Saturday, November 30, 2013

সুহৃদ

আমি অলপ অকালপক্কই আছিলোঁ নেকি।

এদিন তই চোঁ মাৰি শ্রেণী কোঠালৈ সোমাই আহিয়েই পিঠিৰ পৰা মোনাটো দলি মাৰি মোক জোকাৰি ধৰি সুধিলি, “ঐ, মাটিৰ গোন্ধ কেনেকুৱা হয়?” তই মাজে মাজে এনেকুৱা কৰ। তোৰ অভাৰ-ৰিয়েকচনত মাজে মাজে মই বিৰক্ত হওঁ। কিন্তু উপায় নাই, তই তেনেকুৱাই আছিলি। সদায়ে এটা এটা অদ্ভূত প্রশ্ন বা অদ্ভূত বিষয় মুখৰ আগত এনেকৈ দাঙি ধৰহি যে আমিবোৰ থত মত খাই যাওঁ। প্রতিটো ৰাতিপূৱাই মই সেয়েহে অলপ সাৱধান হৈয়েই থাকোঁ, আজি বা আকৌ তই কি পুৰাণ আহি মেলহি! এদিন ৰমেন ছাৰৰ অংকৰ ক্লাছ শেষ হৈছেহে, ছাৰ বাহিৰলৈ ওলাই যোৱাই নাই, তই চিঞৰ মাৰি উঠিছিলি, “ঐ, আইকেৰাছে কিহৰ পাখি লগাইছিল অ’”? কোন আইকেৰাছ? কিহৰ পাখি? ক’ত লগাইছিল? এইবোৰ বুজি পাবলৈ আমাৰ বহুত সময় লাগিছিল। চিঞৰ বাখৰখন কৰিছিলি তই আৰু জগৰটো লাগিল মোৰ ওপৰত। ৰমেন ছাৰে তাৰ পিছৰ পৰা গোটেই ক্লাছৰ সন্মুখতে মোক আইকেৰাছ আইকেৰাছ বুলি মাতি কমখন লাজ দিলে নে? আৰু এদিনৰ কথা মনত আছে। মোক ৰমেন ছাৰে আইকেৰাছ বুলি মাতোতে মই তোৰ ফালে আঙুলি টোঁৱাই কৈ উঠিছিলোঁ, “ছাৰ মই আইকেৰাছ নহয়, ই হে আইকেৰাছ”। তই টপৰাই কৈছিলি, “নহয় মই আইকেৰাছ নহয়, মই আইকমেনহে”। ছাৰে তাচ্ছিল্ল্য কৰি কৈছিল, “হ’ব বাৰু কোন আইকেৰাছ, কোন আইকমেন এইবাৰ ছমহীয়া পৰীক্ষাতে বুজা যাব”।

তই ল’ৰাটো সঁচায়ে কিবা ধৰণৰ। মাজে মাজে এনেকুৱাকৈ অপ্রস্তুত কৰি দিয়। মই তেতিয়া আইকেৰাছো চিনি নাপাও, আইকমেনকো চিনি নাপাওঁ। তাৰ লগত আকৌ ৰমেন ছাৰে কিয় যে ছমহীয়া পৰীক্ষাৰ কথাটো সোঁৱৰালে, সেয়া আৰু এক ৰহস্য। সি যি কি নহওক সিদিনা তই উলিয়ালিহি, মাটিৰ গোন্ধ কেনেকুৱা? বাকী আমাৰ লগৰ মখাই গির্জনি মাৰি হাঁহিলে। কমলে ক’লে টেঙা। পার্থই ক’লে কেঁহা। এই গাধ মখাৰ মাজত তই এইবোৰ কথা কিয় যে উলিয়া

মই যিমানে তোক চুপ কৰিবলৈ বিচাৰোঁ তোৰ চিঞৰটো ডাঙৰ হে হয়। “তই কোৱা মতেই মই গৈ জত পণ্ডিতৰ ঘৰ ওলালোগৈ। পণ্ডিতে জাননে মোক এক ঘণ্টা ধৰি দীঘল লেকচাৰ এটা শুনালে। মানুহৰ লেখাত কেনেকৈ মাটিৰ গোন্ধ থাকিব লাগে। মানুহটোৱে ঢেৰ কিবা কিবি ক’লে, মোৰ কাণ পকাই দিলে একেবাৰে। মই খালি এই কথাটোহে বুজি নাপালোঁ, লেখাত মাটিৰ গোন্ধ আকৌ কেনেকুৱা হয়”? হব বাৰু, এতিয়া মনে মনে থাক, এইবোৰ কথা আবেলি পাতিম। আচলতে মই দেখা পাইছিলোঁ, আমালৈ চাই চাই জবায়েও এতা কোণৰ পৰা মিচিক মাচাক কৈ হাঁহি আছিল। মই এনেকুৱাত বৰ নার্ভাচ হওঁ।

সিদিনা ভীড়গাৱৰ পৰা ওভটোতে অলপ বেছিয়েই দেৰী হৈছিল। আমি কোবাকুবিকৈ চাইকেল মাৰিছিলোঁ। তই চাইকেলত মোতকৈ খৰ। উশাহ ঘন ঘন হৈ আহিছিল যদিও আমি কথা পাতিবলৈ এৰা নাছিলোঁ। “আমি এইবোৰ বাদ দিয়াই ভাল নেকি”, মাজতে তই কৈছিলি। বাদ দিয়াৰ কথা ক’ৰ পৰা আহিল, এয়া আৰম্ভণিহে। মই ক’লোঁ। এইটোও সোঁৱৰাই দিলোঁ যে গোতেই আইডিয়াটো তোৰেই আছিল। ঘৰ গৈ পাওতে এন্ধাৰ হবগৈ। ঘৰত গালি পাৰিব ধূৰূপ। এনেকুৱাও হ’ব পাৰে যে কাইলৈৰ পৰা দুদিনমানৰ কাৰণে হয়তো আবেলি বাহিৰলৈ ওলোৱা নিষেধ। অৱশ্যে মোক ঘৰত তেনেকৈ বাধা নিদিয়ে। তোক হে দুদিনমানলৈ মোৰ তালৈ আহিবলৈ নিদিব পাৰে।

দীঘল লুংলুংগীয়া পথৰুৱা বাটেৰে আমি আহি আছিলোঁ। ঘন বাঁহনি এডৰাৰ মাজেৰে আহিবৰ পৰত মন কৰিছিলোঁ, বাৰিষাকালি এইডোখৰ ঠাই কেনে জয়াৰ হৈ উঠে। দিনতেই এন্ধাৰ। এতিয়া পাত সৰা ফাগুণৰ দিন বুলিহে অলপ ফৰকাল। এই ঠাইডোখৰৰ কাহিনী আছে। প্রত্যেকবাৰ আর্মিৰ অপাৰেচন হওতে এই ঠাইখিনিতেই আটাইতকৈ বেছি ঘটনা ঘটে। তই কৈছিলি। এইফালে তোৰ আহ যাহ অলপ বেছি, সেয়েহে এইবোৰ কথা জানিছিলি।

আমি মধূসুদন নামৰ মানুহ এজনক লগ কৰিবলৈ গৈছিলোঁ এটা বিশেষ সূত্রে। আমি কে’বাদিনৰ পৰা বিচাৰি ফুৰা ক-খ-গ নামেৰে আলোচনী এখন তেখেতৰ তাতেই পাম বুলি ভাবিছিলোঁ। কিন্তু ইমান দূৰ গৈ একো লাভ নহ’ল। আমি ইমান উৎসাহেৰে তেখেতৰ ওচৰলৈ গ’লোঁ, তেখেতে আমাক বিশেষ গুৰুত্বই নিদিলে। খঙে মূৰৰ ছুলিৰ আগ পাইছিলগৈ। মানুহবোৰ যে কেনেকুৱা। মানুহটোৰ ঘৰটো গোটেই সংসাৰৰ কিতাপেৰে ঠাহ খাই আছিল। তেওঁ আমাক ভূমুকি এটা মাৰিবলৈকো সুবিধা নিদিলে। আমাক কি বুলি যে ভাবিলে কোনে জানে। এনেকুৱা ঘটনা অৱশ্যে এয়ে প্রথম নহয়। কে’বাবাৰো আমি বিফল হ’ব লগীয়া হৈছে। বাৰে বাৰে শেণটো যোৱাদি গৈ ফেঁচাটো অহাদি ওভটি আহিব লগা হয়। কিন্তু আমাৰ টার্গেট আৰু এসপ্তাহ হাতত আছে। এই সপ্তাহতে আমি আমাৰ অভিযান সম্পূর্ণ কৰিমেই।

তোক মই প্রথম লগ পাইছিলোঁ পঞ্চম মানত। প্রথম দিনা স্কুললৈ আহোতেই আমি কাঠৰ স্কেল লৈ মাৰপিট কৰিছিলোঁ। মোৰ সঠিক মনত নাই, তই হে বাৰে বাৰে কৈ থাক। অৱশ্যে তোৰ কথা গোটেইবোৰ মই বিশ্বাস নকৰোঁ, কথা অলপ বঢ়াই কোৱাটো তোৰ অভ্যাস। যদি আমি কাজিয়া কৰিছিলোও তইহে আৰম্ভ কৰিছিলি নিশ্চয়। তই হে হিটলাৰৰ চূড়ান্ত ভক্ত আছিলি। কি কাৰণত নাজানোঁ, হিটলাৰ আছিল তোৰ আদর্শ পুৰুষ। অদ্ভূত আছিল তোৰ জার্মান প্রীতি। তোৰ উচতনিতে ময়ো জার্মান নিউজ নামৰ আলোচনীখন অর্ডাৰ দিছিলোঁ। আজি ইমান বছৰ পিছতো আমাৰ ঘৰলৈ জার্মান নিউজৰ একোটা কপি নিয়মীয়াকৈ আহি থাকে।

তোৰ ঘৰ আৰু আমাৰ ঘৰ যথেষ্ট দূৰত। সেয়েহে আমি স্কুলৰ সময়খিনিতহে সদায় লগ পাওঁ। বিশেষ কাৰণ নাথাকিলে সদায়ে আন সময়ত লগ পোৱাটো আমাৰ বাবে সম্ভৱ নাছিল। কিন্তু যিখিনি সময় আমি একেলগে থাকিছিলোঁ, ইটো সিটোৰ গাত ছাঁটোৰ দৰে লাগি থাকিছিলোঁ। বাকী লগৰবোৰে আমাক জোকাইছিল, কিন্তু আমি ইটোৱে সিটোক এৰি থাকিব নোৱাৰোঁ। তাৰ মানে এইটো নহয় যে তোৰ আৰু মোৰ ঢেৰ মিল আছিল। মিলতকৈ আমিল আছিল বেছি। তই ভালপাইছিলি যুদ্ধ, বন্দুক আৰু যানবাহন। প্রতিদিনেই তই একোএকোখন যুদ্ধৰ কাহিনী ৰস লগাই কৈছিলি। ৰস লগাই মানে আচল ইতিহাসৰ লগত আলপ আচৰপ নিজৰ ফেন্টাচী মিহলাই তই কৈ গৈছিলি। কেতিয়াবা মই আমনি পালেও তোৰ কথা শুনি থাকিছিলোঁ। আনহাতে মোৰ প্রিয় বিষয়বোৰত তোৰ একেবাৰেই ৰাপ নাছিল। এতিয়াও নাই। মই কবিতা লিখোঁ বাবে তই মোক হাঁহিছিলি আৰু কৈছিলি এই কবিবোৰৰ কোনো কাম নাই। ছবি আঁকি ভাল পাইছিলোঁ বাবে তই কৈছিলি ছবি আঁকিলে হেনো মানুহ পগলা হয়। মই তেতিয়াই অপৈণত হাতেৰে লিখা নাটকবোৰৰ এখনো তই চোৱা নাছিলি। কিন্তু কেইটামান বিশেষ দস্তুৰ বা নির্দিষ্ট ভাল লগা কাৰবাৰ আমাৰ মিলি গৈছিল, আৰু সেই আলপমান মিলেই বহুত আছিল। কাগজ আলোচনী খুচৰি মেলি নিজৰ ভালগা বস্তুবোৰ কাটি কুটি সংগ্রহ এটা কৰাটো আমাৰ কমন দস্তুৰ আছিল। এদিন তই “শ্বিচকিন মই আৰু বহুতো” নামৰ কিতাপ এখন আনি দিছিলি। সেই কিতাপখন ইমানেই ভাল লাগিছিল যে আমি বহুত দিনলৈকে উঠোতে বহোতে সেইখন কিতাপৰ কথাকেই পাতি আছিলোঁ। আমি কেইদিনমানৰ কাৰণে একো একোটা শ্বিচকিনেই হৈ থাকিছিলোঁ।

এদিন আমাৰ মনত খেলালে যে আমাৰ হাতত যিমানবোৰ পেপাৰ-কা আছে সেইবোৰেৰে দেখোন এখন হাতে লিখা মেগাজিন উলিয়াব পাৰি। সেয়ে আৰম্ভণি। আমি কাম আৰম্ভ কৰিলোঁ। কিন্তু যিহেতু আমি আলোচনী এখনৰ কথা ভাবিছিলোঁ, অকল পেপাৰ কাটবোৰেৰে নচলিব। এখন পূর্ণাংগ আলোচনী তৈয়াৰ কৰি উলিওৱাটো উজু কথা নহয়। তাৰ কাৰণে যথেষ্ট কাম কৰিব লাগিব। কে’বাধৰণেৰেও কথাটো ভবা হ’ল। আমি তেতিয়া অষ্টম মানতহে পঢ়োঁ। দশম মানৰ কোনোবা এজনক সম্পাদনাৰ দায়িত্ব দিব পাৰিলে ভাল। হেড-ছাৰক কৈ তেখেতৰ পৰা অলপ দিহা পৰামর্শ লোৱাটোও ভাল হ’ব। কিন্তু আমি বৰ অলপ ধতুৱা আছিলোঁ। এদিন হেড ছাৰৰ কোঠাৰ ওচৰত চুচুক চামাক কৈ আছিলোঁ। তই মোক ঢকা মাৰি ভিতৰলৈ পঠাই পলালি। কিন্তু কিবা ক’বলৈ গৈ আন কিবাহে ওলাল মুখত। তয়ো এনে অবিশ্বাসী আৰু অঘাইটং আছিলি যে সেই কথাটোকে জবাৰ সন্মুখত কৈ মোৰ নামত হাঁহি খিকিন্দালিৰ পোহাৰ মেলিছিলি গৈ।

শেষত নিজেই কিবা কিবা কৰি আলোচনীখন উলিয়াম বুলি সিদ্ধান্ত ল’লোঁ। ভালেই হওক বেয়াই হওক, নিজৰ কাম। সেই সময়তে আমাক সমাজ বিদ্যাৰ শ্রেণীত ৰেণেছাৰ কথা পঢ়াইছিল। তেতিয়াই আমি ঠিক কৰিলোঁ আলোচনীখনৰ নাম ৰখা হওক “নৱ-জাগৰণ”। কথা মতেই কাম। নৱ-জাগৰণৰ বাবে লেখা বিচাৰি আটাইবোৰৰ ওচৰ চাপিলোঁ। কিন্তু সকলোৱে হাঁহি ঠাট্টাৰে আমাক ঠকা সৰকাহে কৰিলে। আমিও সহজে এৰা ভকত নহয়।

আলোচনী এখন সম্পূর্ণ হৈ উঠিবলৈ কি কি উপাদান লাগে তাৰ এখন লিষ্ট যুগুত কৰা হ’ল। প্রথমেই লাগিল এটা বেতুপাট। কোনে আঁকিব। তয়ে আঁক, তই কৈছিলি। মই পেটে পেটে হাঁহিছিলোঁ, ইমানদিনে তই মোৰ ছবি অঁকাক লৈ ভেঙুচালিহে কৰি আহিছিলি। কিন্তু নিজে সম্পাদক হৈ নিজে বেটুপাত অঁকাটো হয়তো ভাল নহ’ব। সুদীপ্তক কোৱা যাওক, তাৰ হাতখন ভাল। কিন্তু সি সময় নাই বুলি ক’লে, তাৰ হেনো এই সপ্তাহত ঢেৰ কাম। এই কামটো পাছলৈ থ’লোঁ। তাৰ বাহিৰে কি কি লাগিব? মূলতে লেখা লাগিব, ঢেৰ লেখা, গল্প, কবিতা, প্রবন্ধ, কৌতুক, ভ্রমণ কাহিনী আৰু ঢেৰ কিবা কিবি। কাৰোবাৰ পৰা কিবা সাক্ষাৎকাৰ জাতীয় এটা জোগাৰ কৰিব পাৰিলে সোণত সুৱগা চৰিব। কেইদিনমানৰ বাবে পার্থ আহি আমাৰ লগ লাগিল। সিও বেচ উৎসাহ দেখুৱালে আমাৰ কামটোত। কিন্তু দুদিন থাকি সিও মূৰ পোলোকা দিয়া হ’ল। তই আৰু মই হে থাকিলোঁ, সেই আৰম্ভনীতে যেনেকৈ আছিলোঁ, তেনেকৈয়ে।

এইবাৰ আমি কামটো এটা চেলেঞ্জ হিচাপেই ল’লোঁ। আৰু যাৰে তাৰে আগত লেখা বিচাৰি ছবি বিচাৰি হাত পাতি নুফুৰোঁ। যি কৰিব লাগে নিজেই কৰিম, আৰু কোনেও গম নোপোৱাকৈ মনে মনে কৰি উলিয়াই ধামাকা এটা দেখুৱাই দিম। কাৰো পৰা শেষ পর্যন্ত লেখা নেপালে নিজেই কিবা কিবা লিখি উলিয়াম আৰু ছদ্মনাম লৈ সেইবোৰ প্রকাশ কৰি দিম। এটা সংখ্যা সফল হ’লে পিছৰ সংখ্যাবোৰৰ বাবে মানুহ নিজে নিজেই আগবাঢ়ি আহিব – এই কথা খাটাং। যদু খুৰাৰ পুৰণা আলমাৰীটো খুচৰি কে’বাবছৰৰো মহাবিদ্যালয় আলোচনী উলিয়াই মেলি ল’লোঁ। স্বহীত তর্পণ, প্রিন্সিপালৰ শুভেচ্ছা বাণী এনেকুৱা ধৰণৰ আৰু কিছুমান আইটেম দেখা পালোঁ। এদিন যদু খুৰাক আমাৰ প্লেনটোৰ কথা ক’লোঁ। তেখেতে বৰ ভাল পালে আৰু আমাক বহুত কথা ক’লে। তেতিয়াহে ভাবিলোঁ, ইমান দিনে আমি যদুখুৰাৰ লগত আলোচনা কৰা নাছিলোঁ কিয়?

বহুত কথাৰ মাজত যদু খুৰাৰ দুটা পৰামর্শই আমাৰ অভিযানটোক নতুন মাত্রা দিলে। খুৰাই ক’লে যে আমাৰ উদ্যোগটো ভাল, কিন্তু যিহেতু আমি সহায় সমর্থন পোৱা নাই, সেয়েহে হাতেলিখা আলোচনীখনক প্রথমতে প্রাচীৰ পত্রিকাৰ ৰূপত উলিউৱাটো বেছি ভাল হ’ব। চাৎ কৈ মানুহৰ চকুত পৰিব, মানুহে আহোতে যাওতে এপাক চকু ফুৰাই যাব, আৰু একে সময়তে কেবাজনো পাঠকে পঢ়িব পৰা হ’ব। গুড আইডিয়া। দ্বিতীয়তে যদু খুৰাই ক’লে কাম এটা হাতত লৈছোঁ যেতিয়া অলপ দায়িত্ব সহকাৰে লোৱা উচিত।

“তহঁতে জাননে নাই আমাৰ চাৰিলিৰ পৰা আগতে বহুতো এনেকুৱা ভাল ভাল উদ্যোগ লোৱা হৈছিল। চাৰি আলিৰ পৰা আগতে ওলোৱা আলোচনী কি কি আছে সেইবোৰ অলপ খুচৰি স্টাডি কৰি ল। তেতিয়াহে কাম সিজিব। আমাৰ চাৰিআলিৰ পৰাই লক্ষ্মীধৰ শর্মা আৰু কমলাকান্ত ভট্টাচার্যৰ দৰে সাঙ্ঘাতিক শক্তিশালী লেখকৰ জন্ম হৈছিল। নিজৰ বুৰজ্ঞী জানি লোৱা উচিত”, যদুখুৰাৰ কথা শুনিয়েই আমাৰ অভিযানৰ মাত্রা বাঢ়িল।

সমল বুলিবলৈ যদুখুৰাৰ আলমাৰীটোত তেনেকৈ বিশেষ একো নাপালোঁ। সুভাষ সাহাৰ কবিতা পুঠি এখন পালোঁ, আৰু হালধীয়া ৰঙৰ লিফলেট এখন পালোঁ। তাত আন্দোলনৰ সময়ৰ নেকি, বেছ কিছু প্রতিবাদী কবিতাৰ সংগ্রহ পালোঁ। ক খ গ নামেৰে এখল আলোচনী ওলাইছিল বোলে আন্দোলনৰ সময়তে। বেছ মজাৰ নাম। সেইখন বিচাৰি কে’বাঠাই চলাথ কৰিলোঁ, কিন্তু ক’তো নাপালোঁ। যি কেইজন ব্যক্তিৰ উদ্যোগত ওলাইছিল তাৰে দুজন আলপ বয়সতে ঢুকাল। বাকী মানুহবোৰে ছেদেলি ভেদেলি হ’ল, এতিয়া পাবলৈ নাই। যদু খুৰাই আলপ অচৰপ জানে। তেওঁ ক’লে কিবা হেনো জ্যোতিপ্রসাদৰ সংস্কৃতি আৰু সমাজ সম্পর্কীয় কিবা ফর্মূলা এটাৰ ভেটীত আলোচনীখনৰ নাম তেনেকৈ ৰখা হৈছিল। আমি সঠিক কৈ বুজি নাপালোঁ।

কিন্তু আমি বুজি নাপাই বিচলিত হোৱা আৰু এটা কথা আছে। দুই এজন মানুহক আমি লগ ধৰিছিলোঁ যিয়ে এই সম্পর্কে বেছ কিছু কথা জানিছিল। কিন্তু এইবোৰ কথা ওলালেই হঠাৎ মানুহবোৰৰ ৰঙ সলনি হৈ যায়। কি কথা নাজানোঁ, মানুহবোৰে যেন ক’ব নোখোজে। কে’জনমানেতো ধমক দিয়েই উঠিলে, তহতক এতিয়া সেইবোৰ কথা কিহলৈ লাগে? বেছিভাগ মানুহেই আকৌ দীঘলকৈ হুমুনিয়া একোটা কাঢ়ে। সেই দিন আৰু নাই, এনে ধৰণৰ কথা। ছবছৰীয়া আন্দোলনটোৱে মানুহবোৰৰ মনলৈ অদ্ভূত ভয় এটা সুমুৱাই দিলে। আমি ইমানখিনি কথাকে বুজি পালোঁ। নতুন কিবা এটা চিন্তা কৰা বুলি ক’লেই দেখোন মানুহবোৰে ভয় খাই উঠে। সপোন দেখা মানুহ আমি আৰু বিচাৰি নাপামেই নেকি বাৰু?

আমি ঠিক কৰি লৈছিলোঁ, এইবাৰ বিদ্যালয় সপ্তাহৰ প্রথম দিনাই আমি আলোচনীখন উন্মোচন কৰিম। সেই মতে দিন চমু চাপি আহিছে। হাতত মানুহো নাই। এদিন আমি বহি আলোচনা কৰি থাকোতেই ভনী পেহী আহিল। ভনী পেহী আমাৰ ঘৰৰ ওচৰৰে, ইটো সিটো কামত তেওঁ আমাক মাজে মাজে সহায় কৰে। ভনী পেহীৰ হাতৰ আখৰ খুব ধুনীয়া, ভনী পেহীকে আমি কেলিগ্রাফাৰ হিচাপে ঠিক কৰিলোঁ। কেৱল ভনী পেহীৰ বানান খুব ভুল হয়। তই দায়িত্ব ল’লি যে তই মুখৰ আগত ঠিয় হৈ থাকি বানান চাই থাকিবি। ভনী পেহীয়ে কামটো ভালেই পালে। আমাৰো মুখলৈ অলপ পানী আহিল। প্রথমতে অৱশ্যে অলপ ৰঙ চাবলৈকে কৈছিল, কিয় তহঁতৰ লগৰ সেই জবা বোলাজনীকে লেখিবলৈ নকৱ কিয়? মই বৰ লাজ পাইছিলোঁ। জবাৰ কথা ভনী পেহীয়ে কেনেকৈ জানিবলৈ পালে?

আলোচনী খনন্মোচন কৰিবলৈ কাক মাতিম বুলি ভাবি থাকোতেই ভনী পেহীয়ে এটা দুষ্টালি ভৰা আইডিয়া দিলে। “চা, তহতৰ কামটো আণ্ডাৰগ্রাউন্দ। মানে তহতে মনে মনে নিজে নিজেই কিবা এটা কৰি উলিয়াইছ। গতিকে এইখন উন্মোচন কিয় কৰিব লাগে। এদিন মনে মনে গৈ কোনেও গম নোপোৱাকৈ সঠিক ঠাইত আঁৰি থৈ আহিবি আকৌ”। বঢ়িয়া, আমাৰ উত্তেজনা এইবাৰ দুগুণে বাঢ়িল। তেতিয়াহে হ’ব আচল ধামাকাটো। কোনেও গম নোপোৱাকৈ মনে মনে কিবা এটা কৰি থৈ আহি সবকে চমক লগাই দিব পাৰিলে তো আৰু কথাই নাই। সুদীপ্ত হঁতেও গম পাওক, সিহঁতে সহায় নকৰিলেও আমি কি কৰিব পাৰোঁ। পার্থই মাজতে পলাই গৈ কি ভুল কৰিলে সিও তাৰ আন্দাজ পাওক। আমিতো আৰু অলপ পানীৰ মাছ নহয়! “কিন্তু পাৰমিচন নোলোৱাকৈ স্কুলৰ চৌহদত কিবা এটা কৰাটো জানো ঠিক? হে’ড ছাৰে যদি আমাক আঁঠু কঢ়াই থয়?” তই অলপ ভয় খাইছিলি। কিন্তু ভনী পেহীয়ে খিল খলাই হাঁহি হাঁহি ক’লে, “আঁঠু কঢ়ালে কাঢ়িবি আৰু। সেইটোনো কি ডাঙৰ কথাটো হ’ল? বেয়া কাম একো কৰা নাই নহয়। ভাল কাম কৰি শাস্তি খালে তাক ছহিদ বুলি হে কোৱা হয়। তহঁতো এদিনৰ কাৰণে ছহিদ হৈ যাবি আকৌ”।

দেউতাই আমি ঘূৰি ফুৰাৰ কথাটো মন কৰিছিল। মোৰ মা দেউতাৰ বিশেষ আপত্তি একো নাছিল। দেউতাই মাথোঁ কৈছিল, একেলগে মিলি পঢ়া শুনা কৰিছ, কিতাপ পত্র যোগাৰ কৰিছ ভাল কথা। কেৱল অযথা কামত বেছি সময় নষ্ট নকৰিবি। এইবোৰ বাহিৰা কাম হে। ইমান কৈ উঠি পৰি লাগিলে লোকচান হ’ব। এনেকুৱা ধৰণৰ কিবা এষাৰ শুনাৰ আশাতেই আছিলোঁ। গতিকে হজম কৰিবলৈ বিশেষ অসুবিধা নহ’ল।

সেইদিনাই সন্ধিয়া মই পঢ়া টেবুলত বহি আছিলোঁ। ইংৰাজীৰ টোকাবহীৰ মাজৰ পাত এখিলাত আচলতে মই সম্ভাৱ্য সম্পাদকীয় এটাৰ খচৰা কৰি আছিলোঁ। এইখন টোকাবহীৰ মাজত মোৰ গোপন পাত এখিলা থাকেই। আন দিনা তাতে জবাৰ নামেৰে কিবা এটা লিখোঁ, কেতিয়াও কাকো নেদেখুৱাকৈ ৰখা চিঠি একোখন। তেনেতে বাহিৰত কুঞ্জ বৰদেউতাৰ মাত শুনিলোঁ। দেউতাৰ লগত কিবা কথা পাতি আছে। মাজে মাজে ঘুনুক ঘানাক কৈ মোৰ বিষয়েই কথা পতা যেন পালোঁ। “এই ইহঁত কেইটা আমাৰ হেৰিয়াৰ ঘৰলৈকো পাক এটা মাৰিছিল হবলা। তালৈ বা কিয় যাব লগা হ’ল। ইহঁতৰো ৰঙা হোৱাৰ মতি হৈছে যেন পাইছো”, এই বুলি তেখেতে আদ্ভূত হাঁহি এটা মাৰিলে। তেখেতৰ এই হাঁহিটো আমাৰ চিনাকি। মাজে সময়ে আমাৰ ঘৰলৈ আহিয়েই থাকে, দেউতাৰ লগত দেশ দুনিয়াৰ কিবা কিবি কথা পাতি থাকে। কিন্তু এই ৰঙা হোৱা মানে কি? দেউতাই ক’লে, “নাই ইহঁত কেইটা তেনেই সৰু। কিতাপ আলোচনী পঢ়াৰ ধাউতি এটা বাঢ়িছে, ভালেই”। কুঞ্জ বৰদেউতাই আকৌ একেটা কথাকেই ক’লে আৰু একেধৰণেৰেই হাঁহিলে, “পঢ়া শুনাৰ ধাউতিটো দেখি ভালেই লাগিছে বাৰু। ৰঙা হ’বলৈ নগ’লেহে ৰক্ষা!” কিন্তু ৰঙা মানে বা কি? মানুহ বা আকৌ কেনেকৈ ৰঙা হয়। পঢ়া শুনাৰ লগতেই বা তাৰ কি সম্পর্ক?

ইমানদিনে আমাৰ অভিযানৰ পৰা এটা কথাকেই বুজি পাইছিলোঁ, মানুহবোৰৰ মাজত কোনোবাখিনিত ভয় এটা সোমাই আছে। কিহৰ ভয়, কেনেকৈ সোমাল নাজানোঁ। মানুহবোৰে যেন আৰু সপোন দেখিবলৈ ভয় কৰা হ’ল। সপোন বুলিলেই দেখোন মানুহবোৰ উচপ খাই উঠা হ’ল।

দেৱব্রত দাদা এইবাৰ ছাত্র সংসদৰ সম্পাদক। তেওঁকে লগ ধৰি বিদ্যালয়  সপ্তাহৰ গোটেই কার্যসূচী খন জানি ল’লোঁ। এইবাৰ বিদ্যালয়  সপ্তাহ অলপ নতুন ধৰণেৰে হ’ব হেনো। প্রথমেই পতাকা উত্তোলন। তাৰ পিছত ফান-গেমছ বুলি কিবা ধেমালি খেল কিছুমান হে হ’ব। তাৰ পিছতহে মূল খেলাধূলাবোৰ যেনে, দৌৰ, জঁপিওৱা এইবোৰ হ’ব। ফান গেমছৰ বাবে স্কুলৰ চৌহদটো নতুন ধৰণেৰে সজোৱাৰ কাম আৰম্ভ হৈছেই। কথাবোৰ শুনি ভাল লাগিল। দেৱব্রত দাৰ লগত কথা পাতি থাকোতেই মই তোলৈ চাই মুখ টিপিয়াই হাঁহিছিলোঁ। এইবাৰ বতাহৰ গতি ক্রমে আমাৰ অভিযানৰ পালত ঠিকেই লাগিছে যেন পাইছোঁ।

বিদ্যালয়  সপ্তাহৰ আগৰ আগ দিনা আমি দুইটাই যাৱতীয় কাগজ কলম জোগাৰ কৰি ঘৰলৈ উভটিছোঁ। এই দুটা সন্ধিয়া আমি দেৰীলৈকে কাম কৰিব লাগিব। ভনী পেহীকো কৈ থোৱা আছে। বস্তু বাহানি যোগাৰ কৰি ঘৰ সোমাওতেই মোৰ বাবে ৰৈ আছিল এটা বিৰাট চাৰপ্রাইজ। ঘৰৰ সন্মুখতে বেঙুণীয়া ৰঙৰ লেডী বার্ড চাইকেলখন দেখিয়েই মোৰ বুকুখন ঢিপিং কৈ মাৰিলে। হয়, যি ভাবিছিলোঁ সেয়াই। জবা আহি বহু সময়ৰ পৰা ৰৈ আছে আমাৰ বাবে। জবায়ে আমাৰ হাতৰ লেফাফা এটা দিলে। তাতে জবা, পল্লবী আৰু ৰুবীৰ গল্প আৰু কবিতা কেইটামান আছিল। “স্কুলতে দিম বুলি ভাবিছিলোঁ। কিন্তু ছুটিৰ ঘণ্টা পৰিল কি নপৰিল তঁহত দুটা এনেকৈ নাপাত্তা হ’লি যে আমি আৰু বিচাৰিয়ে নাপালোঁ। ইয়াতে আমাৰ তিনিজনীৰ লেখা আছে। নাজানো তহঁতৰ ভালেই লাগে নে বেয়াই লাগে”। মই হতবাক। মোৰ হাত ভৰিবোৰ থক থককৈ কঁপিছিল। মূৰটো আচন্দ্রাই কৰা যেন লাগিল। তই মোৰ অৱস্থাৰ উমান পাইছিলি। তই তাইৰ লগত কথা পতা আৰম্ভ কৰিলি। “আমাৰ আচল কাম আজি হে আৰম্ভ হ’ব। তোমালোকেও কাম কৰিব লাগিব”। জবায়ে কিন্তু আপত্তি কৰিলে, “নাই নোৱাৰিম অ’, তহঁতে যি কৰিবি ভালেই কৰিবি। মই বহুত সময় বহিলোঁ। এতিয়া যাব লাগিব। পোহৰে পোহৰে নগ’লে ঘৰত মায়ে চিন্তা কৰিব”। জবা গ’লগৈ। লেখা খিনি হাতত পৰাত আমি আত্মহাৰা হৈ উঠিছিলোঁ। আমি আকৌ ভাবিছিলোঁ কোনো লেখা হাতত নপৰিল যেতিয়া নিজেই অ’ৰ ত’ৰ পৰা কোনমতে টালি টপালি মাৰি কাম চলাব লাগিব।

দুটি সন্ধ্যা জোৰদাৰ কাম চলিল আমাৰ ঘৰৰ বাৰন্দাতে। ভনী পেহীয়ে যথেষ্ট কষ্ট কৰিলে। গোটেইখিনি লেখা সাৱধানে যতনে লিখি সজাই পৰাই উলিওৱাটো ইমান মুখৰ কথা নাছিল। হাতত সমল নাছিল বুলিলেই হয়। পুৰণা শুকাই যোৱা স্কেচ পেন কেইটাকে পানীত তিয়াই লৈ কোনোমতে ছবি দুখনমানেৰেও আলোচনীখন ভৰাই দিলোঁ। হতাশা, আনন্দ, উৎকণ্ঠা আটাইবোৰে একেলগে আমাক হেঁচা মাৰি ধৰিছিল। কিনো মন গ’ল নাজানো, পার্থও আহি ওলালহি। সিও বহুখিনি সহায় কৰিলে। “যিহেতু আমি যেনে ধৰণেৰে কথাবোৰ ভাবিছিলোঁ তেনেধৰণেৰে হৈ নুঠিল, আমি আলোচনী খনৰ নাম সলনি কৰাটো ভাল হ’ব। নৱ জাগৰণ বুলিলে যেনেকুৱা এটা উছাহ বুজা যায়, সেয়া আমি কৰি দেখুৱাব পৰা নাই। আৰু নামটো অলপ বেছি উৎসাহী যেনো লগা নাই নে?” মই পৰামর্শ কৰিছিলোঁ। শেহৰ আলোচনীখনৰ নামটো ৰখা হ’ল - সুহৃদ।   

আমাৰ কামৰ শেষ দিনা, মানে বিদ্যালয়  সপ্তাহৰ আগৰ সন্ধ্যা তই আমাৰ ঘৰতে থকাকৈ গুছি আহিছিলি। সেইদিনা ৰাতি বহু পৰলৈকে কাম চলিল। যাৱতীয় সা-সৰঞ্জাম সাজু কৰি থৈ আমি বিচনাত পৰিলোঁ। কিন্তু টোপনি একেবাৰেই নাহিল। স্কুলখন আমাৰ ঘৰৰ পৰা তামোলটোৰ সমান বাট। পুৱতি নিশাতে, পোহৰ নৌ হওতেই তই, মই আৰু পার্থ স্কুলৰ চৌহদ পালোগৈ। পার্থ ইমানেই বুর্বক, সি আলোচনীখন নোটিচ বোর্ডত আঁৰিম বুলি ভাবি আছিল। তেনেখন কৰিলে আমাক স্কুলত সুদাই এৰিবনে? তোৰ আইডিয়াটো ভাল আছিল। সৰস্বতী পূজাৰ সময়ৰ ঢাৰি এখন একোণত পৰি আছিল। সেইখনকে খুটি দুটা পুটি থিয় কৰি তাতে আমি আলোচনীখন আঁৰি দিলোঁ। টর্চ মাৰি আলোচনীখন কে’বা বাৰো চালোঁ। ওচৰৰ পৰা চালোঁ, দূৰৈৰ পৰা চালোঁ। পার্থই ক’লে, পলা পলা, সোনকালে ইয়াৰ পৰা পলা এতিয়া। মানুহ বিদ্যালয়  সপ্তাহলৈ আহি যেতিয়া এইখন দেখা পাব, তেতিয়াহে মজাটো ওলাব। তয়ো যোগ দিলি, এৰা, আমাৰ পিঠিত বেত পৰা নে আঁঠুৰ ছাল ছিগে তাৰ হে ঠিকনা নাই। বাৰু, যি হয় দেখা যাব। জো ভী হোগা দেখা জায়েগা

ঘৰত কোনেও একো ভূ নাপালে আমি কেতিয়া কি কৰি থৈ আহিলোঁ। ন বজাত পতাকা উত্তোলণ। আমি কতো যেন একো হোৱা নাই এনে ভাব একোটা লৈ স্কুললৈ ওলালোঁ। বাটতে তৰুণে চিৰ মাৰি থৈ গ’ল, “স্কুললৈ যা নে? যা যা হে’ড ছাৰে পিঠি ফালিব তঁহতৰ”। আমি কিন্তু কেৰেপেই নকৰিলোঁ। আচলতে ভিতৰি বুকুৱে ধান বানি আছিল।

স্কুললৈ সোমাই আমি যিমানে পাৰো প্রাচীৰ পত্রিকাখনলৈ নোচোৱাকৈ থাকিবৰ চেষ্টা কৰিলোঁ। যেন ক’তো একো হোৱা নাই। আমি যেন একো নাজানোঁ। আলেঙে আলেঙে বাকীবোৰ মানুহৰ মুখলৈ চাই থাকিলোঁ। কিজানিবা কোনোবাই কিবা কয়। সকলোৱেতো ইতিমধ্যে দেখিছেই ছাগৈ। গমেই পাইছে এয়া কাৰ কাম। কিন্তু ক’তা? কাৰো মুখত দেখোন একো অভিব্যক্তি নাই। কোনেও কথা এষাৰো উনুকিওৱা নাই। পত্রিকা খন বাৰু মানুহ আহি পোৱাৰ আগতেই গৰুৱে খালে নেকি? কোনোবা খৰি লুৰিবলৈ অহা ল’ছালিয়ে উঠাই লৈ গ’ল নেকি? এয়া যে আৰু বেছি ভয়ানক উত্তেজনা। ইয়াতকৈ তৰুণে ৰাস্তাত ৰিঙিয়াই থৈ যাওতেও ইমান ভয় লগা নাছিল। এই মৌনতাৰ আতংক যেন আৰু বেছি। ই যেন অন্য এক বিভীষিকা।

লাহে লাহে ল’ৰা ছোৱালীবোৰ গোট খাইছিল। ছাৰ বাইদেউহঁতো আহি পাইছিলহি। সকলো পতাকা উত্তোলন কৰিবলৈ একত্রিত হ’ল। মই লাহেকৈ ছেগ বুজি আঁতৰি আহিছিলোঁ। ইমান উৎকণ্ঠা আৰু সহ্য কৰিব নোৱাৰি মই ছাত্র জিৰণি কোঠাত সোমাই থাকিছিলোঁ। সেই সময়ত তয়ো মোৰ ওচৰত নাছিলি। মই নাজানিছিলোঁ, তই তেতিয়া ক’ত আছিলি। হঠাত বৰ অকলশৰীয়া যেন অনুভৱ হৈছিল। খিৰিকীৰে বাহিৰলৈ চাই ৰৈছিলোঁ। হঠাৎ, হঠাৎ তেনেতে ঘটনা এটা ঘটিছিল।

এজাক কিন কিনিয়া বৰষুণ নামি আহিছিল। কিয়? কেনেকৈ এই অসময়ৰ বৰষুণ? বতৰতো ফৰকালেই আছিল ইমান পৰে। এয়াতো বৰষুণৰ বতৰ নহয়।

মই মন্ত্রপুত হোৱাৰ দৰে থিয় হৈ থাকিলোঁ মাত্র। ইমান দিনৰ কষ্ট, ইমান দিনৰ সপোন এই এজাক মাত্র বৰষুণতে ভাঁহি যাব এতিয়া নিমিষতে। মোৰ নাকত লাগিল চেলপার্ক চিঁইয়াহীৰ গোন্ধ। চকুৰ আগত ভাঁহি উঠিল সুহৃদ বুলি লিখি থোৱা স্কেচ পেনৰ আখৰ কেইটা – কিন কিন বৰষুণত ভাঁহি গৈছে ক্রমশঃ। জবাৰ গল্পটো, পল্লৱীৰ কবিতাটো- সকলো এতিয়া মাত্র ক’লা বা নীলা চিয়াঁহীৰ কিছুমান দাগ মাত্র? মানুহবোৰে যে সপোন দেখিবলৈ ভয় খোৱা হ’ল, এই বৰষুণ কি তাৰেই এক প্রতীক? আজিৰ পিছৰ পৰা কি আমিও আৰু নতুন কিবা এটা সপোন দেখিবলৈ ভয় খোৱা হ’ম? কিয়, কিয়, কিয় এই বৰষুণ? কিয় অসময়ৰ এই বৰষুণ?    

তেনেকুৱাতে তই উধাতু খাই লৰি আহিছিলোঁ। তোক দেখি এই প্রথম মোৰ টিঙিচ কৈ খং এটা উঠিছিল। কাৰণ মানুহৰ সুখ, দুখ, অনুভূতিৰ কোনো ধাৰণা তোৰ নাছিল। তই মাথোঁ বাস কৰিছিলি এখন ইনফৰমেচনৰ জগতত। আন দিনাৰ দৰেই জানিছিলোঁ, তই সেইদিনাও হয়তো এটা অপ্রত্যাশিত কথা লৈ উধাতু খাই আহিছিলি। একেবাৰে সঁচা কথা ক’বলৈ গ’লে সেই সময়ত মোৰ আইকেৰাছ, বা আইকমেন কাৰো কথা শুনিবলৈ মানসিক প্রস্তুতি নাছিল। চকুৰে মই ধোঁৱা কোৱা দেখিছিলোঁ।

“ঐ তই ইয়াত কি কৰিছ? বাহিৰলৈ আহ। বাহিৰলৈ আহ। বাহিৰত কি হৈছে দেখিছনে নাই?” তই চিঞৰিছিলি। মোক এক প্রকাৰে টানি চোচৰাই বাহিৰলৈ লৈ আহিছিলি। সেই প্রথম মই অলপ সাহস কৰি আমাৰ প্রাচীৰ পত্রিকা ‘সুহৃ’ৰ ফালে চাইছিলোঁ। মই দেখিছিলোঁ, পোন্ধৰ বিশ জনমান ল’ৰা ছোৱালীয়ে ডাঙৰ পলিথিন এখন মূৰৰ ওপৰত ধৰি আমাৰ ‘সুহৃদ’ক বৰষুণৰ পানীত নিতিতাকৈ বচাই ৰাখিবলৈ চেষ্টা কৰিছে। মই দূৰৈৰ বাৰন্দাৰ পৰাই দেখিছিলোঁ, হেড ছাৰে সিহঁতক কিবা কিবি নির্দেশ দিছে, চাবি যাতে এইখনত বৰষুণৰ পানী নপৰে।

আমাৰ ‘সুহৃদে’ সুহৃদ বিচাৰি পালে।  কিবা এটা ক’বলৈ তোৰ ফালে চাইছিলোঁ। তই ওচৰত নাছিলি। ফাগুণৰ এই আকস্মিক বৰষুণজাক - মোৰ শত্রু হ’লেও মুহূর্তৰ বাবে তাক ক্ষমা কৰি দিলোঁ।


Samudra Kajal Saikia
Creative Director, Kathputlee Arts & Films, 13, Patparganj Industrial Area, New Delhi 110092
email: kankhowa@gmail.com, mobile: +91 9811375594