Friday, July 18, 2014

য্যাৰথ্ৰুথেইৎ (লাইক এ ৰ'লিং ষ্ট'ন...)


['মাহেকীয়া অনুভূতি', পূজা সংখ্যা, ২০১৪-ত প্ৰকাশিত]

Beim Himmel, dieses Kind ist schön!
So etwas hab ich nie gesehn.
Sie ist so sitt_und tugendreich,
Und etwas schnippisch doch zugleich.
Der Lippe Rot, der Wange Licht,
Die Tage der Welt vergeß ich's nicht!

মিষ্টাৰ ৰাজকুমাৰে আবৃত্তি সামৰি অলপ সময় ৰ'লফিলহাৰমনিক হলটো হাতচাপৰিৰে মুখৰিত হৈ উঠিল সকলো লাইট স্তিমিত হৈ আহিল। লাইট পুণৰাই যেতিয়া বাঢ়ি আহিল তেতিয়া দেখা গ'ল মঞ্চত বনামিক - বনামি বৰা গায়ন বায়নৰ খোল তালৰ লগত পঞ্চাশ খন ভায়োলিন একেলগে বাজি উঠিছে

*

"কিবা এটা জ্বলিছে যেন পাইছোঁ, বৰুৱানী, গোন্ধাইছে", বনামিয়ে খিৰিকীৰে চিঞৰ ধৰিলে
বৰুৱানীয়ে খিৰিকী খুলি মাত লগালে, ", তুমিহে কৈ আছাময়ো কিবা এটা জ্বলা জ্বলা যেন গোন্ধ পাইছোঁ।"
"আপোনাৰ পাকঘৰত নহয় তাৰমানে?"
"ওহোঁ"
"ঠিক আছে তেন্তে, মই তলৰ মহলাত এবাৰ খবৰ কৰোঁ" বনামী খৰধৰকৈ খটখটীৰ ফালে গ'ল কিন্তু খটখটীত দুখোজ দিয়েই কিবা এটা ভাবি ৰৈ গ'ল নিজৰে কিবা এটা লাগিল তাই নিজেই দেখোন স্তোভত গাখীৰ বহুৱাই থৈছিল কি যে হ'ব- গোটেই জ্বলি শেষ ছাগৈ

তাই পাকঘৰলৈ দৌৰি গ'ল সেইখিনি সময়তে মিষ্টাৰ ৰাজকুমাৰ ঘৰ আহি পালেহি দুৱাৰ খোলা, তাতে আকৌ পোৰা গাখীৰৰ গোন্ধ সি সোমাই আহি বনামিৰ ফালে চাই তাৰ সেই চিনাকি হাঁহিটো আবঢ়ালে

মিষ্টাৰ ৰাজকুমাৰে জোতাযোৰ সলালে, কোটটো খুলি তাৰ কীখনতে থ'লে, ফ্ৰীজৰ পৰা পানীৰ বটল এটা উলিয়ালে আৰু টু শব্দ এটাও নকৰাকৈ নিজৰ ষ্টুডিঅ'ৰ ফালে আগবাঢ়িল নিজৰ অসাৱধানতাৰ কথা ভাবি বনামি অলপ অপ্ৰস্তুত হৈয়েই ৰ'ল, সেয়েহে ৰাজকুমাৰক দেখিও তাই নিজৰ ফালৰ পৰা একো নক'লে ৰাজকুমাৰে সাধাৰণতে ঘৰত কম কথাই কয় দুটি প্ৰাণীৰ মাজত একধৰণৰ নিৰৱতা সাধাৰণতে থাকেই এয়া দেশে দেশান্তৰে হাজাৰ বিজাৰ মানুহে চিনি পোৱা সেই মিষ্টাৰ ৰাজকুমাৰজনতকৈ এজন বেলেগ ৰাজকুমাৰ মানুহে নেদেখিলে হয়তো বিশ্বাসেই নকৰিব যে ৰাজকুমাৰ ইমান চুপ-চাপ, অমায়িক আৰু শান্ত মানুহ এজন হ'ব পাৰে

পাকঘৰৰ পৰাই ৰাজকুমাৰৰ চাল চলন বনামিয়ে উমান ল'বৰ চেষ্টা কৰিলে। ষ্টুডিঅ'লৈকে গ'ল ছাগৈ, তাই ভাবিলে তেনেতে চকু গ'ল সৰুকণ-মেফিষ্টো ষ্টুলখনৰ ওপৰতে থোৱা আছে। সৰুকণ-মেফিষ্টো কাগজৰ মণ্ডৰে কৰা এটা অকণমাণি পুতলা- বিকৃত মুখাৱয়ব তাৰ ৰাজকুমাৰে প্ৰায়ে তাৰ প্ৰদৰ্শনীবোৰত ব্যৱহাৰ কৰিছিল আগতে  ৰাজকুমাৰৰ যাদু প্ৰদৰ্শনীৰ এটা স্বাক্ষৰ বা প্ৰতীক হোৱাৰ ওপৰিও এই সৰুকণ-মেফিষ্টোৱে আন এটা ভূমিকাও পালন কৰি থাকে এই ঘৰখনত। সেই নীলা টুলখনৰ ওপৰত যেতিয়াই ৰাজকুমাৰে ইয়াক থয়, তেতিয়াই বুজিব লাগিব যে বনামিৰ চকুত পৰিবৰ বাবে ৰাজকুমাৰে কিবা এটা থৈ গৈছে সেয়েহে সময়ে সময়ে একোটা পেপাৰ-ৱেইটৰ দৰে ই কাম কৰে, কিছুমান বিশেষ গুৰুত্বপূৰ্ণ মুহূৰ্তৰ ই তেনেকৈয়ে সাক্ষী হয় বনামি নীলা ৰঙৰ টুলখনৰ ফালে আগবাঢ়ি গ'ল আৰু দেখিলে- সেয়া আছিল বাৰ্লিন যৌবাৰকুনষ্ট ইয়ুটেৰনাহমেনৰ চুক্তিপত্ৰ

*
বনলতা প্ৰকল্পই যথেষ্ট সাফল্য আৰ্জন কৰাৰ পিছত  যোৱা দহোটা বছৰে তাৰ সুখ্যাতি অটুট ৰাখিছিল। দহ বছৰৰ আগতে ভুপাল মিউজিয়ামত কৰা বনলতা প্ৰকল্পৰ প্ৰথম পৰিবেশনৰ ৰাতিটো বনামিৰ মনত আছে প্ৰায় তিনিঘন্টা সময় ধৰি হেজাৰ হেজাৰ দৰ্শক মন্ত্ৰমুগ্ধ হৈ ৰৈছিল সেইদিনা কি যে এক মায়াময় পৰিবেশ আছিল সেয়া এখনি টাইম-মেচিন-বাহনত উপবিষ্ট হৈ ৰাজকুমাৰে সেই সন্ধ্যা মঞ্চত অৱতীৰ্ণ হৈছিল-
"হাজাৰ বছৰ ধৰে আমি পথ হাঁটিতেছি পৃথিবীৰ পথে,
সিঙ্ঘল সমুদ্ৰ থেকে নিশীথেৰ অন্ধকাৰে মালয় সাগৰে..."।
চাইক্লোৰামাত ফেনিল সাগৰৰ উত্তাল জোৱাৰ ভাটা দেখি মানুহে কিৰিলিয়াইছিল টাইম-মেছিন-বহনখনে ভাৰতবৰ্ষৰ ইতিহাস পৰ্যায়ক্ৰমে অতিক্ৰম কৰি গৈছিল, যুগ-যুগান্তৰৰ কুহেলিকা ভেদি ৰাজকুমাৰৰ কুশল যাদুপ্ৰদৰ্শণে উন্মাদ কৰি তুলিছিল সকলোকে সেয়াই আছিল ৰাজকুমাৰৰ যাদু-প্ৰদৰ্শণত 'নাটোৰেৰ বনলতা সেন' ভূমিকাত প্ৰথমবাৰৰ বাবে বনামিৰ অৱতাৰণ,
"চুল তাৰ কবেকাৰ অন্ধকাৰ বিদিশাৰ নিশা"...

ভুপাল মিউজিয়ামত 'বনলতা প্ৰকল্প'ৰ সেই অভূতপূৰ্ব সাফল্যৰ ঠিক পিছতেই জাপান ফাউণ্ডেচনৰ আৰ্থিক সহযোগত সিহঁত জাপানলৈ যায়, আৰু সেয়াই আছিল ৰাজকুমাৰ-বনামিৰ যৌথ সাংস্কৃতিক অভিযানৰ আন্তৰ্জাতিক খ্যাতিৰ সূত্ৰপাত

বনামিয়ে বাৰ্লিন গ্ৰুপৰ চুক্তি-পত্ৰখন পিন-ব'ৰ্ডত আঁৰি থৈ ৰাজকুমাৰৰ ষ্টুডিঅ'ৰ ফালে কোবাকুবিকৈ খোজ দিলে।

*
নতুন কাম একোটা আৰম্ভ কৰাৰ আগে আগে সিহঁতে প্ৰায়ে এটুকুৰা নতুন ঠাইলৈ ওলাই গৈছিল আৰু কিছুমান অসংলগ্ন কথা পাতি সময় কটাইছিল এয়া ৰাজকুমাৰ-বনাম যুটিৰ পুৰণা অভ্যাস এই ঠাইডোখৰ কেনেকুৱা হ'ব তাৰ কোনো ধৰা বন্ধা নাই, চহৰৰ দাঁতিকাষৰীয়া কোনোবা পিকনিক-স্পট হ'ব পাৰে, আগতে কাহানিও নোযোৱা এটা কফি-হাউচ হ'ব পাৰে, - দৈনন্দিন জীৱনৰ পৰা অলপ আছুটিয়া আৰু খুব বেছি হাই-উৰুমি নথকা এডোখৰ ঠাই হ'লেই হ'ল এইবেলি সিহঁত বনামিয়ে সৰুতে পঢ়ি অহা স্কুলখনৰ খেলপথাৰৰ ফালেই গ'ল। ল'ৰালিৰ কিছুমান হঠাতে মনত পৰি যোৱা কথা পাতি পাতি বনামিয়ে হঠাতে ৰাজকুমাৰক আচৰিত কৰি দি সুধি পেলালে-

"অৰ্পিতাৰ কথা কোৱাচোন"
"কোন অৰ্পিতা?"
"তোমাৰ অৰ্পিতা আকৌ"
"হাঁ?" আশ্চৰ্যত ৰাজকুমাৰৰ মুখ মেল খালে "হ'ল কি তোমাৰ? কথা নাই বতৰা নাই হঠাতে ইমান বছৰৰ মূৰত?"
অলপ সময় আচৰিত হৈ ৰৈ থাকি ৰাজকুমাৰে ক'লে, "সঁচা কথা ক'বলৈ গ'লে যোৱা তেৰটা বছৰত তাইৰ সম্পৰ্কীয় সকলো কথাই পাহৰি পেলাইছোঁ"
"কিন্তু ঠিক তেৰ বছৰেই যে পাৰ হৈ গ'ল- সেই কথাটো মনত ঠিকেই আছে, নহয় জানো?" বনামিয়ে মিচিকিয়ালে

মিষ্টাৰ ৰাজকুমাৰে এটা সৰু ল'ৰাৰ দৰে হাঁহিলে মাথোঁ সি যি কি নহওক অচিৰেই কথা-বতৰাৰ বিষয়ান্তৰ ঘটিল অলপ কথা, অলপ মৌনতা মাজতে বনামিয়ে লগতে নিয়া এম পি থ্ৰি প্লেয়াৰত বব ডিলানৰ গান এটা বজালে একালত তাই পঢ়ি অহা স্কুলৰ খেলপথাৰখনৰ বাটচ'ৰাতে সিহঁত দুয়োটা কিছুপৰ তেনেকৈয়ে বহি থাকিলবতাহত ভাঁহি থাকিল গানটো-
"Once upon a time you dressed so fine
Threw the bums a dime in your prime, didn't you?..."

"গানটো বন্ধ কৰাচোন", ৰাজকুমাৰে ক'লে "এনেয়ে এতিয়া কিবা- সেইটো শুনিবলৈ মন যোৱা নাই"
বনামিয়ে এম-পি-থ্ৰি প্লেয়াৰটো বন্ধ কৰিলে

ছাত্ৰাৱস্থাতে ৰাজকুমাৰ এবাৰ পি চি চৰকাৰৰ যাদু-প্ৰদৰ্শনৰ কৰ্মশালা এটাত যোগদান দিবলৈ কলকাতালৈ গৈছিল য'ত সি অৰ্পিতা কৰ নামৰ ছোৱালীজনীক লগ পাইছিল তেতিয়া তাৰ নাম আছিল ৰাজু পাঠক, ৰাজু বুলিয়েই জানিছিল মানুহে সিহঁতে একেলগে বহুখিনি ভাল সময় একেলগে কটাইছিল কৰ্মশালাটোৰ পৰা উভটি অহাৰ পিছত ৰাজুৱে পৰীক্ষামূলক যাদু-কৌশলৰ কিছুমান নিজা উদ্যোগ আৰম্ভ কৰিলে পি চি চৰকাৰৰ পোৱা কিছুমান জ্ঞানৰ লগতে ৰাজুৱে পুৰণি অসমৰ তন্ত্ৰ-মন্ত্ৰ আৰু লোকপ্ৰথাৰ কিছুমান উপাদান মিহলি কৰিসম্পূৰ্ণ নিজাববীয়া পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিলে মাজতে প্ৰসিদ্ধ যাদুকৰ এম হুচেইনৰ লগত সহযোগী হিচাপে থাকিও সি কাম অলপ শিকি ল'লে পুৰণি অসমৰ তান্ত্ৰিক উপাদানৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা তাৰ নিজৰ পদ্ধতিবোৰে যেতিয়া মানুহৰ সমাদৰ পাবলৈ আৰম্ভ কৰিলে, সি লাহে লাহে স্বকীয় আত্মপৰিচয়ৰ কথা ভাবিবলৈ ল'লে পৰম্পৰাগত কিংবদন্তি আৰু বুৰঞ্জীমূলক আখ্যানবোৰক নাটকীয় ৰূপত তুলি ধৰি তাৰ মাধ্যমেৰে তাৰ স্ব-সৃষ্ট যাদু-কৌশলৰ প্ৰদৰ্শন সি আৰম্ভ কৰিলে  সেইবোৰৰ মাজত 'কটা যোৱা নাৰী' বা 'ৰূপহীৰ মুণ্ডচ্ছেদে' দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিলে

এবাৰ বিদৰ্ভ এলাকাত, মহাৰাষ্ট্ৰৰ ভিতৰে বাহিৰে, সি তাৰ পৰৱৰ্তি শ্ব'ৰ বাবে ঐতিহাসিক সমল আহৰণ কৰি ঘূৰি ফুৰিছিল আৰু তাতেই বনামিক প্ৰথম লগ পাইছিল তেতিয়ালৈকে সেই ৰাজু গুছি সি মিষ্টাৰ ৰাজকুমাৰ হিচাপে নাম কৰিছিলগৈ বনামিয়ে তেতিয়া অমৰাৱতীত শালভঞ্জিকাৰ আইকণগ্ৰাফী সম্পৰ্কীয় গৱেষণা এটা কৰি আছিল

বনামি খুব চোকা ছোৱালী আছিল আৰু নিজৰ ভবিষ্যতৰ বিদ্যায়নিক কেৰিয়াৰ এটাৰ বাবে দৃঢ় পৰিপক্ক আছিল ৰাজকুমাৰৰ লগত তাইৰ হলিগলি যেতিয়া আৰম্ভ হৈছিল তাইৰ বন্ধু-বান্ধৱ আৰু সহকৰ্মী সকলে তাইক এটা কথাই সোঁৱৰাইছিল যে মিষ্টাৰ ৰাজকুমাৰৰ দৰে এটা জনপ্ৰিয় নামৰ লগত নিজকে জৰিত কৰি ল'লে তাইৰ নিজৰ হেঁপাহ উচ্চাকাংখ্যাবোৰ এসময়ত জলাঞ্জলি দিব লাগিব কিন্তু তাই নিজৰ প্ৰতিটো কামতে বদ্ধ পৰিপক্ক আছিল, আনকি নতুনকৈ লোৱা সিদ্ধান্ত একোটাতো লাহে লাহে সময়ৰ গতিত তাইৰ নিজা একাডেমিক কেৰিয়াৰৰ কথা ভাবিবলৈ সময় কমি আহিল এসময়ত তাই মিষ্টাৰ ৰাজকুমাৰৰ প্ৰজেক্টবোৰত নিজকে যুক্ত কৰি ল'লে ৰাজকুমাৰৰ পৰা পোৱা তাইৰ আটাইতকৈ ডাঙৰ উপহাৰটো হ'ল 'প্ৰজেক্ট বনলতা'। সেই প্ৰকল্পৰ প্রথম শ্ব'টোতে তাই প্ৰথমবাৰৰ বাবে "ৰূপহীৰ মুণ্ডছেদন"ৰ দৰে কঠিন কৌশলবোৰত ভাগ ল'লে আৰু সফলতাৰে তাক ৰূপায়ণো কৰিলে এয়া যাদু-খেলবোৰত সততে দেখা পোৱা এটা কৌশল আছিল যদিও মিষ্টাৰ ৰাজকুমাৰে নিজৰ ষ্টাইলেৰে তাক সজাই পৰাই তুলিছিল আৰু জীবনান্দ দাসৰ প্রখ্যাত "বনলতা সেন" কবিতাটোৰ মঞ্চানুকূল দৃশ্যায়নৰ লগত সাঙুৰি তাক এক অভিনৱ ৰূপ দিছিল খেলাটো এনেকুৱা - বনামি পৰস্পৰ সংলগ্ন বাকচ কেইটামানৰ ভিতৰলৈ সোমাব, মিষ্টাৰ ৰাজকুমাৰ 'অপ্ৰতিৰোধ্য ঘাতক'ৰ ৰূপত আবিৰ্ভাৱ হ'ব আৰু বনামি সোমাই থকা বাকচবোৰ টুকুৰা টুকুৰকৈ কাটি পেলাব। তাৰ পিছত ৰাজকুমাৰে বনামিৰ মূৰটো সোমাই থকা বাকচটো লৈ দৰ্শকৰ ওচৰলৈ যাব আৰু দৰ্শকক ওচৰৰ পৰা সেই চমৎকাৰটো দেখুৱাব মানুহে দেখিব কেনেকৈ বাকচটোৰ ভিতৰত বনামিৰ মূৰটোৱে চকু টিপিয়াই আছে তাৰ পিছতে চকুৰ পচাৰতে ঘূৰি আহি সি বাকচ কেইটা আগৰদৰে সজাই তুলিব, য'ৰ পৰা সম্পূৰ্ণ সুস্থ আৰু অক্ষত অৱস্থাত বনামি ওলাই আহিব সময়ৰ লগে লগে এই লোমহর্ষক খেলাটোৱেই মিষ্টাৰ ৰাজকুমাৰক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গ'ল

"আমাৰ যদি এজনী ছোৱালী হয়, তাইৰ নাম ৰাখিম বিদিশা", ৰাজকুমাৰে প্ৰায়ে কে'বাবাৰো তেনেকৈ কৈছিল।
"বিদিশা কিয় ? বিম্বিসা কিয় নহয় ?"  
"বিম্বিসা শুনিবলৈ কিবা হিড়িম্বা হিড়িম্বা নেলাগিবনে ?" এই বুলি কৈ সি হাঁহিছিল।

সকলোৰে জীৱনতেই উত্থান পতন থাকে অতি সম্প্ৰতি মানুহে কোৱাকুই আৰম্ভ কৰিছে যে ৰাজকুমাৰৰ সেই আগৰ দিন আৰু নাই এনেয়েও পৰিবর্তিত সময়ত যাদুখেলৰ দৰে লাইভ-পাৰফৰমেঞ্চবোৰ আজিৰ তাৰিখত বিভিন্ন কাৰণত প্ৰত্যাহবানৰ সন্মুখীন হ'বলৈ লৈছে

বিপৰ্যয়ৰ সন্মুখীন হ'লেও ৰাজকুমাৰ বনামিৰ পাৰস্পৰিক সম্পৰ্কত কিন্তু কেতিয়াও কেৰোণ লগা নাই

স্কুলৰ খেলপথাৰ খনৰ পৰা সিহঁত যেতিয়া ঘৰমুৱা হ'ল, ৰাজকুমাৰে নিজে ক'ব নোৱাৰাকৈয়ে গুণগুণাই আহিল
"When you ain't got nothing, you got nothing to lose
You're invisible now, you got no secrets to conceal"

বনামিয়ে তালৈ চাই হাঁহিলেসি বুজিলে অলপ আগেয়ে এতিয়া শুনি ভাল লগা নাই বুলি যি গানটো বন্ধ কৰিবলৈ কৈছিল এতিয়া সেই একেটা গানকেই সি গুণগুণাই আছেসি লাজ পালে

ৰাজকুমাৰে অৰ্পিতাৰ কথা উলিয়ালে, "পি চি চৰকাৰৰ ওচৰত ট্ৰেইনিং লৈ থাকোতে আমি খুব ঘনিষ্ঠ আছিলোঁ ইমানেই ঘনিষ্ঠ আছিলোঁ - প্ৰায় গোটেই দিনটো একেলগেই কটাইছিলোঁ- ভাল বেয়া সকলো সময় কটাইছিলোঁ একেলগে একেলগে খোৱা বোৱা, একেলগে ঘূৰা ফুৰা, একেলগে কাম কৰা"
"আৰু একেলগে শোৱা মেলা ?", বনামিৰ দুষ্টামি ভৰা হাঁহি
"ধ্যেৎ !" খঙত ৰাজকুমাৰৰ মুখৰ মাত হৰিল
"চৰি কণ্টিনিউ কৰা"
"হুঁ", ৰাজকুমাৰে কৈ গ'ল, "কিন্তু মোৰ এনে লাগিছিল যেন তাইৰ লগত থকা কালতেই যদি মই মৰি থাকিলোহেতেন, তেনেহ'লে কিজানি মই বেলেগ এটা ভুল মানুহ হৈ মৰিলোঁ হেতেন"
"মানে ?"
"ৰ'বা, কেনেকে বুজাওঁ ভাবি পোৱা নাই এবাৰ আমি ৰেষ্টুৰেন্ট এখনত অহি আছোঁ তাইৰ ফালৰ পৰা সেয়া এটা চাৰপ্ৰাইজ পাৰ্টি আছিল তাই ক'লে যে তাই মোৰ আটাইতকৈ প্ৰিয় আইচ-ক্ৰীমটো অৰ্ডাৰ দিছে হেনোঁ যেতিয়া অৰ্ডাৰটো আহিল তেতিয়া দেখিলোঁ সেয়া আছিল মই আটাইতকৈ বেছি বেয়া পোৱা স্ত্ৰ'বেৰি ফ্লেভাৰ এয়া এটা সৰু উদাহৰণ মাত্ৰ - সম্ভৱ এইটোৰেই মই মোৰ কথাটো বুজাব পাৰিম যাতিয়া আমি বন্ধু বৰ্গ বা পৰিয়ালৰ লগত আছিলোঁ, তাই মোৰ কথা কয় বা আমাৰ সৰু সুৰা কথাবোৰ কয়, তেতিয়া মই মন কৰোঁ মোৰ বিষয়ে বা মোক লৈ তাই কোৱা কথাবোৰ দেখোন আচলতে নহয় গম পাইছানে ? সেই কথাবোৰ ঠিক মিছাও নহয়, ভুলো নহয়, কিন্তু এইবোৰ যেন মোৰ সম্পৰ্কে দিয়া সঠিক ধাৰণা নহয় মোৰ এনেকুৱা লাগিবলৈ ল'লে যেন তাইৰ হাতত মই নিৰাপদ নহয় ঠিক কি কাৰণত এই ধাৰণাটোৱে লাহে লাহে মোৰ মনত খোপনি পুতি ল'লে, বা কি কাৰণত মই নো তেনেকৈ ভাবিবলৈ ৰম্ভ কৰিছিলোঁ - ক'ব নোৱাৰোঁ কিন্তু অনুভৱ কৰিছিলোঁ - তাই মোৰ সম্পৰ্কে মানুহক দিয়া ধাৰণাবোৰৰ ভিতৰত যিটো মই আছিলোঁ, সেইটো আচলতে সঁচা মই-টো নাছিলোঁ।"
" আই কেন আণ্ডাৰষ্টেণ্ড"
"সম্ভৱ মই খুব বেছি উচ্চাকাংক্ষী আছিলোঁ টু নাৰ্চিছিষ্ট বা নিজৰ ভাৱমূৰ্তি সম্পৰ্কে খুব বেছি সচেতন হৈ থাকিছিলোঁ নাজানোঁ"

*

মিষ্টাৰ ৰাজকুমাৰৰ ব্যক্তিগত পৰামৰ্শদাতা পাটগিৰিয়েও একেটা কথাকেই ক'লে যে পৰিবেশন পদ্ধতিৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়োজন আহি পৰিছে। সময় সলনি হ'ল।    

শেহতীয়া কেইটামান বছৰত ৰাজকুমাৰৰ পাৰফৰমেঞ্চে ভাল ফলাফল দেখুৱাব পৰা নাই যোৱা তিনি চাৰি বছৰত কোনো বৈদেশিক শ্ব' সিহঁতৰ হোৱা নাই, দেশৰ ভিতৰতো যি কেইটা শ্ব' হৈছে সেইকেইটায়ো তেনেকৈ নাম বা পইচা একো কৰিব নোৱাৰিলে মাজে মাজে ৰাজকুমাৰে লাইভ শ্ব'ৰ পৰা স্বেচ্ছা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ কথাও ভাবিছিল কিছু শুভাকাংখী লোকে ৰাজকুমাৰক টেলিভিছনৰ কাৰণে ৰিয়েলিটি-শ্ব'-ত নামি পৰাৰ কথাও পৰামৰ্শ হিচাপে উনুকিয়াইছিল কিন্তু এটা লাইভ শিল্প মাধ্যমক জোৰ কৰি ইলেক্ত্ৰনিক মাধ্যমলৈ লৈ গৈ তাক নেলু চেপা দি হত্যা কৰাৰ পক্ষপাতী ৰাজকুমাৰ নহ'ল কিন্তু এই কথাও সকলোৱে মন কৰি আহিছে যে চাৰ্কাছৰ দৰে বিৰাট মনোৰঞ্জনৰ মাধ্যম একোটাও আজিকালি নাইকিয়া হোৱাৰ দৰে হ'ল যাদুখেলৰ দৰে মাধ্যমৰো একে দশাই হ'ব সেয়া ধুৰূপ নগৰীয়া মানুহৰ বাবে এতিয়া অৱসৰ বিনোদনৰ বাবে অন্যান্য বহুতো আহিলা- টিভি, ভিডিও গেম আৰু কিমান কি আকৌ ভুতৰ ওপৰত দানহৰ দৰে চাৰ্কাচত জীৱ জন্তুৰ ব্যৱহাৰৰ বিৰোধিতা কৰি পশু-প্ৰেমী সংগঠণবোৰ যেনেকৈ সোচ্চাৰ হ'বলৈ লৈছে, তেনেকৈয়ে যাদু প্ৰদৰ্শণত নাৰী-দেহৰ প্ৰয়োগক লৈয়ো নাৰীবাদী কিছুসংখ্যক সমালোচকে সমালোচনাৰে থকা-সৰকা কৰিবলৈ লৈছে

যোৱা তিনি বছৰে এটাৰ পিছত এটাকৈ তিনিটা প্ৰকল্পত সফল হ'ব নোৱাৰি মুখ থেকেচা খোৱাৰ পিছত এতিয়া বনামি আৰু ৰাজকুমাৰ যুটিয়ে মাহৰ শেষত বিজুলীৰ বিল পৰিশোধ কৰিবলৈকো গুণা গঁঠা কৰিব লগাত পৰে

'এট নাৰীবাদী পাক' বা 'ফেমিনিষ্ট টুইষ্ট' বুলি পাটগিৰিয়ে এটা নতুন প্ৰস্তাৱ দাঙি ধৰিলে এতিয়া এই নাৰীবাদী পাকটো বা কি বস্তু ? পাটগিৰিয়ে কিছুমান পৰ্ণগ্ৰাফীৰ কথা উলিয়ালে বনামিয়ে অলপ অস্বস্তি অনুভৱ কৰিলে পাটগিৰিয়ে মুখ খুলিলে মাজে মাজে প্ৰায়ে বনানি অসুবিধাত পৰিবলগীয়া হয় অৱশ্যে অলপতে এখন অনলাইন আলোচনীত ফেমিনিষ্ট পৰ্ণ সম্পৰ্কে এটা লেখা ওলাইছিল পৰ্ণ'গ্ৰাফী সাধাৰণতে পুৰুষৰ দৃষ্টিক সন্তুষ্ট কৰিবলৈকে নিৰ্মাণ কৰা হয় বুলি অভিযোগ টানি আনি নাৰীৰ ইচ্ছা অভিৰুচী আৰু বাসনাক প্ৰাধন্য দি পৰ্ণগ্ৰাফী ভিডিও' নিৰ্মাণৰ কথা তাত কোৱা হৈছিল সি যি কি নহওক পাটগিৰিয়ে সততে উত্থাপন কৰা আচহুৱা অন্যান্য উদাহৰণ বোৰৰ ভিতৰত ইয়ো আছিল এটা "অন্য উদাহৰণ নপালে আৰু", বনানিয়ে ভাবিলে

বহু তৰ্ক বিতৰ্কৰে মূৰ ঘোলা কৰাৰ পিছত সিহঁতে এটা সম্ভাব্য আঁচনি যুগুতাই উলিয়ালে কিবা এট ব্যতিক্ৰম আৰু নতুনত্ব বিচাৰি এনে এটা 'পাক' উলিয়ালে য'ত দৰ্শকে আকৌ এবাৰ আগ্ৰহ দেখুৱাব সেইমতেই কাম, এইবাৰ মঞ্চত ৰাজকুমাৰৰ উপস্থিতি কমাই তাৰ ঠাইত বনামিৰ কাৰ্য-কলাপ বঢ়োৱা হ'ব এক বিশেষ ধৰণেৰে নাৰী আৰু পুৰুষৰ ভূমিকাবোৰ পাৰস্পৰিক ভাবে অদল-বদল কৰি চোৱা যাওক 'অপ্ৰতিৰোধ্য ঘাতক'ৰ ভূমিকা ৰাজকুমাৰৰ পৰিৱৰ্তে এইবাৰ পালন কৰিব বনামিয়ে, আৰু বনামিৰ মূৰ কটা নগৈ এইবাৰ মূৰ কটা যাব ৰাজকুমাৰৰ বনামিক যোদ্ধা বা এগ্ৰেছিভ হিচাপে উপস্থাপন কৰাৰ সপক্ষে যুক্তি দাঙি ধৰিবলৈ গৈ পাটগিৰিয়ে মহিলা চুপাৰ-হিৰো বা একচন ধৰ্মী ভূমিকা ৰূপায়ণ কৰি খ্যাতি আৰ্জন কৰা এঞ্জেলিনাৰ পৰা ক্লেয়াৰ বেনেট, লিণ্ডা কাৰ্টাৰ, জেনিফাৰ গাৰ্ণাৰ প্ৰমূখ্যে কিছু মহিলা অভিনেত্ৰীৰ কথাও ক'লে  

"এতিয়া বাকীখিনি তোমাৰ কথা", পাটগিৰিয়ে কয়, "হলিউডৰ একচন-হিৰ'ইনৰ দৰে মছলা সানি সমলখিনি তৈয়াৰ কৰিবলৈ বিচাৰিবা নে তাত অলপ দেশীয় জাতীয়তাবাদী মছলা সানিবলৈ বেছি ভাল পাবা। তাৰ কাৰণে মূলা গাভৰু বা লক্ষ্মীবাঈকো টান আনিব পাৰা। পাব্লিকে খুব খাব কিন্তু।"

"এইবাৰ তোমাৰ মৰাৰ পাল"
পাটগিৰিয়ে নিজৰ যুক্তি আৰু অলপ টনকিয়াল কৰি এইবাৰ আৰু অলপ নতুন দিশ দেখুৱালে "কৈ দিছোঁ কিন্তু, তোমাক মঞ্চত মৃত্যু হোৱা দেখিলে পাব্লিক কিমান আবেগিক বা উত্তেজিত হৈ উঠিব পাৰে সেয়া তুমি কল্পনাও কৰিব নোৱাৰা তুমি ৰাজু পাঠক নহয়, অকল ৰাজকুমাৰো নহয়, তুমি এটা জীৱন্ত কিংবদন্তি হৈ পৰিছা ইমান বছৰে"  পাটগিৰিৰ কথাত প্ৰৰোচনাৰ সুৰ ৰাজকুমাৰে নিজে এনে নিগেটিভ-ৰোল এটা লৈ কাম কৰাৰ কথা ভাবিবলৈ সঁচায়ে টান পালে "কিন্তু মই কোৱা নাই সঁচাকে এটা নিগেটিভ ৰোল প্লে' কৰিবলৈ ঘাতকে আহি কাটি টুকুৰা কৰি যোৱাৰ পিছত পুণৰ জীৱন পাই ওলাই অহাৰ মুহুৰ্তটো কল্পনা কৰাচোন এতিয়া এইটো ঘটনাই এটা নতুন অৱতাৰ দিব জাষ্ট ফ্ৰেম ইট, এটা শিৰোনামা এনেকৈ ওলাবলৈ দিয়া যে - মিষ্টাৰ ৰাজকুমাৰৰ নতুন অৱতাৰ!"

"ভাবি চোৱা, এই নতুন অৱতাৰৰ ধাৰণাটো তোমাৰ পেটেন্ট ষ্টাইলিং-বোৰৰ লগতো ভালকৈ খাপ খাই যাব যেনে ধৰা- এইটোক তুমি প্ৰজেক্ট বনলতাৰ টাইম-মেচিনটোৰ লগতো এবাৰ মিলাই চাব পাৰা আৰু যদি অলপ আটো-বায়োগ্ৰাফিকেলি ভাবিব খুজিছা, তেনেহ'লে পাব্লিক প্ৰেজেঞ্চ হিচাপে তুমিতো সঁচাকৈয়ে নিজকে এটা নতুন পৰিচয় দিবলৈ বিচাৰি আছা"

*
বাৰ্লিন যৌবাৰকুনষ্ট ইয়ুটেৰনাহমেনে মিষ্টাৰ ৰাজকুমাৰৰ নতুন প্ৰ'পজেলৰ প্ৰতি সঁহাৰি জনালে ইমান বছৰৰ পিছত ৰাজকুমাৰ এতিয়া পুণৰ পুৰ্ণ উদ্যমেৰে উঠি পৰি লাগিছে যোৱা সাত মাহৰ নেৰা নেপেৰা ৰিহাৰ্চেলৰ মাজেৰে বনামিয়েও নিজৰ ওজন সাত কিলোগ্ৰাম মান কমাই নিজকে 'অপ্ৰতিৰোধ্য ঘাতক'ৰ ৰূপৰ বাবে তৈয়াৰ কৰি তুলিছে প্ৰায় এটা দশক-কালৰ আগতে স্থাপন কৰা কিন্তু ইমান বছৰে অকামিলা হৈ পৰি থকা 'ৰাজকুমাৰ- ফাউণ্ডেচন'টো পুণৰ সক্ৰিয় কৰি তোলা হ'ল এইখিনি সময়তে যথেষ্ট কষ্ট কৰাৰ পিছত যোৱা দুমাহমানৰ ভিতৰতে এই ফাউণ্ডেচনে ফাণ্ড-ৰেইজিৰ টাৰ্গেট পুৰা কৰিলে

ফিলহাৰমনিক প্ৰেক্ষাগৃহ আছিল হাউচফুল বার্লিনত সাময়িক ভাবে নিয়োগ কৰা পি আৰ গ্ৰুপটোৱেও চ'চিয়েল নেটৱৰ্কিঙৰ জৰিয়তে প্ৰচাৰকাৰ্য সঠিক সময়ত আগবঢ়াই থৈছিল যোৱা এমাহ কাল ধৰি প্ৰায় সকলোবোৰ চ'চিয়েল নে'টৱৰ্কিঙতে মিষ্টাৰ ৰাজকুমাৰৰ জীৱন আৰু কৰ্ম সম্পৰ্কে বহুল প্ৰচাৰ দেখা গৈছিল এই নতুন প্ৰদৰ্শনৰ প্ৰস্তুতি সম্পৰ্কেও কিচুমান নাতিদৈৰ্ঘ্যৰ ভিডিও' ইউটিউবৰ যোগেদি প্ৰচাৰ কৰা হৈছিল "নাৰীবাদী পাক" সম্পৰ্কীয় এলানি আলোচনাও আয়োজন কৰা হৈছিল বাৰ্লিন টেলিভিচনত।

*

ষ্টেজ শ্ব' থাকিলে তাৰ আগে আগে প্ৰায়ে কৰাৰ দৰেই, পৰিকল্পনা অনুযায়ী বনামি আৰু ৰাজকুমাৰে অনুষ্ঠানৰ আগদিনাৰ সন্ধ্যা অলপ আহৰি উলিয়াই চহৰ ফুৰিবলৈ ল'লে উৎকন্ঠা, ভয় আৰু শঙ্কা বিসৰ্জন দি অলপ ৰিলেক্স হোৱাটো একোটা ডাঙৰ পৰিবেশনাৰ আগতে জৰুৰী হয়েই বাৰ্লিন চহৰখনে বহুতো নষ্টালজিক মুহুৰ্ত আগবঢ়ালে বনামি আৰু ৰাজকুমাৰক বাটে পথা ঘূৰি ফুৰা মানুহবোৰৰ চাল চলন সিহঁতে পৰ্যবেক্ষণ কৰি বেছ মজা পালে এইখন চহৰত মানুহে কেনেকৈ খোজ কাঢ়ে, কেনেকৈ কথা পাতে ইজনে সিজনৰ লগত, কেনেকৈ দোকানত কিনা কটা কৰে... ইত্যাদি

"কি ভাবি আছা ?" বনামিয়ে সুধিলে
"সমস্ত দিনেৰ শেষে শিশিৰেৰ শব্দেৰ মতন
সন্ধা আসে; ডানাৰ ৰৌদ্ৰেৰ গন্ধ মুছে ফেলে চিল;
পৃথিবীৰ সব ৰঙ নিভে গেলে পাণ্ডুলিপি কৰে আয়োজন
তখন গল্পেৰ তৰে জোনাকিৰ ৰঙে ঝিলমিল"
ৰাজকুমাৰে সলসলিয়াকৈ মাতি গ'ল পংক্তি 
বনামিৰ মুখখন জিলিকি উঠিল
"বহুত দিনৰ মূৰত শুনিলোঁ তোমাৰ মুখত বনলতা সেন"

*
আজিয়েই সেই দিন
মিষ্টাৰ ৰাজকুমাৰৰ সমস্ত জীৱনৰ কামৰ এক সন্মিলিত পৰিবেশনৰ দিন ৰাজকুমাৰৰ সুকৌশলী যাদুৰ টাইম-মেচিনৰ পুণৰ অৱতাৰণৰ দিন ৰাজকুমাৰৰ যাদুকৰী পৰশত পুণৰাই উজ্জীবিত হ'বলগীয়া বনলতা সেনৰ দিন-

... তেমনি দেখেছি তাৰে অন্ধকাৰে; বলেছে সে, 'এতদিন কোথায় ছিলেন?'...

টাইম মেচিনে কালাতিক্ৰম কৰিলে

Beim Himmel, dieses Kind ist schön!
So etwas hab ich nie gesehn.
Sie ist so sitt_und tugendreich,
Und etwas schnippisch doch zugleich.
Der Lippe Rot, der Wange Licht,
Die Tage der Welt vergeß ich's nicht!

[ঈশ্বৰৰ দোহাই! কি যে সুন্দৰী যুৱতী !
আজিলৈকে দেখা পোৱা সবাতো শুৱনি
কি গুণৱতী, কি সৰল, তথাপি
তাতে অদম্য ৰূপৰ জেউতি
ওঁঠ লাটুমণি, তাইৰ, দুগাল লাৱনি
আজীৱন নেপাহৰো সেই চাৱনি]

মিষ্টাৰ ৰাজকুমাৰে আবৃত্তি সামৰি অলপ সময় ৰ'ল ফিলহাৰমনিক হলটো হাতচাপৰিৰে মুখৰিত হৈ উঠিল সকলো লাইট স্তিমিত হৈ আহিল লাইট পুণৰাই যেতিয়া বাঢ়ি আহিল তেতিয়া দেখা গ'ল - মঞ্চত বনামি তাৰপিছতে যাদুকৰী মেৰপাক- যাদুখেলৰ দৰ্শনিত বনামিময় হ'ল মঞ্চ অপ্ৰতিৰোধ্য ঘাতক বনামিয়ে ৰাজকুমাৰক বাকচৰ ভিতৰলৈ সুমুৱালে বাকচবোৰ খুলি মেলি, সঙ্গীতৰ লহৰে লহৰে দেখুৱালে দৰ্শকক কি যে লয়লাস ! আটাইবোৰ বাকচ বন্ধ কৰি তাই এইবাৰ উলিয়ালে যাদুকৰী তৰোৱাল মূলাগাভৰুৰ সাজেৰে তাই ঘোঁৰাত উঠিলে, তৰোৱালেৰে কাটি দুছেও কৰিলে টাইতকৈ ওপৰত থকা বাকচটো- তেনেকৈয়ে মুণ্ডচ্ছেদ কৰা হ'ল মিষ্টাৰ ৰাজকুমাৰক মানুহবোৰে ইছ ইছ কৰিবলৈ ধৰিলে বিংশ আৰু একবিংশ শতিকাৰ সন্ধিক্ষণৰ আটাইতকৈ প্ৰভাৱশালী যাদুকৰ, জীৱন্ত কিংবদন্তি স্বৰূপ হৈ উঠা সেই বিখ্যাত ৰাজকুমাৰৰ মূণ্ডচ্ছেদ হ'ল শিয়ৰি উঠিল উপবিষ্ট সভাসদ বনামিয়ে সাৱধানে তুলি ধৰিলে বিচ্ছেদিত হোৱা বাকচটো এইবাৰ আলফুলে এপদ এপদ কৈ তাই আগবাঢ়ি গ'ল প্ৰেক্ষাগৃহ ভৰ্তি দৰ্শকৰ ফালে, সন্মুখলৈ আগবাঢ়ি যোৱা ৰেম্পখনৰ ওপৰেদি প্ৰায় তিনি হেজাৰ মানুহ সন্মুখত

কেমেৰাৰ চমক উজ্জল ৰং বিৰঙী লাইটবোৰে তাইৰ কেঁকোৰা ছুলি জিলিকাই তুলিছে তাই আগবাঢ়ি গ'ল হাতত থকা বাকচটোৰ সন্মুখৰ ভাগ তাই খুলি দেখুৱালে- ভিতৰত আছিল ৰাজকুমাৰৰ মুখ ৰাজকুমাৰে চকু টিপিয়াই আছিল সমগ্ৰ প্ৰেক্ষাগৃহ হাত চাপৰিৰ কোবত উৰি যাও উৰি যাও যেন হ'ল এপদ দুপদকৈ ৰেম্পেদি তাই আগবাঢ়ি গৈ থাকিল প্ৰেক্ষাগৃহত কোলাহল বিৰাজমান হেজাৰ হেজাৰ কেমেৰাৰ ফ্লেছ-লাইটে তাইৰ চকু চাৎ মাৰি ধৰিলে তাই একো নেদেখা হৈ পৰে টিভিত লাইভ অনুষ্ঠান দেখুৱাই থকা জিমি জিপ কেমেৰাবোৰ আহি বিগ ক্ল'জ আপ ল'বলৈ তাইৰ সন্মুখ পালেহি হাত চাপৰি শাম কটাৰ নাম লোৱা নাই কোলাহল বাঢ়িছেহে বাঢ়িছে তীব্ৰ ফ্লেছ আহি তাইৰ চকুত পৰাত তাই চুকু দুটা মুদি দিলে

*

অকস্মাৎ নীৰৱতা।
তাই চকু মেলিলে- প্ৰখৰ ৰ'দ চাৰিওদিশে তাই চহৰৰ দাঁতিকাষৰীয়া যেন লগা বাট এটাৰে খোজ কাঢ়ি আছিল হঠাতে তাই নিজৰ খোজ কাটলক লৈ অলপ সচেতন হৈ গ'ল - তাইৰ এনে লাগিল যেন এই সাধাৰণ ৰাস্তাটোৰে খোজ কাঢ়োতেও জানিবা মঞ্চত কৰাৰ দৰে কেট-ৱাক হে কৰি আছে ক'ৰ ৰাস্তা বাৰু এইটো ? কি ঠাই এইখন? তাই যে এবাৰ হেৰাই গৈছিল, আৰু হাতত মোবাইলটোও নথকাত কি কৰিব কি নকৰিব উৱাদিহ নোহোৱা হৈছিল, কাঠমাণ্ডুৰ সেই ৰাস্তাটো নেকি এইটো ? কেতিয়াৰ কথা এইটো- পাঁবছৰ? সাতবছৰ? বিম্বিসা আছিল নেকি বাৰু? নে বিদর্ভ? নে শ্ৰাৱস্তীৰ কোনোবাখিনি? তাই খোজকাঢ়ি আগবাঢ়ি গৈ থাকিল ৰাস্তাটোত খুব বেছি মানুহ নাছিল যিবোৰ মানুহ আছিল, কাকো তাই চিনিও পোৱা নাছিল ফুটপাথতে মানুহ এটাই গীটাৰ এখন বজাই বজাই গান গাই আছিল তাই কাষ চাপি গ'ল তাই মানুহটোক চিনি পালে, কৰবাত যেন আগতে লগ পাইছে মানুহটোৱে পিন্ধি থকা চোলাটোত ওপৰৰ জেপৰ ফালে নাম এটা লিখা আছে- "মিষ্টাৰ টেম্বুৰিন মেন" এইটো মানুহ টেম্বুৰিন মেন হয় জনো, ওহোঁ, তাই নিজকে পতিয়ন নিয়াবলৈ টান পালে

"প্লিজ ডু সিং আ সং ফৰ মি মই হয়তো তেতিয়া আপোনাক চিনি পাম আজি মোৰ কলৈকো যাব লগা নাই, একো কৰিবলগীয়া নাই" তাই ক'লে

হাঁহি এটা মাৰি মানুহটোৱে গাবলৈ ল'লে-
" How does it feel
How does it feel
To be on your own
With no direction home
Like a complete unknown
Like a rolling stone"

ফুটপাথত গান গাই থকা মানুহটোক চিনি পোৱাটো অসম্ভৱ যেনেই লাগিলসেইটো ইমান গুৰুত্বপূৰ্ণ কথাও নহয়, সেয়েহে তাই তাৰ পৰা আঁতৰি আহিলতাইৰ চমৎকাৰিত্বৰে ভৰা সাফল্যৰ আৱেশ কটাই নাই দুচকুৰ পৰা, মনৰ পৰা- সেই যাদুকৰী ৰাতি, সেই যাদু যাদু খেল-কৌশল আৰু 'অপ্ৰতিৰোধ্য ঘাতক'ৰ ভূমিকাত তাই... এনে এটা সময়ত এই মানুহটোৱে গাই থকা এই গানটো শুনি থাকিবলৈ যে তাই একেবাৰেই ইচ্ছুক নহয় বেলেগ গান এটা বিচাৰি নেপালে আৰু মানুহটোৱে তাই ভোৰভোৰালে

খোজৰ গতি খৰ কৰিবলৈ লওতেই তাই দেখিলে ৰাস্তাটো ক্রমান্বয়ে লুংলুঙীয়া হৈ পাহাৰ এটালৈ উঠি গৈছে অহ্- এয়া দেখোন খাৰঘূলি কোনোবাই মাউথ অৰ্গেন বজাইছে, সম্ভৱ সেই গীটাৰ লৈ গান গাই থকা মানুহটোৱেই তাই খাৰঘূলি পালেহি হঠাতে বহুতো মানুহৰ কোলাহল এটা শুনিবলৈ পোৱা গ'ল মানুহৰ ভিৰ এটা যেন পিছে পিছে আহি আছে, তাই উভটি নৱগ্ৰহৰ ফালে চালে, সমদল এটা আহি আছিল বেছ ডাঙৰ প্ৰচেছন দেখোন এইটো, তাইৰ ফাললৈকে আহি আছে সমদলটো আহি ওচৰ পোৱাত তাই বুজিলে কাৰোবাৰ মৃতদেহ এটা লৈ গৈ আছে- শৱযাত্ৰী বোৰে পুৰুষ, মহিলা, শিশু, বৃদ্ধ- অলেখ মানুহৰ সমদল এয়া একো নভবাকৈয়ে তায়ো লাহে লাহে সমদলটোৰ লগতে খোজতে খোজ মিলাই আগবাঢ়ি গৈ থাকিল কাৰ বা শৱযাত্ৰা এয়া ? কোন বা কেনেকে মৰিল? খুব বিখ্যাত কোনোবা আছিল নেকি বাৰু? একো আগ-গুৰি নজনাকৈ তাইয়েই বা ভিৰৰ লগতে খোজ দিছে কিহলৈ?

তাই থমকি ৰ'ল ভিৰটোৱে তাইক এৰি আগবাঢ়ি গ'ল বুঢ়া মানুহ এটাই ভিৰৰ মাজৰ পৰা তাইলৈ ঘূৰি চালে কেনেকৈ ঘোপা কৈ চালে মানুহটোৱে, তাইৰ ভাল নালাগিল, কিয় বা তেনেকৈ চালেতাই মুখ ঘূৰাই লাহে লাহে পাহাৰৰ ফালে যোৱা বাটটোৰে আগবাঢ়িল তেনেই অলপমানৰ বাট, তাই ঘৰ পাই স্বস্তিৰ নিশ্বাস পেলালে

দুৱাৰখন খোলাই আছিল তাই সোমাই আহিল ৰাজকুমাৰক দুবাৰমান মাতিলে কিন্তু ঘৰত কোনো নাছিল নীলা টুলখনলৈ চালে, সৰুকণ-মেফিষ্টো তাত নাছিল তাৰমানে ৰাজকুমাৰে তাইৰ বাবে কোনো জাননী ৰাখি থোৱা নাই তাই ড্ৰেছিং টেবুলখনৰ সন্মুখলৈ গৈ বহি পৰিল চকুৰ গুৰিবোৰ ক'লা পৰিছে ছালখনো ৰ'দত তেনেই পুৰিলে

"ইমান দিন ক'ত আছিলা ? এতদিন কোথায় ছিলেন, বনলতা সেন ?" - মাত এটা শুনা যেন লাগিল
বনামিয়ে ঘূৰি ঘূৰি চালে
"সব পাখি ঘৰে আসে-সব নদী-ফুৰায় এ জীবনেৰ সব লেনদেন;
থাকে শুধু অন্ধকাৰ, মুখোমুখি বসিবাৰ বনলতা সেন"
আকৌ একেটাই মাত ভাঁহি অহা যেন পালে তাই   

ড্ৰেছিং আইনাখনৰ কাষতে সৰুকণ মেফিষ্টো ওলোমাই থোৱা আছিল আগতেও তেনেকৈয়ে থোৱা হৈছিল মাজে মাজে তাই মেফিষ্টোলৈ চালে, "মেফিষ্টো, তুমি কথা কৈ আছা নেকি?"

"তুমি এনেকুৱা কিয় কৰিলা ?" মেফিষ্টোৱে ক'লে
"কি ? কি কৰিলোনো মই ? এনেকুৱা মানে তুমি কি বুজাব খুজিছা?" তাই আচৰিত হ'ল
"তুমি গুণৱতী বিৰাট প্ৰতিভা আছে তোমাৰ তেওঁ ঠিকেই কৈছিল, মঞ্চৰ কলা-কৌশল তোমাৰ তেজতেই আছে"
"ঠিক আছে, বুজিছোঁ বাৰু কিন্তু তাৰ মানে কি?"
"Allwissend bin ich nicht; doch viel ist mir bewußt".
"এইবোৰ আকৌ কি? মানে?"
"মই সৰৱজান নহ'ব পাৰোঁ, কিন্তু মই বহুখিনি কথা জানো মিষ্টাৰ ৰাজকুমাৰে গোটেই জীৱন জুৰি যিটো কৰিব খুজিছিল, তুমি তাতোকৈ অধিক সুন্দৰ ভাবে শ্ৰেষ্ঠতম প্ৰদৰ্শনটো কৰি গ'লা এতিয়া গোটেই বিশ্বজুৰি ই এক ঐতিহাসিক ঘটনা হৈ ৰ'ল কিন্তু 'অপ্ৰতিৰোধ্য ঘাতক' হৈ তুমি তোমাৰ খেলাখন সম্পূৰ্ণ নকৰি কিয় আধাতে ৰ'লা?"
"কি খেলাৰ কথা কৈছা?" বনামিয়ে চঞৰি উঠিল এইবাৰ
"তুমি কেনে নিপুণতাৰে মিষ্টাৰ ৰাজকুমাৰৰ মুণ্ডচ্ছেদ কৰিলা তুমি ধুনীয়াকৈ সেই বাকচটো হাতত লৈ আগবাঢ়ি গ'লা- য'ত ৰাজকুমাৰৰ মুৰটো সোমাই আছিল তুমি ৰেম্পেদি দৰ্শকৰ ফালে আগবাঢ়ি গ'লা তুমুল হাতচাপৰিৰ জাউৰি তুমি উপভোগ কৰিলা নিশ্চয়, যাদুখেলৰ ইতিহাসত সম্ভৱ এয়াই আছিল আটাইতকৈ বেছি উচ্ছাসিত আহ্লাদ কিন্তু তাৰপিছত তুমি সেই বাকচটো কি কৰিলা? সেই বাকচটো আকৌ আগৰ ঠাইত তুমি কিয় নথ'লা?"

বনামি হতবাক হৈ ৰ'ল শিল পৰা কপৌৰ দৰে

তাই সঁচায়ে একেবাৰেই মনলৈ আনিব নোৱাৰিলে - তাৰপিছত কি ঘটিছিল তাই ৰাজকুমাৰৰ মূৰটো দুহাতেৰে তুলি লোৱাটো মনত আছে, ফিলহাৰমনিক প্ৰেক্ষাগৃহৰ ৰেম্পেদি দৰ্শকৰ ফালে আগুৱাই যোৱা তাইৰ মনত আছে, আৰু তাৰপিছত...
আৰু তাৰপিছত...?
নাই, একো নাই তাই একো মনলৈ আনিব নোৱাৰিলে

কাৰোবাৰ পাকঘৰৰ পৰা গাখীৰ উতলি পৰি যোৱাৰ দৰে পোৰা পোৰা গোন্ধ এটা ভাঁহি আহিল




সমুদ্র কাজল শইকীয়া

Samudra Kajal Saikia
A-31, 3rd Floor, Gali no. 10
West Vinod Nagar, Patparganj, New Delhi
110092


email: kankhowa@gmail.com, mobile: +91- 9811375594

No comments:

Post a Comment