৈ ক'লে। মাধৱে জাত ঘূৰাবলৈ ল'লে আৰু জুলাহীও নিজৰ তাঁতৰ কামত লাগিল।
বগা দাড়িৰে সৈতে জুলাহীয়ে তাঁতৰ শালৰ
দীঘ আৰু বাণীৰ সূতাবোৰ দেখুৱাই কৈ গ'ল-
"এইবোৰ ইঙ্গলা, সেইবোৰ পিঙ্গলা..."
"হয় আমি অসমীয়াত ঈৰা পিঙলা বুলি
কওঁ।"
ভিনচেন্টে জুলাহিৰ নাৰিকলৰ কোৰোকাৰ
হোকাটোত হোপা এটা দি হোকাটোৰ নলটোৰ মুখখনলৈকে ৰ লাগি চাই আছে। আন একোতে তাৰ ধ্যান নাই।
হোপাটো মৰাৰ পিছত নলটোৰে সূতা এডালৰ
দৰে ধোঁৱাৰ
ৰেখা এডাল ওলাই আহিছে। প্ৰায় এবেগেতমান ধোঁৱাৰ ৰেখাডাল সৰলৰেখাৰ দৰে ওপৰলৈ উৰি তাৰ
পিছত কঁপিবলৈ ধৰিলে।
ভিনচেন্টে ইফালে সিফালে চালে। বতাহ বলা নাই। গছৰ পাত এটাও লৰা নাই। সি আকৌ সেই ধোঁৱাৰ
ৰেখাডাললৈ চালে। ৰেখাডাল পাকখাবলৈ লৈছে।
জুলাহীয়ে একোহালিমান আঁতৰত ছিগা সূতা
এডাল দেখিলে। মনযোগেৰে সেইডাল যোৰা দিয়াত লাগিল।
জুলাহী আৰু ভিনচেন্ট দুয়োৰে মনযোগ
মাধৱে মনযোগেৰে
লক্ষ্য কৰি গ'ল।
ধোঁৱাৰ ৰেখাডাল আৰু ৰেখা হৈ নেথাকিল।
ফাঁহ ফাঁহ হৈ চক্ৰাকাৰে ঘূৰি বতাহত মিহলি হ'বলৈ ধৰিলে।
"সেই যে চক্ৰবৎ গতি, সেয়া কিয়
হয়, কেনেকৈ হয় আৰু তাতোকৈ ডাঙৰ কথা সেই গতিৰ অন্তৰ্হিত সূত্ৰই বা কি - সেয়া আজিও পদাৰ্থ
বিজ্ঞানৰ আৰু গণিত শাস্ত্ৰৰ কাৰণে এক চৰম ৰহস্য।"
ভিনচেন্টে একো উত্তৰ নিদিলে, জুলাহীয়ে
কৈ গ'ল-
"আমাৰ এই মানৱ দেহ, ধোঁৱা আৰু ধূলিৰ। এই ব্ৰহ্মাণ্ডখনো ধোঁৱা আৰু ধূলিৰ। তাতোকৈ শুদ্ধকৈ ক'বলৈ
হ'লে, পকনীয়াৰ মাজতে আমাৰ আদি, পকনীয়াৰ মাজতে আমাৰ অন্ত। গতিবিজ্ঞান আৰু বলবিজ্ঞানৰ
বহু ৰহস্য আজিও আবুৰ। সেই ধোৱাখিনিৰ আৰম্ভনীৰ গতি অলপ পৰলৈকে ৰৈখিক হ'লেও ৰে'নল্ড নাম্বাৰ বাঢ়ি
যোৱাৰ লগে লগে তাৰ পাকচক্ৰও বাঢ়ি যাব... তই মাথোঁ চাই থাক। তই বুজিবি। তই পাৰিবি। মোৰ
দেখোন কিবা - তই হে পাৰিবি পাৰিবি যেন লাগে।"
তেনেতে মুগা ৰঙৰ জলহু হাফ পেন্ট পিন্ধা
চেঙেলীয়া ল'ৰা এটাই চাইকেলৰ হাফ পেডেল মাৰি মাৰি জুলাহীৰ চোতাললৈ সোমাই আহিল।
তাক দেখিয়েই জুলাহীয়ে চিঞৰ ধৰিলে-
"হে'ৰ নৰাধম, তোক এনেকৈ যেতিয়াই তেতিয়াই আহি মোক
আমনি কৰিবলৈ মানা কৰা নাছিলোঁ?"
"নহয় ককা, মই বৰ ধুনীয়া পাথৰ
কিছুমান পালোঁ, আপোনাক দিবলৈ আনিলোঁ।"
"কিহৰ পাথৰ হে'ৰ?"
"মহা মূল্যবান পাথৰ। এই পাথৰবোৰ
পোৱাৰ পাছতেই মই চাহৰ দোকানৰ
কামটোও এৰি পেলালোঁ। আপুনি চাওকচোন আগতে", বুলি ল'ৰাটোৱে চোলাৰ খোঁচনিৰ পৰা শিলগুটি কে'টামান
উলিয়াই দেখুৱালে। এই কেইটা এলা পেচা শিলগুটি বুলি কৈ নিদিব আকৌ। পাপ লাগিব। এই কেইটা
পৰম শিল। ইয়াত পূজা কৰিলেই পৰম ভগৱন্তক পায়।"
এইবাৰ জুলাহীৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ।
"তই সজে সজে বাজ হ'লিনে? হে'ৰ
এই শিলগুটি কেইটাক পূজা কৰিলেই যদি ভগৱানক পায়, মই সৌ গোটেই পাহাৰটোকেই পূজা কৰিম।
এই মাহ ফলা শিল দুচটাকে যদি পূজিবলৈ শিকিলিহেতেন, কটা নিধক, তাকে ঘঁহি ঘঁহি সংসাৰৰ
মানুহে খালে।"
"পত্থৰ পূজে হৰি মিলে, ত' মেঁ
পূজোঁ পাহাৰ..."
কথোপকথন [Dialogue]
¾
আঁহা
উভটি যাওঁ।
¾
ক'লৈ?
¾
তোমাৰ
চেঞ্চ অব হিউমাৰ মানিব লাগিব। উভটি যোৱাটো সম্ভৱ নহয় বুলি আমি সকলোবে জানোঁ।
¾
কিন্তু
তথাপি বাৰে বাৰে আমি উভটি যোৱাৰ কচৰৎ কৰোঁ।
¾
কিন্তু
যাবতো লাগিবই।
¾
ব'লা।
¾
অঁ,
বেলি বহিল।
¾
আমি
বাৰু দুনাই নতুনকৈ আৰম্ভ কৰিব নোৱাৰোনে?
¾
পাৰোঁ।
তাকেইতো কৰি আছোঁ। প্ৰতিটো বিন্দুতেই একোটা আৰম্ভনী। আৰু শেষ নাই। য'তেই শেষ, তাতো
আৰম্ভণী। কিবা ভুল ক'লোঁ নেকি?
¾
ভাবি
আছোঁ।
¾
খ্ৰীষ্ট
পূৰ্ব তিনি হেজাৰ বছৰৰ আগতেও এটা আৰম্ভণীৰ বিন্দু ভাবি ল'ব পাৰা, ষোড়শ শতিকাতো সেইটো
কৰিব পাৰা, উনাশী চনতো কৰিব পাৰা, অথবা কি কৰা সেইটো তোমাৰ কথা- আজিৰ তাৰিখতোত এটা
আৰম্ভণীৰ বিন্দু স্থাপিত কৰিব পাৰা। এহেজাৰ তিনি শ সাতসত্তৰ কোটি দুই লাখ বছৰৰ আগৰ
পৰাও আৰম্ভ কৰিবই পাৰা।
¾
বাপৰে
বাপ! সেইটো আকৌ কি?
¾
ব্ৰহ্মাণ্ডৰ
জন্মৰ সময়।
¾
মোলৈ
মনত পেলাই থাকিবা।
¾
নিশ্চয়।
তোমালৈ মনত পেলাই নেথাকিলে, তোমাৰ কথা মই ভাবি নেথাকিলে তুমি কেনেকৈ থাকিবা? ভয় হয়,
কেতিয়াবা যদি মই তোমাৰ কথা ভাবিবলৈ বন্ধ কৰি দিওঁ তেতিয়া কি হ'ব? কেতিয়াবা যদি ভালপোৱাবোৰ
শেষ হৈ যায়? কেতিয়াবা যদি নিজৰ সৈতে এই যে কথা পতা, এই যে তোমাক ক'ম ক'ম বুলি মনৰ ভিতৰতে
কথাবোৰ পাগুলি থকা- এইবোৰ যদি শেষ হৈ যায়? তেতিয়া তুমি ক'ত থাকিবা? তুমি দেখোন নোহোৱা
হৈ যাবা।
¾
এৰা,
তুমি ভাবি থকালৈহে মই থাকিম।
¾
কি হ'ল? মনে মনে
থাকিলা যে?
¾
একো নাই।
¾
হঠাৎ মনটো সেমেকি উঠিল যেন পাইছোঁ।
¾
এলিচ আৰু টুইডলডীৰ কথা বতৰালৈ মনত পৰি গ'ল। 'You'd be nowhere. Why, you're
only a sort of thing in his dream!' সপোন একোটাৰ বাহিৰত কি সঁচাকৈয়ে আমাৰ কোনো অস্তিত্ব নাই?
¾
কেইটা
বাজিল? মোৰ মোবাইলত সময় আৰু তাৰিখৰ ছেটিংছ ভুল হৈ আছে। আহি থাকোতে বাটত দোকানী এজনক
আজি কি বাৰ সুধিছিলোঁ, তেওঁ আজি সাঁই বাবাৰ দিন বুলি ক'লে। সেইটো বা আকৌ কি!
¾
দিন
বাৰ যিয়েওই নহওক, আজি নহৈ এশ বছৰ আগতেও যদি হ'ল হেতেন- ক্যা ফৰক পৰতা হেই?
¾
আকৌ
কেতিয়া লগ পাম।
¾
নাজানোঁ।
¾
য'দি
বুঢ়া পাহাৰটো তোমাক দিম বুলি কথা দিওঁ?
¾
সেই
কথাটোতো তুমি বহু আগতেই কে'বাবাৰো দি থৈছা।
¾
এই
পাহাৰটো থকালৈকে মই থাকিম, তুমি থাকিবা। আমি থাকিম।
¾
পাহাৰটো
থকালৈকেহে।
¾
মানে,
কি এই পাহাৰটোৰ অস্তিত্বও ক্ষণিক?
¾
কি
ঠিক। এটা ক্ষুদ্ৰতৰ নিগনিয়েওতো কুটি খায় পাহাৰৰ বুকু।
¾
আমি
যেতিয়া আকৌ লগ হ'ম, কি কথা পাতিম?
¾
ৰ'বা
মোবাইলতে ডিক্সনেৰীখন চাই দিছোঁ... ওঁ... অবাধ্যতা, আলোড়নপূৰ্ণতা, বিক্ষোভপূৰ্ণতা,
কোলাহলপূৰ্ণতা, হাঙ্গামা, কোলাহল, অস্থিৰতা, turbulence, disobedience, insubordination, contumacy, obstinacy,
recalcitrance, noisiness, turmoil, coil, noise, uproar, restlessness…
impetuosity, impetus, চাকনৈয়া, পাক ঘূৰণি, পকনীয়া, আৱৰ্ত , মোৰোকনি, আওটনি, ঘূৰ্ণাৱৰ্ত,
পাক, ঘূলি...
অভিজ্ঞান [Memento]
¾
ডাঙৰ
মনুমেন্ট বোৰৰ ক্ষেত্ৰত এটা অপ্টিকেল ইল্যুজন ঘটে। যিমানে তাৰ পৰা দূৰলৈ যোৱা সিমানে
সি পিছে পিছে আহি থকা যেন লাগে।
¾
অঁ
ভাবি চোৱা নাছিলোঁ কথাটো।
¾
সৰুতে
গহপুৰৰ মামাহঁতৰ ঘৰলৈ যাওতে চাহ বাগানৰ মাজেৰে বাচখন যেতিয়া আগবাঢ়িছিল, খুব মজা পাইছিলোঁ।
ওচৰৰ গছবোৰ খুব বেগেৰে পাৰ হৈ গৈছিল। দূৰৈৰ গছবোৰ অলপ লাহে লাহে পাৰ হৈছিল। আৰু আটাইতকৈ
দূৰৈত থকা চকুৰে মনিব পৰা বস্তুবোৰৰ ভিতৰত- পাহাৰৰ শাৰীবোৰ। সেইবোৰ যেন পাৰ হৈ যাবই
খোজা নাছিল যেন আমাৰ লগে লগে আহি থাকিব হে খুজিছিল।
¾
মানে
আমি যে এই তললৈ নামি আঁতৰি আহি আছোঁ। পাহাৰটো আমাৰ পিছে পিছে আহি আছে বুলি ক'ব খুজিছা?
¾
এই
দৃষ্টিভ্ৰমটোকে কুইন নামৰ হিন্দী চিনেমাখনত বৰ ধুনীয়াকৈ ব্যৱহাৰ কৰিছিল। তাত কঙ্গণা
ৰাণাৱত পেৰিছলৈ গৈ আইফেল টাৱাৰটোৰ পৰা যিমানে দূৰলৈ পলাবলৈ চেষ্টা কৰিছিল, আইফেল টাৱাৰটো
তাইৰ পিছে পিছে আহি আছিল।
¾
ৰ'বাচোন
মই উভটি চাওঁ। উৱা! কি হ'ল, পাহাৰটো ইমান সোনকালেই চকুৰ পৰা আঁতৰ হ'ল যে?
¾
বগাই
থকালৈকে হে পাহাৰ, নবগালে আকৌ কিহৰ পাহাৰ...
সমুদ্র কাজল শইকীয়া
No comments:
Post a Comment