Sunday, November 6, 2016

লিংকুছ 001: নছবন্দী


অনুপমা কেইদিনমানৰ বাবে ঘৰলৈ গৈছিল। তাই দিল্লীতে এটা ভাড়াঘৰত থাকে যদিও প্ৰায়ে আহি মোৰ লগতে থাকেহি। তাই আহি থকিলে ঘৰটো অলপ পৰিষ্কাৰ হৈ থাকে। মই অকলে থকা ল'ৰা। নিজৰ বাবে আৰু ঘাৰটো কিনো সজাই পৰাই ৰাখিম। তাই অহিব লগা থাকিলে ঘৰটো সজাই পৰাই ৰাখিবলৈ এটা অজুহাত বিচাৰি পাওঁ। সেইকেইদিন পলাশকে মতি লৈছিলোঁ। সি আহি থকিলেও বৰ অকলশৰীয়া যেন নালাগে। এজনীয়া মানুহৰ বাবে ভাত ৰান্ধিবলৈকো অসুবিধা। চাউল মুঠি কেতিয়াও জৌজৌৱা নহয়। দুজন থাকিলে একেলগে বহি খাবলৈকো ভাল। পূৱা ভাগত ঘৰ সজা-মেলা কৰিবলৈ আৰু ব্ৰেকফাষ্ট তৈয়াৰ কৰি দিবলৈ মনুহ এজনীকো ৰখা হৈছে। কিন্তু নামতহে ৰখাৰ দৰে হৈছে। কোনদিনা আহে কোনদিনা নাহে একো ঠিকনা নাথাকে। মানুহজনীৰ সৰু ছোৱালী দুজনী অছে। কেতিয়াবা সিহঁহতক লৈ কিবা সমস্যা হয় বুলি, কেতিয়বা অগদিনা ৰাতি গিৰীয়েকে মদ খাই আহি মাৰ-পিট কৰে বুলি কিবা নহয় কিবা এটাৰ পিছত এটা অজুহাত তাইৰ ওলায়েই থাকে।

মানুহগৰাকীৰ নাম সীতা। গিৰীয়েকটো ড্ৰাইভাৰ। ছোৱালী দুজনীৰ ডাঙৰজনী পঢ়ে সপ্তমমানত আৰু সৰু জনী চতুৰ্থমানত। কিন্তু ইমান দিন দিল্লীত থাকি যিটো বুজি উঠিছিলোঁ সেয়া হ'ল কাম কৰা মানুহ ৰাখিবলৈকো স্কিল লাগে। হুটা মাতেৰেই তেওঁলোকৰ লগত কথ পাতিব লাগে। দবী ধমকি দিব নোৱৰিলে কাম কৰা মানুহৰ পৰা কাম অদায় কৰি ল'ব এইখন চহৰত নোৱাৰি। পিছে মই সেইবোৰ একেবাৰেই নোৱাৰোঁ। মই বিচনত থকোতেই তাই আহি দুৱৰত টুকুৰিয়ায়হি। চকু মোহাৰি মোহাৰিয়েই মই দুৱাৰখন খুলি দিওঁ আৰু তাই যি য'ত কৰিবলগীয়া আছে কৰি মেলি যায়গৈ। এইটো কৰ সেইটো কৰ, এনেকৈ কৰ, তেনেকৈ কৰ বুলি খুটিয়াই থাকিবলৈ নাই আৰু। গতিকে মানুহজনীয়ে যে সুবিধা লয় - কথাটো নোহোৱা নহয়। এদিনতো অতিষ্ট হৈ কৈছিলোঁ - "আপুনিনো কি কাম কৰে। এয়া চাওক ফ্ৰীজৰ ওপৰত ধূলি, টেবুলৰ ওপৰত ধূলি। আপোনাক কামত ৰখাৰ লাভটোৱেই নো কি হ'ল?" প্ৰথম কথা মানুহজনীক যে মই আপুনি বুলি সম্বোধন কৰোঁ মানুহজনীয়ে তাতেই অলপ অস্বস্তি অনুভৱ কৰে। সকলোৱে এই শ্ৰেণীৰ মানুহক তই তোকাৰি কৰিয়েই কথা পাতে। কিন্তু মইনো এই দুজনীকৈ উঠি অহা ছোৱালীৰ মাক - মহিলাগৰকীক তই বুলি কেনেকৈ মাতোঁ। এদিন তাই আহোতে ছোৱালী দুজনীকো লগত লৈ আনিছিল। ডাঙৰজনী ছোৱালীৰ বুকুখন অলপকৈ ফুলিছে। পুৰঠ হৈ উঠিবলৈ আৰু বেছিদিন নাই। মই আঁৰ চকুৰে চাইছিলোঁ।

তেওঁ ক'লে- "তুমি মোক একো দাবী ধমকি নিদিয়া অকৌ”। মোৰ এইবাৰ অচৰিত হ'বৰ পাল। কোনোবাই যে মনুহৰ পৰা দাবী ধমকি বা ককৰ্থনা খুজি ল'বও পাৰে এই কথাৰ আন্দাজ মোৰ ইয়াৰ আগলৈকে নাছিল।

সেইদিনা পলশ আৰু মই বহু ৰাতিলৈকে মদ খাই আদ্দা মাৰিছিলোঁ। গতিকে ৰতিপুৱালৈ দেহাটো অৱশ হৈ বিচনাত পৰি আছিল। মানুহজনী আহিল। দুৱাৰখন খুলি দিলোঁ। সেইদিনা তাইক দেখিয়েই মই বিৰক্তহে হৈছিলোঁ। অগৰ দুদিন তেওঁ অহা নাছিল। গতিকে সেইদিনাও নাহিব বুলিয়েই ৰতিপূৱাটো আৰামেৰে দেৰীলৈকে শুম বুলি পাঙি থৈছিলোঁ।  "যোৱা দুদিন ধৰি ক'ত আছিলগৈ? আজি যে আহিছে?"

"শুনাচোন কথা আছে" বুলি কৈ মানুহজনীয়ে মোক হাতেৰে ধৰি কাষৰ আনটো ৰুমলৈ টানি নিলে।
¾    "ঘৰত আৰু কোনোবা আছে নেকি?"
¾    "অঁ, মোৰ লগৰে ল'ৰা এটা আছে।"
এইবাৰ তাই কন্দনামুৱাকৈ ক'বলৈ ধৰিলে-
¾    "মানুহটোৱে এইকেইদিন মোক আকৌ পিটিছে। যোৱাৰাতিও পিটিছে। আগৰ কেইৰাতিও পিটিছে। মই আৰু মানুহটোৰ লগত নাথাকোঁ। মানুহটোৰ কাৰণেই মই ছোৱালী দুজনী হোৱাৰ পিছত নছবন্দী কৰাই লৈছিলোঁ। কিন্তু মানুহটোৰ উৎপাত আজিকালি আৰু মই সহ্য কৰিব নোৱাৰা হৈছোঁ। তই অকলশৰীয়া ল'ৰা। দুটাকৈ কোঠালি আছে। তোকনো দুটাকৈ কোঠালি কেলেই লাগে? মই এইটো কোঠাতে থকিম। তোৰ চব কাম মই বিনা পইচাৰে কৰি দিম আৰু ঘৰ ভাড়াটোৰো মই আধাখিনি দিম।"
মানুহজনীয়ে কৈ গ'ল।

¾    "কি বলকিবলৈ আহিছে হে আপুনি? মই মোৰ ঘৰটো এনেকৈ মই অপোনাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। তাতে মাজে মাজে অনুপমাও আহি গৈ থাকে। অপুনি এনেকৈ ক'লেই নহ'ব নহয়।"
¾    "অনুপমা মানে কোন, তোমাৰ সেই ভনীজনীৰ কথ কৈছে? সিদিন যে পাইছিলোঁ?"
¾    "অঁ সেইজনীয়েই। কিন্তু সেইজনী মোৰ ভনী বুলি অপোনাক কোনে ক'লে? তাই মোৰ বান্ধবী। মোৰ গাৰ্ল ফ্ৰেণ্ড।"
¾    "তেন্তে তাইক বিয়া নাপাতা কিয়? ঘৰত জানে তাইৰ কথা?"
¾    মোৰ এইবাৰ কথবোৰে মূৰত ধৰিলেগৈ।
¾    "এইবোৰ কথা আপোনাক কিয় লাগে? মই যেতিয়া বিয়া পাতিবৰ সময় হ'ব তেতিয়া পাতিম। এতিয়া আপুনি যাওকগৈ। আজি কাম কৰিব নালাগে। মোৰ টোপনি পুৰ হোৱা নাই। মই এতিয় শুম।"
¾    "ব্ৰেকফাষ্ট?"
¾    "নালাগে। ব্ৰেড আৰু কণী আনি থোৱা আছে। যি কৰিব লাগে মই নিজেই কৰি ল'ম। আপুনি যাওক এতিয়া।"

কোনোমতে মানুহজনীক খেদালোঁ। মানুহজনী যোৱাৰ পিছত দুৱাৰখন জপাই থৈ শোৱাকোঠালৈ আহিলোঁ। পলাশ শুই আছে। সাৰ পোৱা নাই বুলি ভাবিছিলোঁ। কিন্তু সি চকু নেমেলাকৈয়ে মাত দিলে-
¾    "আপোনাৰ কাম কৰা মানুহজনীও কিন্তু অদ্ভূত দেই।"
¾    "অ, তই সাৰ পাই আছ হবলা? মস্ত কামোৰ হৈ উঠিছে এইজনী।"
¾    "মই কথাবোৰ শুনিলোঁ। তাই অপোনাক লাইন মাৰিব খুজিছে।"
¾    "মানে?"
¾    "নহ'লে সেই নছবন্দী কৰোৱাৰ কথা কিয় ক'লে?"
মই তেতিয়াহে এবাৰ গমি চলোঁ- হয়তো। কথা নাই বতৰা নাই হঠৎ নছবন্দী কৰোৱই লোৱাৰ কথাটো ক'ৰ পৰা আহিছিল?      

পলাশ গ’লগৈ। অনুপমা ঘৰৰ পৰা উভতি আহিল। আহিয়েই নিজৰ ৰুমলৈ নোযোৱাকৈ দুদিন মোৰ লগতে থকিল। এই কেইদিনমান সীতা, মানে বনকৰা মানুহজনী নিয়মীয়াকৈ আহি থাকিল। বহুত দিন হৈ গ’ল নিজৰ ভাড়া ঘৰটোত থকাই হোৱা নাই। গতিকে কেইদিনমান মই নাহোঁ বুলি অনুপমা নহাকৈ থাকিল। মই এম এন চি এটাত কাম কৰোঁ। সীতা নহিলে পূৱা আঠটামানলৈকে বিচনাতে থাকোঁ। তাই আহিলে সাতটা বজাতে উঠিব লগীয়া হয়। কাৰণ মোৰ ঘৰত কাম কৰাৰ পিছতো তেওঁ আৰু কে’বঘৰতো ৰন্ধা বঢ়া চাফ-চিকুণ কৰা কাম কৰিবগৈ লাগে। কোনোবাদিনা আধা টোপনিতে দুৱাৰ খুলি দি আকৌ শুই পৰোঁ।

এদিন ৰতিপূৱাই আহি তেওঁ অলপ টকা বিচাৰিলে। এতিয়াটো মাহটো শেষেই হোৱা নাই, পইচা আকৌ কিহলৈ দিম বুলি মই মন কৰিলোঁ। তেওঁ নেৰনেপেৰাকৈ ধৰিলে। কিবা অসুবিধা হৈছে হেনো। অগতে কে’ববৰো মোৰ পৰা পইচা ধাৰলৈ বুলি নিছে অৱশ্যে। কিন্তু কোনোদিনে অৰু সেই ‘ধাৰ’ ওভোতাই দিয়াৰ নজিৰ নাই। ময়ো এশ দুশ টকা ইফাল সিফাল হ’ল বুলিয়ে বৰকৈ লাগি নাথাকোঁ। কিন্তু সেইদিনা মোৰ হাতত পইচা তেনেই কম অছিল। তেওঁ বৰকৈ ধৰাত পেণ্টৰ জেপৰ পৰা মানিবেগটো উলিয়াই চালোঁ। কেইটামান খুচুৰা পইচাহে আছে। সেইকেইটা মোক অফিচলৈ ওলাই যাওতেই লাগিব। নহ’লে আকৌ দৌৰদৌৰিকৈ এ টি এম-লৈ বুলি ঢপলিয়াব লাগিব। মই মানিবেগটো লৈ কিবা গুণ গঁঠা কৰি থকা যেন দেখি সীতা আহি কাষতে ৰ’ল। “আজি কিন্তু মোক পাঁচশ টকা দিবই লাগিব। নহলে মই বৰ বিপদত পৰিম।“   
মোৰ হঠাতে মনত পৰিল কেতিয়াবা চোলাৰ জেপত, পেণ্টৰ জেপত পইচা থাকি যায়। তেনেকৈ ও’ত ত’ত থাকি যোৱা পইচাখিনি মই বিচনাৰ তুলিৰ তলতে এনেয়ে থৈ দিওঁ। গতিকে বিচনাৰ তুলিখন দাঙিলেই পইচা অলপ ওলাব। মই তাইক ক’লোঁ-
¾    “পইচা পাব। ৰ’বচোন। আপুনি কামত ধৰক। আগতে বিচনাখনলৈ যাব লাগিব।“ 

তেওঁ আঁতৰ হ’ল। মই মানি বেগটো আকৌ পেণ্টৰ জেপত থৈ, পেণ্টটো হেংগাৰত ওলোমাই শোৱনিকোঠাৰ ফালে আগবঢ়িলোঁ। মোতকৈ আগতেই সীতা শোৱনিকোঠা পাইছিলগৈ। মই কোঠাটোলৈ সোমাই অহাত তেওঁ দুপত্তাখন কান্ধৰ পৰা নমাই বিচনাখনতে থ’লে। মই তেওঁনো কি কৰিব খুজিছে কিবা বুজি পোৱাৰ আগতেই তেওঁ পিন্ধি থকা কামিজটো খুলিবলৈ আৰম্ভ কৰিলে। এনেকুৱা সময়ত কিনো কৰিব লাগে একো বুজি নোপোৱা হৈ অলপ সময় ৰ’লোঁ।

সি যি কি নহওক, আগতেই এদিন তেওঁ নছবন্দী কৰাই থোৱা আছে বুলি কৈছিলেই। গতিকে সেইদিনা তেওঁৰ লগত বাৰু কণ্ডমৰ প্ৰয়োজন নহ’ল।


আনফালে অনুপমা কে’বাদিনো নহা দেখি মনটো ভাল লগা নাছিল। দহ বাৰ দিনমানৰ মূৰত তাই এদিন আহিল। কামকৰা মানুহজনী নিয়মীয়াকৈ আৰু অনিয়মীয়াকৈ আহি গৈ থাকিল। আগৰ দৰে। এইবাৰ অনুপমা প্ৰায় এসপ্তাহমান মোৰ লগতে থকিল। “মোৰ ঘৰটো এৰি দিওঁ নেকি? এনেয়ে মাহেকৰ মূৰত ভাড়াৰ নামত ইমানসোপা পইচা দি থকা হয়।“ তাই এদিন কৈছিল। মই কথাটো বৰ সুবিধাজনক নাপালোঁ। মোকো অলপ প্ৰাইভেচি লাগে। আচলতে মই আৰু অনুপমা এদিন লগ হৈছিলোঁ কিছুমান স্বৰ্ত-বিৰোধী স্বৰ্তত। আমি কেতিয়াও বিয়া নাপাতোঁ- এয়াই অছিল প্ৰথম স্বৰ্ত। আমি ইজনে সিজনৰ লগত থকিলেও আমি কাহনিও এটা কমিটমেণ্টৰ প্ৰত্যাশা নাৰাখিম, নাথাকিব কোনো অভিমান, অভিযোগ কিম্ব দাবী-দাবা। এয়া আছিল দ্বিতীয় স্বৰ্ত। গতিকেই আমাৰ মাজত সম্পৰ্ক আছেও আৰু নায়ো। এই অনামী সম্পৰ্কক আন সকলোবোৰ সমাজ স্বীকৃত সম্পৰ্কতকৈ বেছি সন্মানৰ চকুৰে আমি দুয়োজনেই চাইছিলোঁ, বা চাবলৈ চেষ্টা কৰিছিলোঁ।

প্ৰায় ছবছৰ কাল দীঘলীয়া সম্পৰ্ক এটাত থকাৰ পিছত অনুপমাৰ ব্ৰেক আপ হৈছিল। শেষ মুহূৰ্তত অনুপমাই লিভ টুগেদাৰ কৰি থকা ল’ৰাজনে ঘৰৰ প্ৰৰোচনাত বেলেগ এজনী ছোৱলীক বিয়া পাতিছিল হঠাতে। সকলো স্বীকৃত সম্পৰ্কৰ প্ৰতি মোহভংগ হোৱা বিধ্বস্ত আৰু হতাশ অনুপমাজনী আহিছিল মোৰ ওচৰলৈ। তাই অলপ বেলেগ ধৰণৰ। আন ছোৱালীবোৰৰ লগত ৰিজাবলৈ গ’লে তাইৰ কথাবোৰ নিমিলে। মোৰ লগত থকা সময়খিনিতো মই গম পাইছিলোঁ, তাই আন এজন মানুহৰ ওচৰলৈকো মাজে মাজে গৈছিল। অৱশ্যে তাত মোৰ কোনো আপত্তি নাছিল। থাকিবৰ কথা নাছিল। আমাৰ মাজত চুক্তিয়েই তেনেকুৱাকৈ হৈছিল।

অনুপমা মোৰ লগত থাকিলে সীতা আমাৰ শোৱাঘৰলৈ নোসোমায়। পাকঘৰ আৰু আনটো ৰুমতে নিজাভাগে কাম কৰি  যায়গৈ। অনুপমা নাথাকিলেই তেওঁ মাজে মাজে মোক কিবাকিবি অসুবিধাৰ কথা কৈ কৈ পইচা বিচৰা হ’ল। কোনোবা দিনা মই নিজেও সুধিবলৈ ল’লোঁ- “আজি অপোনাক পইচাৰ প্ৰয়োজন নাই হোৱা নেকি?” মোৰ ইংগিত তেওঁ বুজি পাইছিল ঠিকেই। বিশেষ একো নোকোৱাকৈ তেওঁ মোৰ শোৱাকোঠালিলৈ সোমাই আহিছিল। যিদিনা চুৰিদাৰ পিন্ধিছিল সেইদিনা দুপাত্তাখন খহাই দিছিল। যিদিনা শাৰী পিন্ধি আহিছিল, পেটিকোটটো নিজে নিজেই দাঙি দিছিল।  


এদিন ব্ৰহ্মপূৱাই অফিচৰ কামৰ সংক্ৰান্তত মানুহ এজনক লগ ধৰিবলৈ এয়াৰপ’ৰ্টলৈ দৌৰিব লগা হৈছিল। অনুপমা মোৰ ঘৰতে আছিল সেইদিনা। ফেঁহুজালি নৌদিওতেই শোৱাপাটি এৰি এয়াৰপ’ৰ্টলৈ গৈ যেতিয়া উভতি আহিলোঁ তেতিয়া ন মান বাজিছে। আজি অফিচলৈ যাব লগা নাই। আহোতে অনুপমাই ভাল পোৱা বেকাৰী খনৰ পৰা তাইৰ পচন্দৰ ব্ৰাউনি লৈ আনিলোঁ। আজি অনুপমাৰ লগতে চিনেমা এখনকে চাবলৈ যাব পাৰি। মনতে প্লেন কৰি ল’লোঁ।

কিন্তু আহি দেখোঁ – অনুপমাই মুখখন ওফোন্দাই বহি আছে। দেখিয়েই গম পোৱা গ’ল- ক’ৰবাত কিবা এটা গণ্ডগোল ঘটিছে। এনেয়ে তাই কথাই কথাই মুখ ওফোন্দোৱা ধৰণৰ ছোৱালী নহয়েই। আনি দিয়া ব্ৰাউনিখিনিও নাখালে। বহুবাৰ সোধাৰ পিছতো একো নক’লে। কথ গুৰুতৰ বুলি ভাবি মই মনতে প্লেন কৰি থোৱা চিনেমা চোৱাৰ প্ৰস্তাৱটোও উলিয়াব নোৱাৰা হ’লোঁ। দুপৰীয়ালৈ তাই নিজেই মাত দিলে। আজি দিনটোত এই প্ৰথম ওলাল তাইৰ মুখৰ মাত।
¾    “তই সেই কামকৰা মানুহজনীৰ লগত কি কৰিছিলি?”
এইবাৰ মোৰ মুখৰ মাত হৰিল।

¾    “সেইবোৰ কিয় কৰিবলগা হ’ল?”
কথাবোৰ তাৰমানে তাই গম পালে। কেনেকৈ গম পালে? মানুহজনীয়ে নিজেই ক’লে নেকি? নিজেই কিয় ক’ব? ক’লেও নো কোনখিনি কথা বা কেনেকৈ কৈছে কোনে জানে?

হঠাতে বস্তু বাহানি সামৰি তাই যাবলৈ ওলাল। মই কিবকিবি কৈ বুজাবলৈ চেষ্টা কৰিছিলোঁ যদিও তাই নুশুনিলে। তাই নৰ’ল। গ’লগৈ। কামকৰা মানুহজনী বৰ সুবিধাৰ নহ’ব বুলি বুজি উঠি তেওঁক শীঘ্ৰেই কামৰ পৰা অব্যাহতি দিয়া হ’ল। কেইদিনমানৰ পিছত অৱশ্যে অনুপমা আকৌ উভতি আহিল। তাই সৰলমনা। ঠেঁহ-পেচবোৰ বেছিদিনলৈ ধৰি থাকিব নাজানে।


বহুদিনৰ পিছত এদিন পলাশৰ লগত এৰাতি কটাওতে কথাবোৰ ওলাইছিল। “আৰু অপোনাক লাইন মাৰি থকা সেই কামকৰা মনুহজনীৰ কি খবৰ” বুলি সি ধেমালিৰ ছলেৰে সুধিছিল। তেতিয়াই কথাবোৰ ওলাইছিল। কথাবোৰ মই কওঁ নকওঁ কৈ কৈছিলোঁ। কথাবোৰ আন কাৰোবাক কোৱাটো উচিত হ’ব নে নহ’ব ঠাৱৰ কৰিব নোৱাৰাত পৰিছিলোঁ। মোতকৈ সি বয়সত বহুত সৰু হ’লেও মদৰ আড্ডাত বহিলে তাক সমনীয়া বুলিয়েই জ্ঞান কৰোঁ। হাতত গিলাচটো থাকিলে সিও বিজ্ঞৰ দৰে কথা ক’বলৈ আৰম্ভ কৰে। কথাখিনি শুনি বাৰু সি অ’ভাৰ-ৰিয়েক্ট নকৰিলে। মনে মনে শুনি গৈ থকিল মাথোঁ।

মোৰ কথখিনি শেষ হোৱাৰ পিছত পলাশে একো নক’লে। আমি দুয়ো মনে মনে থকিলোঁ অলপ সময়। সি একো নোকোৱা দেখি মই নিজেই নিজকে কোৱাৰ দৰে ভোৰভোৰাই ক’লোঁ –

¾    “কিন্তু মই দুটা কথা বুজি নোপোৱাকৈ থাকি গ’ল। অনুপমা আৰু মই একেলগে থাকিলেও আমি দুয়োটাই স্বাধীন। ইজনে সিজনৰ ব্যক্তিগত সিদ্ধন্তত আমি হস্তক্ষেপ নকৰোৱেই। চেক্স সম্পৰ্কে আমাৰ দুয়োটাৰে কাৰো একো ভেল্যু জৰিত হৈ থকা নাই। তেনেহ’লে সেইদিনা অনুপমা ইমানকৈ আপছেট কিয় হৈছিল?”     

পলাশে লাহেকৈ মাত দিলে-
¾    “সম্পৰ্ক সম্পৰ্কই। আপোনালোকৰ সম্পৰ্কটো চলি থকা সামাজিক সম্পৰ্কবোৰেৰে জুখিব নোৱাৰি ঠিকেই। কিন্তু সেয়াওতো সম্পৰ্কই। তাতে ছোৱালী এজনীৰ মন বুজাটো এনেয়েও টান। তেখেত থকোতেই অন্য এগৰাকীৰ লগত আপুনি সম্পৰ্ক কৰিলে তেখেতে সহজ ভাবে ল’ব নোৱাৰাটো স্বভৱিকেই। কেৱল চেক্সৰ কাৰণে চেক্স বুলি আমি যিমানেই যি কৈ নাথাকোঁ কিয়, সি তাতে আবদ্ধ নাথাকে যে। সিওতো নিজেই এটা সম্পৰ্কই।“   
তাৰ কথখিনি গধুৰ। উলাই কৰিব নোৱাৰি।

¾    “এতিয়া আনটো ৰহস্য হ’ল, কামকৰা মানুহজনীয়ে কথাখিনি কিয় কৈ দিলে? কি স্বাৰ্থ থাকিব পাৰে?”
¾    “উত্তৰ একেটাই”। পলাশে ক’লে। মই শুনি থকিলোঁ।
¾    “কামকৰা মানুহ হ’ল কি হ’ল। তেখেতোতো মহিলা। আপুনি তেখেতৰ লগত সেইসোপা কাণ্ড কৰিলে। এতিয়া তেখেতৰ সন্মুখতে আপুনি আন এগৰাকী মহিলাৰ লগত হাঁহি মাতি আছে। তেখেতৰ কেনেকৈ সহ্য হয়?”


কথাটো সঁচা- হাতত মদৰ গিলাচটো থাকিলে পলাশে বিজ্ঞৰ দৰেই কথা ক’বলৈ আৰম্ভ কৰে।


Friday, September 30, 2016

ৰামলীলা



ত্ৰিশ বছৰৰো অধিক কাল হ’ল। বিষম দেশত একেৰাহে সফলতাৰে ৰামলীলা উদযাপন হৈ আহিছে। ঢং সমিতি, অং সমিতি আৰু খং সমিতি নামৰ তিনিখন সমিতিয়ে সময়ে সময়ে এই উদযাপনৰ গুৰুভাৰ কান্ধ পাতি লৈ আহিছে। অৱশ্যে খং সমিতি বিষম দেশত নতুন। ঢং সমিতি আটাইতকৈ পুৰণা আৰু গোটেই ভাৰস্ততে নাম থকা সমিতি। দর্শক ৰাইজ আছিল শিং জোকাৰি ঘাঁহ খোৱা বিধৰ। তেওঁলোকেই বেছিভাগ ৰামলীলা সমাপন কৰি আহিছিল আৰু তেওঁলোকৰ ওপৰতে ভৰষা ৰাখি দৰ্শক সমজুৱা ৰাইজে বৰ আৰামেৰে এই ৰামলীলা উপভোগ কৰি আহিছিল। সেয়েহে এটা সময়ত ৰামলীলা গৈ থৈ আৰামলীলা নামেৰে জনাজাত হ'বলৈ ল'লে। বিষম দেশৰ এই আৰাম লীলাৰে কিছু কথা আজি ক'বলৈ মন মেলিছোঁ।

আমাৰ বাতিৰামে এবাৰ ঘটিৰামক সুধিছিল। এই ৰামলীলাখনক নো ৰামলীলা বুলি কিয় কয়? কি ক'ব বুজি নাপাই বহুত ভাবি ভাবি ঘটিৰামে উত্তৰ দিলে- "চা ভাই। উগ্ৰ টেঙাটোক আমি কি কওঁ? টেঙাও টেঙা এক্কেবাৰে ৰামটেঙা। কোনোবা মদাহী এটাক ধৰি ৰাইজে পাব্লিক ধুলাই দিলে আমি কওঁ - পিটনো পিটন একেবাৰে ৰামপিটন। সৰুতে যে তোক ছাগলী বুলি জোকাইছিলোঁ - ছাগলীও ছাগলী একেবাৰে ৰামছাগলী! সেই তেনেকৈয়ে এইখন লীলাওতো কম লীলা নহয়। এয়া লীলাও লীলা একেবাৰে ৰামলীলা!"

বহুকাল ঢং সমিতিখনে একেৰাহে ৰামলীলাখন চলাই থকাত লাহে লাহে ঢেৰ খেলিমেলিয়ে দেখা দিবলৈ ল'লে। ঢং সমিতি সকলো সময়তে নিজৰ বংশ বংশ বুলি দাং খাই থাকে। সমিতিখনৰ বংশৰ এটা বিৰাট প্ৰকাণ্ড ঐতিহ্য আছে বুলি একেখিনি কথাকে পাগুলি পাগুলি দাং খাই খাই কথা কৈ থাকে আৰু একাংশ ৰাইজে ভাং খোৱা মানুহৰ দৰে লাং খাই পৰি পৰি সেইবোৰকে শুনি মূৰ দুপিয়াই থাকে। বিৰক্ত হৈ এটা সময়ত সকলো মানুহে এঙামুৰি দি উঠি একে আষাৰতেই ক'লে যে এখন নতুন সমিতি লাগে। তেনেকৈয়ে আং সমিতিয়ে পাঁচবছৰমান লীলাখন চলালে। কিন্তু অং সমিতি হ'ল অভং সমিতি। গোটেইখিনি লোকেল অভং কিন্তু সিহঁতৰ অহং কিনো চাবা! সিহঁতৰ অভঙালীত গোটেইখনতে খেলিমেলি কমক চাৰি আৰু বেছি বাঢ়িলহে। কামত ফাং ফুং বাবেই ভালকৈ চলাব নোৱাৰাত ঢলং পলং কৈ ৰামলীলা চলি থাকিল কোনোমতে।  ৰামলীলাখন যে সোণৰ সোলেং। যেনেকৈয়ে হওক ৰামলীলা কিন্তু চলিয়েই থাকিব লাগিব

আকৌ আহিল ঢং সমিতি। ঢং সমিতি, আং সমিতি - এবাৰ এখনে সিবাৰত সিখনে এনেকৈয়ে মুঠতে সমিতি দুখনে এংকৰি বেংকৰি লীলাখন চলাই থকা হ'ল।  বহু যুগ ধৰি খং সমিতি নামৰ এখন সমিতিয়ে লীলা চলাবলৈ পাং পাতি আছিল বুলি ৰাইজে শুনি আছিল। কিন্তু খং সমিতিৰ খঙৰ ঢং দেখি ৰাইজে বৰকৈ তেওঁলোকক বিচৰা নাছিল। খং সমিতিৰ ইটো কথাতো খং, সিটো কথাতো খং। কোন মানুহে কিহৰ মাংস খায় সেই কথাতো খং, কোন মহিলাই কি সাজ পিন্ধে সেই কথাতো খং। মানুহৰ মতে সিহঁতৰ বাহিৰেহে ৰং ছং। আমাৰ বাবে সিহঁত ওফৰা জেং। সেয়েহে বহুকাললৈকে ৰং ৰহইছ ভালপোৱা বিষমদেশৰ শান্তিপ্রিয় মানুহখিনিৰ মাজলৈ খং সমিতি অহাটো আকাশত চাং পতাৰ দৰে কথা আছিল। কিন্তু ত্ৰিশ বছৰমান ধৰি একঘেয়ামীকৈ অং আৰু ঢং আৰু ঢং আৰু অং সমিতিৰ জেং লীলাবোৰ দেখি দেখি এসময়ত ৰাইজৰো খং ধৰা হ'ল। এনেকৈ হ’লে এদিন ৰামলীলাই সাং হ’ব দেখোন! সংসাৰৰ মানুহে কি ক’ব? সেয়ে এইবাৰ খাটাং কৈ ঠিৰাং কৰি মতা হ'ল নতুন ৰং সানিব পৰা নতুন পণ লোৱা খং সমিতি।  

এইখিনিতে আৰু এটা কথা কৈ থোৱা ভাল। ঢং, অং কিংবা খং - সমিতি যিয়েই নহওক, কৰ্মকৰ্তা আৰু কলাকুশলীৰ বেছিভাগ কিন্তু একেখিনি মানুহেই - কমন। মানে এবাৰ ঢং সমিতিৰ লীলাত ভাও লোৱাজনেই পাছৰবাৰ অং সমিতিতো ভাও দিয়া দেখা যায়। সেই একেখিনি মানুহেই সকলো সমিতিৰে অংশ। ৰামলীলাৰ পোষ্টাৰ-বেনাৰ আঁৰিবলৈ যোৱাবোৰকো দেখি ধৰিব নোৱাৰি সিহঁতে কোন সমিতিৰ পোষ্টাৰ আঁৰিবলৈ গৈছে।

ৰামলীলাৰ কাহিনী সম্পৰ্কে আপোনালোকক ক'বলৈ নাযাওঁ। ৰাম, ৰাৱণ, সীতা, বিভীষণ, হনুমন্ত সহিতে অগণন চৰিত্ৰবোৰকো আপোনালোকে জানে, তেনেকৈয়ে কাহিনীভাগো আপোনালোকে জানে। বছৰৰ পিছত বছৰ ধৰি সেই একেখিনিয়েই কাহিনী। হয়তো। মনোৰঞ্জনৰ মাধ্যমবোৰত আমি আচলতে ইতিমধ্যে জনা বস্তুবোৰকেই চাবলৈ বিচাৰোঁ। নতুন কিবা লাগে বুলি আমি চিঞৰ বাখৰ কৰি থাকোঁ হয়, কিন্তু আচলতে নতুন কিবা এটা আমি আচলতে চাবলৈ বিচাৰোঁ জানোঁ? এই যে চলমান খান। চলমান খানৰ চিনেমাবোৰ কেনেকুৱা ধৰণৰ হয়, বা চলমান খান নিজে কেনেকুৱা ৰূপত আবিৰ্ভাৱ হয় সেইবোৰ সম্পৰ্কে আমাৰ ধাৰণা এটা ইতিমধ্যে হৈছেই। এতিয়া চলমান খান থকা চিনেমা এখন চাবলৈ যাওতে আমি চিনি পোৱা, আমি জনা চলমান খান এজনকেই চাবলৈ নাযাওঁ জানোঁ? আৰু তেনেকৈয়ে আমাৰ ইচ্ছা, আমাৰ হেঁপাহ, আমাৰ সপোনবোৰ যদি চলমান খানে পূৰণ নকৰে তেতিয়া সেইখন চাবলৈ বিচাৰিম জানোঁ? এই ধৰক, চলমান খানে ৰাস্তাত গুন্দাৰ হাতত মাৰ খাই ঘৰলৈ উভটি আহিল। সেইখন চিনেমা বজাৰত চলিব জানোঁ? নচলে। সেইখন ফ্লপ। কোনেও নাচায়। কথাটো অলপ অচৰপ তেনেকুৱাই। ৰামায়ণ আৰু মহাভাৰত আমি সৰুতেই শুনিছিলোঁ। কিন্তু বছৰৰ পিছত বছৰ ধৰি একেখিনি কাহিনীকে ৰামলীলাৰ ৰূপতেই হওক বা আমাৰ ভাওনাৰ ৰূপতেই হওক - আমি চাই নাথাকিম জানোঁ?

বিষম দেশৰ ৰামলীলা, মানে এই আৰামলীলাখনো ঠিক তেনেকুৱাই। বছৰৰ পিছত বছৰ ধৰি একো নতুনত্ব নাই। ৰ'ব। কেৱল কাহিনীৰ কথাই কোৱা নাই। যি জন মানুহে ৰামৰ ভাও লয়, বছৰৰ পিছত বছৰ তেওঁ ৰামৰ ভাওৱেই লয়। ৰাৱণৰ ভাও লোৱাজনে ৰাৱণৰ, হনুমানৰ ভাও লোৱাজনে হনুমানৰ ... এনেকৈয়ে ভাৱৰীয়াখিনিও একেবাৰে - ফিক্সড। সমিতি যিয়েই নহওক। গতিকে সেইফালৰ পৰাও কোনো নতুনত্ব নাই বুলিয়েই ক'ব লাগিব। কিন্তু এইবাৰ আৰু নহ'ব। আৰাম কৰি ৰামলীলা চাই চাই মানুহবোৰৰ আমনি লাগি গ'ল। ভাৱৰীয়াবোৰেও একেখিনি সংলাপ আওৰাই আওৰাই আমনি পোৱা হ'ল আৰু নতুন কিবা ক'ব লগীয়া হ'লেও মুখেৰে কিবা আং বাং হে বকিবলৈ লোৱা হ'ল। মিছা ক'লেনো কিডাল হ'ব? বাৰে বাৰে একেখিনি কথাকে পেঘেনীয়াই থাকি কিডাল হ'ব? গতিকে এইবাৰ সকলোৱে সমস্বৰে কৈ উঠিল - এইবাৰ আমাক পৰিৱৰ্তন লাগে।

অঁ, এৰা তো, পৰিৱৰ্তন নহ'লে আৰু কিডাল হ'ব।  কিন্তু পৰিৱৰ্তন কৰিব কিহত? এতিয়া ৰামলীলাত তো ৰামায়ণেই কৰিব লাগিব। ৰামায়ণৰ ঠাইত মহাভাৰত কৰিলেতো আৰু নচলিব। বালি-সুগ্রীৱৰ ঠাইত কংস ওলালেতো নহ’ব! ৰাৱণে সীতাক হৰণ কৰিব, হনুমানে ৰামক সহায় কৰিব, ৰামে ৰাৱণক বধ কৰিব। ইয়াত নতুন কি কৰিব পাৰি? সম্ভৱেই নহয়। গতিকে পৰিৱৰ্তনৰ নামত এটা সিদ্ধান্ত লোৱা হ'ল। এইবাৰ ৰামৰ ভাও লোৱা ভাৱৰীয়াজনে ৰাৱণৰ ভাও ল'ব। তেনেকৈয়ে, ইমান বছৰ ধৰি ৰাৱণৰ ভাও লৈ অহাজনে ৰামৰ ভাও ল'ব। সেইমতেই কাম। বাকীবোৰ চৰিত্ৰ আৰু ভাৱৰীয়াও সলনাসলনি কৰি লোৱা হ'ল। যেনে বিভীষণৰ ভাও লোৱাজনে হনুমানৰ ভাও, আৰু হনুমানৰ ভাও লোৱাজনে এইবাৰ বোলে বিভীষণৰ ভাওহে ল'ব। বঢ়িয়া। সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্তমতেই সকলোখিনি আয়োজন আগবাঢ়িল।

এতিয়া সমস্যা অলপ হ'ল নহয়। ৰাৱণৰ দৰে তৰ্জন গৰ্জন কৰি, খঙৰ ভমকত টেলেকা টেলেকা কৰি ৰঙা চকু দেখুৱাই বচন মতা ভাৱৰীয়াজনে সদাহাস্যময় ৰামৰ কোমল মুখখনেৰে বচন মাতে কেনেকৈ? সেইমতে ইমানকালে ৰামৰ ভাও দি অহাজনেও কেনেকৈ সেই তৰ্জন গৰ্জনখন কৰে বাৰু? হনুমান বিভীষণ হ'বলৈ গৈ, আৰু সেইমতে বিভীষণ হনুমান হ'বলৈ গৈ মহা অথন্তৰ ঘটালে। তথাপি ৰামলীলা আৰম্ভ হ'ল যথা সময়ত। আৰু আপোনালোকে হয়তো এই কথাটোও জানে যে ৰামলীলা ন দিন ধৰি চলে। দহ নম্বৰ, অৰ্থাৎ দশম দিনটোতেই দছেৰা অৰ্থাৎ ৰাৱণ দহন হয়গৈ। ৰামলীলা, দূৰ্গা পূজা, নৱৰাত্ৰী, গৰ্বা - এই সমান্তৰাল ভাবে হোৱা উৎসৱবোৰৰ কথা আপোনালোকে জানে - কিনো নতুনকৈ ক'ম আৰু। মোৰ আগ্ৰহ মাথোঁ বিষমদেশৰ আৰামলীলাখনতহে।

এই যে ভাওবিলাক অদল বদল কৰি লোৱা হ'ল অলপমান পৰিৱৰ্তনৰ নামত, তাত যে ভাৱৰীয়া সকলৰ হে অসুবিধা হৈছিল তেনে নহয়। ভাৱৰীয়া সকল যিহেতু ভাৱৰীয়া, ভাও দিয়াটোৱেই তেওঁলোকৰ কাম, আৰু ভাও-ধৰাটোতেই তেওলোকৰ কুশলতা - সেয়েহে তেওলোকে বাৰু যেনে তেনে অসুবিধাখিনি মেনেজ কৰি ল'লে। কিন্তু দৰ্শকে এতিয়া কৰিব কি? তেওঁলোকে ইমানদিনে একেজন ভাৱৰীয়াকে ৰামৰ ৰূপত দেখি দেখি আহি সেইমতেই পতিয়ন গৈ বহি আছিল যে - ৰাম হ'লে এনেকুৱাই হ'ব লাগে। এতিয়া সেইজন ভাৱৰীয়াকে ৰাৱণৰ ৰূপত দেখা পাই তেওঁলোকে বিচূৰ্তি খালে। মানুহ অভ্যাসৰ দাস হে। ভাৱৰীয়াবোৰো মানুহ, দৰ্শকবোৰো মানুহ। প্ৰথমতে অলপ সময় ঠিকেই আছিল। লাহে লাহে মানুহৰ খোকোজা লাগিবলৈ ধৰিলে। তথাপি আৰামলীলাৰ এদিন গ'ল। হাজাৰটা বিসঙ্গতি আৰু খেলিমেলিৰ মাজেৰে দুদিন গ'ল। কোনে কাৰ অংগী ভংগী কৰিছে কোনেও ধৰিব নোৱাৰা হ’ল। সূত্রধাৰ, গায়ন-বায়নৰ ইংগিত সংকেত একোৰে একো কাম নোহোৱা হ’ল। এটা সময়ত ৰাৱণৰ খোজ কাটলেৰে খোজ কঢ়া ৰামক দেখি, ৰাৱণৰ দৰে ভ্ৰূ-কোঁচাবলৈ ধৰা ৰামক দেখি, ক্ষণে ক্ষণে ঘনে ঘনে ৰাৱণৰ ৰূপ ফুটি উঠা ৰামক দেখি মানুহে সমস্বৰে হামৰাও কাঢ়িবলৈ ধৰিলে - হায় ৰাম! হায় ৰাম!! হা হা ৰাম!!!

এটা সময়ত যেনেকৈ ৰামলীলাখনে আৰামলীলা নাম পাইছিল, এতিয়া পৰিৱৰ্তনৰ নামত হোৱা এই নতুন আৰামলীলাখনে হা হা হাহাকাৰৰ পিছত হা-ৰামলীলা নাম পালে। গতিকে এতিয়াৰে পৰা ৰামলীলা বা আৰামলীলা নুবুলি আমি হাৰামলীলা বুলিম।

এনেকৈয়ে হাৰামলীলাৰ তৃতীয় দিন গ'ল, হাৰামলীলাৰ চতুৰ্থ দিন গ'ল। শান্তিপ্ৰিয় দেশখনৰ সকলো শান্তিয়ে পলাই পত্ৰং দিয়াৰ দৰে হ পঞ্চমদিনাৰ পৰা মানুহে আৰু ধৰিব নোৱাৰা হ'ল প্ৰভূভক্ত আৰু একান্ত নিষ্ঠাবান কোন- হনুমান নে বিভীষণ? এজনে মাজতে চিঞৰ ধৰিলে-  সৌটো চা ঘৰশত্ৰু হনুমান! বাকী ৰাইজে শুধৰাই দিলে, নহয় নহয়, বিভীষণহে ঘৰশত্ৰু। হনুমানতো পৰম ভক্ত। কিন্তু কথা হ'ল সন্মুখৰ কোনজননো হনুমান আৰু কোনজননো বিভীষণ মানুহে যদি বুজি নোপোৱা হয়, তাত মানুহৰ দোষ কি?    

মানুহৰ মাজত কোলাহল বাঢ়ি গৈ এটা সময়ত বিৰাট খেলিমেলিৰ পৰিৱেশ এটা আৰম্ভ হ'ল। ঘটিৰামে বাতিৰামক ৰিং এটা মাৰি মাতিলে। নলে গলে লগা ঘটিৰাম আৰু বাতিৰামৰ মাজতো তামাম কাজিয়া আৰম্ভ হ'ল। কোন ৰাম আৰু কোন ৰাৱণ, কোন হনুমান আৰু কোন বিভীষণ এইবোৰ কথাকে লৈ। কাজিয়া গৈ গৈ একেবাৰে তুংগত। প্ৰায় কোনেও কাৰো মাত নুশুনা অৱস্থা। ঘটিৰামে মাথোন কৈছিল- “আজি ৰামে এনেকৈ কিয় খোজ কাঢ়িছে?”
লগে লগে বাতিৰামে জকজকাই উঠিল নহয়। ইমান বছৰৰ পিছত বছৰ ধৰি তোৰ সেই ৰাৱণটোৱে ৰামৰ ভাও লৈ থাকোতে যে তেনেকৈ খোজ কাঢ়ি ভাও দি আহিছিল তেতিয়াতো একো কোৱা নাছিলি? ইমান বছৰ ধৰি কিয় নিমাত আছিলি? ১৯৭২ চনত তই কি কৰিছিলি?”
“১৯৭৯ চনত তই ক'ত আছিলি?”
“মই য'তেই নাথাকোঁ কিয়, ১৯৮৫ চনত তই নিজে ক'ত আছিলি?”
“মাৱতাবাদৰ নামতেই ৰামে তেনেকৈ খোজ কাঢ়িব নোৱাৰিব”।
“নহয় নহয়, মানৱতাবাদৰ নামতেই কৈছোঁ, ৰামে তেনেকৈয়ে খোজ কাঢ়িব লাগিব”।
“মই হে মানৱতাবাদী।“
“তই ক'লেই হ'ব নেকি? মই হে মানৱতাবাদী”।

... মুঠতে কথাৰো কোনো লাগ বান্ধ নাই, কাজিয়াৰো কোনো মীমাংসা নাই।

ঘটিৰামে দেখিলে কথা বিষম। গতিকে সি মনে মনে থাকিল- ভাবিলে এই অল্পমতিবোৰৰ লগত তৰ্ক কৰিয়েই বা কি লাভ? এনেকৈয়ে ষষ্ঠদিন, সপ্তমদিন আগবাঢ়িল। ৰামলীলা ইমান পুৰণা কাহিনী যিহেতু, সংলাপত কাহানিও কাৰো খেলি মেলি লগা নাছিল এইবাৰ হোৱা খেলিমেলি খিনি কম কৰিবলৈ সংলাপ সোঁৱৰাই দিবলৈ পম্‌প্টাৰ একোজনকৈ ৰখা হ' কিন্তু একো লাভ নহ' পম্‌প্টাৰে নিজেই চিনি নোপোৱা হ'ল কোন ভাৱৰীয়াৰ গাৰ চেলেং গৈ কাৰ গাত আছেগৈ আগফালে মাৰো দাং, পিছফালে ধোবাং বাং 

কথা ভয়ংকৰ হৈ গৈ থাকিল, তথাপি হাৰামলীলা চলি থাকিল। এতিয়া বাতিৰামে কথাই কথাই পিঙাই থাকিল। এইটো এনেকুৱা কিয়, সেইটো তেনেকুৱা কিয়। অতিষ্ঠ হৈ অষ্টম দিনত ঘটিৰামে ক'লে, “বচ, চুপ বাতিৰাম। আৰু নহয়।

তেনেকৈয়ে হাৰামলীলাখন চলি থাকিল।
শেষৰ ফালে হ’ল কি, এফালে নতুন ভাওত ভাও দিবলৈ গৈ আৰু আনফালে ইমান বছৰ ধৰি দি অহা ভাওবোৰৰ দস্তুৰ এৰিব নোৱাৰি ভাৱৰীয়াবোৰে প্ৰলাপ বকিবলৈ ধৰিলে। কোনেও একো টং কৰিব নোৱাৰা হ’ল। খোজবোৰ হ'ল জলং জপং। মাইক্ৰ'ফোনৰ সন্মুখত চিৰি বাখৰি লম্ফ জম্ফ কৰি সংলাপৰ সলনি আং বাং প্ৰলাপ বকিবলৈ ধৰিলে। যাৰ যাৰ মনত উৰহৰ খং আছিল, তাৰে কোনো কোনোৱে আকৌ সুবিধা ল’লে, এয়েই সময়, যিয়ে যাৰ মূৰত পাৰ এতিয়াই কঁঠাল ভাং! মানুহ কেতিয়া কেনেকৈ নৃশংস হৈ উঠে তাৰ কোনো ঠিক নাথাকে। হুলস্থুলৰ প্রকোপত পেণ্ডেলৰ টিং উৰি যাওঁ যাওঁ। ভাৱৰীয়া সকলেই নিজৰ মাজতেই যেতিয়া কোনেও কাৰো মাত নুশুনা অৱস্থা হ'ল সকলো মহা পয়মালত পৰিল। এনেকৈ হ’লে দেখোন সকলো ধ্বংস হ’ব।

ভাৱৰীয়া সকলৰ সন্মুখত মাইক্ৰ'ফোন থকাত মাইকত সিহঁতৰ চিঞৰবাখৰবোৰে তাল ফাল লগাই গোটেই বিষম দেশ ৰজনজনাই আছিল। এনে অৱস্থাত ৰাইজৰ মাজৰ কোনোবা এজনে থিয় হৈ কথা ক'বলৈ চেষ্টা কৰাটো বৃথা চেষ্টা মাত্ৰ। ঘটিৰাম আৰু বাতিৰাম গৈ সৰুকণ কাইটিৰ কাষ চাপিল। সৰুকণ কাইটি বয়োবৃদ্ধ আৰু তেখেতে বহুত কথা জানে বুলি সকলোৱে সমীহ কৰি চলিছিল। সৰুকণ কাইটিয়ে গম লৈ গা টঙাই উঠিল। ক'লে - “আপোনালোক সকলো ৰাইজে মিলি চাপৰি বজাওক। আপোনালোকে কেৱল চাপৰিহে বজাব পাৰে, গতিকে তাকেই কৰক সকলোৱে মিলি। যেতিয়া সমস্ত ৰাইজে সমস্বৰে মিলি জাউৰিয়ে জাউৰিয়ে চাপৰি বজাব সেই চাপৰিৰ শব্দত সকলো নিতাল পৰিব। ওফাইদাং মাৰি থকা ভাৱৰীয়াই তেতিয়াহে বুজিব যে ৰাইজৰ চাপৰিৰ জোৰ তেওঁলোকৰ মাততকৈ ডাঙৰ। হাজাৰটা মাইক্ৰফোন সিঁহতৰ মুখৰ সন্মুখত থাকিলেও তেওলোকে ৰাইজৰ হাতচাপৰিৰ জোৱাৰক তল পেলাব নোৱাৰিব। দেখিব সময়ত সকলো নিতাল মাৰিব।

কথা মতেই কাম। সকলো ৰাইজে মিলি চাপৰি বজাবলৈ ল'লে।
ধৰক ধৰক, ৰাইজ, আপোনালোকেও চাপৰি ধৰক। এয়েই সময়।


সমুদ্ৰ কাজল শইকীয়া
Samudra Kajal Saikia 

Monday, September 26, 2016

সম্ভাষণ

[অকালতে আমাক এৰি থৈ যোৱা বান্ধৱী প্ৰিয়ঙ্কা চাক্সেনাৰ স্মৃতিত।] 
Image Courtesy: Mou

প্ৰিয়ঙ্কাৰ, মানে প্ৰিয়ঙ্কা চাক্সেনাৰ এটা অদ্ভূত গুণ আছে। আগ পিছ একো নভবাকৈ তাই কথা কৈ যাব পাৰে অনৰ্গল। মুহূৰ্ততে মানুহৰ প্ৰশংসাত পঞ্চমুখ হ'ব পাৰে, মুহূৰ্ততে মানুহক কুকুৰে কাঁইট নোখোৱাকৈ গালিও পাৰিব পাৰে। অলপ আগলৈকে হাঁহি মাতি কথা পাতি থকা - তুমি যে ইমান ভাল বুলি কৈ থকা মানুহ এজনকো পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে তিৰষ্কাৰ কৰি খেদাই পঠাব পাৰে। এই অদ্ভূত সামৰ্থ্যৰ বাবেই প্ৰিয়ঙ্কা কোম্পেনীৰ এইচ আৰ মানে হিউমেন ৰিচ'ৰ্ছ বা মানৱ সম্পদ বিভাগৰ কামৰ বাবে আটাইতকৈ উপযুক্ত। কিন্তু বন্ধুত্বৰ খাতিৰত তাই যি কোনো কামেই কৰিব পাৰে। কোম্পেনী অথবা সংস্থাবোৰৰ লগত জৰিত মেট্ৰ'পলিটান চহৰৰ মানুহৰ জটিলতাৰ লগত অহৰহ কাম কৰি থকা স্বত্বেও ভিতৰি ভিতৰি ছোৱালীজনীৰ মাজত আছে এটা অদ্ভূত সৰলতা। তাইৰ এই যি বহুবল্কীতা - সেয়াও তাইৰ সেই সৰলতাৰেই প্ৰতীক।   

কোম্পেনীৰ এইচ আৰৰ চাকৰীটো হ'ল মানুহৰ শাওপাত খোৱাৰ চাকৰী। এফালে মানুহক চাকৰীত নিয়োগ কৰাৰ গোটেইখিনি জঞ্জাল মূৰ পাতি ল’ব লাগে, দৰমহাৰ পৰিমাণ লৈ যুক্তি তৰ্কেৰে মিমাংসা কৰাটোও এটা লেঠা, তাৰ পিছত আকৌ প্ৰতি মাহে লোকৰ প্রাপ্য আৰু অপ্ৰাপ্য টকা পইচাৰ হিচাপ কৰা - এইবোৰতকৈ বিৰক্তিকৰ কথা আৰু কি হ'ব পাৰে? আটাইতকৈ আমনিদায়ক কথাটো হ'ল আন আন এমপ্লয়ীবোৰ যেনেকুৱাই নহওক কিয় এইচ আৰ গৰাকী সদায়েই নিষ্ঠাবান বুলি ধৰি লোৱাই হয়। বাকী সকলোৰে মনত এইচ আৰ সদায়েই কোম্পেনীৰ পোহনীয়া প্ৰভুভক্ত কুকুৰ। মেনেজাৰৰ অথবা চি ই অ'ৰ একেবাৰে খাচ মানুহ। সেই কাৰণেই এইচ আৰক লৈ মানুহৰ মাজত গল্প গুজৱৰ কোনো অন্ত নাথাকে। কোম্পেনীৰ মেনেজাৰক কোনোবাই ভুলবশতঃ হ'লেও যদি উদাৰ বুলি মানিও লয়, এইচ আৰ কেতিয়াও উদাৰ হ'ব নোৱাৰে - সদায়ে কনজুচ। এইচ আৰে সদায়েই এনেকুৱা কৰে যেন তেওঁ নিজৰ জেপৰ পৰাহে বাকীবোৰক দৰমহা দিয়ে। এয়াই এইচ আৰ সম্পর্কে মানুহৰ ধাৰণা।  

প্ৰিয়ঙ্কাৰ লগ লাগিছেহি কেইদিনমানৰ পৰা এডমিন বিভাগতে অন্য এটা পদত কাম কৰা হেমাঙ্গিনী। তায়ো একাঠি চৰা। দুয়োজনীয়ে অন্য মানুহ ওচৰত নথকাৰ সময়ত কি কথা পাতে সেইবোৰ মানুহে নিজ কাণেৰে নুশুনিলে বিশ্বাসেই নকৰিব। প্ৰিয়ঙ্কাৰ মেজখন তিনি মহলাৰ ওপৰৰ লিফটৰ দুৱাৰৰ ঠিক মুখতেই। ফলত কোনো মানুহেই প্ৰিয়ঙ্কাৰ মেজখনৰ পৰা সাৰি যাব নোৱাৰে। কোন কেতিয়া আহিছে, কোন কেতিয়া গৈছে এই আটাইবোৰ তাইৰ নখ দৰ্পণত।

“দেখিছ, কোন কেতিয়া আহে যায় চব মোৰ চকুৰ সন্মুখত। কোনো কেতিয়াও সাৰিব নোৱাৰে।“
“ভালেই দে। মোৰ কথা ভাবচোন অলপ। মোৰ কোঠালিৰ দুৱাৰখন আকৌ সৌ টয়লেটোৰ ফালেহে। ফলত মই কোন কেতিয়া কিমানবাৰ বাথৰুমলৈ গৈছে সেইবোৰহে দেখোঁ
হেমাঙ্গিনীয়ে ৰসিকতা কৰি কয়। দুয়োজনীয়ে হাঁহে।
“আমনি লাগিছে আৰু। ইমানবোৰ মানুহ আহে আৰু যায়। কিমানক চাকৰী দিলোঁ, কিমানক খেদালোঁ তাৰ কোনো হিচাপ নাই। এটাও যদি ঢঙৰ ল'ৰা আহিলে হেতেন ঐ...”, প্রিয়ঙ্কাই হুমুনিয়াহ কাঢ়ে। হেমাঙ্গিনীয়ে সান্তনা দিয়ে - আহিব, আহিব। আয়েগা তেৰা ভি চাহনেৱালা।  তাৰ পিছতেই সিহঁতৰ আৰম্ভ হয় দুনীয়াৰ যত ফটুৱা কথা আৰু ফাজলামী।

তেনেকৈয়ে আহিছিল দিন মাৰ্কেটিং হে'ডৰ পদৰ বাবে এখন নিবিদা। ৰবাৰ্ট বি নামেৰে ব্যক্তি এগৰাকী। কৰ্মক্ষেত্ৰত অভিজ্ঞতা সাত বছৰৰ ওপৰৰ হ'ব। নতুন চিভি হাতত আহি পৰিলেই প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনীৰ প্ৰথমতে হেতা ওপৰা লাগে - কোনোবা ধুনীয়া দেখনীয়াৰ ল'ৰাৰ চি ভি আহিছে নেকি তাকে চাবলৈ। সদায়ে নিৰাশেই হয়, আৰু তাৰ পিছত সেই চি ভি খিনিয়েই সিহঁতৰ কাৰণে হৈ পৰে বোজা স্বৰূপ। কিন্তু এই ৰবাৰ্টৰ চি ভি খন হাতত পৰাৰ লগে লগেই সিহঁতৰ মাজত হুৱা দুৱা লাগি গ'ল। পাছপ'ৰ্ট ফটোখনত দেখা মতে ল'ৰাজন দেখনীয়াৰ। বগা চামৰাৰ। মূৰত কপালৰ ফালে ছুলি অলপ কম - কিন্তু বেয়া নেদেখায়। ঠিকনাটো চাওতেই দেখা পালে - ইউ কে। আৰে চাব্বাছ! এইবাৰ কপাল ফুলিছে।

“ইছ বাৰ এক ঢংগ কা লেড়কা আয়া হে। আহ বেটা - ক'ত পলাই সাৰিবি তই।“ প্ৰিয়ঙ্কাই ক'লে।
“কিন্তু বিবাহিতও তো হ'ব পাৰে”- হেমাঙ্গিনীৰ মনৰ উৎকন্ঠা।
“শুভ শুভ ভাব। বেয়া কথা ভাবিব নাপায়। সি বিবাহিত হ'বই নোৱাৰে। মই এনেয়ে ইমান বছৰ ধৰি মঙ্গলবাৰে মঙ্গলবাৰে হনুমানজীৰ উপাসনা কৰি উপবাস ৰাখি আহিছোঁ নেকি?”
“কথাটো অৱশ্যে হয়। কিন্তু পাছপ'ৰ্ট ফটো এখন চাই কেনেকৈ ক'বি মানুহটোনো কেনেকুৱা। চা চোন চা- ফেচবুকৰ প্ৰফাইল নিশ্চয় থাকিব।“
“মোক কি বুলি ভাবিছ? মই এতিয়ালৈকে ৰৈ থাকিম নেকি? চব চালোঁ। ক'তো একো প্ৰফাইল নাই।“
“ধূৰ তেনেহ'লে পাক্কা মেৰিড হ'ব। ঘৈণীয়েকৰ ভয়ত ফেচবুকৰ একাউন্টো খোলা নাই নহ'লে ব্লক কৰি থৈছে।“
“তোৰ মুখত পোক লাগক। ভাল কথা তোৰ মুখলৈ নাহেই নেকি।“
“নহয়, যিটো সম্ভাব্য মই সেইটোহে কৈছোঁ।“
“বাৰু হ'লেই জানিবা বিবাহিত, ময়ো হ'বলা কম ভকতনী? তাক আঙুলিৰ মূৰত এনেকৈ নচুৱাম নহয়...”
“কিন্তু মই আৰু এটা কথা ভাবিছোঁ।“
“কি?”
“ইউ কে-ৰ পৰা আকৌ আমাৰ দেশলৈ কোনোবাই কিয় কাম কৰিবলৈ আহিব?”
“আমাৰ দেশখন তই কি বুলি ভাবিছ? কিমান দেশ বিদেশৰ মানুহ ইণ্ডিয়ালৈ আহিবলৈ হামৰাও কাঢ়ি থাকে তই কি জান? আৰু তাতে এই ল'ৰাটো ইণ্ডিয়ান অৰিজিন।“
ণ্ডিয়ান অৰিজিন? কিন্তু ইমান ঢকঢককৈ বগা যে?”
“ইণ্ডিয়াত বগা মানুহ নাই নেকি কিবা? আৰু নিজৰ দেশৰ টানটোৱেই বেলেগ। ইউ কে, ইউনাইটেড কিংডম - যিমানেই যি নহওক - নিজৰ দেশ মানে নিজৰ দেশেই। ইণ্ডিয়া ইজ ইণ্ডিয়া।“

নতুনকৈ জইন কৰিবলগীয়াজনক লৈ প্রিয়ঙ্কা আৰু হেমাঙ্গিনীৰ জল্পনা কল্পনাৰ অন্ত নোহোৱা হ'ল। কেনেকুৱা বা হ'ব ল'ৰাজন! মাত কথাবোৰ বা কেনেকুৱা! সৰুতেই ইংলেণ্ডলৈ গুছি গৈছিল নে তাতেই জন্ম হৈ ডাঙৰ দীঘ হোৱা - মুঠতে কৌতুহলৰ সীমা সংখ্যা নাই।

“উস, মই আৰু থাকিব নোৱাৰা হৈছোঁ। মোৰ ব্লাড প্ৰেছাৰ বাঢ়ি বাঢ়ি গৈ আছে চা। দে চোন দে হেমাঙ্গিনী, মোক হনুমান চালিছাখন দে। এবাৰ আওঁৰাই লওঁ।“
“যাহ্- নৌটংকি কৰবাৰ...”

*

ৰবাৰ্টে কামত জইন কৰাৰ আগতেই অফিচটোৰ তিনিটা মহলা জুৰি যিমানবোৰ এমপ্লয়ী আছিল সকলোৰে মাজত এই খবৰটো বিয়পি পৰিছিল যে ইউ কেৰ পৰা কোনোবা এজন মানুহ আহিব এইবাৰ মাৰ্কেটিং হে'ড হৈ। প্ৰগ্ৰেম মেনেজাৰৰ পৰা আৰম্ভ কৰি কেন্টিনৰ মানুহ আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰীয়ালবোৰৰ মাজতো এটা মৃদু উত্তেজনাই বাহ লৈছিল। ৰাতিপুৱাই আহি প্রিয়ঙ্কাই অফিচত খদমদম লগাইছিল। গোটেই অফিচটো নতুনকৈ ধূলি মাকটি জোকাৰি চাফা কৰোৱাই লৈছিল। আটাইবোৰকে সাধান কৰি থৈছিল - “বিশেষ” মানুহ আহি আছে। এতিয়াৰ পৰা আৰু আগৰ দৰে চেলেং পেটেং হৈ থাকিলে নহ'ব।

ৰবার্ট যেতিয়া আহিল, অফিচৰ বাহিৰৰ গে'টখনতেই গাৰ্ডকেইজনে বৰকৈ আলহ উদহ কৰিছিল। লিফটত উঠিবৰ সময়তো লিফটৰ ওচৰতে থকা সুৰক্ষা কৰ্মচাৰী সকলেও ৰবাৰ্টক আদৰ সম্ভাষণ জনালে। ৰবাৰ্ট প্ৰথমেই প্ৰিয়াঙ্কাৰ মেজলৈ গ'ল। আজি প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনী দুয়োজনীয়েই সাজি কাচি আহিছে।

আমাৰ কোম্পেনীৰ এইটো অফিচত আমাৰ দেশৰ বিভিন্ন ঠাইৰ মানুহ আপুনি পাব উত্তৰৰ পৰা দক্ষিণলৈকে সকলো ৰাজ্যৰে মানুহ ইয়াত আছে কিন্তু আজিৰে পৰা আমি আপোনাক আমাৰ মাজত আমাৰে এজন হিচাপে পাই আমি আনন্দিত”- বুলি কৈ প্ৰিয়ঙ্কাই ৰবাৰ্টক অভিবাদন জনালে ৰবাৰ্টক বহিবলৈ কৈ অলপ সময় প্ৰিয়ঙ্কা কামত ব্যস্ত হৈ ৰ'ল। কিছুপৰৰ পিছত ৰবাৰ্টক তেওঁৰ হ'বলগীয়া কেবিনটোৰ বাট দেখুৱাই দিলে। গোটেই অফিচটোতে এটা মৃদু উত্তেজনাই বিৰাজ কৰিছে।

দুপৰীয়া টিফিন খাবৰ পৰত প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনীৰ হাঁহিৰ ৰোল উঠিল।
“তই কি কি কথা পাতিলি?”
“যি পাতিব লাগে পাতিলোঁ আৰু। তোক কেলেই ক'ম?”
“কি সুধিলি ক না। লণ্ডনত এতিয়া বৰফ পৰিছে নে নাই সেইবোৰ সুধিলি নেকি?”
“ধ্যেৎ, মোক গঞা বুলি ভাবিছ নেকি?”
“কিন্তু যিয়েই নহওক। এইবাৰ তোৰ কপাল ফুলিল। মানুহটো সঁচাকৈয়ে বৰ হেণ্ডচাম। বিৰাটেই হেণ্ডচাম। আৰু ইমান পলাইট।“
“মানুহটো মানে? ল'ৰাটো বুলি ক।“
“বাৰু বাৰু তই কি কথা পাতিলি সেইটো ক না।“
“মোৰ এনেকুৱা খলপ জলপখন লাগিল - মই একো কথাই পাতিব নোৱাৰিলোঁ ভালকৈ।“
“মই এতিয়ালৈকে ওচৰৰ পৰা পোৱাই নাই। দূৰৰ পৰাহে দেখিলোঁ দুবাৰ মান। কথাবোৰ কেনেকুৱা? মানে একচেন্ট কেনেকুৱা? ব্ৰিটিছ একচেন্ট থাকিলে মই আকৌ একো বুজিয়েই নাপাওঁ।“
“ঠিক ঠাক। মানে তেনেকুৱা একো নাই বাৰু।“
“কিন্তু তোক কথা এটা কৈ থওঁ।“
“কি কথা?”
“তাৰ বহুমূত্ৰ ৰোগ আছে যেন পাওঁ। আজি এবেলাৰ ভিতৰতে তাক চাৰিবাৰ ওৱাছৰুমলৈ যোৱা দেখিলোঁ।“
“হেমাঙ্গিনী, তয়ো যে আৰু! তই হবলা সেইবোৰকে চাই আছিলি?”


লান্সৰ সময়ত কেন্টিনৰ ফালে ৰবাৰ্ট আগবাঢ়ি যাওতে কেন্টিনৰ ল'ৰাটোৱে নিজে আগবাঢ়ি আহি চকী পাৰি দিলে। আথে বেথে কি খাব সুধিলে। এইটো এটা বিৰল ঘটনা। আনদিনা আন মানুহ হ'লে দহবাৰমান সোঁৱৰাই থকাৰ পিছত অতিষ্ঠ হৈ হকা ডকা দিয়াৰ পিছতহে কেন্টিনৰ ল'ৰাটোৰ গা লৰে।

এনেকৈয়ে তিনিদিন গ'ল। প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনীৰ ফুচফুচীয়া বিয়নি মেলৰ পৰাই ঘুনুক ঘানাক কৈ কথাটো বিয়পি পৰিছিল যে বিলাত ফেৰত এজন অফিচলৈ আহিব- ৰেগুলাৰ এমপ্লয়ী হিচাপে জইন কৰিবহি। তেখেত, মানে ৰবার্ট বি আহিল। ৰবাৰ্টে জইন কৰিলেহি আৰু কামো আৰম্ভ কৰিলে। মানুহবোৰৰ উত্তেজনা এতিয়াও শাম কটা নাই। চাৰি দিনৰ দিনা ৰবাৰ্ট প্ৰিয়ঙ্কাৰ মেজলৈ আহিল। ৰবাৰ্ট মৃদুভাষী। জুখি-মাখি কথা কয়। খোজে কাটলে এটা সম্ভ্ৰম বিৰাজমান। এনেকুৱা মানুহৰ লগত কথা পাতিবলৈ প্ৰিয়ঙ্কাৰ দৰে এজনী লচপছী ছোৱালীয়ে অলপ ইতঃস্তত বোধ কৰাটো আচলতে স্বাভাৱিকেই।

কথা আগবঢ়াত ৰবাৰ্টে জনালে যে সি সদ্যহতে কালকাজীৰ ওচৰত তাৰ বন্ধু এজনৰ ঘৰত আছেহি। নতুনকৈ ঘৰ এটা বিচাৰি সি থকা খোৱাৰ যোগাৰ কৰি ল'ব। প্ৰিয়ঙ্কাই তাক কে'বাটাও পৰামৰ্শ দিলে। দিল্লীৰ কোন ঠাইত সহজে ভাড়াঘৰ পোৱা যাব, ক'ত থাকিলে অফিচলৈ তাৰ যাতায়ত সুচল হ'ব, ব্ৰ'কাৰ বা দালালৰ জৰিয়তে ঘৰ ল'লে কি কি সাৱধানতা আৱলম্বন কৰিব লাগে ইত্যাদি বহুখিনি পৰামৰ্শ তাই দিলে। ৰবাৰ্টে অফিচলৈ প্ৰথম দিনাই আহি জইনেই কৰি ল'লে, গতিকে মাজতে সি এবাৰ ঘৰলৈকো গৈ আহিব লাগিব বুলি জনালে।

“হয় মই বুজি পাওঁ। নতুন ঠাইত, নতুন অফিচত চাকৰী কৰোতে এনেকুৱা বহুখিনি কামেই কৰিবলগীয়া হয়। আপুনি মাজতে এবাৰ ঘৰলৈ গৈ নিজৰ পেন্দিং কামবোৰ সামৰি আহিবগৈ বাৰু। কিন্তু আপোনাকতো এমাহমানৰ ছুটি লাগিব ছাগৈ। ইমান দূৰ - যাওঁ বুলিলেই যোৱা আৰু আহোঁ বুলিলেই অহাটোতো আৰু সম্ভৱ নহয়।“
“নাই তেনেকুৱা একো কথা নাই। মাত্ৰ দুদিনৰ ছুটি হ'লেই মই মেনেজ কৰি ল'ব পাৰিম।“
“দুদিনৰ ছুটিতে মেনেজ কৰিব পাৰিব? আচৰিত। বাৰু আপুনি কেতিয়া যাব খুজিছে? অহা মাহত?”
“আচলতে আপোনাক কেনেকৈ ক'ম তাকেই ভাবি আছিলোঁ। মই জানোঁ নতুন ঠাইত জইন কৰিয়েই লগে লগে ছুটি বিচৰাটো ভদ্ৰতাৰ লক্ষণ নহয়। তথাপি মাত্ৰ দুদিনৰ ছুটিতেই যদি মই মোৰ ঘৰুৱা পেন্দিং কামবোৰ সামৰি সুতৰি আজৰি হৈ ল'ব পাৰো সেয়া মোৰ নিজৰ কাৰণে আৰু মোৰ কামৰ কাৰণেও ভাল কথাই হ'ব। সেয়েহে ভাবিছোঁ যদি পাৰি মই কাইলৈকে এবাৰ ঘৰলৈ যাবলৈ বিচাৰিম।“
“কিন্তু ইমান হঠাত আপুনি যাব কেনেকৈ? নে আগৰে পৰাই আপোনাৰ যোৱা অহা সকলো ঠিক হৈ আছিল?”
“নাই আগৰে পৰাই ঠিক হৈ থকা নাই।“
“কিন্তু আপোনাৰ ঘৰৰ ঠিকনা - মানে পাৰমানেন্ট ঠিকনাটোতো ইউ কে বুলি দিয়া আছে ইয়াত।“
“হয় ঠিকেই। ইউ কে। উত্তৰাখণ্ড।“

প্ৰিয়ঙ্কাৰ মুৰত যেন আকাশ ভাঙি পৰিল। এক মুহূৰ্তৰ বাবে ভৰিৰ তলৰ পৰা মাটি সৰকি যোৱাৰ দৰেও লাগিল হবলা। এনেয়ে প্ৰিয়ঙ্কা সহজে সেও মনা ভকত নহয়। কোনোবা এমপ্লয়ীয়ে ছুটি বিচাৰিলে এবাৰতে এখন এপ্লিকেচনতে তাই ছুটি মঞ্জুৰ কৰোৱাই দিয়াৰ নজিৰ নাই। কিন্তু এই মুহূৰ্ত কি কৰিব কি নকৰিব ভাবি নাপাই ৰবাৰ্টক ততাতৈয়াকৈয়ে ঘৰলৈ গৈ ঘৰুৱা জঞ্জালবোৰ সামৰি আহি পুৰ্ণোদ্যমে কামত লাগিবলৈ অনুৰোধ কৰিলে।

“ধূৰ বেং! উত্তৰাখণ্ডটোকে ইউ কে বুলি লিখিবলৈ তাক কিহে পাইছিল? এনেয়ে মিছামিছি মই লাজত পৰিলোঁ।“
“তইনো কেনেকৈ লাজত পৰিলি? তইতো তাক সোধা নাই আপুনি ইংলেণ্ডৰ কত থাকে বুলি।“
“ভাগ্য ভাল যে তেনেকুৱা একো সুধি নেপেলালোঁ। সুধি পেলোৱা হেতেন পিছত ছিপজৰী লৈ মৰিবলগা হ'লহেতেন।“
“তেনেহ'লে ইমান টেনচন লৈছ কিয়? হ'ব দে। আমাৰেই কপাল ফুটা।“
“নহয় অ'- কথাবোৰ অফিচত চবেই জানে। চবেই কোৱাকুই কৰি আছিল এইকেইদিন বোলে ইউ কেৰ পৰা কোনোবা বিলাতী মক্কেল এটা আমাৰ অফিচলৈ আহি আছে।“
হেমাঙ্গিনীৰ মুখৰ মাত হৰিল।  
“প্ৰিয়ঙ্কাই নিজৰে কপাল চপৰিয়াই কৈ গৈ থাকিল- “মোকনো ইমান কথকী হ'বলৈ কিহে পাইছিল। কিয়নো মই অফিচৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড কৰ্মচাৰীবোৰৰ সন্মুখতো গাই বাই ফুৰিছিলোঁ যে আমাৰ অফিচলৈ বিদেশৰ পৰা এটা মানুহ আহি আছে...”
“হ'ব দে। এতিয়া মাথা মাৰি লাভ নাই। মানুহে তোক জানে। মানুহে জানে, বুজি পায়, যে যিবোৰ মানুহ ভিতৰি সৰল হয় সিহঁতেই বেছিকৈ কথা কয়। আৰু ৰবাৰ্ট বিষ্টক লৈ ইমানকৈ ব্যস্ত হ'বলৈ একো দৰকাৰেই নাই জান, সি এবেলাৰ ভিতৰতে চাৰিবাৰ বাছৰুমলৈ যায়হেমাঙ্গিনীয়ে যিমানে পাৰে প্ৰিয়ঙ্কাক সান্ত্বনা দিবলৈ চেষ্টা কৰিলে।


দুদিন ছুটিৰ পিছত ৰবাৰ্ট বিষ্ট আফিচলৈ আহিল।
আজি গে'টৰ দাৰোৱানজনে আগবাঢ়ি আহি তাক গে'ট খুলি নিদিলে। সি য'তে আছিল তাতেই ৰৈ থাকিল। লিফটত উঠিবৰ সময়তো দাৰোৱানজনে তালৈ সম্ভাষণ নজনালে। তেওঁ মোবাইলত কাৰোবাৰ সৈতে কথা পাতি আছিল, কথা পাতিয়েই থাকিল। দুপৰীয়া কেন্টিনখনলৈ যাওতেও ছিট খালী নাছিল বাবে সি বহুপৰ ঠিয় হৈয়েই থাকিল। কেন্টিনৰ ল'ৰাটোক চাৰিবাৰমান অনুৰোধ কৰাৰ পিছতহে কোনোমতে চেণ্ডুইছ এটা খাবলৈ পালে।
সি বুজিয়েই নাপালে ঘটনাটো কি। প্ৰথম দিনাই আহিয়েই অফিচত সোমায়েই সি যি আদৰ সম্ভাষণ পাইছিল - আজি দেখোন সকলোবোৰ সমূলি বেলেগ।


সমুদ্ৰ কাজল শইকীয়া
Samudra Kajal Saikia,
Rajya Sabha Television (RSTV), 
3rd Floor, Talkatora Stadium Annexe Building, 
New Delhi 110001


Email: kankhowa@gmail.com, mobile: +91 9811375594